ভাৰতীয় সুস্থ কৃষি পৰম্পৰা

0

আজি কিছুদিন আগতে জাৰ্মানী ভ্ৰমণৰত এজন ফেচবুক-বন্ধুৱে তাত প্ৰত্যক্ষ কৰা সুবিশাল শস্যক্ষেত্ৰৰ বৰ্ণনাৰে এক সুন্দৰ আপডেট দিলে ৷ তেওঁৰ আক্ষেপ এয়ে,- কৃষি নিৰ্ভৰশীল ভাৰতবৰ্ষত কিয় এনে এখন ছবিৰ অভাৱ ? নিশ্চয়কৈ, উন্নত দেশৰ বিস্তীৰ্ণ এলেকাৰ একেটা খেতিৰে একোখন বৃহৎ পথাৰ দেখিলে, প্ৰত্যেকজন সচেতন নাগৰিকৰ মনত স্বদেশত দেখিবলৈ নোপোৱা ছবি এখনে আমনি কৰিব ৷ ইয়াত অস্বাভাৱিকতা একো নাই ৷ মানুহৰ এটা সাধাৰণ প্ৰবৃত্তি হ’ল,- নিজতকৈ আনৰ উৎকৃষ্ট বস্তুবোৰ সহজেই চকুত পৰে আৰু আনৰটো বেছি ভাল যেন অনুভৱ হয় ৷ এই প্ৰবৃত্তি অকল যে আমি ভাৰতীয়সকলৰে বৈশিষ্ট্য তেনে নহয়, বিদেশৰ মানুহেও আমাৰ দেশ পৰিভ্ৰমণ কৰিবলৈ আহিলে উপলব্ধি কৰে যে আমি কিছুমান ক্ষেত্ৰত তেওঁলোকতকৈ অধিক আগবঢ়া আৰু উন্নত ৷ এটা সৰু উদাহৰণ এইখিনিতে দাঙি ধৰিব বিচাৰিছোঁ ৷ সেয়া ২০০৭ চন ৷ ভবিষ্যতে জেনেটিক ইঞ্জিনিয়াৰিঙেৰে প্ৰস্তুত কৰিব পৰা কবিজাতীয় পাচলিৰ বিৰুদ্ধে অপকাৰী কীট পতংগই প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে নেকি ? এনেকুৱা এটা বিষয়ত “চিনিয়ৰ ৰিচাৰ্চ ফেল’ ” ৰূপে নতুন দিল্লীত অৱস্থিত “ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ” (Indian Agricultural Research Institute)ত গৱেষণাৰ লগত জড়িত হৈ থকা সময়ছোৱাত, এক পৰীক্ষণৰ সংক্ৰান্তত হিমাচল প্ৰদেশৰ বজৌৰাস্থিত “হিমাচল প্ৰদেশ কৃষি বিশ্ববিদ্যালয়”ৰ অতিথিশালাত দুনিশা কটাবলগা হৈছিল ৷ মোৰ লগত আছিল ইৰাণৰ পৰা ভাৰতত আহি পি.এইচ.ডি. কৰি থকা হজত মেহমুদি নামৰ এজন ছাত্ৰ ৷ আজৰি পৰত আমি দুয়োয়ে পৰস্পৰৰ দেশৰ ভাষা সংস্কৃতিৰ কথা পাতিছিলোঁ ৷ হজতৰ ভাৰত সম্পৰ্কে থকা এক দৃষ্টিভংগিয়ে আজিও মনত খুন্দিয়াই থাকে ৷ হজতে উপলব্ধি কৰিছিল যে,- মোগলে পাৰ্চীয়া মানে এতিয়াৰ ইৰাণ আৰু ভাৰত দুয়োঠাইতেই আক্ৰমন কৰিছিল ৷ সৰ্বকালৰ এক সুনিপুন যোদ্ধা মংগোলৰ জেংঘিজ খাঁই, সেই সময়ৰ সভ্য সমাজৰ বাবে বিজ্ঞান-কলা–সংস্কৃতিৰ অন্যতম পৃষ্ঠভুমি পাৰ্চীয়াক দখল কৰিবলৈ সৰ্বপ্ৰথমে গুণী-জ্ঞানী লোক সকলক বৰ্বৰভাবে হত্যা কৰিছিল ৷ তেওঁ বিশ্বাস কৰিছিল যে,- সমাজক পৰিচালিত কৰা লোকসকলক নিঃশেষ কৰাৰ পাছত বাকী নেতৃত্বহীন সাধাৰণ মানুহক বিনা প্ৰতিবাদে বশ কৰিব পাৰি ৷ পাৰ্চীয়াৰ সেই সময়ৰ মুঠ জনসংখ্যাৰ তিনি-চতুৰ্থাংশ অৰ্থাৎ প্ৰায় ১০-১৫ নিযুত মানুহ, জেংঘিজ খাঁৰ নৃশংসতাৰ বলি হৈছিল ৷ কিন্তু ইৰাণত ধ্বংসলীলা চলোৱাৰ বিপৰীতে সেই জেংঘিজ খাঁৰ বংশধৰ মোগল সকলে ভাৰতৰ বিভিন্ন স্থানত নানা ধৰণৰ চিৰযুগমীয়া স্থাপত্যৰ সৃষ্টি কৰি থৈ গ’ল ৷

বহিঃৰাষ্ট্ৰৰ মানুহৰ আমাৰ ভাৰতীয় দৰ্শনৰ প্ৰতি থকা অগাধ বিশ্বাসৰ কথা আন এটা উদাহৰেণেৰে দিব খুজিছোঁ ৷ ১৯৪৫ চনৰ ১৬ জুলাইত, মাৰ্কিন পদাৰ্থ বিজ্ঞানী অপেনহেইমাৰে নিউ মেক্সিক’ত পাৰমানৱিক বোমাৰ পৰীক্ষণৰ সময়ত, বিস্ফোৰিত বোমাৰ পৰা নিৰ্গত উজ্জ্বল আভা প্ৰত্যক্ষ কৰি মদ্ভাগৱত গীতাৰ এটা শ্লোক আওৰাইছিল৷ মুঠতে, আনদেশৰ মানুহেও আমাৰ কেতবোৰ বিষয়ক শ্ৰেষ্ঠ বুলি বিবেচনা কৰে ৷ বহুতে আচৰিত হ’ব যে, জাৰ্মানীয়ে ভাৰতৰ পৰা জৈৱিক কৃষি কেনেকৈ কৰিব লাগে শিকিছে ৷ খেতি পথাৰত মন্ত্ৰাদি পাঠ কৰি হোম পুৰি ধনাত্মক শক্তিৰ সৃষ্টিৰে কৃষি কৰাৰ পৰীক্ষাও জাৰ্মানীয়ে কৰিছে ৷

 

এতিয়া আকৌ মুল আলোচনালৈ ঘুৰি আহো ৷ অঞ্চল বিশেষে ভাৰতীয় সকলৰ খাদ্যাভাস বেলেগ আৰু বেছিভাগ কৃষকৰ নিজস্ব খেতি মাটি তেনেই নগন্য হোৱাৰ পৰিপ্ৰেক্ষিতত কম কমকৈ ভিন ভিন খেতি, সামান্যতম যান্ত্ৰিকীকৰণেৰে কৰাৰ ফলত, এটা খেতি নষ্ট হ’লেও আন এটা খেতিৰ উৎপাদনে আমাক দুৰ্ভীক্ষ মুক্ত কৰি ৰাখিবলৈ সক্ষম ৷ একেটা খেতি বিশাল অঞ্চল জুৰি মানে Monocropping কৰিলে, বেমাৰ আজাৰৰ প্ৰাদূৰ্ভাৱ বাঢ়ি গোটেই খেতি নষ্ট হোৱাৰ সম্ভাৱনা অধিক, যাৰ পৰিণতিত কেইবাকোটি ভাৰতীয়ই অনাহাৰে থাকিবলগীয়া পৰিস্থিতিও উদ্ভৱ হ’ব পাৰে ৷ উন্নত দেশ সমূহত কৃষি উদ্যোগৰ লগত মাত্ৰ ২-৩% মান মানুহহে জড়িত, কিন্তু ভাৰতৰ ৭০% জনসংখ্যাই কৃষি নিৰ্ভৰশীল ৷ উন্নত দেশৰ লেখীয়াকৈ মাত্ৰ কেইজনমান পুঁজিপতিয়ে, হেজাৰ হেজাৰ হেক্টৰ মাটিত যন্ত্ৰৰে কঠীয়া সিঁচি, কঠীয়া পাৰি, এৰোপ্লেনেৰে সাৰ-কীটনাশক চটিয়াই, যন্ত্ৰৰেই পথাৰতে ধান চপাই মৰণা মাৰি চাউল উলিয়াই বা ঘেঁহুৰ পৰা আটা তৈয়াৰ কৰি কৃষি উদ্যোগটো মুঠিবদ্ধ কৰিলে, বাকী কৃষি শ্ৰমিক সকলৰ জীৱিকাৰ উৎস কি হ’ব ? দুজনে মহাৰ্ঘ খাই দহজনে খালী পেটে শোৱাপাটিত পৰাতকৈ, বাৰজনে অন্ততঃ কৰ্কৰা ভাত খাবলৈ পোৱাটোয়েই নিশ্চয় ভাল ৷ অৱশ্যে ইয়াত আধুনিক কৃষি ব্যৱস্থাপনা তথা যান্ত্ৰিকীকৰণক নস্যাৎ কৰি পশ্চাৎমুখি চিন্তা ব্যক্ত কৰিব বিচৰা নাই যদিও এইকথা অৱজ্ঞা কৰিলে নহ’ব যে,- সেউজ বিপ্লৱেৰে গোটেই দেশৰ দুৰ্ভীক্ষ নিবাৰণত নেতৃত্ব লোৱা পাঞ্জাৱ-হাৰিয়ানাত যধেমধে কৃত্ৰিম ৰসায়নিক দ্ৰব্যৰ অপব্যৱহাৰৰ ফলত মাটি-পানী-বায়ু সকলো প্ৰদূষিত হৈ পৰিছে ৷ পতংগ নিয়ন্ত্ৰণৰ অমোঘ অস্ত্ৰ ডি. ডি. টি. কৃষিক্ষেত্ৰত কোন কাহানিবাই নিষিদ্ধ কৰাৰ পাছতো, হাৰিয়ানাৰ সদ্যজাত শিশুৱে এতিয়াও মাতৃদুগ্ধৰ লগত খাদ্য শৃংখলেৰে সোমাই পৰা এই কীটনাশক পান কৰে ৷ এই দুখন ৰাজ্যৰ মাটি-পানী প্ৰদূষণমুক্ত কৰিবৰ বাবে তেওঁলোকৰ চৰকাৰে ডেইৰী খণ্ডক গুৰুত্ব দি গোবৰেৰে কৃষি কৰাত প্ৰাধান্য দিছে ৷

মন কৰিবলগীয়া কথাটো হ’ল,- বিশালাকাৰ পথাৰত একেটা খেতি কৰ্ষণ কৰাৰ ফলত পোক-পতংগ, বেমাৰ-আজাৰৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই আৰু ইয়াৰ লগত তাল মিলাই, কৃত্ৰিম ৰসায়নিক দ্ৰব্যৰ মাত্ৰা বঢ়াই গৈ থাকিলে পোক পতংগৰো প্ৰতিৰোধ ক্ষমতা ক্ৰমশঃ বৃদ্ধি হৈ গৈ থাকে আৰু এসময়ত কৃত্ৰিম ৰসায়নিক দ্ৰব্যবোৰ অপকাৰী কীট-পতংগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াহীন হৈ পৰে৷ বহিঃশত্ৰুৱেও কেতিয়াবা এনে পথাৰ ধ্বংস কৰি এখন দেশক অনিষ্ট কৰিব পাৰে ৷ বৰ্তমান সাম্য-মৈত্ৰীৰ যুগত যদিও প্ৰাসংগিকতা নাই তথাপি অপতৃননাশকেৰে কৃষিভুমি বিনষ্ট কৰি শত্ৰুদমনৰ এক ক’লা ইতিহাস ইয়াত সাঙুৰিব খুজিছোঁ৷ ১৯৫৬-৭৫ চনৰ ভিয়েটনাম যুদ্ধৰ মাজৰছোৱা সময়ত, উগ্ৰপন্থী সংগঠন “নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট”ক দমনৰ বাবে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত দক্ষিণ ভিয়েটনামৰ ২০ হেজাৰ বৰ্গ কিলোমিটাৰ জংঘল আৰু দুহেজাৰ বৰ্গ কিলোমিটাৰ কৃষিভুমিত প্ৰায় ৫.৭৫ কোটি লিটাৰ এজেন্ট অৰেঞ্জ অপতৃননাশক এৰোপ্লেনেৰে ছটিয়াই দিয়া হৈছিল ৷ এজেন্ট অৰেঞ্জ হ’ল,- সুমথিৰা বৰণীয়া 2,4,5-T আৰু 2,4-D নামৰ দুবিধ অপতৃননাশকৰ মিশ্ৰন ৷ অধিক মাত্ৰাত অপতৃননাশকে অন্যান্য তৃনজাতীয় শস্যও ধ্বংস কৰিব পাৰে৷ খেতি পথাৰত এজেন্ট অৰেঞ্জৰ প্ৰয়োগেৰে শস্য নষ্ট কৰি ভোকাৰ্ত শত্ৰুক হত্যা কৰাৰ লগতে ঘনঘোৰ অৰণ্যত লুকাই থকা শত্ৰুক সহজে আক্ৰমনৰ পৰিকল্পনা কৰাৰ সময়ত মানৱ স্বাস্থ্যৰ প্ৰতি আহিব পৰা ভাবুকিক আওকান কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল এজেন্ট অৰেঞ্জৰ অবিবেচিত ব্যৱহাৰে কেইবাহাজাৰ নিৰপৰাধী মানুহক পংগু কৰাৰ ওপৰিও বহুহাজাৰ শিশুৱে জন্মগত খুঁত লৈ ওপজিছিল ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তত্বাৱধানত আৰম্ভ হোৱা এই পৰিবেশ বিধ্বংসী কাৰ্যক্ৰমনিকাৰ বাবে বিশ্বৰ বিদ্বৎ সমাজ অসন্তুষ্ট হৈ পৰে আৰু ১৯৬৭ চনত ১৭জন নোবেল প্ৰাপক আৰু ৫ হাজাৰ অন্যান্য সচেতন ব্যক্তিয়ে এই ধ্বংসলীলা সমাপ্ত কৰিবৰ বাবে আহ্বান জনাই ৷ ইতিহাসৰ এইবোৰ ঘটনাক উপেক্ষা কৰা অনুচিত, কিয়নো সময়ে সময়ে ইতিহাসৰো পুনৰাবৃত্তি ঘটে ৷

 

হাইদৰাবাদস্থিত “ৰাষ্ট্ৰীয় বনস্পতি স্বাস্থ্য প্ৰবন্ধন সংস্থান” (NIPHM)ৰ মহানিৰ্দেশক ড০ কে. পি. সত্যগোপালৰ এক অভিমতেৰে আজিৰ আলোচনা সামৰিম ৷ কৃষি ক্ষেত্ৰত পোক-পতংগ নিৰ্মূলৰ বাবে সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সকলোৰে জ্ঞাত ৷ ১৯৬৭ চনৰ পৰা বিশ্ব খাদ্য সংস্থাই গুৰুত্ব প্ৰদান কৰা “সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা” (Integrated Pest Management বা চমুকৈ IPM)ত,- অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে শস্য পৰিচৰ্যা, ভৌতিক, যান্ত্ৰিক, জৈৱিক, থলুৱা প্ৰযুক্তি কৌশল আদি নিয়ন্ত্ৰণ ব্যৱস্থা সমূহ যথাযথভাবে ব্যৱহাৰ কৰাৰ পাছতো যদি অপকাৰী কীট-পতংগই অৰ্থনৈতিক ক্ষতিকাৰী সীমা (Economic Threshold Level বা ETL ,- মানে পতংগনাশক ব্যৱহাৰৰ লক্ষ্মণৰেখা) অতিক্ৰম কৰে তেতিয়াহে কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ অনুমতি দিয়া হয় ৷ ভাৰত চৰকাৰে ১৯৮৫ চনৰ পৰা “সু-সংহত পতংগনাশক ব্যৱস্থাপনা”ক, চৰকাৰী যোজনাৰ অন্তৰ্ভুক্ত কৰিছে ৷ কিন্তু ৰাসায়নিক কীটনাশকৰ অবিবেচনীয় ব্যৱহাৰৰ ফলত অপকাৰীৰ লগতে উপকাৰী কীট-পতংগও ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ ফলত এই ব্যৱস্থাপনা সমালোচনাৰ সম্মুখীন হ’বলৈ ধৰিলে ৷ সমালোচক সকলে, “সু-সংহত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা”ক “সু-সংহত পতংগনাশক ব্যৱস্থাপনা” নামেৰে অভিহিত কৰিব ধৰিলে ৷ আমি সকলোৱে এতিয়া উপলব্ধি কৰিছোঁ যে,- কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগে আমাৰ পৰিবেশতন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিছে ৷ কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগক প্ৰাকৃতিক ভাবে দমন কৰি থকা মকৰা, জিঁঞা আদি জীৱবোৰৰ সক্ৰিয়তাৰ বাবে কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ শস্যৰক্ষা কৰিব পৰা যায় ৷ ইয়াক Ecological Engineering বুলি কোৱা হয়, শ্ৰুতিমধুৰ এই শব্দটোৰ লগত কোনো “ৰকেট চাইঞ্চ” জড়িত নহয় যদিও ই মানুহক খাদ্য সুৰক্ষা দিবলৈ সক্ষম৷

 

– ৰুদ্ৰ নাৰায়ণ বৰকাকতি

পতংগতত্ব বিশেষজ্ঞ

কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাট

অসম কৃষি বিশ্ববিদ্যালয়

ই-মেইলঃ [email protected]

অন্যান্য লেখা :

Share.

Leave A Reply