মৰিগাঁও জিলাৰ ৰূপ ৰেখা

0

ঐতিহাসিক শিপাৰ সন্ধান:

মৰিগাঁও জিলাক মধ্য অসমৰ এখন উল্লেখযোগ্য জিলা হিচাপে গণ্য কৰিব পাৰি ৷ জিলাখনৰ সুনিৰ্দিষ্ট বুৰঞ্জীৰ অভাৱ বাৰুকৈ অনুভৱ কৰা দেখা যায় ৷ তথাপি প্ৰাকবৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ পৰা বৰ্তমানলৈকে বিভিন্ন চৰিত্ৰ পুথি, কিংবদন্তি, জ্ঞান অন্বেষণকাৰী তথা মূল শিপাৰ অনুসন্ধানকাৰী পণ্ডিতৰ গৱেষণামূলক গ্ৰন্থ, প্ৰবন্ধ আৰু জিলাখনৰ অ’ত-ত’ত সিচঁৰতি হৈ থকা নৃ-তাত্ত্বিক, পুৰাতাত্ত্বিক শিল্প ভাস্কৰ্য, সত্ৰ-নামঘৰ, মছজিদ-দৰগাহ, থান-মন্দিৰসমূহৰ পৰা সংগৃহীত তথ্যৰে মৰিগাঁও জিলাখনৰ ঐতিহাসিক লোক জীৱন, লোক সমাজৰ জীৱন ধাৰণৰ পদ্ধতিৰ লগতে অৰ্থ-সামাজিক, ৰাজনৈতিক সাংস্কৃতিক ক্ষেত্ৰৰ উমান পোৱা যায় ৷ মৰিগাঁও নামটোৰ উৎপত্তি সম্পৰ্কে ঐতিহাসিক সমল নাই যদিও কিছু কিংবদন্তি জনশ্ৰুতি আৰু সাঁচিপতীয়া পুথিৰ সমল নোহোৱা নহয় আৰু এই ঐতিহাসিক সমলসমূহক কেতিয়াও অমূল্য আখ্যা দিব নোৱাৰি ৷ এই সমলসমূহৰ ভিত্তিত মৰিগাঁৱৰ পুৰোধা ব্যক্তিসকলে সংৰক্ষণ কৰি ৰখা সাঁচিপাতৰ গদ্যপুথিৰ আধাৰতেই মৰিগাঁও জিলাৰ উৎপত্তি সম্বন্ধে এখন প্ৰামাণ্য দলিল পাব পাৰি ৷ এই গদ্যপুথিৰ মতে, দৰং ৰাজহাউলিৰ মামৌ কোঁৱৰৰ দুই পুত্ৰ শুপ্ৰধ্বজ আৰু মকৰধ্বজ কোঁৱৰে দৰঙৰ ৰাজহাউলিত বিবাদ লাগি চাৰি ঠাকুৰীয়া আৰু ৬০ ঘৰ মানুহ লৈ বৰলুইত পাৰ হৈ দক্ষিণপাৰলৈ আহি মকৰধ্বজে দন্দুৱাত ৰাজ্য পাতে আৰু শুপ্ৰধ্বজ কোঁৱৰে বঘৰাৰ মংগলছিং ৰজাৰ কন্যাক বিয়া কৰাই শুখনাযোগ অঞ্চলটো যৌতুক লৈ তাত ৰাজ্য পাতে ৷ শুপ্ৰধ্বজৰ দুই পুত্ৰ ৰামসিংহ আৰু ভীম সিংঘই উজাই আহি মৰিবিলৰ পাৰত জংঘল কাটি যিখন ৰাজ্য পাতে সেই ঠাইৰ নাম মৰিগাঁও ৷

মৰিগাঁও জিলাখনৰ বুকুয়েদি বৈ যোৱা কলং-কপিলী, কিলিঙৰ পাৰে পাৰে সাতোৰজা-পাঁচোৰজা দেশ বুলি খ্যাত আৰিমত্ত, জোঙাল বলহুৰ লগতে গোভা, ডিমৰীয়া, মায়ং, বঘৰা, শুখনাগোগ, দমাল, দন্দুৱা, বাৰপূজীয়া ইত্যাদি প্ৰধান ৰজাসকলৰ বিষয়ে পৰিচয় দাঙি ধৰিব পৰাকৈ বুৰঞ্জীসমল অটুট আছে ৷

ভৌগোলিক অৱস্থান আৰু জনগাঁথনি:

পৃথিৱীৰ ভৌগোলিক মানচিত্ৰত মৰিগাঁও জিলাখনে ২৬.১৫ ডিগ্ৰী উত্তৰ আৰু ২৬.৫০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২ ডিগ্ৰী পূব আৰু ৯২.৫০ ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থান কৰিছে ৷ ইয়াৰ মাটিকালি ১,৪৫০.০২ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ১০,৭৬,২৫৬ জন ৷ মাটিকালি, জনসংখ্যা, জনমূৰি আয়, শিক্ষা, কৰ্মসংস্থাপন আৰু ঔদ্যোগিক বিকাশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে অসমৰ ভৈয়ামৰ অন্যান্য জিলাসমূহৰ তুলনাত এই জিলাখনৰ উন্নয়নশীল ক্ষুদ্ৰ জিলা হিচাপে পৰিগণিত ৷ এই জিলাখনত বিভিন্ন জাতি-গোষ্ঠীৰ বিশেষকৈ তিৱা, কাৰ্বি, বড়ো, কছাৰী জনজাতিৰ আদিম বাসস্থান ৷ এইসমূহৰ বাহিৰেও আন আন জাতি-গোষ্ঠীৰ বাসভূমি বুলিব পাৰি ৷ মুঠতে সকলো জনগোষ্ঠীৰ বাসস্থান হিচাপে তাহানি কালৰে পৰা বৰ্তমানলৈ ঐক্য-সমন্বয়ে বসবাস কৰি আহিছে আৰু এই বিভিন্ন জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰে মহামিলন, মৰিগাঁও জিলাৰ অন্যতম কেন্দ্ৰবিন্দু ৷

স্বাধীনতা আন্দোলনত মৰিগাঁও জিলাৰ ভূমিকা:

ভাৰতৰ স্বাধীনতা সংগ্ৰাম সমগ্ৰ বিশ্বৰ মানৱ বুৰঞ্জীৰ এক বিৰল পৰিঘটনা ৷ তেতিয়া বিশ্বৰ এক বৃহৎ সামৰিক শক্তিৰে সমৃদ্ধ ব্ৰিটিছ সাম্ৰাজ্যৰ শাসন-শোষণৰ বিৰুদ্ধে নিৰস্ত্ৰ আৰু অহিংস নীতিৰে সংপৃক্ত জাতি এটাৰ মুক্তি সংগ্ৰামী কাহিনী পৃথিৱীৰ বুৰঞ্জীত সদা সমুজ্জ্বল হৈ থাকিব ৷ দেশজুৰি আৰম্ভ হোৱা স্বাধীনতা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰা মুহূৰ্তত, বিদেশী বস্তু বৰ্জন, কানি বন্ধ, স্বাৱলম্বী আঁচনি গ্ৰহণ, খাজনা বন্ধ, গ্ৰাম্য অৰ্থনীতি গ্ৰহণ, বিদ্যালয় বৰ্জন আদি কাৰ্যসূচীৰে অসমৰ লগতে নিপীড়িত মৰিগাঁও অঞ্চলৰ জনগণই মুক্তি সংগ্ৰামত আগভাগ লৈছিল ৷ মধ্যযুগীয় সামন্তবাদী ভুস্বামী আৰু বৰ্ধিত খাজনা দিবলৈ অস্বীকাৰ কৰি ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত কৃষকসকলে সৰ্বপ্ৰথমে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শাসন-শোষণৰ বিৰুদ্ধে প্ৰায় সশস্ত্ৰ বিদ্ৰোহ কৰিছিল ৷ এই বিদ্ৰোহ ‘ফুলগুৰিৰ ধেৱা’ নামে বুৰঞ্জীত সন্নিৱিষ্ট হ’ল ৷ এই যুগান্তকাৰী সংগ্ৰামে বিদেশী শক্তিৰ বিৰুদ্ধে ‘মাউখৰ বলেৰে’ বলীয়ান হ’বলৈ প্ৰেৰণা যোগাইছিল ৷ সেই সংগ্ৰামী চেতনা বুকুত বান্ধি কামত লাগিলেই লগা মৰিগঞা ডেকাসকলে ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ এই মহামন্ত্ৰত দীক্ষিত হ’ল ৷ স্বাধীনতা সংগ্ৰামে মৰিগাঁও অঞ্চলত তেজাল ৰূপ ধাৰণ কৰিছিল ৷ ঠায়ে ঠায়ে কূটাঘাতমূলক কাৰ্য আৰম্ভ হ’ল ৷ মৰিগঞা মুক্তি যুঁজাৰুসকলে সংঘটিত কৰা দু:সাহসিক পানীখাইতী ৰেল বগৰোৱা ঘটনাই ব্ৰিটিছ পাৰ্লিয়ামেণ্টক জোকাৰি গৈছিল ৷ ইয়াৰ উপৰিও মৰিগাঁও থানা আক্ৰমণ, মিলিটেৰীৰ খাদ্য যোগান বন্ধ, ডাক বঙলা, দলং ভঙা আৰু পোৰা, বন্দুক চুৰি, সাপ্তাহিক বজাৰৰ পিকেটিং আদি কূটাঘাতমূলক কাৰ্যৰ দ্বাৰা মৰিগাঁও জিলাৰ ভালেমান ঠাইত ৰণাংগন পাতিছিল ৷ মৰিগাঁও অঞ্চলত সংগ্ৰামে তীব্ৰতৰ হোৱাৰ লগে লগে চৰকাৰী দমন আৰু উৎপীড়ন বাঢ়িছিল ৷ নেতৃত্বত থকাসকল কাৰাবন্দী হৈছিল ৷ বাৰপূজীয়াৰ তিলক ডেকা, হেমৰাম পাতৰ আৰু গুনাভিৰাম বৰদলৈ ছহিদ হ’ল ৷ এনেদৰে বহুতো জ্ঞাত-অজ্ঞাত ছহিদৰ তেজেৰে ৰাঙলী হ’ল মৰিগাঁৱৰ মুক্তি সংগ্ৰামৰ ইতিহাস ৷

মৰিগাঁও মহকুমা আৰু জিলা গঠন:

স্বৰাজোত্তৰ কালত মৰিগাঁৱৰ উন্নতিৰ দিশত ভালেমান পদক্ষেপ লোৱা হৈছিল ৷ তাৰ ভিতৰত অন্যতম পদক্ষেপ আছিল মৰিগাঁও মহকুমা গঠন আৰু জিলা ঘোষণা ৷ সেই সময়ত মৰিগাঁৱৰ গুৰিধৰোতাসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ১৯৭২ চনৰ ২৬ জানুৱাৰীত অসম চৰকাৰে নগাঁও জিলাৰ মৰিগাঁও মহকুমা ঘোষণা কৰিছিল ৷ পৰৱৰ্তী সময়ত ১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও মহকুমাক জিলা হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল ৷

মৰিগাঁও জিলাৰ শৈক্ষিক আৰু আৰ্থ-সামাজিক ব্যৱস্থা:

স্বৰাজোত্তৰ কালত নগাঁও জিলাৰ পশ্চিমাঞ্চল বৰ্তমান মৰিগাঁও জিলাৰ শৈক্ষিক অৱস্থা অতি পিচপৰা আছিল ৷ ব্ৰিটিছ চৰকাৰৰ অধীনত দহ-বাৰ মাইল আঁতৰত কেইখনমান বছা বছা গাঁৱত পাঠশালা গঢ়ি উঠিছিল ৷ সেয়াই আছিল আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰথম বুনিয়াদ ৷ তাৰ পিচত ১৯১৪ চনত জাগীত প্ৰথম মাইনৰ স্কুল স্থাপন কৰিছিল আৰু ১৯১৮ চনত মৰিগাঁৱত দ্বিতীয়খন মাইনৰ স্কুলৰ পাতিছিল ৷ ইয়াৰ পিচত ১৯৩৮ চনত জাগীত আৰু ১৯৩৯ চনত মৰিগাঁৱত হাইস্কুল স্থাপন হৈছিল ৷ এনেদৰে লাহে লাহে নগাঁৱৰ পশ্চিম অঞ্চল অৰ্থাৎ বৰ্তমান মৰিগাঁও জিলাত শিক্ষানুষ্ঠানৰ উত্তৰণ ঘটিবলৈ ধৰিলে ৷ ১৯৬৪ চনত মৰিগাঁও জিলাত গানাঘাত-প্ৰতিঘাতৰ মাজেৰে উচ্চ শিক্ষাৰ প্ৰথম ঢাপ ‘মৰিগাঁও মহাবিদ্যালয়’ স্থাপন কৰিছিল ৷ বৰ্তমান বিদ্যালয়, মহাবিদ্যালয় বাঢ়িল ৷ চৰকাৰী, বেচৰকাৰী ব্যৱস্থাৰে অসংখ্যক শিক্ষানুষ্ঠান স্থাপন কৰি মৰিগাঁও জিলাৰ শিক্ষা প্ৰসাৰণৰ পথ সুগম হ’ল ৷

(আগলৈ…)

 – জোনমণি গোস্বামী

 

( মৰিগাঁও টাউন মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক মুখপাত্ৰ ‘ফেঁহুজালি’ত প্ৰকাশিত)

 

অন্যান্য লেখা :

Share.

Leave A Reply