মৰা সুঁতিৰ মাছ

0

[ তেজপুৰ বিশ্ববিদ্যালয়ৰ জেষ্ঠ অধ্যাপক ডঃ স্মৃতি কুমাৰ সিংহৰ প্ৰায়বোৰ গল্পতেই দেখা যায় “অল্টাৰনেটিভাইজেচনৰ” এটা ধাৰা। তেখেতৰ এতিয়ালৈকে সংকলিত তিনিওখন গল্প পুথিয়েই পাঠকৰ সমাদৰ আৰু প্ৰশংসা পাইছে। অনুবাদৰ বাবে লোৱা এই গল্পটোৰ ৰছনাকাল ১৯৮৫। ইতিমধ্যে এই গল্পটো ইংৰাজী (Indian literature**, published by Sahitya Akademi, Seven Sisters Post**-ত পুনৰ মূদ্ৰিত), আৰু কান্নাড়া ভাষালৈ(Prajavani, কান্নাড়া দৈনিক, সাহিত্য সংস্কৰণ) অনুদিত হৈছে। একেটা গল্পৰে আন এটা সংস্কৰণ অসমীয়ালৈ অনুবাদ কৰিছিল সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে ১৯৮৭ চনত। সন্ধানৰ বাবে লোৱা এই সংস্কৰণটো মূল বিষ্ণুপ্ৰিয়া মণিপুৰীৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল শুভ্ৰজিৎ ভদ্ৰই, ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ ডঃ অঞ্জন কুমাৰ ভট্টাচাৰ্য, প্ৰথম প্ৰকাশ তেজপুৰ বিশ্ববিদ্যালয়ৰ চৰাইদেউ পুৰুষ আবাসৰ বাৰ্ষিক পত্ৰিকা “চৰাইদেউ”ত।
***লিখকৰ অনুমতি সাপেক্ষে পুনৰ মূদ্ৰিত।]

দেওঁবাৰ, ৰাতিপুৱা ৷ ৰাজেনে টোপনিৰ পৰা সাৰ পায়েই দেৱালৰ ঘড়ীটোলৈ চালে ৷ ন’টা চল্লিশ ৷ কপালৰ পৰা মূৰলৈ আলফুলে হাতখন বুলাই অনু্ভৱ কৰিলে মূৰৰ তালুভাগ পাওঁতেও এডাল চুলিয়ো হাতত নালাগিল ৷ একেবাৰে গভীৰ হৈ পঢ়িছে ৷ নহ’বইবা কিয়? কেৰাণীৰ পৰা চুপাৰিনটেনডেন্ট হোৱালৈ বয়সে জানো বহি থাকিব ৷ টেবুলৰ ওপৰত সীমাই দি যোৱা নেমুৰ চাহত কেইঢোকমান দি খপজপকৈ বাৰাণ্ডালৈ ওলাই আহিল ৷ চিগাৰেট এটা জ্বলাই আৰাম চেয়াৰখনত ধমহকৈ বহিল ৷ বহোতে গাৰ ওলমি পৰা চৰ্বিবোৰ হেন্দোলনী খাই ভূমিকম্পৰ দৰে লৰি লৰি থিতাপি লওতে অলপ পৰ লাগিল ৷ হামিয়ালে ৷ উম্, এতিয়াও গোন্ধটো মুখত লাগিয়েই আছে ৷ বাৰুকৈয়ে ৷ মিলিটেৰী মালটো ৷ তাৰোপৰি যোৱা ৰাতিৰ ড’জটো বেছিকৈয়ে পৰিল নহয় ৷ আগেয়ে সীমাক লুকাই এক পেগ্ খাই মুখত জৰ্দাপাণেৰে সোপা দি আহিব লগীয়া দিন আছিল ৷ এতিয়াটো খোদ বেডৰুমৰ টেবুলত বটল কেইটাই ৰাতিটো সাৰে থাকে ৷ সীমাৰো ন’ অবজেকছন চাৰ্টিফিকেট ইছ্যু কৰা বহুত দিনেই হ’ল ৷ তাইৰো আজিকালি বেছ এটা ষ্টেণ্ডাৰ্ড আহি গৈছে নহয় ৷ ৰাজেনে চিগাৰেটত দীঘলকৈ এহোপা দি সন্মুখলৈ চালে ৷ ৰ’দটো চোকা হৈছে ৷ সন্মুখৰ সুতিখনৰ পানী জিকমিকাই উঠিছে ৷ যেন, কোনোবা নাইট ক্লাবৰ নৰ্তকীৰ ঊৰ্ণাহে ৷ সুতি মানে, ওচৰৰ ৰুক্মিণী নামৰ নৈ খনে গতি সলোৱাত এৰাপৰা বেকাঁ ভাঁজটো ৷ বাৰিষাতো সোঁত বুলিবলৈ নাথাকেই ৷ কিন্তু মুখ দুখন বন্ধ হৈ যোৱাত গোটেই বছৰটোতে পানী থাকে ৷ এখন মৰা নৈ ৷ ওপৰৰ পৰা চালে এই মৰা নৈ খনৰ পানী একেবাৰে ডিষ্টিল ৱাটাৰৰ দৰেই, কিন্তু দেৰফুট তলতেই যে কি শেলুৱৈৰ ৰাজ্য, নামি নোচোৱাজনে কল্পনাও কৰিব নোৱাৰে ৷

সুতিটোৰখনৰ দুয়োপাৰে শাৰী শাৰী কোৱাৰ্টাৰ, অফিচ, দোকান ৷ বেছিদিনৰ কথা নহয় ৷ কেইবছৰমান আগলৈ গাৱেই আছিল ৷ চৰকাৰী অফিচ আৰু কাৰখানা কেইটামান বহাৰ পৰাহে লাহে লাহে চহৰ হ’ল ৷ এতিয়াও অ’ত-ত’ত গাঁওৰ সাঁচ লাগিয়ে আছে ৷ যেনে, অলপ দূৰত শিমলু জোপাৰ তলত বহি বৰশী বাই থকা মানুহজন ৷ একেবাৰে ক’লা, দীঘল, ডাঙৰ, আটিল হাত ভৰিবোৰ ৷ বৰশীত টোপ গাঁথি পেলাই থৈছে ৷ অব্যৰ্থ টোপ ৷ ৰাজেনে এই ভয়ংকৰ চিকাৰীজনক দিনে ৰাতিয়ে দেখা পায় ৷ কি যে প্ৰকাণ্ড প্ৰকাণ্ড মাছো ধৰে নহয় – ভাবিলে আচৰিত লাগি যায় তাৰ৷ শিমলু জোপাৰ তলত বহি ডেকা ল’ৰা এজনে তাক কিবা কিবি সুধি আছে তেওঁক৷ নতুনকৈ ট্ৰেন্সফাৰ হৈ অহা যেন লাগিছে ৷ চিগাৰেটটো হুপি হুপি ৰাজেনে ইয়াৰ পৰাই তেওঁলোক দুয়োজনৰ কথা-বতৰা শুনিবৰ চেষ্টা কৰিলে ৷

‘ক’তা, সাৰি-শব্দয়েই নাই দেখোন ৷ মাছ লাগেনে?’

‘লাগে ৷ লাগে ৷ ডাঙৰ ডাঙৰ মাছবোৰ তললৈ গ’ল নহয় ৷ গভীৰত ৷ মাছে ৰছদ পাই গভীৰলৈ গ’ল আৰু সুতিটো এনেকুৱাকৈ শেলুৱৈয়ে ছানিলে, মানুহ এটা পৰিলে শটোও পোৱা টান হ’ল৷ কদাচিৎ এটা দুটা মাছ শেলুৱৈ ফালি ওপৰলৈ আহে কেতিয়াবা ৷ সোঁতটো যেতিয়া বৈছিল … ৷’

‘সোঁত!!’

‘অ’ ৷ এতিয়াহে মৰা নৈ ৷ আগতে ৰুক্মিণী নৈখনেই ভাঁজ লৈ এইফালেই বৈ আছিল ৷ ভাঁজৰ ডিঙিটো যেতিয়া ঠেক হৈ আহিল, তেতিয়া চৰকাৰী কামৰ বনুৱাকেইটা আৰু ইয়াৰ দুষ্ট মানুহ কেইজন মানে মিলি ৰাতিৰ ভিতৰতে কোৰেৰে নৈখন সেইফালে পোনাই দিলে ৷ সেই কাৰণেই আই ৰুক্মিণী অভিমানতে আৰু দূৰলৈ গ’ল ৷’

‘অ’, তেনেহ’লে বেছিদিন হোৱা নাই ৷’

‘অ’, আঢ়ৈ কুৰি বছৰো হোৱা নাই ৷ সোঁতটো যেতিয়া বৈ আছিল তেতিয়া ৰূপালী মাছবোৰে ফটিক হেন পানীতে নাচি নাচি দেও দি আছিল ৷ শেলুৱৈৰ কোনো নাম-গোন্ধই নাছিল ৷’

‘এতিয়াও চাফা কৰিলেই হ’ল ৷’
‘চাফা! কৰা চাফা!’ বৰশীবোৱা মানুহজনে মুৰটো সামান্য দাঙি প্ৰকাণ্ড প্ৰকাণ্ড চকুহালেৰে ডেকাজনলৈ ট টকৈ চালে ৷
‘তোমালোক ডেকাল’ৰাহঁতে ককালত টঙালি বান্ধি কোৰ লৈ ওলাই আহাচোন ৷ পাৰা যদি ৰুক্মিণীৰ সোঁতটো এইফালে আকৌ বোৱাই দিয়া ৷’

‘ৰাইট ৷’ এছট্ৰেত চিগাৰেটটো জোকাৰি ৰাজেনে মনে মনে ক’লে, ‘যুৱ শক্তি ওলাই আহা ৷ ৰাইট ৷’ এইষাৰ কথা পচিছ বছৰ আগতে ছাত্ৰনেতা হৈ থাকোতে ৰাজেনে বাৰে বাৰে ভাষণত কৈছিল অৰ্থটো এতিয়াহে … ৷ উহ, বৰশীবোৱা মানুহজনে দাৰ্শনিকৰ দৰে কথা পাতি আছে দেখোন৷ তাহানিৰ ছাত্ৰ সন্থাৰ নেতা ৰাজেনে মনে মনে আৰু এটা ভাষণ দিলে, ‘শেলুৱৈ চাফা কৰা ৷ চব শেলুৱৈ ৷ হ্ৰদত, বিলত, নলাত, ঘৰৰ বেৰত গোটখোৱা শেলুৱৈ ৷ মোৰ চেলাউৰিৰ তলত কপাহৰ জোলাৰ দৰে ওলমি থকা সেইটোও … ৷’

উত্তেজনাত ৰাজেনে চিগাৰেটটো এছট্ৰেট মোহাৰি নুমুৱাই দিলে ৷

‘হেৰা শুনিছানে ৷ উঠাচোন, মুখ ধোৱা ৷ দহটা বাজিল নহয় ৷’ সীমাই বাৰাণ্ডালৈ ওলাই আহি ক’লে ৷ ‘উম্ ৷’ ৰাজেনে তেতিয়াও আউজিয়ে থাকিল ৷ সীমাই অলপ পৰ ৰৈ ক’লে, ‘আজি বন্ধৰো দিন ৷ ল’ৰাটোক অলপ পঢ়াবও পাৰা ৷ একেবাৰে …’

‘কিয়? টিউটৰজনে নপঢ়াই নেকি?’
‘টিউটৰৰ কথা বেলেগ ৷ পিকুৱে আকৌ তুমি বুজাই দিলে অলপ ভাল পায় ৷’
‘ভাল পায়?’ ৰাজেনে পোন হৈ বহিল ৷

বহোতেই দেখিলে – পিকু, মানে তেওঁৰ দহবছৰীয়া ল’ৰাটোৱে কিতাপ এখন লৈ দুৱাৰত ভেঁজা দি তালৈয়া চাই আছে ৷ ক্লাছ ফাইভত পঢ়ে ৷ অপৰাজিতাৰ দৰে তাৰ নীলা চকুহাল এটা আশাত জিলিকি আছে ৷ মেধাবী ৷ নিজৰ পৰাই পঢ়াৰ প্ৰতি এটা ধাউতি আছে ৷ বনালে বনিব ৷ কিন্তু দেউতাক বুলি সদায়ে তাৰ ওচৰ চাপিব নোৱাৰে ৷ আচলতে ৰাজেনে ওচৰ চাপিবকে নিদিয়ে ৷ তাৰ বদভ্যাসে এই দেৱাশিশুক যেন স্পৰ্শ নকৰে – এই ভাবতে ৷ সীমাৰ ধাৰণা – মদাহী হ’লে মতা মানুহে ল’ৰা ছোৱালীক মৰম নকৰে ৷ আকঁৰী … (!!)

সীমাৰ ফালে মিচিকিয়াই ৰাজেনে পুতেকক হাত বাউলী মাতিলে ৷ পিকু দৌৰি আহি দেউতাকৰ কোলাত বহিলহি ৷
‘ক’তা? চাওচোন, কি অংক চাওঁ ৷’
‘অংক নহয়, নীতিপাঠ ৷’
‘নীতিপাঠ! য়ু মিন ম’ৰেল স্টাদীজ! অ’ …’
ৰাজেনে নাকটো ফুলাই মুখখন অকনমান মেলি সীমাৰ ফালে চাই থাকিল ৷ পিছে পিকুৰ মূৰৰ চুলি তাৰ থুতুৰিত লগাত তাৰ হুঁচ আহিল ৷
‘অ’ পিকু, যোৱাচোন ৷ তোমাক মায়ে বুজাই দিব ৷’
‘নহ’ব, নহ’ব ৷ মই নোৱাৰিম দেই ৷’ মুখখন ঘুৰাই সীমাই ক’লে ৷
‘কিয়? তোমাৰ দেখোন ডিগ্ৰীত এদুকেশ্বন ছাবজেক্টো আছিল ৷ চাকৰিত সোমোৱাৰ আগতে প্ৰাইভেট স্কুল এখনতো পঢ়াইছিলা ৷ পাহৰিলেও, ..অলপ চেষ্টা কৰিলে …’
ৰাজেনে শেষেই কৰা নাই, সীমাই ঘুৰি এনেকৈহে চালে –
‘হ’ব হ’ব ৷ পিকু …’, ৰাজেনে অলপ খোনা খোনাকৈ ক’লে, ‘কাইলৈৰ পৰা তোমাক নতুন টিউটৰ এজন লগাই দিম ৷ তেওঁ তোমাক নীতিপাঠ, সাহিত্য এইবোৰ পঢ়াব হা ৷ আজি যোৱাগৈ দেই ৷’

পিকুৱে মুখখন ক’লা কৰি কিতাপখন লৈ লাহে লাহে ঘৰত সোমাল ৷ ল’ৰাটো যোৱাৰ লগে লগে ৰাজেনে ঘপহকৈ থিয় হৈ সীমাক চাৰ্জ কৰিলে, ‘তুমি পাগল হৈছা নেকি? নীতিপাঠ পঢ়াম মই? ল’ৰাটোক লগাই মোক লাজ দিয়াই আছা নহয়!’

‘কিয় নোৱাৰিবা? পঢ়ি পঢ়ি অৰ্থটো বুজাই দিলেইটো হ’ল ৷’
‘তুমি কিয় নোৱাৰে ৷ তুমিওটো গ্ৰেজুৱেট ৷’
‘হ’ব হ’ব, এৰা ৷’

‘তুমি ভাবি চোৱাচোন, এই ঘোঁচখোৰ, মদাপী কেৰেক্টাৰলেছ দেউতাকজনৰ তাত আজি কি মৰেলিটি অবশিষ্ট আছে যে মই ল’ৰাক মৰেল ষ্টাডী পঢ়াম ৷ আজি পচিশ বছৰ হ’ল, পইচা নহ’লে ফাইল নোচোও, অফিচত ওলাওতে সোমাওতে এশটা মিছা কথা কোৱা এই বাপেকজনে কেনেকৈ ল’ৰাক উপদেশ দিও – মিছা কথা নক’বা ৷ অন্যায় নকৰিবা ৷ মহাপাপ হ’ব ৷ মহাত্মা গান্ধী, বিবেকানন্দ, …ধ্যেৎ ৷’

‘হ’ব, হ’ব ৷ নিচিঞৰিবাচোন ৷ উপদেশ নিদিলেও অৰ্থটো বুজাই দিওতেনো কি আহে যায় ৷’
‘পাৰিলোহেঁতেন ৷ পচিশ বছৰ আগতে হোৱা হ’লে পাৰিলোহেঁতেন ৷’

‘তুমি কিয় নোৱাৰা মই জানোঁ – মই বুজি পাওঁ ৷ আই ফিল ৷ বেলেগক হাজাৰ হাজাৰ মিছা কথা ক’ব পাৰিলেও কোনেও নিজকে নিজে এটাও মিছা কথা ক’ব নোৱাৰে ৷’

একালৰ আদৰ্শবান ছাত্ৰনেতা ৰাজেনৰ আজি বুকুভৰা হতাশা, আত্মগ্লানি ৷ অকণমান নিৰৱে থাকি আকৌ ক’লে, ‘এনেকুৱা উপদেশমূলক সাধুবোৰ মই মোৰ ল’ৰাক ক’ম আৰু সি সৰল মনেৰে গ্ৰহণ কৰি যেতিয়া উৎফুল্লিত হ’ব, মই নিজৰ ল’ৰাৰ ওচৰতে লাজ নাপামনে? আই ৰেছপেক্ট মাই ছন্ ৷’
‘ময়ো ৷’ সীমায়ো যোগ দিলে ৷

‘সেই কাৰণে ল’ৰাক পঢ়াবলৈ আৰু মোক নক’বা ৷ লাগিলে আৰু কেইটামান টিউটৰ লগাই দিম ৷’ কৈয়ে ৰাজেনে তাৰ মেদনহুল দেহাটো লৰকফৰককৈ বাথৰুমলৈ গ’ল ৷
*********

নিৰ্জন বাথৰুমত সোমালে যত পুৰণি চিন্তাবোৰ ৰাজেনৰ মনলৈ আহে ৷ আচলতে নিৰ্জনাই হ’ল স্মৃতিৰ স্থায়ী ঠিকনা, হোম এড্ৰেছ হয় যেন লাগে ৷ দাঁত ব্ৰাছ কৰি ৰখি সন্মূখৰ আয়নাখনত নিজে মূৰ্তীটোলৈ চাই ৰাজেনে ভাবিলে – কি আছিল আৰু আজি কি হ’ল! নকল মুখা এটা পিন্ধি আজি যন্ত্ৰণা এটা ভুগি আছে ৷ তাৰ মনত পৰে, ল’ৰালি দিনৰ গাৱঁৰ কথাবোৰ – পথাৰে পথাৰে গোৱৰৰ শুঠি বিচৰাৰ কথা, বাটে বাটে দৌৰাৰ কথা , ভেঁট ফুলৰ গুটি কামুৰি কামুৰি কাষলটিৰ তলত ফলি লৈ পাঠশালা স্কুললৈ যোৱাৰ কথা , মেধাবী ল’ৰা বুলি সবেই মৰম কৰাৰ কথা, মনত পৰে তাৰ কলেজীয়া জীৱনৰ কথা, ছাত্ৰসন্থা, আন্দোলন, জেইল, পৰীক্ষা বৰ্জন, পথবন্ধ, অবৰোধ …. ৷ সীমাৰ লগত প্ৰথম সাক্ষাৎ, উদ্দাম প্ৰেম, পাগলামিৰ মাজেৰে বিয়া ৷ মোটামুটি বিয়ালৈ ঠিকেই আছিল ৷ আদৰ্শ এটা চকুত ভাঁহি আছিল ৷ বিয়াটো পাতিলেই, চাকৰি নাই ৷ চাকৰি বিচাৰোতে দুৰ্নীতিৰ ৰাজ্যত প্ৰথম পদাৰ্পন ৷ তাৰ পিছত সব জলাঞ্জলি ৷ ঘৰৰ মাটি বেচি বেচি ঘোঁচ দি চাকৰিত সোমাল ৷ তাৰ পিছৰ পৰাই টকাৰ মোহ এটাই আবৰি ধৰিলে ৷ সংসাৰৰ অভাৱ অনাটনৰ অজুহাতত দুইহাত টকা ঘটিব ধৰিলে ৷ ল’ৰা-ছোৱালী হ’ল ৷ গাৱৰ খেৰী ঘৰ পকা হ’ল ৷ মাটি সম্পত্তি বাঢ়িল ৷ টিভি, ফ্ৰিজ, গাড়ী, প্ৰমোচন, সীমাৰ চাকৰি সব হ’ল ৷ এইবিলাক যেনেকৈ হোৰহোৰাই আহিল, ঠিক তেনেকৈ সংসাৰৰ আনন্দধাৰাও হোৰহোৰাই শুকাই গ’ল ৷ তেওঁলোকৰ যে টকা-পইচা আছে, সেইটো ইনকাম টেক্স ফাঁকি দি ৰাইজক জনাবলৈ যেন উদয় হ’ল বেমাৰ- ডাঙৰ জাতৰ বেমাৰ ৷ সীমাৰ হ’ল মেলিনা আৰু তাৰ হ’ল হাৰ্টএটেক ৷ ল’ৰা-ছোৱালী হৈয়ো শান্তি নাই ৷ আজিকালিৰ ল’ৰা-ছোৱালীয়ে দেউতাকে ঘটা পইচাৰে স্ফূৰ্টি কৰে, বাইকত ফুৰে, ম’বাইলত দিনে-ৰাতিয়ে কথা পতিয়ে থাকে ৷ কিন্তু পিতৃপৰিচয় দিবলৈ লাজ পায় ৷ কিজানি দেউতাকৰ ডিপাৰ্টমেন্ট উল্লেখ কৰিলেই নিজৰ আত্মসন্মানত লাগে, এই ভয় ৷ ডাঙৰ ল’ৰাটো ব্ৰিলিয়েন্ট আছিল ৷ কিন্তু নষ্ট হৈ গ’ল ৷ মদ ভাং আৰু ড্ৰাগছত ধৰিলে ৷ দেউতাক বুলি কেৰেপে নকৰে ৷ ছোৱালীজনীয়ে আকৌ ইয়াতে কাণ্ড এটা কৰি তেওঁৰ নাকটোৱে কাটিলে ৷ কোনোমতে গাৱঁৰ ঘৰত থৈ এতিয়া উশাহ লৈছে ৷ তাতেও দুই একে গুণগুণাই নথকা নহয় ৷ কিন্তু যেতিয়াই ৰাজেন গাঁৱলৈ যায় – সাহিত্য সভা, মহাসভা, ক্লাব, পূজা, বিহু, ঈদ-মেহফিল আহিত হাজাৰ-দুহেজাৰ চান্দা দি এটা ভাল অবস্থান কৰি থোৱা বাবেহে স্পষ্টকৈ ক’বলৈ টান পায় ৷ আনৰ কথা হোৱা হ’লেতো – ৷ এইবোৰ ফটামুখ বন্ধ কৰোতে কৰোতে জাপৰ ফুটা আৰু বহলি গ’লহেঁতেন ৷ আৰু এতিয়া সমাজৰ লগত ভাল সম্পৰ্ক এটা নাৰাখিলে ল’ৰা-ছোৱালীবোৰনো ক’ত বিয়া দিব? তাতে আকৌ ৰিটায়াৰমেন্টৰ পিছতো ছ’ছিয়েল প্লেটফৰ্ম এখন লাগে নহয় ৷ তাৰোতো বেছি দিন নাই ৷ তাতোকৈ ডাঙৰ কথাটো হ’ল – সৰু ল’ৰা পিকু ৷ ঠিক তাৰ ককায়েকৰ ল’ৰালি কালৰ দৰে মেধাবী, অধ্যয়ন পিপাসু – কিন্তু ডাঙৰহৈ যদি আকৌ বিপথে – উস্, তাৰ শেষ আশাও! কি অবস্থা হ’ব ৷ দেউতাকে ল’ৰাক শাসন কৰিব নোৱাৰে ৷ যদি দেউতাককে উভতি ধৰে এই ভয়ত ৷ গোটেই প্ৰজন্মটোৱে দুৰ্বল ৷ এই দুৰ্নীতিৰ ৰাজ্যৰ পৰা মুক্তিৰ উপায় নাইনে? নাইনে এইবোৰ চূৰমাৰ কৰি দিব পৰা মানুহ! নাই ৷ অল আৰ কৰাপ্ট ৷ সমাজৰ পৰমাণুলৈ আজি দুৰ্নীতি ৷ উশাহ ল’বলৈ এটা স্বাস্থ্যকৰ পৰিবেশ নাই ৷ হায় জীৱন! ৰাজেনে এনেকৈয়ে হুমুনিয়াই এৰি বাথৰুমৰ পৰা ওলাই আহে ৷

ডাইনিং টেবুলৰ ওচৰত বহি সীমাই আগবঢ়াই দিয়া চাহ কাপ খাব ধৰিলে ৷ মনৰ এই তিতাকেঁহাবোৰৰ বাবে যেন চাহ কাপেই তিতা তিতা হৈ পৰিছে ৷
‘পিকু ক’ত?’ ৰাজেনে সুধিলে ৷
মুখ ফুলাই অলপ আগতে বাৰাণ্ডাৰ বহি আছিল ৷ ‘পিকু, পিকু – ’ সীমাই বাৰাণ্ডালৈ ওলাই আহিল ৷
‘হো! ক’ত! ইয়াতে বহিছিল নহয় ৷’

‘ক’ত? কলৈ গ’ল? সেই সুতিৰ ফালে গ’ল নেকি? কেনেবাকৈ পিছল খাই পৰিব লাগিলে – এই ল’ৰাটোৰ অলপ খেয়ালো ৰাখিব নোৱাৰো ৷’ চাহ কাপ ঠেলি আতংকিত হৈ ৰাজেনে ওলাই আহি সীমাৰ লগত বাৰাণ্ডাৰ পৰা চোতাল পালে ৷

‘অ’ মা, মা ৷ দেউতা, -দেউতা’ সুতিৰ ফালৰ পৰা পিকুৰ মাৰ ভাঁহি আহিল ৷
‘আহা, চোৱা, আহা!’
‘কি? কি হ’ল?’ সীমাই আগে আগে গৈ পালে ৷
ৰাজেনে পিচে পিচে ফোপাই জোপাই পালেগৈ ৷
‘সৌৱা চোৱা – ডাঙৰ মাছ এটা আজি তলৰ পৰা ওলাই আহিছে ৷ বা-আ-প-ৰে!’
স্ফূৰ্তিত হাত চাপৰি বজাই পিকু জপিয়াই উঠিল ৷
‘এৰা হয়েই ৷’ ৰাজেন আৰু সীমাই আচৰিত হৈ সেইফালে চালে ৷ মাছটোৱে একেবাৰে ওপৰলৈ আহি উশাহ লৈ আছে ৷ নেজত লাগি থকা শেলুৱৈবোৰ ই জোকাৰি পেলালে ৷ ৰূপালী মাছটোৰ গোটেই গাত শেলুৱৈৰ ক’লা চামনি ৷
‘হে: ওলাব পাৰিলে! বাহ ৷ ইমান শেলুৱৈ ফালি ওলাব পাৰিলে!’ ৰাজেনে বিৰবিৰকৈ অকলে উচ্চাৰণ কৰিলে ৷

বৰশীবোৱা মানুহজন দৌৰি আহি তাৰ অব্যৰ্থ টোপটো মাছটোৰ একেবাৰে মুখৰ আহত নচুৱাব ধৰিলে ৷ কিন্তু নাই, মাছটোৱে সেইফালে কেৰাহিকৈও চোৱা নাই ৷ আৰু সি এবাৰ চিৎহৈ, এবাৰ থিয় হৈ, ঘূৰি ঘূৰি মেলিব ধৰিলে ৷ এপাকত ফিছাখনেৰে চাৎকৈ এটা পাক ঘূৰণি নাচিলে ৷ শেলুৱৈৰ পৰা মুক্তিৰ আনন্দত মাছটোৱে হঠাৎ তীব্ৰ বেগেৰে তাৰ পিঠিৰ ফানেৰে মৰা নৈত এটা ক্ষীণ, অস্থায়ী সোঁত সৃষ্টি কৰি দূৰলৈ গুছি গ’ল ৷

‘বাহ!!’ ৰাজেনে আবেগত উচ্চাৰণ কৰিলে ৷ অলপ পৰ মাছটোৱে সৃষ্টি কৰি যোৱা সোঁতটোৰ ফালে চাই পুতেকক ক’লে, ‘পিকু, আহা ৷ তুমি কিবা পঢ়াবলৈ কৈছিলা নহয় ৷ এতিয়া যাওঁ ব’লা’

Share.

Leave A Reply