মোৰ গাঁওখনিলৈ সন্ধিয়া নামে

1

মোৰ গাঁওখনিলৈ সন্ধিয়া নামে

নৈৰ সিমূৰৰ বেলিটিৰ,

হেঙুলী ৰহন সানি

 

উদঙীয়া গৰুজাকৰ ঘৰমুৱা ভৰত

মুখৰ হয় দোদোৰা কেঁচা আলি

সুহুৰি এটিত গাভৰু হয়,

মদালসা চহা পদূলি..

 

নাৱৰ গলিয়ায়ে পোতে ঘাটত খুপনি

পলকতে জয়াল হৈ পৰে

দেওলগা ঔ, বট, জৰি..

 

নামঘৰৰ ডবাৰ শব্দ,

চাকিৰ পোহৰৰ পম খেদি..

সৰগীয় বা আহে নামি..

সৰল প্ৰাণত শুনো আকুল কাকূতি

কিমতে ভকতি কৰিবো তোমাত হৰি!

 

– প্ৰাঞ্জল দাস,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.