সম্পাদকীয় : ২য় বৰ্ষ, ৫ম সংখ্যা

0

সফল হোৱা ; অহংকাৰী নহয় ….

 

সকলো মানুহেই নিজৰ জীৱনত সফল হোৱাটো বিচাৰে ৷ ভিন্ন জনৰ বাবে আকৌ সফলতাৰ সূত্ৰও বেলেগ বেলেগ ৷ কিছুমানে ভাল কাম কৰি সফল হ’ব বিচাৰে, আনহাতে কিছুমানে আকৌ বেয়া কামত নিজকে সফল ৰূপে প্ৰতিস্থিত কৰিব বিচাৰে ৷ পিছে আমি প্ৰকৃততে কোনজনক সফল বুলি কম ? নিজেই কৰিব খোজা কামটো সম্পন্ন কৰিব পাৰিলেই এজন সফল হৈ যায় নেকি…? আৰু যদি তেনেকৈয়ে এজন মানুহৰ সফলতাৰ মাপ-কাঠী জোখা হয় তেতিয়াহ’লে এই পৃথিৱীত সফল হোৱাটো খুবেই সহজ ৷ নহয়নে বাৰু …?

 

এইখিনিতে অকনমান বহলাই আলোচনা কৰোহক….

ধৰা হওক এজন মানুহৰ ইচ্ছা হ’ল দেশখনৰ প্ৰধানমন্ত্ৰী হোৱা … আৰু যথাসময়ত তেওঁ যেনিবা দেশখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিতও হ’ল ৷ এইখিনিতে তেওঁক আমি সফল ব্যক্তি বুলি কোৱাটো উচিত হ’বনে বাৰু ? অৱশ্যে ব্যক্তিগত অৰ্থত তেওঁক আংশিক ভাৱে সফল বুলি ক’ব পাৰি যদিও সামগ্ৰিক অৰ্থত তেওঁ এতিয়াও সফলতাৰ শেষ ৰেখাডালৰ পৰা বহু দূৰৈত ৷ কাৰণ এইটো ক্ষেত্ৰত তেওঁৰ সফলতাৰ জোখ নিৰ্ণয় কৰা যাব প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ পাৰদৰ্শিতাৰ ওপৰতহে ৷ যদিহে তেওঁ দেশৰ জনসাধাৰণৰ সদিচ্ছাবোৰ পূৰণ কৰিব পাৰিছে তেনেহ’লে তেওঁক নিঃসন্দেহে এজন জনগণৰ নেতা বুলিব আৰু তেতিয়াহে তেওঁ নিজকে এজন সফল বুলি কোৱাৰ অধিকাৰ পাব ৷ কিন্তু যদিহে তেওঁ প্ৰধানমন্ত্ৰী হৈয়েই নিজকে এক বৃহত সফলতাৰ গৰাকীৰূপে মানি লৈ জনগণক পাহৰি বিলাসিতাৰ জীৱনত মতলিয়া হৈ থাকে তেন্তে তেনে এক সফলতাক কি বুলি কোৱাটো উচিত হ’ব বাৰু ? অসফল বুলি কোৱাটোও ভুল হব ; কাৰণ তেওঁ অসফল হ’বলৈও একো কৰা নাই ৷ অ তেওঁক অহংকাৰী বুলি কব পাৰি ; কাৰণ তেওঁ নিজ স্বাৰ্থৰ বাবে বাকি থকা শত-সহস্ৰৰ স্বাৰ্থ বলি দিছে ৷ ঠিক তেনেদৰে প্ৰতিজন মানুহৰে সফলতাৰ কাহিনী একেই ৷ নিজৰ পিতৃ-মাতৃক অৱহেলিত কৰি কোনোৱে সফলতাৰ শিখৰত উঠিব নোৱাৰে ; নিজৰ ঘৰখনক হেয় বুলি ভাবি অট্টালিকাৰ প্ৰতি ধাৱিত হোৱাটোও কোনো সফলতাৰ প্ৰতীক নহয় ৷ সফলতাৰ যাত্ৰা ইমান সহজ নহয় ৷ গতিকে তেনে সফলতাৰ খাতিৰত অন্ধ হৈ বাট বুলিলে সফলতাৰ ৰূপত এক অহংকাৰী প্ৰতিবিম্বহে দেখা যায় ৷ নিজৰ মনটোক বান্ধি ৰাখি প্ৰতিটো খোজ নিজৰ বিচাৰ বিবেচনাৰে আগবঢ়ালেহে যথাসময়ত এক সফল হিচাপে প্ৰতিস্থিত কৰিব পৰা যায় ৷ আৰু এই ক্ষেত্ৰত কিন্তু মানুহজনৰ মনটো প্ৰতিটো মূহুৰ্ততে দৃঢ় হৈ থকা উচিত ৷

 

গতিকে মানুহ এজন সফল বুলি ক’ব যোৱাৰ আগতে তেওঁৰ কৰ্মৰাজীৰ প্ৰভাৱ সামুহিকভাৱে পৰিলক্ষিত কৰাটো নিত্যান্তই প্ৰয়োজনীয় ৷

– অলকেশ শৰ্মা,

মুখ্য সম্পাদক, সন্ধান

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.