মালালা: এটি কবিতা

1

হে মৃত্যুজনয়ী বীৰংগনা

আজি সৰ্বত্ৰে চলিছে

তোমাৰেই আৰাধনা

আলোক সন্ধানী প্ৰাণ

তোমাৰ, মৃত্যুবিজয়ী গান

আজিচোন দেশে-বিদেশে

শুনি পাও তোমাৰেই গুণ-গান

জগিছে নাৰী, জাগিছে শিশু

তোমাৰেই উত্সাহ পাই

তুমিয়েই সিহতৰ সমন্বয়ৰ সেতু

তোমাৰ বিনে আন কোনো নাই

দেখিছোঁ বহুতো ফুলকলি

অকালতে পৰা সৰি

আৰু দেখিছো মৌৰ তৃষ্ণাত

তিলতিলকৈ মৰা পখিলাজনী

দেখিছো আৰু তাৰ কাষতে

ফুলিছে বহুতো কলি

যি সকলে হাত বান্ধিছে

আতৰাব বুলি সমাজৰ মলি

তালিবানী সৈন্যৰ

ভাবুকিক নেওচি

দিলা তুমি

উচিত প্ৰত্যুত্তৰ

তৰোৱাল নহয়

শ্ৰেষ্ঠ কেতিয়াও,নহয়

হিংসা ভেদা-ভেদ

বিশ্ব্ত তুমি শান্তিৰ বাণী

বিলালা মহাত্মা,মেণ্ডেলাৰ দৰে

তৰোৱাল নহয়,কলমেহে শ্ৰেষ্ঠ

তাকে সৰোগত কৰি

আহিছো ওলাই

তোমাৰ বাটেৰে বাট

বুলিম বুলি

সূৰ্য্যৰ পোহৰত আলোকিত হয়

এই সুন্দৰময় জগত

তোমাৰ পোহৰেৰেই পোহৰ

হওক ভগা জুপৰি ঘৰ

পিতৃ আদৰ্শ সৰোগত কৰি

কৰিলা তুমি বিজয়

চাৰিওফালে আজি কেৱ্ল

তোমাৰেই জয় জয় ময় ময়

– উদিত ৰঞ্জন কলিতা

অন্যান্য লেখা :

Share.

1 Comment

Leave A Reply