মাজুলী মহোৎসৱ ২০১৩

0

মাজুলী মহকুমা প্ৰশাসনৰ উদ্যোগত ২০১৩ বৰ্ষৰ এপ্ৰিল মাহৰ ৮, ৯, ১০ তাৰিখে মাজুলী মহোৎসৱ অনুষ্ঠিত হয় ৷ মাজুলী মহোৎসৱ অনুষ্ঠিত কৰাৰ উদ্দেশ্য হ’ল নদীদ্বীপটোৰ সংস্কৃতি আৰু ঐতিহ্যক বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰা ৷ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ বাবেও জনাজাত ৷ এই বছৰৰ মহোৎসৱত মাজুলীৰ উপৰিও অসমৰ বিভিন্ন জনগোষ্ঠীয় আৰু চুবুৰীয়া ৰাজ্যসমূহৰ ঐতিহ্য প্ৰদৰ্শন কৰা হয় ৷
প্ৰথম দিনাৰ মহোৎসৱৰ কাৰ্য্যসূচী মুকলি কৰা মাজুলীৰ সত্ৰাধিকাৰসকলে ৷ অনুষ্ঠানত স্থানীয় বিধায়ক ৰাজীৱলোচন পেগু উপস্থিত থাকে ৷ প্ৰথম দিনাৰ কাৰ্য্যসূচীত স্থানীয় খেল-ধেমালী, বিহু নৃত্য, মিচিং নৃত্য, দেউৰী নৃত্য ইত্যাদি অন্তৰ্ভুক্ত আছিল ৷

দ্বিতীয় দিনা পুৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ তাৰ পিছত “মাজুলীত পৰিবেশ পৰ্যটন” বিষয়ত এখন ৰাজ্যিক পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উক্ত আলোচনা চক্ৰত উপস্থিত কামাখ্যা প্ৰসাদ তাচা, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়া, জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া আৰু “ভাৰতৰ অৰণ্য মানৱ” খ্যাত যাদৱ পায়েংদেৱৰ সাৰুৱা ভাষণে ৰাইজক আপ্লুত কৰে ৷

দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হয় আকাশ বন্তি আৰু ফানুস প্ৰদৰ্শনেৰে ৷ নগা শিল্পীৰ নৃত্যৰ উপৰিও মনিপুৰৰ খাম্বা থইবী নৃত্য প্ৰদৰ্শনৰ পিছত উৰিষ্যাৰ গটিপুৱা নৃত্য আৰু পুৰুলিয়াৰ ছৌ নৃত্যই উপস্থিত ৰাইজক ৰোমাঞ্চিত কৰি তোলে ৷ তিৱা নৃত্য, ৰাভা নৃত্যৰ উপৰিও স্থানীয় শিল্পীয়ে মাটি আখৰা, নাদুৰ ভংগী নৃত্য প্ৰদৰ্শন কৰে ৷ নতুন কমলাবাৰী সত্ৰত শিল্পীসকলে প্ৰদৰ্শন কৰা “মহা ৰাস” নৃত্যৰ পাছত কণ্ঠশিল্পী দিক্ষুৰ সংগীতেৰে দিনটোৰ কাৰ্য্যসূচী সমাপ্ত হয় ৷

অন্তিম দিনা কাৰ্য্যসূচী আৰম্ভ হয় নৌকা-চালন প্ৰতিযোগিতাৰে ৷ দৰিয়াডুৰিত পুৰুষ আৰু মহিলা উভয়ৰ অংশগ্ৰহণেৰে প্ৰতিযোগিতাখনিয়ে দৰ্শকক ৰোমাঞ্চিত কৰি তোলে ৷ দুপৰীয়া মহোৎসৱৰ মুকলি সভাত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ দেৱ ৷ সন্ধিয়া সাংস্কৃতিক দলবোৰৰ লগতে কুকিল কণ্ঠী গায়িকা জুব্লীৰ অনুষ্ঠানেৰে মহোৎসৱৰ কাৰ্য্যসূচী অন্ত পৰে ৷

 

3

 

4

 

 

5

 

 

6

 

7

 

8

 

 

9

 

 

10

 

11

 

12

 

 

13

 

– বিজিত দত্ত, যোৰহাট

ৱেবছাইট:http://bijitdutta.wordpress.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.