সম্পাদকলৈ চিঠি – অৱশেষত এটি আশাৰ ৰেঙনি

0

সম্ভাব্য খ্ৰীষ্টীয় নবম শতিকাতে জন্মগ্ৰহণ কৰা অসমীয়া ভাষাৰ ভবিষ্যৎ সম্পৰ্কে এশ এবুৰি প্ৰশ্ন৷ বৰ্তমানো এয়া প্ৰশ্নবোধক৷ এনেস্থলত নবপ্ৰজন্মৰ সন্মুখতো এক ডাঙৰ প্ৰত্যাহবান৷ শিক্ষাৰ মাধ্যম নিৰ্বাচনৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী, অভিভাবক প্ৰত্যেকেই দোমোজাত পৰিছে৷ সমসাময়িকভাবে ইংৰাজী ভাষাৰ জয়জয় –ময়ময় ৰূপ, যিহেতু বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু আধুনিক বাণিজ্য উক্ত দুয়োদিশৰ লগত জড়িত আছে ইলেক্ট্ৰ’নিক মাধ্যম আৰু সেই ৰূপতেই মুগ্ধ অনেক অসমীয়া৷

ভাষাটোৰ এনে দুৰ্যোগৰ বাবে কাক দোষ দিম? চৰকাৰে মাজে মাজে ফটাঢোল কোবালেওঁ বাস্তব ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাই৷ অসমীয়া মাধ্যমৰ সৰহসংখ্যক বিদ্যালয়ত বৰ্তমান মৃত্যুদূতে ঘন্টা কোবাইছে৷ তাৰ প্ৰধান কাৰণ পৰিচালনা, যোগ্য শিক্ষক আৰু পাঠ্যপুথিৰ অভাৱ৷ বছৰেকীয়া পৰীক্ষা পাৰ হৈ যায়, কিন্তু কিতাপ ছাত্ৰ-ছাত্ৰীৰ হাতত নপৰেই৷ সেয়েহে ভাষা-জননীক ভাল পোৱা অভিভাবক সকলেওঁ নিজৰ ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ শংকা কৰে৷ ভাষাটোৰ এই চৰম দূৰবস্থাৰ মূলতে চৰকাৰ, অসমীয়া মানুহখিনিৰ এলেহুৱা স্বভাৱ আৰু চৰকাৰী চাকৰিটো পোৱাৰ পাছত ৯০%ৰ পদে পদে ফাঁকি দিয়াৰ মানসিকতাই জগৰীয়া৷

ভাষাটোৰ এই চৰম দূৰবস্থাৰ দিনটো কিন্তু ভাল অসমীয়া কিতাপৰ সংখ্যা কমা নাই৷ নৱম শতিকাৰ পৰা আজি একবিংশ শতিকালৈকে অসমীয়া সাহিত্যই পৃথিৱীৰ বহু প্ৰতিষ্ঠাপ্ৰাপ্ত ভাষাৰ সাহিত্যৰ লগত খোজ মিলাবলৈ সক্ষম হৈছে৷ কিন্তু ডাঙৰ সমস্যাটো হৈছে অনুবাদ৷ অসমীয়া ভাষাৰ কিতাপসমূহ যিদৰে আন ভাষালৈ অনুবাদ হ’ব লাগিছিল, সেয়া হোৱা নাই, আৰু আন ভাষাৰ কিতাপসমূহো অসমীয়া ভাষালৈ অনুবাদ হোৱা নাই৷ ফলত ভাষাটোৱে পূৰ্ণাংগ অৱস্থা পাবলৈকে (আশা) আৰু কেবাযুগ লাগিব৷ অসমীয়া মানুহে কিতাপ কমকৈ পঢ়ে বাবে প্ৰকাশক আৰু অনুবাদকসকলো এই ক্ষেত্ৰত (আন ভাষাৰপৰা অসমীয়া ভাষালৈ অনুবাদ) বিশেষ আগ্ৰহান্নিত নহয়৷ হয়, অসমীয়া জাতি দুখীয়া৷ সেইবাবে কিতাপ কিনিবলৈ পইচা নাপায়৷ যদি এয়াই সঁচা হয়, তেন্তে মদ-চিগাৰেটৰ দোকানবোৰৰ ভবিষ্যত চিন্তনীয়৷

অসমীয়া জাতি এটা আবেগপ্ৰবণ জাতি৷ পশ্চিমত যি কৰে, সেয়াই ভাল৷ পূৰ্বৰ বহুতো লেখাত লিখি অহাৰ দৰে আজিওঁ পুনৰ কওঁ: “দিয়া লোৱা প্ৰথা অবিহনে দুজন ব্যক্তি কেতিয়াওঁ সমান হ’ব নোৱাৰে৷” ভাষা-সংস্কৃতি হেৰাই গ’লে (সংস্কৃতিৰ ভেটিয়েই হ’ল ভাষা) আমি আমাৰ কৰ্মক্ষেত্ৰৰ লগত এক হ’ব নোৱাৰিম, আৰু তেতিয়া পশ্চিমক দিবলৈ একো নাথাকিব৷ পশ্চিমৰ মানুহে তেতিয়া ভিক্ষাৰী বুলি হাঁহিব৷ গতিকে সময় থাকোতেই প্ৰতিজন অসমীয়াই কথাখিনি ভালদৰে অনুধাবণ কৰা উচিত৷

অবশেষত সামান্যতম হ’লেওঁ আশাৰ ৰেঙনি দেখা পোৱা গৈছে৷ বেনাৰ, গাড়ীৰ নাম্বাৰ প্লেট ইত্যাদিৰ ওপৰত ধ্বংশলীলা চলাই এদিনতে পৃথিৱীখন নিজৰ হাতৰমুঠিলৈ আনিব বিচৰা সেই উদণ্ড চামৰ বিপৰীতে আন এটা চামে সুস্থ, বাস্তবসন্মত, গঠনমূলক চিন্তাধাৰাৰে কাৰ্য্যত: অসমীয়া ভাষাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্ঠা চলাই থকা আমি দেখা পাইছো৷ ই জাতিটোৰ বাবে এক আশাৰ বতৰা৷ মূল্যবান সময়ৰ লগতে গাঁঠিৰ ধন ভাঙি এইসকল ডেকাই কৰা প্ৰতিটো কাৰ্য্যসূচীয়েই কঢ়িয়াই আনিছে জাতিটোৰ বাবে অলেখ বতৰা৷ এনাজৰী, স্পন্দন, সন্ধান, তীৰভুমি ইত্যাদি কেবাখনো ই-আলোচনীয়ে যাত্ৰা আৰম্ভ কৰিছে, যি জাতিটোৰ পক্ষেই সুখবৰ৷ আশাকৰো, এই যাত্ৰা অদূৰ ভৱিষ্যতলৈওঁ “উৎকৃষ্ট মানদণ্ডৰে” নিত্য নতুন অন্বেষণত অটুট থাকিব৷

 

– ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য,

ইমেইল: [email protected]

তেজপুৰ বিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

Leave A Reply