সম্পাদকীয় : ৩য় বৰ্ষ, অষ্টম সংখ্যা

0

এজন স্বাৰ্থপৰায়ণ লোকৰ সৈতে এটি সন্ধিয়া…..

আবেলি ঠিক ৪.৩০ টা মানত সম্পাদক জন এটা বৃটিছৰ দিনৰ ঘৰৰ নঙলামুখত চাইকেলখন ৰখালে ৷ সেই ঘৰটিত হেনো ঠাইখনৰ একমাত্ৰ উকিল জনে বসবাস কৰে ৷বয়সো অতি কমেও সাত কুৰি হৈছে ৷ বৃটিছৰ দিনতে হেনো উচ্চ ন্যায়ালয়ৰ চাকৰি পাই সেই চাকৰিৰ পৰা অব্যাহতিৰ সময়ত চৰকাৰৰ ফালৰ পৰা এই ঘৰটি লাভ কৰিছিল ৷ স্থানীয় বয়োজ্যেষ্ঠ সকলৰ মুখত শুনা মতে তেখেত হেনো সৰুকালৰ পৰাই অতি মেধাসম্পন্ন আৰু একান্ত বাধ্য ছাত্ৰ আছিল ৷ অৱশ্যে তেনে নহ’লেনো এনে এখন ভিতৰাঞ্চলৰ পৰা তেখেতে বিলাতত উকালতি কৰিব সুবিধা পাইনে !!! চাকৰিৰ পৰা অব্যাহতি লোৱাৰ ঠিক পাঁচ বছৰ আগত তেখেতৰ পত্নীয়ে ইহসংসাৰ ত্যাগ কৰে ৷ আৰু তেতিয়াৰ পৰা আজিলৈকে সেই মানুহজনে এক নিৰৱ নিশাৰ দৰে নিজৰ জীৱনটি যাপন কৰি আছে ৷ এতিয়া অৱশ্যে মাজে সময়ে ওচৰৰে ল’ৰা এজনে আহি তেওঁক কিছু কিছু কামত সহায়ৰ হাত আগবঢ়াই ৷অব্যাহতিৰ পাছৰ পৰা নিজৰ গাৱৰ উঠি অহা যুবক-যুৱতী সকলক এক উদ্দেশ্যমুখী জীৱন যাপন কৰাত তেখেতে বহু সহায় কৰি আহিছে ৷ সেই মৰ্মে যোৱা দহ বছৰ ধৰি উঠি অহা তৰুণচামক জড়িত কৰি এখন মাহেকীয়া আলোচনীও প্ৰকাশ কৰি আহিছে ৷

বাৰু যা হওক, তেনে এজন অসাধাৰণ মানুহৰ বিষয়ে কিছু জানিবলৈ সেইদিনা সম্পাদক জন উপস্থিত হ’ল তেখেতৰ ওচৰত ৷ তিলিঙাটো বজাই দিওতে মানুহজন “কোন ?” বুলি ওলাই আহিল ৷ প্ৰথম দেখাতে সম্পাদকৰ চকু কপালত উঠিল ৷ ৬.৫ ইঞ্চি ওখ, অলপ মিঠা বৰণীয়া দেহ, পৰিষ্কাৰ ধুটি আৰু খাদিৰ চোলা এটাৰে সৈতে মানুহ্জনৰ দেহাত বয়সৰ অকণমানো চাপ নেদেখি সম্পাদকজন অকণমান সময়ৰ বাবে থৰ লাগি চাই ৰ’ল তেখেতৰ উজ্জল নয়নলৈ ৷ মনত ভাৱ হ’ল সঁচাই বাৰু মানুহজন অকলশৰীয়া নে ??

-কোন বা ?? ঠিক ধৰিব পৰা নাই বোপা তোমাক ….

-নমস্কাৰ ছাৰ ৷ মই “ধৰিত্ৰী”ৰ সম্পাদক ৷

-অ অ !! বহাচোন বহা ৷

-ধন্যবাদ ছাৰ ৷৷

-কি কাম আছিল বাৰু তোমাৰ বোপা ??

-মই অলপ আপোনাৰ বিষয়ে জানিব বিচাৰো ৷ উঠি অহা তৰুণচামৰ প্ৰতি আপুনি বহুখিনি কৰি আহিছে ৷ সামাজিক প্ৰেক্ষাপটত তেনেকুৱা কামৰ কিমান প্ৰভাৱ পৰে ইত্যাদি কথাবোৰ জানিব বিচাৰো ৷

কথা খিনি ঠিক শেষ নহওতে তেখেতে হঠাৎ কৈ উঠিল

-মই এজন স্বাৰ্থপৰ লোক ৷ ঘোৰ স্বাৰ্থপৰ মই ৷

-কিন্তু …

-ঠিকেই ভাবিছা বোপা ৷ বিগত দশকযুৰি মই মোৰ সমাজৰ হকে বহুখিনি কাম কৰি আহিছোঁ ৷ কোনো ধৰণৰ ব্যক্তিগত লাভ লোকচানৰ কথা মনলৈ আহিব নিদিয়াকৈ কেৱল সমাজৰ উন্নতিৰ হকে মোৰ সৰ্বস্ব উজাৰি দিছো ৷ মোৰ ঠাইত অইন কোনোবা হোৱা হ’লে হ্য়তো এখন উন্নত চহৰৰ একেবাৰে দামী ঘৰটোত বসবাস কৰি থাকিলেহেঁতেন ৷ নিজৰ ঘৰৰ সন্মুখত দুখন তিনিখন পছন্দৰ গাড়ী ৰখাই থলে হেতেন ৷ কিন্তু মই দেখোন ইমানদিনে মোৰ এম্বেছাদৰ খন বিক্ৰী কৰাৰ কথা চিন্তাই কৰিব পৰা নাই ৷ অৱশ্যে তেনে কৰিলে হয়তো মোৰ জীৱনৰ বাবদ মোক ডাঙৰ দীঘল কৰা সমাজখনৰ ভৱিষ্যত জাহ গ’লহেতেন ৷ তেনেস্থলত এক শিক্ষিত নাগৰিক হিচাপে প্ৰতিস্থিত হৈও মই দায়িত্বজ্ঞানৰ প্ৰাথমিক আখৰ কেইটাও নজনা এক অৱশিষ্ট অংগত পৰিণত হ’লোহেতেন ৷ সেয়েহে এক সমাজিক প্ৰেক্ষাপটত মই এক স্বাৰ্থপৰায়ণ লোক ৷

সম্পাদক জন একেৰাহে চাই থাকিল মানুহজনৰ মুখলৈ ৷ যেন এক জীৱন বুৰঞ্জীৰ কিছু পংক্তি শব্দৰ ভৰত থাকিব নোৱাৰি নিজে নিজে ওলাই আহিছে ৷

-এৰা কি কবা !! চাকৰিৰ শেষ কালছোৱাত মোৰ পত্নীয়েও মোৰ পৰা বিদায় মাগিলে ৷ চাকৰিৰ শেষক্ষণটি দেখাৰ ভাগ্য নহ’ল তেওঁৰ ৷ বহুতে মোক অকলশৰীয়া দেখি পুতৌজনক ভাৱে নানা ধৰণৰ সান্তনা আগবঢ়াই ৷ কিন্তু সঁচা কব গ’লে মই এতিয়া অকলশৰীয়া নহয় ৷ মোৰ লগত এতিয়া এখন উদ্দেশ্যমুখী সমাজ আছে য’ত উঠি অহা তৰুণচামে নিজৰ দায়িত্ববোধৰ আলম লৈ সমাজ খনক আৰু কিমান উন্নত দিশলৈ লৈ যাব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷

-কিন্তু !!!!

-কিন্তু কি ছাৰ ??

-এৰা.. মাজে মাজে এনে ভাৱ হয় যেন সাংসাৰিক বান্ধোনত থাকিলে হয়তো ইমানখিনি সম্ভৱ নহ’লহেতেন ৷ কিন্তু তেনেকৈ ভাৱিলে মোক আকৌ এজন স্বাৰ্থপৰ যেনহে দেখো ৷

-কিন্তু আপুনিটো এতিয়ালৈকে সকলোৰে হকে কম কৰি আহিছে ৷ তেনে স্থলত আপুনি নিজকে কিয় স্বাৰ্থপৰ বুলি ভাবিব খুজিছে ??

-তেনেকৈ ভাবিব গ’লে কোনো মানুহেই স্বাৰ্থপৰ নহয় ৷ কিন্তু সকলোৱে এই পৃথিৱীত এক নিৰ্দ্দিষ্ট স্বাৰ্থ পূৰণ কৰিবহে জন্ম লয় ৷ সেয়া হয়তো কেতিয়াবা ইতিবাচক দিশতো হব পাৰে আৰু কেতিয়াবা মানৱ শান্তিৰ অহিতেও হ’ব পাৰে ৷ কিন্তু মই সুখী যে মোৰ বলিদানৰ ফলত উঠি অহা চাম বোৰে অলপ হ’লেও ধনাত্মক চিন্তাৰ পোহৰ পাব ৷ আৰু মোৰ দুখ এইটোৱে যে মোৰ দৰে হাজাৰ হাজাৰ শিক্ষিত লোকৰ উপস্থিতিৰ বাবদতো আজিৰ এই ধৰাত লক্ষ্য লক্ষ্য সমাজে এতিয়াও সভ্যতাৰ পোহৰৰ পৰা বহু দূৰত ৷

– মই এজন ঘোৰ স্বাৰ্থপৰ লোক….. !!!

-মানুহজনে এক দীঘল হুমুনিয়াহ কাঢ়ি উঠি খিৰিকী খনৰ ফালে আগবাঢ়ে ৷ সম্পাদক জনে নিৰৱে নিৰন্তৰে তেওঁৰ প্ৰতিটো খোজৰ ওজন অনুভৱ কৰি আছে ৷

 

  :অলকেশ শৰ্মা,

মুখ্য সম্পাদক, সন্ধান

অন্যান্য লেখা :

Share.

About Author

Leave A Reply