যোৰহাট ৰেচ, ২০১৪

0

জিমখানা ক্লাৱ ১৮৭৬ চনত ব্ৰিটিছ আমোলতে স্থাপন কৰা এটি ঐতিহ্যমণ্ডিত ক্লাৱ ৷ এই ঐতিহাসিক জিমখানা ক্লাৱৰ খেলপথাৰতে ১৮৭৭ চনৰে পৰা প্ৰায় নিয়মীয়াকৈ হৈ আহিছে যোৰহাট ৰেচ ৷ ব্ৰিটিছৰ আমোলত চাহ খেতিয়কৰ পৰিবহনত ব্যৱহৃত উন্নত জাতৰ ঘোঁৰাৰে এই ৰেচ (দৌৰ) অনুষ্ঠিত হৈছিল ৷

চলিত বৰ্ষৰ ২০ পৰা ২৩ ফেব্ৰুৱাৰীলৈ ১৩৪ তম যোৰহাট ৰেচ সম্পন্ন হৈ যায় ৷ ২০ তাৰিখে গাড়ী ৰেচ আৰু ২১ তাৰিখে প্ৰথম পৰ্য্যায়ৰ দৌৰসমূহ অনুষ্ঠিত হয় ৷ বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ উপৰিও ২২ ফেব্ৰুৱাৰীত আন্ত:বিদ্যালয় একুয়েষ্টিয়ান প্ৰতিযোগিতা আৰু বিশিষ্ট উদ্যোগপতি প্ৰয়াত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ “Riders of the Mist” প্ৰদৰ্শিত হয় ৷

যোৱা কেইবছৰমানৰ পৰা যোৰহাট ৰেচ স্থানীয় ঘোঁৰাৰে অনুষ্ঠিত কৰি আহিছে ৷ স্থানীয় মিচিং জকী সকলে অংশ গ্ৰহণ কৰা যোৰহাট ৰেচৰ অন্ত পৰে ২৩ ফেব্ৰুৱাৰীৰ দিনা ৷ যোৰহাট ৰেচৰ অন্যতম আকৰ্ষণীয় গভৰ্নৰ্ছ কাপ (Governor’s Cup)ত বিজয়ী হ’ল “শিৱ শংকৰ” (জকী হৰেন টাই) ৷ সমগ্ৰ ৰেচত বিভিন্ন শিতানত ৬০ টা পদক (প্লেট) প্ৰদান কৰা হয় ৷ এইবাৰ বিজয়ীসকলক ৰূপৰ প্লেট আৰু নগদ ধন প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতাখনৰ ১৩৪ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে দৰ্শকৰ সুবিধাৰ্থে দেওবাৰৰ দিনটো সামৰণিৰ দিন হিচাপে লোৱা হয় ৷

– বিজিত দত্ত, যোৰহাট

ব্ল’গ: http://bijitdutta.wordpress.com/

 

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.