সংৰক্ষণৰ অংক: কিহৰ ভিত্তিত এই সংৰক্ষণ?

0

মেকুৰী আৰু বান্দৰৰ সাধুৰ লগত ঠিক নিমিলিলেও আমাৰ দেশৰ সংৰক্ষণ ব্যৱস্থাৰ ৰেহ ৰুপ চাই চৰকাৰখনক সেই ৰুটিলৈ কাজিয়া কৰি ভগাবলৈ অহা সেই মেকুৰীটোৰ লগতে ৰিজাব মন গৈছে । ইটো জনগোষ্ঠীৰ বাবে বিশেষ ব্যৱস্থা, সিটোৰ বাবে বেলেগ ব্যৱস্থা, এনে কৰোতে অ-সংৰক্ষিত বুলি একো বাকীয়ে নাথাকে, বা যিখিনি থাকে (আচলতে থাকে নহয় ৰাখেহে নিজৰ কোটাৰ বাবে মন্ত্ৰী এম. এল. এ ও আমোলাৰ জাতি বৰ্ণ নিৰ্বিশেষে “অ-সংৰক্ষণ” কৰি), সেইখিনিতো সেই মেকুৰীৰূপী বাটোৱাৰাকাৰীৰ নিজ বংশ উন্নয়ন পুজিতে জমা হয় । আমাৰ আলোচনাত ‘সংৰক্ষণ’ বুলিলে বিশেষকৈ বুজোৱা হ’ব ভাৰতীয় সংবিধানে দেশখনৰ পিছ পৰা বা তুলনামুলকভাৱে দুৰ্বল বুলি বিবেচিত লোক বা লোকগোষ্ঠীক সাধাৰণ লোকৰ (যিসকলক জাতিগতভাৱে আগবঢ়া বুলি জ্ঞান কৰা হয়) সমকক্ষ কৰি তোলাৰ উদ্দেশ্যেৰে তেওঁলোকৰ বাবে সা-সুবিধাৰ ব্যৱস্থাক । এই সা-সুবিধা সমূহৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণ, মাচুল ৰেহাই, বৃত্তি, নম্বৰ ৰেহাই; চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণ, জনগণক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত সংৰক্ষণ তথা আন আন বাজেট আবন্টনো ধৰিব পাৰি।

এই ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ বিষয় এয়েযে ভাৰতবৰ্ষত এই সংৰক্ষণ ব্যৱস্থাৰ ভিত্তি হ’ল জাতি-বৰ্ণ তথা নৃগোষ্ঠীয় সামাজিক স্থিতি, ইয়াৰ ওপৰত থকা ভেদা-ভেদ নিৰ্মূলকৰণৰ হকে চৰ্চা হৈ আহিছে সুদুৰ স্বাধীনতাৰ পূৰ্বৰে পৰা । তৎস্বত্তেও কিন্তু স্বাধীন ভাৰতৰ চৰকাৰে অনুসুচিত জাতি, জনজাতি, অন্যান্য পিছ পৰা সম্প্ৰদায় হিচাপে পৃথকীকৰণ কৰি কেতবোৰ গোত্ৰ বা বৰ্ণৰ লোকক পিছ পৰা হিচাপে সাৰ্বজনীন কৰি সেইবোৰ সম্প্ৰদায়ৰ কাৰণে সংৰক্ষণৰ মাধ্যমেদি বিশেষ সা-সুবিধাৰ ব্যৱস্থা যুগ যুগ ধৰি কৰি আহিছে আৰু ধৰি লোৱা হৈয়ে আছে যে সেইবোৰ গোত্ৰত জন্ম গ্ৰহণ কৰা লোকসকল যুগে যুগে পিছ পৰিয়ে আছে বাবে তেনে সম্প্ৰদায়ৰ তালিকাও একেই আছে!

সংৰক্ষণৰ প্ৰচলিত ব্যৱস্থাৰ প্ৰবক্তাসকল জাঙুৰ খাই উঠিব যদিও এটা অনস্বীকাৰ্য কথা নকৈ নোৱাৰিলো যে ‘সংৰক্ষণে সদায় শ্ৰেষ্ঠতম বাছনিৰ পছন্দক বঞ্চিত কৰে’ আৰু ইয়াৰ ফলত দেশ বা সমাজ শ্ৰেষ্ঠতম মানৱ সম্পদৰ সেৱাৰ পৰাও বঞ্চিত হয় । উদাহৰণ স্বৰূপে ক’ব পাৰি যে এক উৎকৃষ্ট শিক্ষানুষ্ঠানত নামভৰ্তিৰ বেলিকা তুলনামূলকভাৱে তেওঁতকৈ অধিক মেধাসম্পন্ন ছাত্ৰ বা ছাত্ৰীক বঞ্চিত কৰি নামভৰ্তিৰ সুবিধা পাই সৰ্বোচ্চ ডিগ্ৰী ল’লে। সংৰক্ষণৰ আশীৰ্বাদত তুলনামুলকভাৱে কম নম্বৰ পাইয়ে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰো স্বীকৃতিও পালে আৰু শেষত সংৰক্ষণৰ বেকলগ ব্যৱস্থাৰ বাবে সাধাৰণ বৰ্গৰ প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰাত তেওঁ চাকৰিটোও পালে । এতিয়া কথা হ’ল, এই সংৰক্ষণ ব্যৱস্থা নাথাকিলে মুক্ত প্ৰতিযোগীতাৰ ভিত্তিত পদটো পুৰোৱা হ’লে হয়তো তেওঁতকৈ বহু উৎকৃষ্ট প্ৰাৰ্থী পচন্দৰ সুবিধা অনুষ্ঠানটিয়ে পালেহেতেন! কোনে জানে দলিত সম্প্ৰ্দায়ৰ আন্দোলনৰ হেচাত কেতিয়াবা যদি ভাৰতীয় ক্ৰিকেট দলতো এনে সংৰক্ষণৰ ব্যৱস্থা হয়!

সংৰক্ষণ ব্যৱস্থাৰ ফলত প্ৰত্যক্ষভাৱে সবাতোকৈ ক্ষতিগ্ৰস্থ হোৱা সকল হ’ল সেইসকল ছাত্ৰ আৰু চাকৰি প্ৰাৰ্থী – যিসকল জাতিগতভাৱে উন্নত সম্প্ৰদায়ৰ অৰ্থনৈতিকভাৱে তেনেই নি:কিন । এইসকলৰ হতাশা আৰু ক্ষোভৰ বহিৰ্প্ৰকাশ মাজে সময়েই দেখা যায় যদিও বৃহৎ আকাৰত দেখা গৈছিল ১৯৯০ চনত প্ৰকাশ হোৱা ভাৰতত সংৰক্ষণ ব্যৱস্থাৰ উন্নয়নাৰ্থে ১৯৮২ চনতে গঠিত মনডল আয়োগৰ পৰামৰ্শাৱলীৰ ক্ষেত্ৰত দেখা দিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ মাজেদি । সেই সময়ত এই আয়োগৰ পৰামৰ্শৰ সপক্ষে আৰু বিপক্ষে মিলি এশটাতকৈয়ো অধিক গোচৰ ন্যয়ালয়ত পঞ্জীভুক্ত হোৱাত উচ্চতম ন্যয়ালয়ে এই সম্পৰ্কে চূড়ান্ত ৰায় দিব লগীয়া হৈছিল আৰু এইদৰেই দুৰ্ভাগ্যজনকভাৱে সম্প্ৰদায় বা জাতেই পিছ পৰা শ্ৰেণীৰ মৰ্যদা দিবলগা হোৱাৰ ভিত্তি হিচাপে স্বীকৃতি পাইছিল। অৱশ্যে দলিত, অৱহেলিত শ্ৰেণীৰ দ্ৰুত বিকাশৰ কাৰণে চৰকাৰী উদগনিৰ প্ৰয়োজন নথকা নহয় । আৰু সেইবাবেই হয়তো ভাৰতীয় সংবিধান প্ৰণেতাসকলে হয়তো ভাৰতীয় সমাজ ব্যৱস্থাৰ গাথনি চাই জাতিগতভাৱেই বৈষম্যৰ স্বৰূপ দেখা পাইছিল । দেখা যায়য়ে তাহানিত উচ্চ বৰ্ণৰ হিন্দুৱে নিম্ন বৰ্গৰ লোকৰ ওপৰত নানা ধৰণৰ শোষণ চলাইছিল আৰু তাৰ সুবিধা মুছলমান আগ্ৰাসনকাৰী তথা পৰৱৰ্তী কালত খ্ৰীষ্টান মিছনেৰীসকলে ভালকৈয়ে লৈছিল । এইযে নিম্ন সম্প্ৰদায়ৰ হিন্দুৰ ধৰ্মান্তকৰণ প্ৰক্ৰিয়া, ইয়াৰ বেচ তাৎপৰ্য আছে আৰু প্ৰচলিত সংৰক্ষণ ব্যৱস্থাৰ লগত কিছু প্ৰাসংগিকতা আছে।

দেশ জয় কৰি সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ অহা মুছলমান নবাবসকলৰ ভাৰতবৰ্ষত ধৰ্ম বিস্তাৰৰ কোনো পৰিকল্পনা নাছিল আৰু সেয়ে তেওলোকৰ লগত অহা ধৰ্মগুৰু বা পীৰসকলে নবাবৰ পৰা কোনো সমৰ্থন বা সহায় পোৱা নাছিল। কিন্তু ইতিমধ্যে অসহনীয় হৈ পৰা জাতি-ভেদ প্ৰথাৰ কাৰণে বহু নিম্ন বৰ্গৰ হিন্দুই তুলনামুলকভাৱে উদাৰ ইচলাম ধৰ্মত দীক্ষিত হৈছিল। কিন্তু নবাবৰ পৃষ্ঠপোষকতাৰ অভাৱৰ কাৰণে তেওলোকৰ আৰ্থিক দিশত বিশেষ একো পৰিৱৰ্তন হোৱা নাছিল । অৰ্থাৎ সামাজিক স্বীকৃতিৰ ক্ষেত্ৰত তেওলোক সাধাৰণ বৰ্গৰ হৈ পৰিছিল যদিও, আৰ্থিকভাৱে তেওঁলোক পিছ পৰিয়েই ৰৈছিল।
নবাবৰ পৃষ্ঠপোষকতাৰ অভাৱেই হওক, কিংবা অতিশয় দুৰ্গম বাবেই হওক, মুছলমান পীৰ সকলে ভাৰতবৰ্ষৰ ভিতৰুৱা ঠাইত থকা জনজাতীয় লোকখিনিক ঢুকি পোৱা নাছিল । পিছলৈ চৰকাৰী পৃষ্ঠপোষকতাৰে সমৃদ্ধ ধৰ্ম প্ৰচাৰৰ কাৰণে ভাৰতবৰ্ষলৈ অহা খ্ৰীষ্টান মিছনেৰী সকলে কিন্তু সক্ষম হৈছিল জনজাতীয় অঞ্চলত ধৰ্ম বিস্তাৰ কৰিবলৈ। চৰকাৰী পৃষ্ঠপোষকতাৰ বাবেই বৃটেইন, ফ্ৰাঞ্চ আদি দেশৰ পৰা অহা এই মিছনেৰী সকল আছিল আৰ্থিকভাৱে যথেষ্ট সবল আৰু ইতিমধ্যেই নৱজাগৰণৰ প্ৰভাৱত প্ৰগতিশীল ভাৱধাৰাৰে উদ্বুদ্ধ মিছনেৰীসকলে শিক্ষা দীক্ষাৰ প্ৰচাৰ, আৰ্থিক সা-সুবিধাৰে জনজাতীয় এলেকাসমূহত বেচ প্ৰভাৱ বিস্তাৰ কৰাত সফল হয়, যাৰ প্ৰমাণ এতিয়াও প্ৰায়বোৰ জনজাতীয় সম্প্ৰদায়তে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ পয়োভৰৰ পৰাই দেখা যায় । কিন্তু আমোদজনক কথাটো হ’ল, ইউৰোপীয় উদাৰতাৰ আশীৰ্বাদ তথা আৰ্থিক সহায়েৰে তেওঁলোক যথেষ্টখিনি আগবাঢ়িলেও, খ্ৰীষ্টান ধৰ্মৰ নিয়ম মতে নাম পৰিৱৰ্তনৰ প্ৰয়োজন নথকাত পৰৱৰ্তী কালত এনে জনজাতীয় লোকসকল কিন্তু সংৰক্ষণৰ আওতাত পৰিল । অৰ্থাৎ পৰিকল্পিতভাৱে চলা ধৰ্মান্তকৰণ প্ৰক্ৰিয়াত মিছনেৰীসকলে আগবঢ়োৱা সা-সুবিধাৰে আৰ্থিকভাৱে আনকি সামজিকভাৱেও কিছু উন্নত অৱস্থা পালে যদিও, আগৰ নাম উপাধি তথা ধৰ্মৰ বাহিৰে অইন সংস্কৃতি একে থকাত, ভাৰত চৰকাৰৰ চকুত তেওঁলোক অনুন্নত হিচাপেই বিবেচিত হৈ থাকিল । কিন্তু ইছলাম ধৰ্মত ধৰ্মান্তৰিত হোৱাৰ বাবে যিহেতু হিন্দু নাম বা উপাধি সলাই মুছলিম সমাজত স্বীকৃত নাম উপাধি ল’ব লাগে, সেয়ে পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ দৃষ্টিত তেওঁলোক আৰ্থিক, শিক্ষা আদিত পিছ পৰি থকা স্বত্বেও তৎক্ষণাতে সেইবোৰ পৰিৱৰ্তন হোৱা বুলি ধৰি লৈ সাধাৰণ বৰ্গত তালিকাভুক্ত কৰা হ’ল।

এতিয়া প্ৰশ্ন হয়, পিছ পৰা চামক আগবঢ়াই নি সমমৰ্যদাৰ সমাজ গঢ়াৰ লক্ষ্যই যদি আছিল, তেন্তে ভাৰতীয় মুছলমানসকল কেনেকৈ সাধাৰণ বৰ্গত অন্তৰ্ভুক্ত হ’ল? অগ্ৰাধিকাৰ পাবলগীয়া বৰ্গৰ তালিকা প্ৰস্তুতকৰণৰ বেলিকা জাতি-বৰ্ণ নিৰ্বিশেষে মানুহৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ অধ্যয়নৰ প্ৰয়োজন নাছিলনে? বাহ্যিক পৰ্যবেক্ষণৰ কথা বাদেই দিলো, চচ্চাৰ কমিটিৰ প্ৰতিবেদন তথা ৰংনাথ মিশ্ৰ আয়োগৰ প্ৰতিবেদনে ইতিমধ্যেই দেখুৱাই দিছে যে ভাৰতবৰ্ষৰ সংখ্যালঘুসকলৰ আৰ্থ-সামাজিক অৱস্থা দলিত সকলতকৈয়ো পুতৌজনক । অসমৰ ক্ষেত্ৰত দেখা যায় যে মুছলমান আৰু চাহ জনজাতিৰ লোকৰ আৰ্থ-সামাজিক অৱস্থা অনুসুচিত জাতি আৰু জনজাতিতকৈয়ো অধিক বেয়া । ২০০১ চনৰ লোকপিয়ল অনুসৰি, অসমৰ মুছলিম সাক্ষৰতাৰ হাৰ আছিল ৪৮.৪% আৰু একেই তথ্য মতে অনুসুচিত জাতি আৰু জনজাতিৰ স্বাক্ষৰতাৰ হাৰ আছিল ৬৪% । তদুপৰি দৰিদ্ৰতাৰ বোজাৰ ক্ষেত্ৰতো দেখা যায়যে অসমৰ সংখ্যালঘু আৰু চাহ জনজাতিৰ লোকৰ অবস্থা বৰ্তমানৰ সংৰক্ষণৰ আওতালৈ অহা অনুসুচিত জাতি আৰু জনজাতিৰ লোকতকৈ বহুগুণে পুতৌজনক ।
গতিকে গতিশীলতাৰ সৰ্বোচ্চ সাম্ভাৱ্যতাৰ ফালে চাবলৈ গ’লে সংৰক্ষণ ব্যৱস্থা মুঠেই সমৰ্থনযোগ্য নহয় । তদুপৰি ইমান বছৰে একোটা সম্প্ৰদায়ৰ বাবে কেতবোৰ ব্যৱস্থা লোৱাৰ পিছত ব্যৱস্থাটিৰ ফলাফল পুনৰ মুল্যায়ন কৰি যদি এতিয়াও তেওঁলোকক পিছ পৰা হিচাপেই চিহ্নিত কৰা হয়, তেন্তে ব্যৱস্থাটিৰ কাৰ্যকাৰিতা বা সুফলৰ নিশ্চয় পুনৰ বিবেচনাৰ প্ৰয়োজন আছে।আৰু ভাৰতবৰ্ষৰ অ-সম সমাজ ব্যৱস্থাক সমমৰ্যদা ও বিকাশৰ স্বাৰ্থত যদিহে সংৰক্ষণ ব্যৱস্থা অৱধাৰিত জ্ঞান কৰাও হয়, তেন্তে তাৰ ভিত্তি হ’ব লাগে ব্যক্তিবিশেষে সমসাময়িক আৰ্থ-সামাজিক অৱস্থা, জাত বা সম্প্ৰদায় নহয়। আৰু ই বংশগত হিচাপে পোৱা বাপতি সাহোন হ’ব লাগিব বুলি কোনো যুক্তি নাই । আজিৰ উদাৰতাৰ যুগত ব্যক্তিক উপাধিৰে সম্প্ৰদায় চিনাক্ত কৰা তেনেই জটিল আৰু দুৰ্নীতিৰো আধাৰ । কিন্তু তথ্য প্ৰযুক্তিৰ সফলতাৰ যুগত পৰিসাংখ্যিক বিভাগৰ সহায়ত নিৰ্দিষ্ট নিয়মেৰে দৰিদ্ৰ, অশিক্ষিত ব্যক্তি চিনাক্তকৰণ নিশ্চয় তেনেই সহজ।

– আজিমুল হক
গৱেষণা বিষয়া, আচনি ৰুপায়ণ গোট
নগৰ আৰু গাও পৰিকল্পনা, অসম
দিছপুৰ, গুৱাহাটী – ৬
মবাইল: ৯৮৫৪০২২৯৪৬
ই-মেইল: [email protected]

অন্যান্য লেখা :

Share.

Leave A Reply