ভ্ৰাম্যমাণ থিয়েটাৰঃ অতীত, বৰ্তমান আৰু ভৱিষ্যত (২)

0

(আগৰ সংখ্যা)

‘নটৰাজ থিয়েটাৰ’ৰ সমসাময়িক সুৰদেৱী থিয়েটাৰে মঞ্চ নিৰ্মাণৰ ক্ষেত্ৰত আন এক পৰীক্ষা সূচনা কৰে ৷ ১৯৬৬ চনত ভ্ৰাম্যমাণ থিয়েটাৰত এই নাট্যদলটিয়ে তিনিখন স্থিতিশীল মঞ্চৰ উদ্ভাৱন কৰে যদিও সৰ্বশেষত পাঠশালা (মুগুৰীয়া)ৰ হেম তালুকদাৰৰ “মঞ্চৰূপা থিয়েটাৰে” (১৯৬৭ চন) প্ৰৱৰ্তন কৰা দুখন স্থিৰ মঞ্চৰ ৰীতিতো বৰ্তমানেও অব্যাহত আছে ৷ আনহাতে ভ্ৰাম্যমাণ থিয়েটাৰত সংগীত বা সংগীত-শব্দ-ক্ৰিয়াৰ অৰ্থপূৰ্ণ ব্যৱহাৰৰ কথা ভাবি ১৯৬৬ চনত জন্মলাভ কৰা হাজোৰ পূৰ্বজ্যোতি থিয়েটাৰে সংগীত পৰিচালনাৰ দায়িত্ব ড০ ভূপেন হাজৰিকাক অৰ্পণ কৰে ৷ এই ঘটনাই পৰৱৰ্তী কালত সংগীতক ভ্ৰাম্যমাণ নাটকৰ এক বিশিষ্ট উপাদানৰূপে উপলব্ধি কৰাত আন নাট্যদলবোৰক সহায় কৰিছিল ৷

কহিনুৰৰ চমক / আৱাহনৰ শইকীয়া ছাৰ / হেঙুলৰ প্ৰযোজক:

১৯৭৬ চন ৷ ব্ৰজনাথ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি চিনৰূপে ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্তমানৰ দুই প্ৰধান কাণ্ডাৰী- ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে পাঠশালাত ‘কহিনুৰ থিয়েটাৰ’ৰ ভেটি স্থাপন কৰে ৷ কহিনুৰৰ ‘অলংকাৰ’ আৰু ‘আশীৰ্বাদ’ নাটকত ইলা কাকতী, প্ৰশান্ত হাজৰিকা আৰু মহানন্দ শৰ্মাৰ অনবদ্য অভিনয়ে এক নৱ তৰংগৰ সূচনা কৰে ৷ ১৯৮০ চনত কহিনুৰৰ মঞ্চলৈ চলচ্চিত্ৰৰ গ্লেমাৰ তাৰকা নিপন গোস্বামীৰ আগমন ঘটে আৰু ‘অসীমত যাৰ হেৰাল সীমা’ উপন্যাসৰ নাট্যৰূপে হাজাৰ-বিজাৰ দৰ্শকক ভ্ৰাম্যমাণ প্ৰেক্ষাগৃহলৈ টানি নিবলৈ সক্ষম হয় ৷ কহিনুৰ মঞ্চতেই শ্বেক্সপীয়েৰ, চ’ফ’ক্লিচকে ধৰি ভালেকেইখন ধ্ৰুপদী নাটকৰ মঞ্চায়ন হয়, ‘ক্লিওপেট্ৰা’, ‘হেমলেট’, ‘মাটিৰ গাড়ী’ (মৃচ্ছকটিকম), অৰুণ শৰ্মাৰ ‘বাঘজাল’, মহেন্দ্ৰ বৰঠাকুৰৰ ‘শ’ৰাগুৰিৰ চাপৰি’, ‘বিষ্ণু ৰাভা’, ইংৰাজী চলচ্চিত্ৰৰ নাট্য ৰূপান্তৰ ‘বেনহুৰ’, ‘টাইটানিক’, ‘ইডিপাচ’ পবিত্ৰ পাপী আদি নাটকৰ মঞ্চায়ন নিশ্চয়কৈ সাহসিক কাৰ্য ৷ আৰাধনা থিয়েটাৰে ‘কবৰ আৰু কংকাল’, ‘পৃথিৱীৰ প্ৰেম’, ‘মৃত্যুঞ্জয়’ আদিৰে সৃষ্টি কৰা অসমীয়া উপন্যাসৰ নাট্যৰূপ দিয়াৰ প্ৰশংসনীয় পৰম্পৰাক কহিনুৰ থিয়েটাৰে ‘পাতাল-ভৈৰৱী’, ‘অনুৰাধাৰ দেশ’ আদি নাটকেৰে অব্যাহত ৰাখে ৷ এইবোৰৰ সমান্তৰালকৈ কহিনুৰ থিয়েটাৰেই ভ্ৰাম্যমাণৰ মঞ্চত আকৰ্ষণ কৰাৰ বাবে গিমিক বা চমক বা টেকনিক কাৰুকাৰ্যৰ প্ৰৱেশ ঘটাইছে ৷ কহিনুৰৰ এনে অনৰ্থক আৰু অসাৰ্থক প্ৰয়াসক পাথেয় বুলি আন থিয়েটাৰেও অনুকৰণ কৰিবলৈ লোৱা প্ৰৱণতাই ভ্ৰাম্যমাণৰ নাটকবোৰক কেইবছৰমান আগলৈকে টেকনিকসৰ্বস্ব কৰি পেলালে ৷ এই প্ৰৱণতাই ভ্ৰাম্যমাণৰ নাটকৰ পূৰ্বৰ কাহিনীৰ সাৰ্থকতা, সংলাপৰ সৌন্দৰ্য আৰু অভিনয়ৰ শক্তি বহুলাংশে দুৰ্বল কৰি পেলালে ৷ যিদৰে বৰ্তমানৰ বলিউডী ফিল্মী নৃত্য-গীতৰ পয়োভৰে ভ্ৰাম্যমাণৰ নাটকৰ গাঁথনি, কাহিনী আৰু সংলাপক নিশকতীয়া কৰি পেলাইছে ৷ বৰ্তমান ভ্ৰাম্যমাণে বলিউডক নকল কৰাৰ মাৰাত্মক ব্যাধিক বুকুত থিতাপি ল’বলৈ দিয়াৰ অপচেষ্টাই নাটকবোৰৰ বেছিভাগকেই কৰিছে স্থবিৰ আৰু প্ৰাণহীন ৷ এনে অদ্ভুত অপচেষ্টাৰে অনৰ্থকভাৱে ভ্ৰাম্যমাণ থিয়েটাৰক অসমীয়া চলচ্চিত্ৰৰ বাণিজ্যিক বিকল্প বুলি পতিয়ন নিয়াব খুজিছে ৷ পিছে চেলুলয়ড আৰু জীয়া শিল্পৰ পাৰ্থক্যটো সকলোৱে বুজি পায় ৷ বিকল্পটো বহুদুৰ, ভ্ৰাম্যমাণ থিয়েটাৰে ভ্ৰাম্যমাণৰ মঞ্চক গ্লেমাৰসৰ্বস্ব কৰি তোলাত আগভাগ লৈছে ৷ বৰ্তমানৰ ‘ষ্টাৰ কালচাৰ’ কহিনুৰৰেই ব্যৱসায়িক উদ্ভাৱন ৷ ভ্ৰাম্যমাণৰ ৪৬ বছৰীয়া কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমাণ মাধ্যমত কেইখনমান ভাল নাটক আগবঢ়ালেও, আন নাট্যদলৰ নিচিনাকৈ কহিনুৰেও জাতিগত সাংস্কৃতিক মূলৰ লগত সম্পৰ্কহীন নিম্নমানৰ ব্যৱসায়িক নাটকহে কৰি আহিছে ৷ কিন্তু ভ্ৰাম্যমাণৰ ইতিহাসত কহিনুৰ থিয়েটাৰে জাতীয় ঐতিহ্য-চেতনাৰে দীপ্ত আৰু আপোন সংস্কৃতিৰ বৰ্ণময় উপাদানেৰে সমৃদ্ধ মৌলিক নাট্য-প্ৰযোজনাৰ বাটকটীয়া হোৱাৰ শ্ৰদ্ধাশীল সম্ভাৱনাটো এতিয়াও হেৰাই যোৱা নাই ৷

১৯৭৯ চনত প্ৰতিষ্ঠা লাভ কৰা কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰে ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ নাটক মঞ্চায়নেৰে ভ্ৰাম্যমাণৰ ইতিহাসত নিটোল কাহিনী আৰু সংলাপৰ শ্ৰুতিমধুৰ সংযোগ সাধন কৰে ৷ ড০ শইকীয়াৰ দুই-এখন নাটকৰ কাহিনীবিন্যাস আৰু চৰিত্ৰৰ স্থিতি বিস্তাৰ অবাস্তৱ (নাটক: শতাব্দী), প্ৰায়বোৰ নাটকেই ব্যক্তি আৰু পৰিয়ালৰ সীমাৰ চাৰিবেৰৰ মাজত আবদ্ধ; নাটকবোৰত সামাজিক চেতনাৰ প্ৰতিফলন নাই বুলিলেই হয় ৷ তথাপি ড০ শইকীয়াৰ কথাক শিল্পলৈ সলনি কৰিব পৰা দক্ষতাই ভ্ৰাম্যমাণৰ দৰ্শকক মোহাৱিষ্ট কৰিছিল ৷ তেওঁৰ নাটক অভিনয়-সুষমা (দুই-এখনৰ বাহিৰে) নাট্যগতিৰ স্থবিৰতাৰে ভাৰাক্ৰান্ত হ’লেও কাহিনীৰ সৰল আবেদন আৰু সংলাপ শব্দৰ শ্ৰুতিমাধুৰ্যই ভ্ৰাম্যমাণ থিয়েটাৰত একশ্ৰেণী নতুন দৰ্শকৰ জন্ম দিছিল ৷ আৱাহন থিয়েটাৰৰ উত্থান আৰু জনপ্ৰিয়তা অৰ্জনৰ ক্ষেত্ৰত ড০ শইকীয়াৰ অৱদান অপৰিসীম ৷ কিন্তু কিহৰ তাড়নাত আৱাহন থিয়েটাৰৰ দৰে শ্ৰদ্ধেয় মঞ্চত, চাহাব সমাজৰ অভিজাত বেশ্যা- ‘লেডী ডায়েনা’ই স্থান পায়, কি যুক্তিত ডায়েনাৰ যৌনগন্ধী জীৱনপঞ্জী পৰিয়ালৰ লোকে একেলগে বহি উপভোগ কৰা দৰ্শকৰ বাবে প্ৰাসংগিক হৈ উঠে, সেয়া এক অৰ্থকেন্দ্ৰিক সাঁথৰ ৷

হেঙুল থিয়েটাৰৰ প্ৰযোজক প্ৰশান্ত হাজৰিকা আছিল এইজাতীয় সস্তীয়া ধামখুমীয়াৰ পৰা নিলগত ৷ নাটকৰ ব্যাকৰণ আৰু অভিধান বুজি পোৱা হাজৰিকাই আধুনিক নাট্যশৈলীৰে ভ্ৰাম্যমাণৰ নাট্য-প্ৰযোজনা নিৰ্মাণ কৰি দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছিল ৷ হেঙুলৰ ‘কাৰেঙৰ লিগিৰী’, ‘মুখ্যমন্ত্ৰী’ নাটক দুখন ভ্ৰাম্যমাণ নাটকৰ দুটা শিক্ষণীয় দৃষ্টান্ত ৷ বহুতো আগশাৰীৰ প্ৰযোজকৰ দৰে হাজৰিকাই দৰ্শকক নিচাগ্ৰস্ত কৰি তুলিবলৈ কোনো চমকদাৰ টেকনিকৰ আশ্ৰয় নোলোৱাকৈ বা দৰ্শকৰ তেজত পিৰপিৰণি উঠাধৰণৰ কাহিনীৰ গাত পদপথত পোৱা সস্তীয়া আ-অলংকাৰ পিন্ধাই দৰ্শকক ক্ষণিক আনন্দ দিব খোজা নাছিল ৷ নাটকক বাস্তৱতাৰ আইনাৰ আগত থিয় কৰাই নাটকৰ দৰে পৰিচৰ্যা কৰাটো আছিল তেওঁৰ ধৰ্ম ৷ এইক্ষেত্ৰত প্ৰণিধানযোগ্য যে, এবাৰ ৰতন থিয়ামে ভ্ৰাম্যমাণৰ মঞ্চত বীৰাপ্পানক লৈ নাটক কৰা শুনি হেনো কৈছিল- ভ্ৰাম্যমাণ থিয়েটাৰে পৰেশ বৰুৱাক লৈ নাটক নকৰে কিয় ৷ অসমৰ জাতীয় জীৱনক বাৰুদৰ ধোঁৱাৰে ধূসৰ কৰা, অসমী আইৰ মুখ তেজেৰে ৰাঙলী কৰা নায়ক-খলনায়ক পৰেশ বৰুৱাক লৈ ভ্ৰাম্যমাণে নাটক কৰাৰ সাহস গোটাবলৈ আৰু কেইবা দশক লাগিব ৷

মানৱ শিল্প আৰু ভ্ৰাম্যমাণৰ দৰ্শক:

ভ্ৰাম্যমাণ থিয়েটাৰ কেৱল জীয়া ব্যৱসায়িক শিল্পই নহয়, ই বিশ্বৰ ভিতৰত অদ্বিতীয় মানৱ শিল্প (Human Industry) ৰূপে পৰিগণিত হোৱাৰ যোগ্যতাও অৰ্জন কৰিব পাৰে ৷ ভ্ৰাম্যমাণৰ ভাগ্যৰেখাও এই ধাৰণাটোৰ সঠিক ৰূপায়ণ-ৰূপান্তৰৰ ওপৰত নিৰ্ভৰ কৰিছে ৷ সম্প্ৰতি অসমত সৰু-বৰ চল্লিশটাৰো অধিক ভ্ৰাম্যমাণ নাট্যদল আছে ৷ ইয়াৰ আঠ-দহটা আগশাৰীৰ প্ৰতিষ্ঠিত নাট্যদল ৷ চল্লিশটা নাট্যদলৰ পেণ্ডেল, চকী-মেজ, মঞ্চ, গেলেৰী, শব্দ-যন্ত্ৰ, পোহৰ সামগ্ৰী, যান-বাহন (দুখন ট্ৰাক, এখন ডাঙৰ বাছ আৰু সৰু গাড়ী) আৰু সৰ্বোপৰি শিল্পীদল (অভিনয়, সংগীত, নৃত্য, মঞ্চসজ্জা, পেণ্ডেলকৰ্মী, এডভান্স পাৰ্টী, ৰান্ধনি সমন্বিতে) মিলি কি বিৰাট উদ্যোগৰ ৰূপ ধাৰণ কৰিব পাৰে কথাটো অনুমান কৰিব পাৰি ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰ্থিক নিয়োগ-বিনিয়োগ, আয়-ব্যয়ৰ চেহেৰাটো বুজি পাবলৈ দহটা আগশাৰীৰ নাট্যদলক মডেলৰূপে ল’ব পাৰি ৷ দহটা নাট্যদলৰ শিল্পীসংখ্যা হ’বগৈ প্ৰায় এহেজাৰ (চল্লিশটা দলৰ চাৰি হেজাৰ)৷ ভ্ৰাম্যমাণে বছৰটোত ২৩০-২৪০ দিন নাটক মঞ্চস্থ কৰে ৷ আগশাৰীৰ প্ৰতিটো নাট্যদলৰ আসন সংখ্যা প্ৰায় দুই হেজাৰ (দহটা দলৰ বিশ হেজাৰ, চল্লিশটাৰ কমকৈ হ’লেও ষাঠি হেজাৰ)৷ এটা দলৰ এটা দৰ্শনীত ধন সংগ্ৰহ হয় প্ৰায় নব্বৈ হেজাৰৰ পৰা এক লাখ টকা ৷ নব্বৈ হেজাৰ হিচাপত দহটা দলৰ অৰ্থ সংগ্ৰহ হয় ন লাখ টকা ৷ আৰু দুশ তিনিশ দৰ্শনীত সংগৃহীত টকা হ’বগৈ- বিশ কোটি সাতাইশ লাখ টকা ৷ প্ৰথম দৰ্শনীৰ লগত দ্বিতীয় দৰ্শনী মাত্ৰ এশটা যোগ দিলে হ’বগৈ অতিৰিক্ত ন কোটি টকা ৷ প্ৰথম আৰু দ্বিতীয় দৰ্শনী মিলি সৰ্বমুঠ সংগৃহীত ধনে গৈ ঊনত্ৰিশ কোটি সাতাইশ লাখ টকাৰ অংক স্পৰ্শ কৰিব ৷ কম-বেছিকৈ ধৰি চল্লিশটা নাট্যদলৰ অংকটো অনুমান কৰাত অসুবিধা নহয় ৷ ধনৰ আকাৰ বিবেচনা কৰিলে ভ্ৰাম্যমাণ থিয়েটাৰক দীৰ্ঘ জীৱনৰ বাবে চৰকাৰী বৃহৎ উদ্যোগৰ মৰ্যাদা দিব লাগে বুলি দাবী কৰাৰ থল আছে ৷ শিল্পী-প্ৰযোজকৰ বছৰেকীয়া দৰমহা, দৰমহাৰ মাহিলী নিৰিখ, বোনাছ, বকেয়া ধন, প্ৰ’ভিডেণ্ট ফাণ্ড, অৱসৰৰ পিচত পেঞ্চনৰ ব্যৱস্থা- এই সকলোবোৰৰ বাবে প্ৰয়োজনীয় নতুন আইন প্ৰস্তুত কৰি হ’লেও অসম বা ভাৰত চৰকাৰে বিশ্বতে বিৰল বৃহৎ মানৱ শিল্পৰ অবিশ্বাস্য উদাহৰণ দাঙি ধৰিব পাৰে ৷ মানৱ প্ৰগতিৰ ইতিহাসত কোনো কথাই অসম্ভৱ নহয় ৷ পিছে ইয়াক সম্ভৱ কৰি তোলাৰ দায়িত্ব ল’ব লাগিব ভ্ৰাম্যমাণৰ প্ৰযোজক আৰু তাৰকা শিল্পীসকলে ৷ ইয়াৰ বিপৰীতে এওঁলোকেই এনে উদ্যোগৰ ক্ষেত্ৰত প্ৰধান বাধা হৈ উঠাৰো থল আছে ৷ ভ্ৰাম্যমাণ থিয়েটাৰক দৰ্শকে নিয়ন্ত্ৰণ কৰে নে ভ্ৰাম্যমাণ নাট্যদলবোৰে দৰ্শকক নিয়ন্ত্ৰণ কৰে? ভ্ৰাম্যমাণৰ নাট্যদলৰ নাটকৰ মান আৰু ৰুছি দৰ্শকে নিৰ্ধাৰণ কৰে নে নাট্যদলবোৰে দৰ্শকৰ ৰুচি গঢ়ে? বহুতে এই কথাটোক পৰিপূৰক বুলি ক’লেও আচলতে ই সত্য নহয় ৷ ভ্ৰাম্যমাণৰ নাটকৰ মান আৰু ৰুচি নিৰ্ধাৰণ কৰিব পৰাকৈ সাধাৰণ দৰ্শকবৃন্দ আগৰে পৰা প্ৰস্তুত হৈ নাথাকে ৷ মানবিশিষ্ট ৰুচিশীল নাটক কোনবোৰ আৰু তাক দৰ্শকৰ সন্মুখত কেনে শিল্প-নৈপুণ্যৰে উপস্থাপন কৰিব লাগিব – এনেবোৰ কথা নাট্যদলৰ প্ৰযোজক, নাট্যচিন্তক, সমালোচক, নাট্যকাৰ আৰু শিল্পীসকলে ভালদৰে জানে ৷ সেয়েহে দৰ্শকৰ সুস্থ ৰুচি গঢ়াৰ দায়িত্বটো প্ৰাথমিকভাৱে দৰ্শকৰ নহয় ৷ নাট্যদলবোৰৰহে ৷ প্ৰযোজক-নাট্যকাৰ-পৰিচালকে ভালদৰে জানে, নাটক এখন সামাজিক-সাংস্কৃতিক শিল্পকৰ্ম; শিল্পকৰ্মই মানুহৰ (দৰ্শকৰ) মনন আৰু চিন্তনৰ উৎকৰ্ষ সাধনত ব্ৰতী হয় ৷ তাকে নকৰিলে ‘দৰ্শকে বিচাৰিলে আমি কি কৰিম’ জাতীয় গা-এৰা দিয়া মানসিকতাৰে অথবা ‘অমুকটো দলে কৰিব পাৰে যদি আমি  নকৰিম কিয়’- ধাৰণাৰে চেলুলয়ডৰ স্বল্পবসনা মোহময়ী অভিনেত্ৰীৰ গা ৰাঁইজাই কৰা নৃত্য-গীত জীয়া-শিল্প এটাৰ মঞ্চত স্থান দিয়াৰ পিছফালে আছে প্ৰচণ্ড অৰ্থলালসা ৷ এই অৰ্থ-লালসাই বৰ্তমানে ভ্ৰাম্যমাণৰ মঞ্চত লেলিহান ৰূপ লোৱা বুলি বহুতে আপত্তিও উত্থাপন কৰিছে ৷ এনেকৈয়ো কোৱা শুনিছো, ভ্ৰাম্যমাণ থিয়েটাৰৰ পূৰ্বৰ হাঁহি-কান্দোনৰ আৱেগময়তা, বৰ্তমানে বসন-দেহকেন্দ্ৰিক সস্তীয়া বিলাসিতালৈ পৰ্যবসিত হৈছে ৷ কোনোবাই ক’ব পাৰে, ভ্ৰাম্যমাণ থিয়েটাৰ চিৰদিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব নেকি? নিশ্চয় নাথাকে ৷ পৰিৱৰ্তনেই সত্য, পৰিৱৰ্তনৰ অৰ্থই নতুনত্ব ৷ কিন্তু নতুনত্বৰ বিকাশ নেতিবাচক হ’বই নোৱাৰে ৷ ইতিবাচক অগ্ৰগতিয়েহে নতুনত্বক অৰ্থময় আৰু শ্ৰদ্ধাশীল কৰি তোলে ৷ ভ্ৰাম্যমাণ থিয়েটাৰ এক বিশাল বিষয় ৷ ভ্ৰাম্যমাণৰ নাটকৰ নন্দনৰস- বহু কথাই ক’ব লগা আছে ৷ সৰু নিবন্ধ এটাত সকলোবোৰ সামৰিব নোৱাৰি ৷

শেষত আমাৰ ক’বলগীয়া হ’ল, ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এটা জাতীয় অনুষ্ঠান ৷ ভ্ৰাম্যমাণ থিয়েটাৰে যদি অসমৰ নানা অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়াত আৰ্থিকভাৱে সহায় আগবঢ়াইছে, অসমৰ স্থানীয় সমিতি আৰু দৰ্শকেও ভ্ৰাম্যমাণৰ শিল্পী, কলা-কুশলী আৰু প্ৰযোজকক ভাত-কাপোৰ, ঘৰ-গৃহস্থালী, বেংক বেলেঞ্চ সকলো দিছে ৷ এইবাবেই ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ মানুহৰ চিন্তা-চেতনাক উদ্দীপক কৰিব লাগিব ৷ জাতীয় বিষয়বোৰক ভ্ৰাম্যমাণৰ মঞ্চলৈ আনিব লাগিব, এই মুলুকৰ মানুহৰ ঐতিহ্য-পৰম্পৰা আৰু সুস্থ ৰুচিবোধৰ প্ৰতি শ্ৰদ্ধাশীল হ’বই লাগিব ৷

ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যৎ লৈ আমি চূড়ান্তভাৱে আশাবাদী ৷

– সংগ্ৰাহক: ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য,

ৰসায়ন বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়

(৯৭০৭২০৯৬৫৯)

ই-মেইল: [email protected]

অন্যান্য লেখা :

Share.

Leave A Reply