সপোন

0

এদিন এটা সপোন দেখিছিলোঁ

এদিন এটা সপোন দেখিছিলোঁ.. এটা সপোন

যিয়ে দিলে মোৰ জীৱনক এটি নতুন দিশ.. এটি নতুন স্বৰূপ

পাহৰি যাওঁ মই নিজস্বতা.. হেৰাই যাই মোৰ নিজৰ পৃথিৱী

শিকিব আছে.. বুজিব আছে.. জানিব আছে বহু কথা

হয়তো কম হ’ব পাৰে মোৰ এই অবুজ সীমাবদ্ধ জীৱনটো

সংসাৰৰ মায়াৰ ধৰাত আবদ্ধ হয় পৰিছে মোৰ এই জীৱনটো.. মূল্যবিহীন হৈ পৰিছে মোৰ এই জীৱনটো..

জানিব খুজোঁ.. শিকিব খুজোঁ.. বুজিব খুজোঁ

কণমানি শিশুৰ দৰে উৎশৃংখল হৈ পৰিছে এই মনটো..

তথাপিও জীয়াই আছোঁ যিমান সময়.. উশাহ লৈছোঁ যিমান মুহুৰ্ত্তত

শিকিম মই.. বুজিম মই.. জানিম মই.. মাথো লাগে অলপ ইচ্ছা.. অলপ হেঁপাহ

সলনি হ’ব সকলো.. সলনি কৰিম সকলো.. জীৱনক এটি নতুন দিশ দিম মই

কাৰণ দুটি নয়নত আছে এটা সপোন.. দেখিছিলোঁ মই এটা মিঠা সপোন

 

কুঞ্জানয়ন দাস,

তেজপুৰ বিশ্ববিদ্যালয়,

অসামৰিক অভিযান্ত্ৰিক বিভাগ

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.