মন মোৰ মতলীয়া আজি

0

 মন মোৰ মতলীয়া আজি

কোনে আহি ৰিঙিয়াই.. হিয়াৰ কোণত আছে তোমাৰ ছবি

আলফুল মৰমৰে মন মুগ্ধ কৰি যাই

স্নেহসনা মধুময় মিহি বতাহজাকে…

কানে কানে কিনো কৈ যায়..

এটি অচিনাকী মায়াময় স্পৰ্শৰে.. কোমল হিয়াত ভালপোৱাৰ ৰঙ সিচি যায়

কাজলসনা দুটি নয়নত.. সোমাই আছে বহু শব্দবিহীন ভাৱনা

প্ৰেমৰ বিশাল সাগৰৰ ধৌত উটি যাও মই.. পাৰ পাবলৈ মন যায়..

শেষ হম মই, শেষ হ’ব মোৰ কামনা.. সকলো বেদনা

দুহাতেৰে মাথো আকোৱালী লোৱা মোক, তোমাতে বিলীন মোৰ বিশাল আকাশ

 

কুঞ্জানয়ন দাস,

অসামৰিক অভিযান্ত্ৰিক বিভাগ

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.