সম্পাদকলৈ চিঠি – হৰমোহন কলিতা

0

শিশু এটি জন্মৰে পৰা পিতৃ-মাতৃ, ওচৰ-চুবুৰীয়াৰ লগত থাকি যি ভাষা জ্ঞান আহৰণ কৰে, সেই মাতৃভাষাত শিক্ষাগ্ৰহণত যথেষ্ট সুবিধাজন হয় ৷ মাতৃভুমি অসমত চৰকাৰীভাৱে স্বীকৃতি পোৱা অসমীয়া ভাষাত অধ্যয়ণ কৰাটো এক অপৰিহাৰ্য্য যদিও বৰ্ত্তমান চৰকাৰৰ সস্তীয়া ৰাজনীতিৰে চৰকাৰী বিদ্যালয়সমূহত শিক্ষা আহৰণত যি ব্যৱস্থা লৈছে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বহুতো শিক্ষিত, অসমীয়া ভাষাৰ ধ্বজা বাহকে নিজৰ সতি-সন্ততিক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই নিজৰ ভাষা সংস্কৃতিক জলাঞ্জলী দিছে ৷ বহুতো শিক্ষাবিদ, সাহিত্যিক, সাংস্কৃতিবিদ লোকৰ শংকা হৈছে যেন এদিন অসমীয়া ভাষাটো লোপ পাই যাৱ ৷ বৰ্ত্তমান যুগত কম্পিউটাৰ, ইণ্টাৰনেট, মোবাইলৰ বাবেই অসমীয়া ভাষাৰ কিতাপ কিনা বা অধ্যয়ণ কৰা লোকৰ সংখ্যা কমি গৈছে ৷ অৱশ্যে গ্ৰন্থমেলাৰ প্ৰয়োভৰে পঢ়া-শুনা নকৰিলেও কিতাপ কিনাৰ চখ দেখা যায় ৷ চিন্তাশীল ব্যক্তি হোমেন বৰগোহাঁইৰ ভাষাত ইও এটা শুভ লক্ষণ ৷

এনে প্ৰযুক্তিবিদ্যাৰ সময়ত ই-আলোচনীয়ে অসমীয়া ভাষাটো বিশ্ব দৰবাৰত চিনাকী কৰিবলৈ সক্ষম হৈছে ৷ এনে আলোচনীৰ ভিতৰত ‘সন্ধান’ও ব্যতিক্ৰমী নহয় ৷ ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, কলা-সাংস্কৃতিক লোকৰ উপকাৰ হোৱাকৈ ‘সন্ধান’ আগবাঢ়িব বুলি আশা কৰিলো ৷

–     হৰমোহন কলিতা,

জাগীৰোড: মৰিগাওঁ: অসম

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.