ভ্ৰাম্যমাণ থিয়েটাৰঃ অতীত, বৰ্তমান আৰু ভৱিষ্যত (১)

0

১৯২১ চন৷ ব্ৰজনাথ শৰ্মা ওলাই আহিল বাণিজ্যিক যাত্ৰা দল গঠন কৰিবলৈ৷ নিজে পৰিচালক হৈ ‘শিলা কালিকা অপেৰা পাৰ্টী’ গঠন কৰিলে৷

উক্ত সময়ছোৱাতে আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতাৰ অসহযোগ আন্দোলন৷ স্বাধীনতাৰ আন্দোলনে সাহিত্য-সংস্কৃতিৰ কাৰ্য্যসূচী স্থবিৰ কৰিব পৰা নাছিল৷ ১৯২৩ চনত নিজৰ গাওঁ শিলা, বৰপেটা, পাটবাউসী সত্ৰ আদিত নাট মঞ্চস্থ কৰি ‘শিলা কালিকা অপেৰা’ গুৱাহাটী অভিমুখে আগবাঢ়িল৷ উজান বজাৰৰ ৰাজহুৱা পূজাস্থলীত সেইবাৰৰ পূজাৰ বতৰতে ‘ৰাণা-প্ৰতাপ’ আৰু ‘বাজীৰাওঁ’ নাটক দুখন মঞ্চস্থ হ’ল৷ গুৱাহাটীৰ পৰা ঘূৰি আহি নলবাৰীৰ পূজাস্থলীত পুনৰ নাট্যাভিনয় আৰম্ভ হ’ল৷ দৰ্শকে ভূয়সী প্ৰশংসা কৰিলে৷ সেয়া অসমৰ ভ্ৰাম্যমাণ যাত্ৰা দলৰ আৰম্ভণি৷ (বাবুল দাস জীৱন নাটৰ ভাৱৰীয়া, পৃ:১৬-১৭)৷ ১৯২৪ চনৰ দুৰ্গাপূজাৰ সপ্তমীৰ দিনা ৰঙ্গমঞ্চত জ্যোতিপ্ৰসাদৰ ‘শোনিত-কুঁৱৰী’ মঞ্চস্থ হ’ল আৰু আৰম্ভ হ’ল অসমীয়া নাটকৰ অন্য এক অধ্যায়৷

১৯২৪ চনৰ মে’ মাহত ‘শিলা কালিকা অপেৰা’ যাত্ৰা দল নানান কাৰণত বন্ধ হ’ল৷ ব্ৰজনাথ শৰ্মা কিন্তু নিৰাশ নহ’ল, পুনৰ ১৯২৪ চনৰ নৱেম্বৰ মাহত ৭০ টকীয়া মাহিলী মাননিৰে ‘গণক গাড়ী অপেৰা পাৰ্টী’ৰ আখৰা আৰম্ভ কৰিলে৷

১৯৩০ চন, আৰম্ভ হ’ল ‘আসাম কহিনুৰ অপেৰা পাৰ্টী’৷ পৰিচালক ব্ৰজনাথ শৰ্মাৰ৷ স্থান সৰভোগ; উজনি-নামনিৰ শিল্পীৰে সৰভোগ উখল মাখল হ’ল৷ তেজপুৰৰ ডেকা ফণী শৰ্মাও ফুটবল খেলিবলৈ গৈ কহিনুৰ অপেৰাত যোগদান কৰিলে৷ নাটক চলিল৷ কিন্তু ঘটনাক্ৰমত অনুভৱ কৰিলে নাৰী চৰিত্ৰত ছোৱালী নহ’লে দৰ্শকে গ্ৰহণ নকৰে৷ কাৰণ সেই সময়ত কলিকতাৰ পৰা অহা যাত্ৰা পাৰ্টীত নাৰী চৰিত্ৰ নাৰীয়েই কৰিছিল৷ কলিকতীয়া যাত্ৰাত দৰ্শকৰ ভিৰ৷ ব্ৰজনাথ শৰ্মাই থিৰাং কৰিলে যে ছোৱালী (যোৰহাটৰ) লাগিবই৷ নানান সংগ্ৰাম কৰি পুৰণিগুদামৰ গোলাপী আৰু সৰ্বেশ্বৰীক (দুয়ো বাই-ভনী) নাটকৰ অভিনয়লৈ আনিলে৷ ইও এক কাহিনী৷ সমাজে ব্ৰজ শৰ্মাক সমালোচনাৰে থকা সৰকা কৰিলে৷ প্ৰথমতে ব্ৰজ শৰ্মাই ছোৱালী দুজনীক নাটক কৰিবলৈ দিয়া নাছিল৷ চন্দ্ৰ চৌধুৰীয়ে নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল৷ মানুহে বিশ্বাস কৰা নাছিল, যোৰহাটত এনেকুৱা অৱস্থা হৈছিলগৈ যে ছোৱালী হয়নে নহয় প্ৰমাণ চাবৰ বাবে গ্ৰীনৰুমত চন্দ্ৰ চৌধুৰীৰ বস্ত্ৰ-হৰণৰ নিচিনা কাণ্ড হৈছিল৷ … সেয়া বহুত কাহিনী, কিন্তু ব্ৰজনাথ শৰ্মাই সকলো অপযশ মূৰ পাতি লৈ মঞ্চত সহ-অভিনয় আৰম্ভ কৰিলে৷ ক’ৰবাত ক’ৰবাত সহ অভিনয়ক সমাজৰ ভ্ৰষ্টাচাৰ আখ্যা দি নাটক বন্ধ কৰিলে ক্ষোভিত ৰাইজে৷ টিকটৰ পইচাও ঘূৰাই দিব লগা হ’ল৷

১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ কহিনুৰ ভ্ৰাম্যমাণ চলিল৷ ১৯৩৬ চনত ৬০০০ টকা ধাৰৰ বোজা লৈ ব্ৰজনাথ শৰ্মাই কহিনুৰ অপেৰা বন্ধ কৰিলে৷ কহিনুৰ অপেৰা বন্ধ হোৱা মূল কাৰণসমূহৰ ভিতৰত প্ৰথম: ফণী শৰ্মাই কহিনুৰ অপেৰা এৰি আহি নাহৰকটীয়াৰ ওচৰৰ জয়পুৰৰ ভদ্ৰকান্ত গগৈ প্ৰযোজিত ‘আসাম আইডিয়েল থিয়েটাৰ পাৰ্টী’ত যোগদান কৰিলে৷ লগত লৈ আহিল দুৰ্দান্ত অভিনেতা চন্দ্ৰ চৌধুৰীক৷ দ্বিতীয়: বোলছবিৰ প্ৰচলন৷ তৃতীয়: কলিকতীয়া থিয়েটাৰ৷

অসমৰ প্ৰথমজনা ভ্ৰাম্যমাণ থিয়েটাৰৰ পথ প্ৰদৰ্শক ব্ৰজনাথ শৰ্মাক কহিনুৰ অপেৰাই সৰ্বস্বান্ত কৰিলে৷ তেওঁৰ সঞ্চিত ধন গ’ল, খেতি কৰা মাটিৰ আধাখিনি গ’ল, চিকিৎসাৰ অভাৱত থিয়েটাৰ কৰি থাকোঁতে পুত্ৰৰ বিয়োগ ঘটিল৷ সেইখিনি দীঘলীয়া কাহিনী; কিন্তু সেই চিৰনমস্য ব্যক্তিগৰাকীয়ে অসমৰ নাট্যসাধকসকলক এক নতুন পথৰ সন্ধান দিলে৷ সেই পথেৰে পুনৰ বাট বুলি ফণী শৰ্মাই আনুমানিক ১৯৩৬ চনত গুৰুপ্ৰসাদ বৰঠাকুৰৰ অৰ্থেৰে আৰম্ভ কৰিলে ‘অসম ষ্টাৰ থিয়েটাৰ পাৰ্টী’৷ কিন্তু ‘আসাম ষ্টাৰ থিয়েটাৰ পাৰ্টী’ও বৰ বেছি বছৰ নচলিল৷ (সহায়ক গ্ৰন্থ: কটনিয়ান, ৮১ সংখ্যা, প্ৰবন্ধ: বোলছবি বনাম ভ্ৰাম্যমাণ থিয়েটাৰ, অনুৰাগ শইকীয়া)

১৯৬৩ চন৷ পাঠশালাৰ ভাতৃদ্বয়- অচ্যুত লহকৰ আৰু সদা লহকৰ৷ সদা লহকৰে প্ৰযোজনা কৰা ‘নটৰাজ অপেৰা’ক জ্যেষ্ঠ ভাতৃ অচ্যুত লহকৰে নতুন নামাকৰণ কৰিলে- ‘নটৰাজ থিয়েটাৰ’৷ যাত্ৰা পাৰ্টী, অপেৰা ইত্যাদি ধৰণৰ ভ্ৰূণৰ পৰা অংকুৰিত হ’ল এটি নতুন নাম – ‘ভ্ৰাম্যমাণ থিয়েটাৰ’, এক স্বাধীন নাট্যধাৰা৷ বঙালী নাট্যযোদ্ধা শম্ভু মিত্ৰ আৰু উৎপল দত্তৰ ভাষাত- ‘অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লেখীয়া নাটকৰ অনুষ্ঠান পৃথিৱীৰ ক’তোৱেই নাই৷’

নটৰাজ নাট্য-পৰীক্ষা:

স্বৰাজ লাভৰ আগৰ বা পিচৰ ভালেমান অসমীয়া সাহিত্যসেৱী আৰু সংস্কৃতি পূজাৰীয়ে কলকাতাৰ সৈতে একধৰণৰ বৌদ্ধিক সম্পৰ্ক স্থাপন কৰিছিল৷ অচ্যুত লহকৰৰো কলকাতাৰ নাট্য যোদ্ধাসকলৰ সৈতে সম্পৰ্ক আছিল বেচ অন্তৰংগ৷ তেওঁৰ সততে তেতিয়াৰ কলিকতাৰ যাত্ৰা বা প্ৰ’চেনিয়াম মঞ্চত অনবৰতে হৈ থকা সম্পৰীক্ষাবোৰৰ খা-খবৰ ৰাখিছিল আৰু ভ্ৰাম্যমাণ থিয়েটাৰক আধুনিক ৰূপদান কৰাৰ বাবে এলানি পৰীক্ষা-নিৰীক্ষাৰ আশ্ৰয় লৈছিল৷ যোৱা শতিকাটো ৮০ৰ দশকলৈকে ভ্ৰাম্যমাণ থিয়েটাৰত অসমীয়ালৈ অনুবাদ বা অভিযোজন কৰা বঙালী বাণিজ্যিক নাটকৰ প্ৰাধান্য অদমনীয় হৈ আছিল৷ কলকতাৰ নাট্য-কোম্পানীবিলাকৰ ব্যৱসায়িক ক্ষেত্ৰত সফল নাটকবোৰ সংগ্ৰহ কৰি (এতিয়া বলিউডৰ বক্স অফিচ হিট নাটকবোৰ নকল কৰা লেখীয়াকৈ) অসমীয়ালৈ ৰূপান্তৰ কৰি ভ্ৰাম্যমাণৰ মঞ্চত উখল মাখল লগোৱাতো একপ্ৰকাৰৰ নিয়মত পৰিণত হৈছিল৷ আনকি, ভ্ৰাম্যমাণৰ বহু নাট্যকাৰে বঙালী নাটকৰ কাহিনী, চৰিত্ৰক মাৰি অসমীয়ালৈ অনুবাদ কৰা নাটকক নিজৰ মৌলিক ৰচনা বুলি ভ্ৰাম্যমাণৰ মঞ্চত মেলি দিছিল৷ শ্ৰদ্ধেয় ধৰণী বৰ্মনে এবাৰ কৈছিল যে মৌলিক অসমীয়া নাটকতকৈ তেওঁ বহু বছৰ বঙালী অনুবাদ নাটকৰ ওপৰত ভৰসা কৰিছিল৷ ‘নটৰাজ থিয়েটাৰ’ৰ প্ৰযোজকে যুগান্তকাৰী নাটক ‘সতী বেউলা’ৰ মঞ্চায়নৰ সময়ত থিয়েটাৰৰ মঞ্চত চিনেমাৰ দৃশ্য প্ৰদৰ্শন কৰাকে ধৰি, চলন্ত মঞ্চ, এৰেনা থিয়েটাৰৰ পৰীক্ষা কৰাৰ লগতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক সৰ্বভাৰতীয় স্বৰূপ প্ৰদান কৰাৰ বাবে হিন্দীভাষী অভিনেতা-অভিনেত্ৰীক হিন্দী বলয়ৰ পৰা আনি পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশৰ মাটিত নাট মঞ্চস্থ কৰিছিল৷ এয়া নিঃসন্দেহে অচ্যুত লহকৰ ডাঙৰীয়াৰ এক দুঃসাহসিক কাম৷ একেদৰে, সদা লহকৰে ‘নটৰাজ শিল্পী নিকেতন’ (পিছলৈ আৰাধনা থিয়েটাৰ)ৰ মঞ্চত ৰুচিসন্মত ভাল নাটক মেলি ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ যোগ্যতা (নাটকঃ পৃথিৱীৰ প্ৰেম) অৰ্জন কৰিছিল৷

(আগলৈ)

সংগ্ৰাহক: ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য,

ৰসায়ন বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়

(৯৭০৭২০৯৬৫৯)

ই-মেইল: [email protected]

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.