মৰিগাঁও জিলাৰ ৰূপ ৰেখা (২)

0

(আগৰ সংখ্যাৰ পৰা)

অতীজতে দাঁতীয়লীয়া গোভা ৰাজ্যৰ ৰজাই জোনবিলৰ পাৰত জোনবিল মেলা পাতি উৎপন্ন দ্ৰব্যসমূহ বিনিময় প্ৰথাৰে বিনিময় বজাৰৰ পাতনি মেলিছিল ৷ এই জোনবিল মেলাখনেই সাতোৰজা-পাঁচোৰজাসকলৰ সৰ্ববৃহৎ মেলা বুলিব পাৰি আৰু জোনবিল মেলাখনত নিহিত হৈ আছে গোভা ৰাজ্যৰ গৌৰৱোজ্জল আৰ্থ-সামাজিক ব্যৱস্থাৰ চিকুণ ইতিহাস ৷ মৰিগাঁও-জাগীৰোড পথৰ জাগীভকত গাঁও আৰু জাগীৰোডৰ মাজতে আছে জোনবিল ৷ জোনবিলৰ পাৰত মাঘৰ বিহুৰ পিচৰ শনিবাৰে এই মেলা বহে ৷ মৰিগাঁও জিলাৰ লোকসকলে বিশেষকৈ জনজাতীয় লোকসকলে উৎযাপন কৰা ‘গোসাঁই উলিওৱা উৎসৱ’ বা মেলা উৎসৱ ঐতিহ্যৰে পৰিপূৰ্ণ ৷

মৰিগাঁও জিলাৰ লোকসকল প্ৰধানকৈ কৃষিজীৱী ৷ ইয়াৰ উপৰি কপাহী কাপোৰ, এড়ি, মুগা আৰু পাটসূতা তৈয়াৰ কৰি কাপোৰ বৈ নিজেও ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ বজাৰত বেচি উপাৰ্জন কৰিছিল ৷ মৰিগাঁও জিলাত বাঁহ-বেতৰ শিল্প, মৃৎ শিল্পৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা দেখা যায় ৷ বৰ্তমান শিক্ষা প্ৰসাৰৰ লগে লগে আৰ্থ-সামাজিক দিশৰো পৰিৱৰ্তন হ’বলৈ ধৰিছে ৷ এচাম লোকে উদ্যোগ শিল্পৰ লগতে বেহা-বেপাৰ আদিতো মনোনিৱেশ কৰা দেখা গৈছে ৷ এয়া শুভ লক্ষণ বুলি ধৰিব পাৰি ৷

ধৰমতুলৰ শিলচাং ৰাজদৰবাৰ আৰু বনাঞ্চল গৱেষণা কেন্দ্ৰ:

মৰিগাঁও জিলাৰ অন্তৰ্গত ধৰমতুল অঞ্চলত অৱস্থিত শিলচাঙৰ শিলৰ আসন সংৰক্ষিত ৰাজদৰবাৰৰ উদ্যানখনে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাৰুকৈ অতীজৰ বুৰঞ্জীৰ উমান দিয়ে ৷ ধৰমতুল অঞ্চলৰ মৃৎ শিল্পই মৰিগাঁও জিলাখনত চহকী শিল্প হিচাপে স্বীকৃতি পাই আহিছে ৷ লগতে এই অঞ্চলৰ বনাঞ্চল উন্নয়নৰ ‘গৱেষণা কেন্দ্ৰ’টোৱে বনাঞ্চল উন্নয়নত বৰঙণি যোগাই আহিছে ৷

কাগজ নগৰী জাগীৰোড আৰু শুকান মাছৰ বজাৰ:

স্বাধীনতাৰ পিচত ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডত জাগীৰোডত হিন্দুস্থান কাগজ নিগমৰ দ্বাৰা স্থাপন কৰা কাগজ কল মৰিগাঁও জিলাখনৰ অন্যতম বৃহৎ উদ্যোগ ৷ জাগীৰোডৰ শুকান মাছৰ বজাৰ দক্ষিণ-পূব এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰ হিচাপে স্বীকৃতি লাভ কৰি আহিছে ৷

কিংবদন্তিৰ আঁত ধৰি বঘৰাৰ কইনা কন্দাশিল:

আমাৰ অসম ৰাজ্য যেনেদৰে প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে চহকী, ঠিক সেইদৰে বহুতো পৌৰাণিক কাহিনী আৰু মনোৰম কিংবদন্তিৰে ভৰপূৰ ৷ প্ৰচলিত কিংবদন্তিবোৰে আমাক বহুতো নজনা বিস্ময়কৰ কথা জানিবলৈ সুযোগ দিয়ে আৰু এই কিংবদন্তিসমূহ আমাৰ সমাজৰ গৌৰৱৰ পতাকা ৷ এনে এক মনোৰম অথচ শোকাৱহ কিংবদন্তি বঘৰা পাহাৰৰ কইনা কন্দাশিল ৷ এই কইনা কন্দাশিলৰ প্ৰতি শিলেই যেন কথা কয় আৰু বুৰঞ্জীৰ বতৰা দিয়ে ৷ সেউজ-সুন্দৰ মায়ঙৰ কোঁৱৰ আৰু বঘৰা কুঁৱৰী বিবাহপাশত আবদ্ধ হৈ ঘৰলৈ ওভতাৰ পথত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ পৰা ৰক্ষা পাবলৈ এটি উন্মুক্ত গুহাত আশ্ৰয় লোৱা সময়তে গুহাৰ বিৰাট শিলাখণ্ড বাগৰি পৰিল আৰু ৰূপহী কইনাৰ গুহাতে জীৱন্ত সমাধি ঘটিল ৷ এই কৰুণ দুৰ্ঘটনাৰ সাক্ষীস্বৰূপে তেতিয়াৰ পৰা বহু যুগ ধৰি পতি বিৰহিনী অতি দুৰ্ভাগিনী অশৰীৰী কইনাৰ কান্দোনৰ ৰোল আৰু বিয়াত ব্যৱহৃত বাদ্যবাজে বুলি কিংবদন্তি চলি আহিছে ৷

ঐতিহ্যৰ বাহক মায়ং আৰু পবিতৰা অভয়াৰণ্য:

অতীজৰ পৰা মায়ং যাদু-মন্ত্ৰৰ বাবে বিখ্যাত ৷ মায়ঙৰ যাদু বিদ্যাই মানুহক বাঘলৈ পৰিণত কৰিব পাৰে ৷ বাঘক বন্দী কৰি ৰাখিব পাৰে, পীৰাত বহিলে পীৰাখন টিকাত লাগি ধৰাব পাৰে আৰু কিমান যে বিস্ময়কৰ কাম কৰিব পাৰে, তাৰ সীমাসংখ্যা নাই ৷ মায়ঙৰ বৃহত্তৰ অঞ্চলটোত এতিয়াও বেজালি প্ৰচলিত ৷ অৱশ্যে ক্ৰমে ইয়াৰ চৰ্চা কমি আহিছে ৷ ইয়াৰ প্ৰধান কাৰণ বেজসকলে উত্তৰাধিকাৰীক যাদু-মন্ত্ৰ শিকাই থৈ যোৱা নাই আৰু পুথি-পাঁজিসমূহ লোপ পাই আহিছে ৷ কিন্তু মায়ঙৰ যাদু সাহিত্য অসমৰ ঐতিহ্যৰ লগত জড়িত হৈ আছে ৷ যিখিনি আছে সেইখিনি মানুহৰ উপকাৰত অহাকৈ আৰু অতীতক জুমি চাব পৰাকৈ গৱেষণা হোৱাটো একান্ত বাঞ্ছনীয় ৷

যাদুকৰী মায়ঙৰ কোলাতে থকা অন্য এক বৈচিত্ৰ্যপূৰ্ণ অভয়াৰণ্য- পবিতৰা ৷ এই পবিতৰা ৷ এই পবিতৰা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ উপযুক্ত বাসভুমি ৷ তাহানিতে মায়ঙীয়া ৰজাৰ এগৰাকী অতি মৰমৰ জীয়েকৰ নাম আছিল পবিতৰা ৷ পবিতৰাৰ সৰুতেই বিয়োগ ঘটে ৷ ৰজাই মৰমৰ জীয়ৰীৰ নামটো যুগমীয়া কৰিবলৈ অঞ্চলটোৰ নাম ‘পবিতৰা’ ৰাখে আৰু তেতিয়াৰ পৰা এই নামেৰে জনাজাত ৷ পবিতৰাৰ বুকুয়েদি বৈ অহা গৰঙা বিলৰ শান্ত-নীলাভ জলৰাশিত বিভিন্ন প্ৰজাতিৰ মাছ, সেউজ ঘন অৰণ্যৰ নৈসৰ্গিক শোভা, বিস্তীৰ্ণ তৃণভূমিত বনৰীয়া ম’হ, বন গাহৰি, পহু আৰু গঁড় বিচৰণৰ নান্দনিক দৃশ্য, বৃহৎ জলাশয়ত ঋতু সাপেক্ষে ৰং-বিৰঙৰ পৰিভ্ৰমী চৰাইৰ কলৰৱে পৰিপুষ্ট পবিতৰা যেন প্ৰকৃতিৰ ৰূপহী কন্যা ৷ সেয়েহে পবিতৰাৰ মনোৰম সৌন্দৰ্য উপভোগৰ বাবে বছৰি দেশী-বিদেশী পৰ্যটকৰ বিপুল সমাৱেশ ঘটিবলৈ লৈছে ৷

কলা-ভাস্কৰ্য আৰু শিলালিপিৰ চানেকি:

অতি প্ৰাচীন স্থাপত্য ভাস্কৰ্য বিদ্যাৰ চানেকী মৰিগাঁও জিলাত ঠায়ে ঠায়ে সিঁচৰতি হৈ আছে ৷ মায়ঙৰ কাছ শিলা, মন্দিৰ (কৰ্ম অৱতাৰৰ প্ৰতীক), বুৰঞ্জীৰ প্ৰবাদ পুৰুষ জোঙাল বলহুক বধিবলৈ কাজলী চকীৰ অনতিদূৰত কলং-কপিলী নদীত দিয়া প্ৰকাণ্ড শিলৰ ভেটাই বুৰঞ্জীৰ সংবাদ দিয়ে ৷ বহা পাহাৰৰ দাঁতিত শিলৰ বুকুত খোদিত কৰা বিশাল গণেশ মূৰ্তিয়ে শিল্প-ভাস্কৰ্যৰ নিটোল চানেকী বহন কৰি আহিছে ৷ কিলিং নৈৰ পাৰত শিলত কটা ‘সীতা জখলা’ (ৰামায়ণ সীতা), গৰঙা বিলৰ পাৰত নিৰ্মাণ কৰা আধুনিক কাৰুকাৰ্যখচিত ‘গৰঙা মন্দিৰ’ উল্লেখযোগ্য স্থাপত্য ভাস্কৰ্যৰ সোপান ৷

আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চাৰণ বিল:

চাৰণ বিল মৰিগাঁও সদৰৰ গাতে লাগি থকা এখন আন্ত:ৰাষ্ট্ৰীয় জলক্ৰীড়া বিল বুলিব পাৰি ৷ এই বিলতেই ২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷

পাতেকীবড়ি আৰু আঁহতগুৰিৰ ঐতিহ্য:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিচাপে পণ্ডিতসকলে মতপোষণ কৰি অহা ঐতিহ্যপূৰ্ণ ইতিহাসগৰকা তথা পূণ্যস্থান লাহৰীঘাটৰ পাতেকীবাড়ি মৰিগাঁও সদৰ ঠাইৰ পৰা মাত্ৰ ১৮ কি:মি: দূৰত অৱস্থিত ৷ মৰিগাঁও জিলাৰ অন্তৰ্গত আঁহতগুৰিত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পবিত্ৰ জন্মস্থান হিচাপে ঐতিহ্যমণ্ডিত হৈ থাকিব ৷

কৃষ্টি-সাংস্কৃতিক আৰু সাহিত্য চৰ্চা”

মৰিগাঁও জিলাত বহু খ্যাত-অখ্যাত শিল্পীসকলৰ অনবদ্য অৱদানেৰে কলা-সাংস্কৃতিক বহল পথাৰখন জীপাল কৰি আহিছে ৷ সৃষ্টিশীল লেখক, কবি আৰু চিন্তাবিদৰ নিৰৱচ্ছিন্ন কলমৰ প্ৰচেষ্টাত ঠন ধৰি উঠিছে বৰ অসমৰ গৰিমামণ্ডিত সাহিত্যৰ ক্ষেত্ৰখন ৷ সংবাদ মাধ্যম গণতান্ত্ৰিক দেশৰ সদা জাগ্ৰত প্ৰহৰী ৷ এইক্ষেত্ৰত মৰিগাঁৱৰ সংবাদ মাধ্যমৰ ভূমিকা প্ৰশংসনীয় ৷ সত্যনিষ্ঠ, নিৰ্ভীক বাতৰি পৰিৱেশনে ‘বসুধৈৱ কুটুম্বকন’ কৰি সমাজ গঢ়ি তুলিব পৰাকৈ সাৰ্থকতা মৰিগাঁৱৰ সংবাদ মাধ্যমৰ আছে ৷ সামগ্ৰিকভাৱে মৰিগাঁও জিলাত কল্যাণকামী জিলা হিচাপে সকলো আছিল আৰু সকলো আছে ৷ লাগে মাথোন ঐক্যবদ্ধ প্ৰচেষ্টাত ব্ৰতী হৈ প্ৰগতিশীল চিন্তাৰে মৰিগাঁও জিলাখনক উমৈহতীয়া বৃহত্তৰ উন্নয়ন সাধন কৰিবলৈ ৷

 

“প্ৰত্নতাত্তিক ঐতিহাসিক দিশত মায়ং দীঘলীয়া অনুভৱেৰে সমৃদ্ধ ৷ ৩.৮৫ মিটাৰ দৈৰ্ঘ্যৰ এছিয়াৰ দীৰ্ঘতম শিলালিপি মায়ঙতেই আছে ৷”

 – জোনমণি গোস্বামী

 

( মৰিগাঁও টাউন মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক মুখপাত্ৰ ‘ফেঁহুজালি’ত প্ৰকাশিত)

অন্যান্য লেখা :

Share.

Leave A Reply