সপোন

1

নিশা গভীৰ হৈ আহিছে
গভীৰ হৈ আহিছে মোৰ সপোনবোৰ,
মোৰ ভাল লগা সপোনবোৰ ৷
জীয়াই থাকিব খোজো
এই সপোনবোৰৰ মাজতে ৷
কিয় জানা?
এই সপোনবোৰে মোক লৈ যায়
অন্য এখন পৃথিৱীলৈ,
পাহৰাই দিয়ে বাস্তৱ জীৱনৰ
তিতা-কেহা অভিজ্ঞতাবোৰক ৷
কল্পনা কৰাৰ সাহস পাও
নিজৰ প্ৰেয়সীৰ লগত,
লগত ফুটা কড়ি এটা নাথাকিলেও
নিজকে আৱিষ্কাৰ কৰোঁ গেইছ্, বাফেটৰ লগত ৷
হে’ সপোন, মোক এৰি নাযাবা,
মই ওভতি যাব নোখোজোঁ কঠোৰ বাস্তৱৰ বুকুলৈ,
হেৰুৱাব নোখোজোঁ তোমাৰ সৰল-নিভাজ মৰমবোৰ ৷
হে’ সপোন, মোক এৰি নাযাবা ৷৷

 

– নয়ন জ্যোতি কলিতা,
গুৱাহাটী বিশ্ববিদ্যালয়

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.