সম্পাদকীয়: ২য় বৰ্ষ ১২ সংখ্যা

0

“মোডী”-ফিকেশ্যন ২০১৪ ….. এক নতুন আশা

সদ্যসমাপ্ত ষষ্ঠদশ লোকসভা নিৰ্বাচনে সঁচাকৈয়ে এক অপ্ৰত্যাশিত পৰিৱৰ্তনৰ সূচনা কৰিলে ৷ এনে এক ফলাফল যাৰ উমান হয়তো শাসক দলে সপোনতো কল্পনা কৰিব পৰা নাছিল ৷ সৰ্বভাৰতীয় স্তৰত এশ বিশ কোটি জনতাৰ মনত মাত্ৰ একেটাই নাম ; “মোডী” ৷ যেন এইবাৰ সঁচাই এক অভূতপূৰ্ব পৰিৱৰ্ত্তনৰ ক্ষুধাত চিঞৰি উঠা লক্ষ্য লক্ষ্য কণ্ঠস্বৰত ভাঁহি উঠিছে অকল “মোডী” ,“মোডী”, আৰু “মোডী” ৷ দেশজুৰি সৰ্বোচ্চ শতকৰা ৬৪ (প্ৰায়) জন মানুহে নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি ৰাজনীতিৰ দৃশ্যপটেই সলনি কৰি দিলে ৷ “মোডী ঢৌ” বুলিয়ে কওক নাইবা কিবা এটা নতুনত্বৰ বাবে জাগৃত কামনাই হওক ; কোটি কোটি ভাৰতীয় জনতাই থান বান কৰি দিলে গৌৰৱোজ্জল কংগ্ৰেছৰ ৰাজনৈতিক ইতিহাস ৷ ২০১৪ চনটো ভাৰতীয় ইতিহাসত এক ৰাজনৈতিক বিপ্লৱৰ আৰম্ভণি হিচাপে যুগ যুগান্তৰলৈ চিহ্নিত হৈ ৰ’ব ৷

মোৰাৰজী দেশাইৰ পিছত (তেতিয়াৰ জনতা দল) পোনপ্ৰথম বাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ভাঃজঃপাঃ দলটিয়ে সৰ্বমুঠ ২৮২ খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব সক্ষম হৈছে ৷ আনহাতে অন্যতম মুখ্য দল “ভাৰতীয় কংগ্ৰেছে” মাত্ৰ ৪৪ খন আসনতে সীমিত থাকিবলগীয়া হৈছে ৷ অৱশ্যে ১৯৮৪ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত ভাৰতীয় কংগ্ৰেছে অভিলেখ সংখ্যক ৪১৪ খন আসনে দখলেৰে এক নতুন ৰাজনৈতিক দিশৰ সূত্ৰপাত কৰিছিল ৷ এনেধৰণৰ ফলাফল ভাৰতৰ দৰে বিশাল গণতন্ত্ৰৰ এক অপৰিহাৰ্য্য অংগ ৷কিন্তু এনেকুৱা ধৰণৰ পৰিসংখ্যাৰ পৰা সকলো ৰাজনৈতিক দলেই বহু খিনি কথা শিকিবলগীয়া আছে ৷ শাসকৰ গাদীত যি দলেই নাথাকক কিয় কিন্তু যদিহে জনসাধাৰণৰ সুখ দুখৰ অকণো সমভাগী হ’ব নোখোজে তেনে চৰকাৰ কোনো ৰকমেই এক সুস্থ গণতন্ত্ৰৰ অংশীদাৰ হ’ব নোৱাৰে ৷ ক্ষমতাৰ ফালৰ পৰা এজন ৰাজনৈতিক নেতা যদিও সাংবিধানিক দিশত এজন সাধাৰণ মানুহতকৈ অলপ আগবঢ়া তাৰ অন্যতম কাৰণো কিন্তু সেই সাধাৰণ মানুহজনেই ৷আৰু এই কথা মনত ৰাখি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাজনেই হ’ল প্ৰকৃত ৰাজনৈতিক নেতা ৷ কিন্তু প্ৰকৃতাৰ্থত কিছুমান ৰাজনীতিবিদে এই কথাটি প্ৰায়ে পাহৰি যোৱা দেখা যায় যাৰ ফলত গণতন্ত্ৰই দিশ সলনি কৰিব বাধ্য হৈ যাই ৷

দেশৰ কোটি কোটি জনতাৰ আশা এতিয়া মাত্ৰ নতুন চৰকাৰ খনৰ ওপৰত ৷ যোৱা দুটা দশকজুৰি শাসকীয় দলৰ ৰাজনৈতিক, অৰ্থনৈতিক ইত্যাদি দিশত চৰম ব্যৰ্থতাৰ ফলত এইবাৰ ভাৰতীয় জনতাই নিজৰ বিশ্বাসৰ ফলস্বৰূপে মোডীৰ নামত এক নতুন চৰকাৰ গঠন হোৱাতো বিচাৰিছে ৷ আৰু অকল এয়াই নহয় ; নিজৰ দেশৰ সৰ্বাংগীন উন্নতিৰ হকে নতুন প্ৰধানমন্ত্ৰীক যুঁজ দিবলৈ উৎসাহ দিছে ৷ তদুপৰি মূল্যবৃদ্ধি, বানপানী, গৰাখহনীয়া ইত্যাদিৰ দৰে জলন্ত সমস্যা বোৰৰ পৰা মুক্ত কৰি এক সুস্থ সবল ভাৰত নিৰ্মানৰ বাবে আহ্বান জনাইছে ৷

ভাৰতবৰ্ষৰ নতুন প্ৰধানমন্ত্ৰীলৈ আন্তৰিক শুভেচ্ছাৰে…….

 

অলকেশ শৰ্মা

মুখ্য সম্পাদক

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.