যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা: এটি পৰ্য্যালোচনা

5

ক্ষিপ্ৰ গতিত পৰিৱৰ্তিত এই সমাজক এক যোগাত্মক আৰু সুস্থিৰ অৱস্থালৈ আনিবলৈ হ’লে  সুস্থ-বিৱৰ্তনকামী ন-চিন্তাৰ প্ৰয়োজন আছে আৰু সেই চিন্তা পৰিকল্পনাক বাস্তৱায়িত কৰাৰ নিমিত্তে যুৱসমাজৰ কাৰ্যকৰী ভূমিকা তথা সক্ৰিয় অংশগ্ৰহণ নিতান্তই প্ৰয়োজনীয়৷

সাম্প্ৰতিক সময়ত বিশ্বায়নে বিশেষকৈ অৰ্থনৈতিক বিশ্বায়ণে বিকাশৰ গতিক এক নমাত্ৰা দিছে৷ অৰ্থনৈতিক উদাৰীকৰণ আৰু বিশ্বায়ণে বৰ্তমানৰ যুৱ সমাজক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে যাৰ ফলত ভোগসৰ্বস্ব জীৱন হৈ পৰিছে সহজলভ্য, যুৱ সমাজৰ বাবে অৰ্থলাভৰো ন ন বহু পথ উন্মোচিত হৈছে যাৰ ফলত “easy money making” হৈ পৰিছে তেনেই সহজসাধ্য৷ ফলস্বৰুপে সততা, নিষ্ঠা, আদৰ্শ, ত্যাগ, সহমমিৰ্তা আদিৰ বিপৰীতেগৈ যুৱসমাজে লাভ (profit)ৰ প্ৰতিযোগিতাত বহু দলৈকে সোমাই পৰিছে, য’ত তেওঁলোকে হেৰুৱাই পেলাইছে সামাজিক মূল্যবোধ আৰু ব্যক্তিগত নৈতিক চেতনা৷ স্কুলীয়া জীৱনত চৰিত্ৰ গঠনৰ ক্ষেত্ৰত শিক্ষাগুৰু সকলে প্ৰদান কৰা সেই মানৱীয় অনুভূতিৰে সিক্ত সেই জ্ঞানগৰ্ভ বাণীসমূহ যেন তেওঁলোকৰ বাবে হৈ পৰিছে অৰ্থৰহিত কিছুমান মূল্যহীন শব্দ৷

বৰ্তমানৰ সমাজ ব্যৱস্থাক এক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চালে দেখা যায় যে প্ৰকৃততে এই অস্থিৰ পৰিৱৰ্তনে এক ভয়াবহ বিপদৰ সংকেতহে বহন কৰিছে৷ এই উশৃংখল সমাজৰ প্ৰত্যেক স্তৰতে দেখা যায় ব্যাপক অনিয়ম, হিংসা, বিদ্বেষ, অৰ্থলাভৰ দুৰ্নিবাৰ হেঁপাহ৷ ক’বলৈ গলে প্ৰত্যেক মানুহেই দুৰ্বলক দমন-শোষণ কৰি আগুৱাই যাব বিচাৰিছে আৰু তাতেই যেন তেওঁলোকে বিচাৰি পাইছে পাইছে এক মাতাল তৃপ্তি৷

কৃষি প্ৰধান অসমত বৰ্তমানৰ সামাজিক ব্যৱস্থাই তুলি ধৰিছে এক অস্পষ্ট ভৱিষ্যতৰ চিত্ৰ৷ যুৱসমাজৰ কৰণীয় এইক্ষেত্ৰত অপৰিসীম৷ যুগৰ লগত আগুৱাই যাবলৈ নতুনক আদৰাৰ মানসিকতা আমাৰ প্ৰত্যেকৰে থকা উচিত যদিও আমি নিজৰ কলা-সংস্কৃতি, সৌন্দৰ্য্যক পাহৰি যোৱাতো সমূলি অনুচিত৷ যুৱসমাজে পুজিবাদী অৰ্থনীতিত সম্পূৰ্ণৰূপে জাহ নগৈ সমাজৰ প্ৰত্যেকস্তৰৰ মানুহৰ উন্নতি কেনেকৈ সাধন কৰিব পাৰি সেই সম্পৰ্কে গঠনমূলক চিন্তা-চৰ্চা তথা কাৰ্য্যপন্থা গ্ৰহণ কৰাটো উচিত৷ যুৱ সমাজেই দেশৰ ভৱিষ্যত৷ গতিকে বস্তুবাদী নহৈ সমাজবাদী চিন্তা-চৰ্চাক প্ৰাধান্য দিয়াটো খুবেই প্ৰয়োজনীয়৷

বৰ্তমান সমাজ দুই ভাগত বিভক্ত, ধনী- দুখীয়া অথবা শোষক- শোষিত৷ সমাজত প্ৰথম শ্ৰেণীৰ এই লোকসকল সদায় সুৰক্ষিত আৰু সুবিধাজনক অৱস্থাত থাকি দূৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত প্ৰভূত্ত বিস্তাৰ কৰিব বিচাৰে৷ ক্ষমতা (Power), সামাজিক স্থিতি (Position) আৰু পদমৰ্যদা (Status) ৰ লোভত তেওঁলোকে পাহৰি যায় মানুহ হোৱাৰ বাবে প্ৰয়োজনীয় নূন্যতম কৰণীয়খিনি; এই ক্ষেত্ৰত মানৱ ধৰ্ম হৈ পৰে মূল্যহীন আৰু সকলোৱে মাথো নামি পৰে এক অঘোষিত প্ৰতিযোগিতাত৷

বিষ্ণু-জ্যোতিৰ অসমখনত ৰঘূমলাৰ দৰে বিয়পি পৰা এইচাম সুবিধাবাদীৰ বাবেই আজি ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে যাৰ ফলত শোষিতৰ ওপৰত শোষণৰ মাত্ৰা বাঢ়ি গৈ আছে আৰু এনেকৈয়ে বাঢ়ি গৈ আছে অৰাজকতা৷

পোৱা-নোপোৱাৰ এই প্ৰতিযোগিতাত ভাগ লৈ আজি মানুহ হৈ পৰিছে নি:সংগ৷ গাত শক্তিকণ থকালৈকে দৌৰিছে- মাথো দৌৰিছে৷ কাৰোবাৰ বাবে এধানমান সময় ৰ’লেই যেন তেওঁলোক হাৰি যাব, তেওঁলোক যেন হৈ পৰিব “loser”৷ প্ৰতিযোগিতাৰে ভৰা জীৱনত মানুহে ভয়-শংকাৰে প্ৰতি পল জীয়াই থাকি অৱশেষত এশাৰী আপোন মানুহৰ সাদৰৰ মাত এষাৰৰ বাবে হাহাকাৰ কৰি ফুৰে, কিন্তু সেই সময়ত হয়তো তেওঁৰ কাষত কোনো আত্মীয় নাথাকে, হৈ পৰে তেওঁ সম্পূৰ্ণ অকলশৰীয়া আৰু তেতিয়াই তেওঁৰ নিজৰ অহংকাৰ, গৰ্ব শক্তি সকলো মষিমূৰ হৈ যায়; উপলব্ধি কৰে – এই আনক শোষণ কৰি নিজে আগবাঢ়ি যোৱাৰ এই প্ৰতিযোগিতাৰ আন্ত:সাৰশূন্যতাৰ কথা৷ ৰৈ থায় মাথো কিছুমান বেদনাগধুৰ স্মৃতি৷ আমাৰ ভূপেনদাই সেয়ে গাইছে –

“আকাশীগংগা বিচৰা নাই

নাই বিচৰা স্বৰ্ণ অলংকাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত

বিচাৰো মৰমৰ মাত এষাৰ…”

গতিকে ক’বলৈ গ’লে প্ৰত্যেক মানুহেই বাস্তৱত জীয়াই থাকি আনৰ কোনো ক্ষয়-ক্ষতি নকৰাকৈ নিজৰ কৰণীয় খিনি সময়মতে নিয়াৰীকৈ আৰু সততাৰে কৰি গলে আমাৰ এই অস্থিৰ সমাজলৈ সুস্থিৰতা আহিব৷ ‘সততা’, ‘নিষ্ঠা’, ‘সহানুভূতি’, ‘দয়া’, ‘মমতা’ আদি শব্দবোৰৰ সুষম বাস্তৱিক প্ৰয়োগে যুৱ সমাজৰ মানসিকতালৈ এক ধনাত্মক চিন্তা ঢল আনিব৷

কিন্তু সুখৰ কথা এই যে বৰ্তমানৰ সমাজতো এচাম যুৱক আছে, যি সকলে প্ৰকৃত শান্তিৰ সন্ধানত নামি পৰিছে৷ কিন্তু উপযুক্ত পৰিবেশ, দিক-দৰ্শক তথা উৎসাহদাতাৰ অভাৱত তেওঁলোকৰ এই সন্ধানৰ গতি স্থৱিৰ হৈ পৰিছে অথবা স্থৱিৰ হ’বলৈ বাধ্য হৈছে৷

গতিকে কাল্পনিক জগতৰ মায়া-মোহত নোসোমাই বাস্তৱৰ প্ৰকৃত সত্যক স্বীকাৰ কৰি প্ৰত্যেক মানুহেই প্ৰত্যেকৰে বাবে সদভাৱ, সন্মান, শ্ৰদ্ধা, সহায়ৰ মনোভাৱ ৰখাতো নিতান্তই প্ৰয়োজনীয়৷ সমাজত ভিন্নতা থকাতো স্বাভাৱিক৷ কিন্তু সেই ভিন্নতা আয় চাই হোৱাতো লজ্জাজনক৷ ধন-সম্পত্তিয়ে মানুহৰ ভিন্নতা আনিব নোৱাৰে, আনে মানুহৰ চিন্তা-ধাৰা, মানুহৰ ব্যৱহাৰ তথা  মানসিকতাইহে৷ গতিকে এজন মানুহৰ আন মানুহৰ প্ৰতি যি মানসিকতা, চিন্তাধাৰা অথবা ব্যৱহাৰ সেয়া সদায় সৎ, শুদ্ধ, যুক্তিসংগত, সমভাৱাপন্ন হোৱাৰ লগতে মানৱীয় অনুভূতিৰে সিক্ত হোৱা উচিত৷ হীৰুদাৰ ভাষাৰেই –

“…ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত মই আছো-  মোৰ দেশৰ বাবে৷

অনৈক্যৰ মাজত ঐক্যহৈ, বিৰুধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো৷”

সেয়েহে, আমি যুৱ প্ৰজন্মই বৰ্তমানৰ চিন্তা-ধাৰাক এক সুস্থিৰ গতি প্ৰদান কৰি আগুৱাই যাব পাৰিলেই এখন সুন্দৰ সমাজ গঢ়ি তোলাতো সহজ হৈ পৰিব৷ সংস্কাৰমুখী মনোভাৱেৰে প্ৰত্যেকেই আগুৱাই আহি নিজৰ কৰ্মখিনি নিষ্ঠা, সততা আৰু সৎসাহসেৰে কৰি গ’লেই এক নতুন দিগন্তৰ সূচনা হ’ব৷ যুৱ সমাজৰ সুস্থ-সৱল চিন্তা, নেতৃত্ব আৰু কৰ্মৰ মাজেৰে অসমী আই উন্নতি তথা শান্তিৰ মুকুট পৰিধান কৰি জিলিকি উঠক তাৰে কামনাৰে অম্বিকাগিৰিৰ ভাষাৰেই এই লেখা সামৰিছো –

“জাগ ডেকা তেজ জাগ

আজি জাগ আগ্নেয়গিৰি উগাৰি জাগ

জাগ ডেকা তেজ জাগ৷”

 

অন্যান্য লেখা :

Share.

5 Comments

  1. মানৱতাবাদী আৰু জাতিয়তাবাদী চেতনাৰে জাগ্ৰত লিখনিটোৰ বাবে নাজৰীণা ৰহমানলৈ শুভেচ্ছা থাকিল………..আশা কৰিলো প্ৰতিজন অসমীয়াই লিখনিটো কেবল পঢাটেই সীমাবদ্ধ নাথাকি বাস্তবত তাক ৰূপায়িত কৰিবলৈ সদলবলে ওলাই আহিব…………

Leave A Reply