সম্পাদকীয় : ৩য় বৰ্ষ, চতুৰ্থ সংখ্যা

0

মানুহ সামাজিক ৷ অকলশৰীয়া জীৱন এক যন্ত্ৰণা সম যাত্ৰাৰ বাহিৰে আন একো নহয় ৷ সভ্যতাৰ আৰম্ভনিৰে পৰা মানৱ জীৱনৰ এক সামাজিক দৃশ্যপট আমি দেখি আহিছো ৷ সমাজ এখনে মানুহ এজনক বহু কথা শিকায় ৷ তাৰ ভিতৰত দায়িত্বজ্ঞান উল্লেখনীয় ৷ সমাজ এখন গঢ়ি উঠা খুব উজু কিন্তু সমাজ খন এক সুস্থিৰ, নিয়ন্ত্ৰক ভাৱত গতি কৰাটোহে আচল কথা ৷ আৰু এখন সমাজৰ ভৱিষ্যত সেই সমাজৰ প্ৰতিজন মানুহৰ হাতত থকা বুলি ক’লে কোনোৰকমে ভুল নহ’ব ৷ আৰু এইটো কথা প্ৰতিজন মানুহৰ জ্ঞাত হোৱাটো উচিত ৷ ঠিক একেদৰে বংশানুক্ৰমে সেই পৰম্পৰা ৰক্ষা কৰি থকাটো সকলোৰে কৰ্তব্য ৷ যেতিয়া সকলোৱে নিজৰ দায়িত্বানুযায়ী নিজৰ কৰ্তব্য পালন কৰিব তেতিয়া সেই সমাজত কোনো দিনে খাম খিয়ালীৰ সৃষ্টি নহ’ব ৷ বৰঞ্চ তেনে সমাজক আদৰ্শ হিচাপে লৈ বাকী আৰু বহু আদৰ্শ সমাজ গঠন হোৱাৰ নিশ্চয়তা থাকে ৷ আৰু ঠিক এনেদৰেই এক সভ্যতা গঢ় লৈ উঠে ৷

কিন্তু অতি দুখজনক ভাৱে এতিয়া সমাজৰ প্ৰায় সকলো মানুহে নিজৰ নিজৰ দায়িত্ববোধ পাহৰি যোৱা উপক্ৰম হৈছে ৷ আচৰিতজনক কথা যে দায়িত্ব জনা মানুহ যদি এশ জন তেতিয়াহ’লে সেই দায়িত্ব পালন কৰা লোকৰ সংখ্যা খুব বেছিসংখ্যক হ’লেও দুই-তিনি জন মান হে ওলায় ৷ এইটো আজিৰ যুগৰ এক অপ্ৰিয় সত্য ৷ যান্ত্ৰিকতাৰ নাম লৈ মানুহবোৰে অৰ্থ উপাৰ্জনৰ লক্ষ্যৰে ইমান তললৈ নামি আহিছে যে গছ গছনি দূৰৰে কথা পইছাৰ নামত নিজৰ মাক দেউতাককো চিনি নোপোৱা হৈছে ৷ যিখন ভাৰতবৰ্ষই একলৱ্যৰ দৰে শিষ্যৰ নাম লৈ গৌৰৱবোধ কৰিছিলি এতিয়া সেই একেখন ভাৰতবৰ্ষত কোনো কোনো ঠাইত শিষ্যই গুৰু নমনা হৈছে ৷ আমি এতিয়া প্ৰকৃতি দিৱস, মাতৃ দিৱস, শিক্ষক দিৱস পালন কৰো ৷ কিন্তু আগৰ দিনত এইবোৰ নিয়ম নাছিল ৷ তথাপিতো আমি কিন্তু হৰপ্পা মহেঞ্জাদাৰোৰ পিছত অন্য এক সভ্যতা গঢ়ি তুলিব সক্ষম নহ’লো ৷ বৰঞ্চ ভাৰতক বহু সৰু সৰু টুকুৰাত বিভাজন কৰাতহে লাগিলোঁ৷

এয়াই আমাৰ দায়িত্ববোধ নেকি …? বেদ, কোৰাণ বা বাইবেলে এয়াই কৰাৰ কথা কৈছে নেকি …? ইয়াৰ উত্তৰ যদি “হ্য়” হয় তেন্তে তেনে বেদ, কোৰাণ বা বাইবেল মহাগ্ৰন্থ কেতিয়াও হ’ব নোৱাৰে ৷ আৰু যদি ইয়াৰ উত্তৰ “নহয়” হয় তেন্তে আমি মানুহ এতিয়া নিজকে “জীৱ শ্ৰেষ্ঠ” বুলি গণ্য কৰাটো এক বিৰাট ডাঙৰ ভুল হ’ব ৷ বিভাজন কৰি কোনো প্ৰাণী শ্ৰেষ্ঠ হ’ব নোৱাৰে ; হয়তো নিকৃষ্ট হ’ব পাৰে ৷সেয়েহে এতিয়াও আমি সকলোৱে নিজৰ নিজৰ বাবে চিন্তা নকৰি নিজৰ সমাজ , দেশখন কেনেকৈ এক সুস্থিৰ, সবল কৰি তুলিব পাৰো তাকে চিন্তা কৰাহে উচিত হ’ব ৷ আৰু ইয়াৰ বাবে সকলোৱে নিজৰ দায়িত্ব স-সন্মানে স্বীকাৰ কৰি তাক পুংখানুপুংখ ভাবে পালন কৰি এখন আদৰ্শ দেশৰ সু নাগৰিক হিচপে গঢ়ি তোলাতো নিত্যান্তই আৱশ্যক ৷

 

অলকেশ

মুখ্য-সম্পাদক, সন্ধান

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.