মই মোৰ মাজত নাই

0

মই মোৰ মাজত নাই !
মই মোৰ ঘৰৰ মাজতো  নাই ।‌
মই মোৰ বন্ধুসকল বা
মোৰ প্রিয়জনৰ মাজতো নাই !
মই আছোঁ এটা প্ৰকাণ্ড শূন্যৰ মাজত !
যাৰ চাৰিওফালে ক’লা আঁচ টনা
এখন ঘুৰণীয়া প্ৰাচীৰ ।‌
যাৰ মাজত সোমাই মই
কেতিয়াবা উশাহ ল’বলৈ পাহৰিছো ,
কেতিয়াবা কাৰোবাক দিয়া
প্ৰতিশ্ৰুতি হেৰুৱাইছো ,
অথবা-
কেতিয়াবা কাৰোবাৰ হাতত প্ৰতাৰিত হৈ
নিৰৱে উচুপিছো…।‌

মোৰ উচুপনিত
ঘূৰণীয়া প্ৰাচীৰখনৰ
ক’লা আঁচবোৰ তিতিছে…
মাজৰ অংশ ক্ৰমশঃ
পানীৰে উপচি পৰিছে ।‌
তাৰ মাজত থিয় হৈ
মই দিশ হেৰুৱাইছোঁ ;
পানীবোৰ ক্ৰমশঃ গভীৰ হৈ আহিছে
আৰু মই পাৰ বিচাৰি
হাহাকাৰ কৰিছোঁ…
গভীৰ পানীত পৰি কক্‌বকাইছোঁ…।‌

মই মোৰ মাজত আছিলোঁ !
মই মোৰ বন্ধুসকল বা
মোৰ প্রিয়জনৰ মাজতো আছিলো ।‌
কিবা অজ্ঞাত কাৰণত ধিৰে  ধিৰে
সিহঁতবোৰ আঁতৰি গৈছিল… ।‌
সিহঁত যোৱাৰ পাছত
মই সিহঁতক বিচাৰিছিলোঁ
অথচ বিচাৰি পোৱা নাছিলো ।‌

মই নিঃসঙ্গ হৈ পৰিছিলোঁ
তেতিয়াও ,
হয় , তেতিয়াও মই মোৰ মাজতে আঁছিলো !

বন্ধু , প্ৰেম , সম্বন্ধ…
জীৱনৰ নিমিলা অংকবোৰ
যোগ বিয়োগ কৰি কৰি
এসময়ত ভাগৰি পৰিছিলোঁ…
তাৰপিছত—
তাৰপিছত মই সিহঁতক বিচৰাৰ দৰে
নিজকে বিচাৰিছিলোঁ !
মই মোক মোৰ মাজত
বিচাৰি পোৱা নাছিলো ।‌
মই ক্ৰমশঃ শূন্যলৈ গতি কৰিছিলোঁ..
আৰু এদিন-
এই প্ৰকাণ্ড শূন্যটোৰ মাজত
নিজকে আৱিষ্কাৰ কৰিছিলোঁ ।‌
আৰু এনেকৈয়ে সৰ্বশ্ৰান্ত হৈ
মই তাৰ মাজতে আৱদ্ধ হৈ পৰিছিলো ।‌
য’ত মই মোক বিচাৰি পোৱা নাছিলোঁ ।‌
এতিয়া…
এতিয়াও মই সেই শূন্যৰ মাজতে…!

: প্রদীপ দাস
তিতাবৰ , যোৰহাট

Share.

Leave A Reply