শেষ নোহোৱা গল্পটো

0

চাৰিআলিৰ চুকটোত সদায় বহে তেওঁ ৷ তেওঁৰ শুকাই যোৱা চকুযুৰিত কিবা অনুভূতি বিচাৰি পোৱাটো অত্যন্ত কঠিন ৷ ব্যস্ত পদচাৰী দুই-এজনৰ কেতিয়াবা চকুত পৰে মানুহজন,কেতিয়াবা নপৰে ৷ কেতিয়াবা একফালং মান নিলগৰ মন্দিৰটোৰ পৰা ওলাই দুজন এজনে ভঙনীয়া দুটামান দিয়ে, কেতিয়াবা খালী হৈয়ে থাকে সন্মুখৰ ময়লাধৰা বাতিটো ৷ ঠনঠনকৈ বাজি উঠা বাতিটোত এযোৰ আশাভৰা চকুৰ খন্তেকৰ বাবে জিলিকি উঠা তিৰবিৰনি দেখা যায় ৷ অলপ পাছতে আকৌ হেৰাই যায় ভীৰৰ মাজত ৷ দিন পাৰ হয় ৰাতি আহে ৷ তেওঁ তাতেই থাকে ৷ ব্যস্ত পৃথিৱী আগবাঢ়ি যায় ৷ তেওঁৰ প্ৰয়োজন একেই থাকে ৷ কেতিয়াবা ৰাস্তাটোত হুৱা-দুৱা লাগে ৷ মানুহবোৰ সাৰ পাই উঠে হঠাতে ৷ ৰঙাবাতি লগা গাড়ীবোৰ পাৰ হৈ যায় জোৰেৰে ৷ ভাৱলেশবিহীন ভাৱে মানুহজনে চাই ৰয় ৷ চৰকাৰ সলনি হয় ৷ উন্নতিৰ ভাষণেৰে ৰাজপথ উত্তাল হয় ৷ তেওঁ মাথোন চাই ৰয় ৷ সুন্দৰী যুৱতীৰ হাতে ধৰা-ধৰিকৈ অহা কোনোবা যুৱকে কেতিয়াবা খম-খমীয়া নোটকেইখমান দি যায় ৷ মানুহজনৰ শুকান চকুহালত চকুপানী বিৰিঙি উঠে খন্তেকৰ বাবে ৷ আৱৰ্জনাৰ দুৰ্গন্ধত সচেতন হৈ পৰা যুৱতীগৰাকীৰ মুখখন তেওঁ দেখা নাপায় ৰুমালৰ আৱৰণৰ মাজত ৷ হঠাতে সচকিত হৈ পৰে মানুহজন ৷ তথাকথিত সমাজৰ আৱৰ্জনা তেওঁৱেইটো !!

পথটোয়েদি সদায় অহা-যোৱা কৰো মই ৷ তেওঁৰ ভাৱলেশহীন মুখখনত মই বিচাৰিবৰ চেষ্টা কৰো পোনাকনক, ককাইদেউক, দেউতাক, পেহাদেউক, মোমাইদেউক, ভাইটিক ৷ তেওঁৰ কাষত বহি মইও এটা ৰাতি পাৰ কৰিব বিচাৰো আধাপেটীয়াকৈ উজাগৰে ৷ তেওঁৰ ময়লাধৰা হাতখনত হেৰাইযোৱা পোনাকনক বিচাৰিব খোজো মইও ৷ হঠাতে সচকিত হৈ পৰো মই আকৌ ৷ আইফ’নটোৰে তেওঁৰ ফটো আপল’ড কৰি বাহ বাহ লওঁ মই ৷ দৈনিক খৱৰ কাগজখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা তেওঁৰ ফটোখনকলৈ গৌৰৱ কৰো মই ৷ ৰাষ্ট্ৰীয় পুৰস্কাৰো লওঁ মই তেওঁৰ নামত ৷ কিন্তু তেওঁ তাতেই থাকে ৷ মোৰ সাহস নহয় তেওঁৰ কাষত যোৱাৰ পুনৰ ৷ মই আৱৰ্জনা হব নোখোজোঁ !!

তেওঁৰ নামত চকুপানী টোকো মইয়েই মোৰ সভাপতিৰ ভাষণত ৷ তেওঁৰ নামত ট্ৰাষ্ট আৰম্ভ হয় মোৰ বেংক একাউণ্টত ৷ তেওঁক লৈ কৰা ৰাজনীতিয়ে মোক লৈ যায় উন্নতিৰ শিখৰলৈ ৷ কিন্তু তেওঁৰ কাষত নাযাওঁ মই ৷ তেওঁ যে আৱৰ্জনা মাথোন ৷ মোৰ উন্নতিৰ নিমিত্ত মাথোন ৷ মোক প্ৰয়োজন তেওঁৰ অস্তিত্বৰ ৷

কাৰোৰে অলক্ষিতে এদিন পথটো আৱৰ্জনা মুক্ত হৈ পৰে ৷ পাৰ হৈ যোৱা যুৱতীবোৰে এতিয়া আৰু ৰুমাল নলয় নাকত ৷ হেৰাই যায় তেওঁ কোনোবা অজ্ঞাত শ্মসানত ৷ কাৰোবাৰ হেৰাই যোৱা পোনাকন প্ৰয়োজনহীন এই সমাজত ৷ তেওঁৰ খবৰ লবলৈ আৰু সময় নহয় মোৰ ৷ মোৰ যে ষ্টেটাছ আছে সমাজত ৷ মই আৱৰ্জনা নহয় !!

উপসংহাৰ:

এইদৰে হেৰাই যায় হাজাৰ পোনাকন প্ৰতিদিনে ৷ তেওঁক লৈ না কোনোবাই চকুপানী টোকে,না কোনোবাই খবৰ লয় ৷ তেওঁ যে আৱৰ্জনা সমাজৰ ,উন্নতিৰ প্ৰতিবন্ধক ৷ কিছুদিনৰ পাছত হঠাতে ৰাষ্টাটৌৱেদি পাৰ হওঁতে আকৌ দুৰ্গন্ধৰ অনুভৱ হয় মোৰ ষ্টেটাছ থকা নাকটোত ৷ আৰু এজন পোনাকনৰ আৱিৰ্ভাৱ হয় ৷ পোনাকনক জীয়াই ৰখাটোয়ে অতি আৱশ্যক মোৰ !!!

 

                                                       ৰঞ্জন জ্যোতি হাজৰিকা

                                                 দুৰভাষ : 9707738554

অন্যান্য লেখা :

Share.

Leave A Reply