শিঙি মাছ

1

golpo - xondhan - সন্ধানফাগুন মাহ, আবেলি সময়৷ ধূলিকণাবোৰে চৌদিশে আন্দোলন কৰি ফুৰিছে বতাহৰ বিৰুদ্ধে৷  কিছুমান উৰি আহি ভাগৰতে বাৰান্দাত পাৰি থোৱা বেঞ্চখনতে বহি ল’লে৷ ভিতৰৰ পৰা দৰ্জাখন খুলি মহানন্দই বাহিৰলৈ ওলাই আহিল৷ চকুদুটা মুদি মুখখন বহলকৈ মেলি উশাহবোৰ একেবাৰে বাহিৰলৈ পঠিয়াম বুলি ভাবি হামি এটা মাৰিলে৷ আজি দেওবাৰ৷ মহানন্দৰ অফিচ বন্ধ৷ গতিকে একমান বজাতে দুপৰীয়াৰ সাজ খাই সি ভালকৈ টোপনি এটা মাৰি ল’লে৷ অৱশ্যে উঠাৰ লগে লগে তাৰ দেহাটোৱে তাৰ লগ দিবলৈ অলপ অসস্তিবোধ কৰিছিল৷ হ’ল বুলিয়ে কিমাননো টানিব৷ ইপিনে সিপিনে চাই সি চোতালৰ এইটো মূৰত নেজ দাঙি পহৰা দিয়া কুকুৰটোৰ দৰেই ৰৈ থকা দমকলটোৰ ওচৰলৈ গ’ল৷ ঘেটলেং, ঘেটলেং কৈ দুবাৰমান হেঁচি দিয়াৰ পিছত সাউৎকৈ মুখখনেৰে পানী ওলাই আহিল৷ সি মুখখন ভালকৈ ধুই বাৰাণ্ডাৰ তাঁৰত মেলি দিয়া গামোচাখন দুবাৰমান ভালকৈ জোকাৰি মুখখন মচি ল’লে৷ নাই তাৰ দেৰি হৈছে৷ ভিতৰলৈ গৈ খৰধৰকৈ চোলা-কাপোৰযোৰ পিন্ধি হাতত বেগখন লৈ সি ওলাই আহিল৷ চোতালৰ সন্মুখৰ নিমগছডালৰ কাষত গলটো বেকাকৈ পৰি থকা চাইকেলখন সি উঠাই ল’লে৷ বতাহে পেলাইছিল হ’বলা নহ’লে গলধন খজুৱাবলৈ অহা গাইগৰুজনীয়ে, সি মনতে ভাবি ল’লে৷ চাইকেলখন চিধা কৰি লৈ দুবাৰ মান লৰাই দিয়াত চেইনডালে অলপ শব্দ কৰি উঠিল৷ নাই বিশেষ একোহোৱা নাই; দুটামান থাপৰ মাৰি মহানন্দই বজাৰলৈ বুলি চাইকেলখন পোনাই ল’লে৷

গোটেই ৰাস্তাটো সি চাইকেলৰ চেইনডালৰ ৰহস্যটোকে গমি চাই আহি আছিল৷ আচলতে চেইনডাল ‘লুজ’ হয় কেনেকৈ! হয়তো চেইনডাল দীঘল হৈ গৈ থাকে নহ’বা চাইকেলখন চুটি৷ কথাবোৰ ভাবি ভাবিয়ে সি বজাৰ পালেগৈ৷ তিলকৰ দোকানৰ কাষত চাইকেলখন থিয় কৰাই ৰাখি মহানন্দই বজাৰৰ মাজত সোমাল৷ লাহে লাহে মূৰবোৰৰ মাজত তাৰ মূৰটোও মণিব নোৱাৰা হ’ল৷ মানুহবোৰ ব্যস্ত৷ কোনোবাই বেপাৰীবোৰৰ সন্মুখত মোনাখন মেলি তৰজুৰ ফালে বেপাৰীৰ চালাকিবোৰ লক্ষ্য কৰি আছে, কোনোবাই অচিন হাবিত ঔষধি গছ বিচৰাৰ দৰেই ইফালে সিফালে চাই খোজ কাঢ়ি আছে, গণিতজ্ঞ(!) বেপাৰীবোৰে কাৰোবাক নিমিষতে তেওঁৰ সমূলি ধনৰ হিচাপ দি আছে, মুঠৰ ওপৰত চাৰিওফালে ভোকৰ দামদৰ৷ পাচলি কেইপদমান লৈ মহানন্দই মাছবজাৰৰ ফালে আগবাঢ়িল য’ত মানুহবোৰে ডাক্টৰৰ দৰেই টিপি চাই পৰীক্ষা কৰি আছে মৰা মাছবোৰৰ শাৰিৰীক অৱস্থা৷ সোঁহাতখনেৰে মোনাটো দাঙি অলপ দূৰৰ পৰা গতি বিধি লক্ষ্য কৰি হঠাৎ শান্তিৰ নিশ্বাস এটা পেলাই লৰা-ধপৰাকৈ বেপাৰী এজনৰ কাষত গৈ থিয় হ’ল৷ ‘ঐ এই শিঙিমাছবোৰ কেনেকৈ দিছ?’ – মহানন্দই সুধিলত বেপাৰীজনে তৎক্ষণাত মাত দিলে দুশ পঞ্চাচ, কেজি৷ মহানন্দই দামটো শুনি অইনবোৰৰ দৰে আচৰিত নহ’ল৷ সি জানে বজাৰৰ অৱস্থা, জুই চাই দাম৷ তথাপিও মানুহবোৰে নোখোৱাকৈতো নাই৷ ‘দুশকৈ হ’বনে?’ অভিজ্ঞ ব্যক্তিৰ দৰেই মহানন্দই প্ৰশ্ন কৰিলে৷ দাদা ৰাতিপুৱা মাৰিছোঁ, এতিয়াও জীয়া আছে দুশ ছল্লিছ কৈ দিব লৈ যাওঁক বুলি হাতখনেৰে মাছৰ পানীখিনি লৰাই দি তাৰ সত্যতা প্ৰমাণ কৰিব চেষ্টা কৰিলে৷ মহানন্দই আৰু একো নামাতিলে৷ সি জানে বেপাৰীবোৰে বস্তু বিকিবলৈ আপোনাক মাৰ ফালৰ আত্মীয় কুটুমৰ দৰেই আপোনভাৱে ব্যৱহাৰ কৰে৷ লাহেকৈ সি গুচি যাব লওঁতে পিছফালৰ পৰা বেপাৰীজনে পুনৰ মাত লগালে – ‘দাদা আহক দুশবিছ! ইয়াতকৈ কমত নোৱাৰোঁ, একদম্ কিনা দামত দিছোঁ, আপোনাৰ তাত এক টকাও লাভ কৰা নাই৷’ মহানন্দ থমকি ৰ’ল৷ কিবা এটা চিন্তা কৰি সি পুনৰ ঘূৰি আহিল মাছকেইটাৰ ওচৰলৈ৷ পকেটত হাত সুমুৱাই তিনিখন এশটকীয়া নোট উলিয়াই বেপাৰীজনৰ হাতত দি বাকী থকা দহ টকীয়া দুখন পুনৰ আগৰ ঠাইত সুমুৱাই থ’লে৷ ‘খুচুৰা বিশটকা দিব দাদা৷’ বেপাৰীজনে মাত লগালে৷ সাধাৰণতে বেপাৰীবোৰে  ডাঙৰ নোটৰ খুচুৰা দিব টান পায়৷ কথাষাৰ মহানন্দই জনা সত্বেও সি নোটখন ভঙাবলৈ চেষ্টা কৰিছিল, অফিচলৈ অহা-যোৱা কৰোতে খুচুৰাৰ খুব দৰকাৰ হৈ পৰে৷

ইমানতে সাপ্তাহিক বজাৰ সামৰি মহানন্দই ব্যস্ত কোলাহলৰ পৰা ওলাই আহি মোনাটো আঁৰি দিলে৷ এবাৰ সি ভাবিলে মোনাখন বেছি গধুৰ হ’ল নেকি? কিন্তু পিছমুহূৰ্ততে চাইকেলখনে ‘নাই হোৱা, পাৰিম’ বুলি কোৱা যেন পাই মিচিকিয়া হাঁহি এটা মাৰি তিলকক মাতষাৰ লগাই ঘৰলৈ বুলি উভতিল৷ ৰাস্তাটোত নতুনকৈ শিলগুটি দিছে, ধূলিবোৰে এতিয়াও ফল্গুৎসৱ খেলি আছে, ৰাস্তাটোৰ কাষত গুটিবোৰ কম আৰু তাত হাজাৰজনৰ চাইকেল গাড়ীৰ চকাৰ স্পষ্ট চিন৷ আচলতে মানুহবোৰ সাধাৰণতে আৰামপ্ৰিয়, সিহঁতে নিজৰ ৰাস্তাটো সদায় নিমজ হোৱাটো বিচাৰে, গতিকে মহানন্দও কাষেৰেই চাইকেলখন চলাইছে৷ মাজে মাজে চেইনডালে বিকট চিঞৰ এটা মাৰি পুনৰ নিশ্চুপ হৈ পৰে৷ মোনাখনৰ ভিতৰত আলু-পিয়াজ কেইটাই শান্তিত আহিব পৰা নাই, বাৰে বাৰে এইটোৱে সেইটোৰ লগত খুন্দা খাইছে কিন্তু শিঙিমাছ কেইটাই নিঃপালি দি আৰামত শুই আহিছে চাগে সিহঁতে ভৱিষ্যতৰ কথা গম পাইছিল৷ অৱশ্যে দুই এটাই কাঁইটেৰে পলিথিনটো ফুটা কৰি পলাব চেষ্টা নকৰা নহয়৷ মোনাখনৰ কাষেদি পানীলাওঁটোৱে মূৰটো উলিয়াই ৰাস্তাটোৰ গতি-বিধি নিৰীক্ষণ কৰি আহি আছে৷

যোৱাবছৰ এনেকুৱা সময়ত মহানন্দৰ মাকৰ গাটো খুব এটা ভাল নাছিল৷ তাৰ দৰমহাৰ পইচাকেইটা ডাক্টৰ, ফাৰ্মাচীৰ নামতে সাং হ’ল৷ এজন কেৰাণীৰ দৰমহা, মাহে পাঁচ হেজাৰ আঠশ ছল্লিছ টকাৰে কিমাননো জোৰা টাপলি মাৰিব! এফালে মাৰিলে আনফালে ফুটে৷ ডাক্টৰে চাইচিটি মাকৰ বিশেষ একো বেমাৰ নাই বুলি কৈছিল৷ মানুহজনী দুৰ্বল৷ দেহত তেজৰ অভাৱ৷ মহানন্দৰ এতিয়াও মনত আছে সি সৰু থাকোতে মাকৰ দেহাটো কেনেকুৱা আছিল৷ কমবয়সতে বিয়া হৈছিল তাৰ মাকৰ৷ সি সাতবছৰ বয়সত থাকোতে মাকৰ বয়স ছাব্বিছ বছৰ মান হৈছিল৷ সম্পূৰ্ণৰূপে গাভৰু, ৰঙাপৰা গালদুখন হাঁহিটো মাৰিলে দুয়োফালে ধেনুভৰীয়া ভাঁজ লয়৷ নাকত এটা সোণৰ নাকফুলি৷ হয়তো সৰুৰে পৰা পিন্ধিছিল নহ’লে বিয়াৰ সময়ত তাৰ দৰাঘৰীয়া ককাকে দিছিল৷ কপালত ডাঙৰকৈ সেন্দুৰৰ ফোঁটটো যেন জ্বলি আছিল আবেলি পথাৰত দেখা সূৰ্য্যটোৰ লেখীয়াকৈ৷

এবাৰ হেনো দেউতাকে খামতি ওজাৰ পৰা ৰাতি পোহৰ হোৱাৰ আগতেই গৈ এগিলাছ পানী জাৰি আনিছিল৷ তাৰ মনত আছে৷ আইতাকে কৈছিল মাকৰ হেনো নজৰ লাগিছিল৷ নালাগিবনো কিয়, হাতে-মুখে সমান; ৰাতিপুৱা পাঁচবজাৰ পৰা ৰাতি দহবজালৈকে আঁহৰি নোপোৱাকৈ ঘৰৰ কাম, তাতে আকৌ দুজন খুড়াক আৰু এজনী পেহীয়েকৰ সৈতে সিহঁতৰ ঘৰত সৰ্বমুঠ আঠজন মানুহ আৰু আঠজন মানুহৰ সমস্ত দায়িত্ব মহানন্দৰ মাকৰ ওপৰত৷ মহানন্দৰ মতে তাৰ পেহীয়েকজনী হেনো সিমান এটা ভাল নহয়৷ বিয়াৰ আগতে তেওঁ মহানন্দৰ মাকৰ ওপৰত বহুতো দম দেখুৱাইছিল৷ এবাৰ মাকৰ হাতত খুড়াকে দাৰ্জিলিং যাওঁতে অনা মূল্যৱান চাহৰ কাপ এটা ভাঙোতে ঘৰখনত তেওঁ মাকক থাকিব নোৱাৰা অৱস্থা কৰিছিল৷ তাৰ কথাটো মনত পৰিলে এতিয়াও খং উঠে৷ বহুবাৰ সি মাকৰ তিতা আচলত ধৰি পেন্-পেনাই সোধিও চাইছিল মাকে অকলে অকলে কান্দি থকাৰ কাৰণ৷ তথাপি মানুহজনীয়ে ঘৰখনৰ কথা চিন্তা কৰিয়ে কথাবোৰ দেউতাকক এইবোৰ খুলি কোৱা নাছিল৷ মহানন্দই এবাৰ দেউতাকক এইবোৰ খুলি কোৱা বাবে তাক হেনো পেহীয়েকে বিচনীখন ওলোটাকৈ ধৰি তপিনাত দুচাট বহুৱাইছিল৷ সিদিনা ৰাতি পেহীয়েকে শোৱাৰ পিছত তেওঁ পিন্ধা চেণ্ডেলযোৰৰ ফিটা এপাত মহানন্দই মনে মনে ছিগি থৈছিল৷ অৱশ্যে পিছদিনা তাৰ দেউতাকেই বজাৰৰ পৰা ফিটা এযোৰ কিনি দিবলগীয়া হৈছিল৷ মহানন্দৰ আজিও পেহীয়েকৰ পৰা ফিটাযোৰৰ দামটো ল’বলৈ মন যায়৷ পিছত পেহীয়েক বিয়াহৈ গুচি গ’ল৷ ঘৰখনত দুজনকৈ খুড়ীয়েক আহিল৷ ঘৰখনৰ পৰিবেশ সলনি হ’ল৷ নৱাগতা খুড়ীয়েকে তাৰ মাকক বাইদেউ বুলি সম্বোধন কৰা দেখি তাৰ মনটো ভালেই লাগিছিল৷ মাকৰ চাদৰৰ আঁচলত ধৰি সি অৱশ্যে মাজে মাজে চাইছিল আঁচলটো তিতিছে নেকি!

প্ৰায় পাঁচবছৰ মান পিছত তাৰ খুড়াক দুজন বেলেগ বেলেগ ঠাইত থাকিব ল’লে৷ এজনৰ অৰুণাচলত চাকৰি হ’ল, তেওঁ পৰিবাৰৰ লগত তাতেই গুচি গ’ল৷ ডাঙৰ খুড়াকজনেও বজাৰৰ কাষৰ মাটিডোখৰত তিনিটা ৰুমৰ পকীঘৰ এটা সাজি থাকিব ল’লে৷ তেওঁৰ ঘৈণীয়েক হেনো মাষ্টৰণী৷ মহানন্দহঁত গাঁৱৰ ঘৰতে থাকি গ’ল৷ দেউতাকৰ শাক-পাচলিৰ ব্যৱসায়৷ নিতৌ আবেলি দেউতাক বজাৰলৈ যায়, যোৱাৰ সময়ত মহানন্দ ঘৰতে থাকিছিল৷ তাক হেনো পাচলিৰ বস্তাটো দেউতাকে চাইকেলৰ পিছফালে বান্ধিব ল’লে, চাইকেলখন ধৰি থাকিব দিছিল আৰু মহানন্দইও যুদ্ধত যোৱা সৈনিকে শত্ৰুৰ পিনে ৰাইফলটো পোনাই ৰখাৰ দৰেই চাইকেলখন পোনাই ৰাখে, মাজে মাজে আগচকাটোৱে বেছি তেৰি-বেৰি কৰিলে গাৰ সমস্ত বল প্ৰয়োগ কৰি ব্ৰেকডাল টানি ধৰিছিল৷ দেউতাক যোৱাৰ পিছত মহানন্দইও ওলাই যায় হাতত মাৰ্বলকেইটা লৈ৷ নিতৌ আবেলি সিহঁতে পৰেশহতৰ চোতালত খেল পাতে৷ বজাৰলৈ যোৱাৰ সময়ত দেউতাকৰ ওচৰত পেন-পেনাই চাইকেল ধৰাৰ বাবত লোৱা টকাটোৰে চোতালত এটা গাত খান্দে৷ পিছত আঙুলি সুমুৱাই গাটো মসৃণ কৰি কাষৰ মাটিবোৰ হাতেৰে গুচাই ঠাইডোখৰ পৰিস্কাৰ কৰি লয়৷ গাতটো খুব এটা ডাঙৰ নহয়৷ মাকে ভাজি খাবলৈ দুফাল কৰি কটা সৰু আলু এটাৰ এফাল সোমাব পৰা৷ তাৰ পিছত মহানন্দই থিয় হৈ হাফপেন্টটো অলপ ওপৰলৈ উঠাই লয় আৰু শেঙুনখিনি যাদুকৰী বুদ্ধিৰে এটা উশাহতে সাউৎকৈ ভিতৰলৈ টানি লৈ, মূৰটো লৰাই খেলৰ আৰম্ভনিৰ ইংগিত দিয়ে৷ হাৰিলে প্ৰতিজনে এটাকৈ মাৰ্বল বিজেতাক দিব লাগে৷ সন্ধিয়া দেউতাকে বজাৰৰ পৰা উভতি আহোতে দেৰি হয়, কথাটো সি জানে, গতিকে নিৰ্ভয়ে সি খেল খেলি থাকে৷ মাকে কেতিয়াবা গাঁৱৰ কোনোবা আহিলে, চোতালত বহিবলৈ দি হাতৰ টিপত দহ টকীয়াখন লৈ পৰেশহঁতৰ চোতাল ওলায়গৈ৷ ঘন ঘনকৈ উশাহ দুটামান লৈ তেওঁ মহানন্দক বিস্কুট এপেকেট আনিবলৈ গাঁৱৰ দোকানলৈ পঠায়৷ প্ৰথমতে সি মুখখন ফুলাই নাযাওঁ যা বুলি চিঞৰ এটা মাৰে৷ পিছত পঞ্চাছ পইচাৰ কিবা খাবি বুলি মাকৰ মুখত শুনাৰ লগে লগে দৌৰ মাৰে৷ গণকাইৰ দোকানত পঞ্চাছ পইচাত হেনো পাঁচটা মাৰ্বল পোৱা যায়৷

স্কুল বন্ধৰ দিনা কেতিয়াবা দেউতাকে ৰাতিপুৱা তাক লগতলৈ পথাৰলৈ যোৱা ৰাস্তাটোৰ কাষত থকা পুখুৰীটোত মাছ মাৰিবলৈ নিয়ে৷ পুখুৰীটো মেটেকাৰে ভৰা৷ দেউতাকে জালখন মোনাত ভৰাই লৈ এইখন হাতত এডাল দীঘল অথচ ক্ষীণ বাঁহ লৈ যায়৷ বাঁহডালৰ আগত তাৰ স্কুলত নিয়া স্কেলপাতৰ সমান এচতা সৰু বাঁহ বেকাঁকৈ বন্ধা৷ পুখুৰীটোৰ ওচৰত থকা সমান মাটিডোখৰত মোনাখন থৈ লুঙীৰ খোচনাত লৈ অনা চাধাৰ টেমাটো উলিয়াই লয় আৰু চাধা পিহি পিহি গোটেই পুখুৰীটো ভালকৈ এবাৰ নিৰীক্ষণ কৰে৷ সি অৱশ্যে দেউতাকৰ হাত দুখনলৈ পিত্ পিতাই চাই থাকে৷ দেউতাকৰ নাচি থকা আঙুলিকেইটা কেতিয়া নাচোন বন্ধ কৰিব আৰু যেতিয়া  দেউতাকে দুটামান থাপৰ মাৰি চাধাপালি ওঁঠত সুমুৱাই দুবাৰ মান থু… থু… কৰি উঠে তেতিয়া তাৰ মনটোৰ পৰা চৰম বিৰক্তিবোৰ হঠাৎ নোহোৱা হৈ যায়৷ তলৰ গাঁঠীটো লাহেকৈ খুলি দিয়াৰ লগে লাগে নাটকৰ পৰ্দাৰ দৰেই লুঙীখন তললৈ নামি আহে আৰু তেওঁ দুয়োখন ভৰিৰ মাজেৰে লুঙীখন উৰুৰ ওপৰলৈ নি পিছফালে খুচি লোৱাৰ লগে লগেই মহানন্দইও বাৰ্টালু যুদ্ধৰ সৈনিকৰ দৰেই পুখুৰীৰ পাৰলৈ দৌৰ মাৰে৷ প্ৰথমতে দেউতাকে দীঘল বাঁহডালেৰে মেটেকাবোৰ পাৰলৈ উঠাই আনে৷ কিছুমান সেইফালে ঠেলি দিয়ে৷ মহানন্দৰ কাম আৰম্ভ৷ সি মেটেকাবোৰ এডাল এডালকৈ পিত্-পিতাই চাই তাৰ দাড়িলেখীয়া শিপাৰ মাজত লুকাই থকা পুঠি, খলিহনা, শিঙি মাছবোৰ মোনাখনত ভৰাবলৈ ধৰে৷ বেছিভাগ সময়ত সি এইটো কাম খুব সাৱধানে কৰিব লগীয়া হৈছিল৷ কাৰণ শিঙিমাছবোৰ বহুত খঙাল, তাৰ হাতত বিন্ধে৷ সি ভাবিছিল – ‘শিঙিমাছ চুবলৈ কোমল, চুলে বিন্ধে, বিষায় অথচ মানুহে ভাল পায়৷’  কেতিয়াবা মেটেকাজোপা দাঙি দিয়াৰ লগে লগে মাছবোৰ সৰি জপিয়াই পানীত গুচি যায়৷ সি যিমান পাৰে কষ্ট কৰে সিহঁতক বাধা দিবলৈ৷ ধৰিব পাৰিলে চৰম বিৰক্তিৰে মোনাখনত থেকেচি দিয়ে গাৰ বলত৷ কেতিয়াবা ভৰিৰ বুঢ়া আঙুলিটোৰে হেচি ধৰি মাছবোৰৰ প্ৰাণবায়ু খেদায়৷ দেউতাকৰ হাতৰ পৰা উগ্ৰমূৰ্ত্তিত প্ৰকাণ্ড মুখখন মেলি যেতিয়া জালখন ওলাই গৈ পানীত পৰে তেতিয়া সি ভগৱানক প্ৰাৰ্থনা কৰে যাতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাছটো সিহঁতৰ জালত পৰেহি৷ এনেদৰে দহবাৰ মান প্ৰাৰ্থনা কৰাৰ পিছত আধাকেজি মান মোনাখনত ভৰ্তি হয় আৰু তাৰে দহ-বাৰটা মান মহানন্দই ধৰা৷ দেউতাকে জালখন ধুই যেতিয়া পাৰত থয় আৰু নিজে নামি গৈ ভৰি-হাতবোৰ পানীত ধুৱে তেতিয়া তাৰ বেয়া লাগে৷ ‘আহা! আজিলৈ হ’ব৷’ বুলি দেউতাকে মাতষাৰ দিয়াৰ লগে লগে অনিচ্ছাকৃত ভাবে হ’লেওঁ সি উভতিব লগা হয়৷ মহানন্দ অৱশ্যে বেছি লেতেৰা হ’বলগা হোৱা নাছিল৷ হাত-দুখনত অলপ বোকা, ভৰিৰ পিছফালে ম’হে কামুৰোতে এইখন ভৰিৰ বুঢ়া আঙুলিটোৰে খজুৱাওঁতে লাগি বগা পৰা বোকাৰ চিনবোৰ, বচ্ ইমানেই৷ ঘৰলৈ ওভতাৰ সময়ত সি ৰাস্তাৰ পৰা  যেতিয়া পুখুৰীটোলৈ ঘূৰি চায় তেতিয়া তাৰ বেয়া লাগিছিল৷ লেতেৰা হৈছে, বস্তুবোৰ যেন ঠিক চিজিল হৈ নাথাকিল, বোকাত কোনোবা অসুৰৰ ভৰিৰ লেখীয়া খোজ, পানীখিনি ঘোলা৷ যি কি নহওঁক সিহঁতে মাছ পালে, মহানন্দই স্ফুৰ্টিত মোনাখন বাৰে বাৰে পৰীক্ষা কৰি চায়৷ মাজে মাজে সন্দেহ হয়, মাছবোৰ কমি আছে নেকি? নীলা ওলোৱা চেণ্ডেলযোৰৰ পৰা যেতিয়া তাৰ ভৰিখন পিছলি যায় তেতিয়া সি আগৰ অৱস্থালৈ ঘূৰি আহি বেগত খোজ কাঢ়িব লয়৷ ঘৰ আহি সি চিধা দমকলটোৰ পাৰলৈ মোনাখন লৈ দৌৰ মাৰে৷ মাকে পাতি থোৱা ডাঙৰ চৰিয়াটোত আধামান পানী লৈ তাত মাছবোৰ এৰি দিয়ে৷ এটা লেতেৰা পৰিবেশৰ পৰা যেন মাছবোৰ তুলি আনি এটা ফটফটীয়া পৰিবেশত এৰি দিছে৷ সি পিত্ পিতকৈ কোনটো মাছ ডাঙৰ পৰীক্ষা কৰি থাকোতে লাজতে শিঙিমাছকেইটাই যেতিয়া তালৈ পানী এচাত মাৰি পঠায়, তাৰ পৰীক্ষাত ব্যাঘাত জন্মে৷ শিঙিমাছবোৰ খালে দেহত তেজ বৃদ্ধি হয়, শক্তি আহে দেউতাকে তাক কোৱা এতিয়াও মনত আছে৷ সেয়েহে দেউতাকৰ মৃত্যুৰ পিছতো সি কেতিয়াবা পুখুৰীটোলৈ শিঙিমাছ বিচাৰি গৈছিল অকলে৷

ৰাস্তাৰ শিলগুটি এটাত লাগি খটলংকৈ চেইনডালে শব্দ কৰাৰ লগে লগে মহানন্দ উচপি উঠিল৷ এন্ধাৰ লাহে লাহে নামিছে৷ ৰাস্তাটোৰ কাষত স্পষ্ট হৈ থকা চকাৰ চিনবোৰ লাহে লাহে অস্পষ্ট হৈ আহিছে৷ মাকৰ কথা মনত পৰাৰ লগে লগেই তাৰ আৰু শকতি আহিল, সি ভৰিখনেৰে জোৰকৈ পেদেলপাত হেঁচি দিয়াত চাইকেলখন আৰু জোৰত আগবাঢ়িল৷ মোনাখনৰ আলু, পিয়াজকেইটাই আৰু বেছি অশান্তি অনুভৱ কৰিলে৷ এইবাৰ পানীলাওঁটোৱেও মূৰটো লৰাইছে৷ শিঙিমাছকেইটা হ’লে বৰ বিশেষ কোলাহলৰ সৃষ্টি কৰা নাই, শুলে চাগে, হয়তো দুই এটাই চিৰদিনৰ বাবে৷ ৰাস্তাৰ পৰা ঘৰৰপিনে চাইকেলখন সোমাই মহানন্দই পেডেল মৰা বন্ধ কৰি দিলে৷ কিন্তু চাইকেলখন নিজে নিজেই গৈ থাকিল৷ চোতালত ব্ৰেকডাল মাৰি চাইকেলখনক আদেশ দিয়াৰ লগে লগেই চেৰ্ চেৰকৈ শব্দ দুটামান কৰি নিমগছ ডালৰ ঠিক ওচৰতে ৰ’লগৈ৷ চাইকেলৰ পৰা নামি মোনাখন উলিয়াই চাইকেলখন নিমগছ ডালতে বেঁকাকৈ থৈ সি বাৰাণ্ডাত উঠিল৷

পাছফালৰ পৰা ফিৰ্-ফিৰিয়া বতাহজাকে তাক আৱেগিক কৰি তুলিলে, চকুদুটা জোনাকত উজ্বলি উঠিল৷ দৰ্জাত লাগি থকা তলাটোৰ পিনে চাই সি হুক্-হুককৈ কান্দিব ধৰিলে৷ আজি হয়তো মাক থকা হ’লে চৰিয়াটো পাৰি থলেহেঁতেন৷ কথাষাৰ ভবাৰ লগে লগেই তাৰ হাতৰ পৰা মোনাখন সৰি পৰিল৷ আলু পিয়াজবোৰৰ লগত পলিথিনটো ফাটি শিঙিমাছকেইটাও বাৰাণ্ডাত ওলাই আহিল মোনাখনৰ পৰা৷ মহানন্দই বুকুৰ মাজত প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলে, কিহবাই যেন পালে, সি শিঙিমাছ কেইটাৰ ফালে নিথৰ হৈ চাই থাকিল …৷

‘শিঙিমাছ চুবলৈ কোমল, চুলে বিন্ধে, বিষায় অথচ মানুহে ভাল পায়’

অন্যান্য লেখা :

Share.

1 Comment

Leave A Reply