ভাল মানুহৰ কাম

0

আদিত্য- বিহাৰৰ এখন সৰু গাঁওৰ পৰা নিজক প্ৰতিষ্ঠা কৰাৰ এবুকু প্ৰত্যাশাৰে পঢ়িবলৈ অহা ল’ৰা ৷ আমাৰ সহপাঠী, ভাল বন্ধু ৷

ল’ৰালি কালত সি কান্ধৰ হাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ অস্ত্ৰোপচাৰৰ পিছৰপৰা তাৰ সোঁ-কান্ধখন এঢলীয়া ৷ বাঁওহাতৰ মধ্যমা আঙুলিটোৰ আগঅংশ সৰুতে আঘাত লাগি উফৰি পৰিছিল, আঙুলিটোৰ নখটোৱে তেতিয়াৰপৰাই বিকৃত ৰূপ লোৱা ৷ ইমানৰ পিছতো ল’ৰাজন কিন্তু সদায়েই হাঁহিমুখীয়া ৷ হাঁহিৰে দুখ ঢাকিব খোজা দুৰ্দান্ত সাহস তাৰ ৷ সকলোৰে মাজত জনপ্ৰিয় এই ল’ৰাজনেই এটা বহুত ডাঙৰ কাম কৰিলে ৷ আমাৰ চকুত এই কামটোৱেই তাক আৰু মহান কৰি তুলিলে ৷

বিহাৰৰ ভিতৰুৱা অঞ্চলসমূহৰ কিছুলোকে এতিয়াও বাল্যবিবাহ প্ৰথাক অন্ধভাৱে সমৰ্থন কৰে ৷ মাক-দেউতাকৰ ৰঙা চকুৰ কাঢ়া শাসনৰ আগত পখিলা খেদা বয়সতে দায়িত্বৰ গধুৰ ওৰণি টানি বিবাহত বহিব লগা হয় বহু নাবালিকাই ৷ আদিত্যৰ সম্পৰ্কীয় ভনীয়েক এজনীয়েও এনে পৰিস্থিতিৰ মুখামুখি হ’ব লগা হ’ল ৷ তাইৰ নাম তৰালি ৷ যি বয়সত দেশৰ অন্যান্য ঠাইৰ ছোৱালীয়ে চোতালত বালিঘৰ সাজে, মূষলধাৰ বৰষুণত তিতি বৈ যোৱা কাগজৰ সুঁতিত নাওঁ উটুৱায়, সেই বয়সতে তৰালিয়ে নিৰ্বিবাদে সমৰ্থন জনাব লগা হ’ল বাল্যবিবাহক ৷ আয়োজন কৰা হ’ল বৰভোজৰ ৷ গাঁওবাসী আনন্দোৎসৱত মতলীয়া হ’ল ৷ বিহাৰৰ তপ্ত পৰিবেশত পলকতে বাষ্প হৈ উৰি গ’ল তৰালিৰ শোকাৰ্ত চকুলো ৷

কথাটো আদিত্যৰ কাণটো পৰিলহি ৷ পিচে আদিত্য কিন্তু এইজাক বলীয়া ধুমুহাত উভালি নপৰিল ৷ ভূপেনদাৰ গীতত সৰুদৈ-সৰুকণে সৰু সৰু সমাজ এৰি সৰু পুঠিমাছ হৈয়ো সৰু পুখুৰীতে বিজুলীক গিলাৰ সাহস দেখুৱাদি আদিত্যয়ো গাঁৱৰ সেই সমাজখনক প্ৰত্যাহ্বান জনালে ৷ প্ৰথমে তৰালিৰ মাক-দেউতাকৰ আগত বাল্যবিবাহৰ পৰৱৰ্তী কালৰ ভয়াৱহ ছবিখন সি দাঙি ধৰিলে ৷ কম বয়সতে সন্তানৰ মাতৃ হ’লে শৰীৰত তাৰ ঋণাত্মক প্ৰভাৱসমূহ কিদৰে পৰে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে এয়াও সি তৰালিৰ ঘৰখনক ভাঙি-পাতি ক’লে ৷ পিচে এয়া হ’লগৈ খোলাকাতিৰ তালহে ৷ আকোঁৰগোজ মাক-দেউতাকৰ কথা- “ছোৱালী হৈ জন্ম লৈছে যেতিয়া তৰালিয়ে এদিন বিয়াত বহিবই লাগিব ৷ সৰুতে জঞ্জালটো মাৰিব পাৰিলে ভালহে কথা…” এইবোৰ ‘ডাঙৰ মানুহৰ সিদ্ধান্ত’ৰ প্ৰতিবাদ কৰা হেতু আদিত্যই নিজৰ মাক-দেউতাকৰ পৰাও কটুবাক্য শুনিব লগা হ’ল ৷

আদিত্য কিন্তু পিচুৱাই নাহিল ৷ যাৰ অন্তৰত যুক্তি, সাহস, মৰম, দয়া সকলো থাকে, তেনে লোকে অন্যায় কামক কেতিয়াও মানি ল’ব নোৱাৰে ৷ আদিত্যই গোপনে কাষ চাপিল স্থানীয় বেচৰকাৰী সংস্থা এটাৰ ৷ সংস্থাটো লগ হ’ল আৰক্ষী বাহিনীৰ সৈতে ৷ আৰু তাৰ পিছৰখিনি..!

-বিদ্যালয়ৰ ৰেজিষ্টাৰ বহীখনত তৰালিৰ নাম আকৌ লিপিবদ্ধ হ’ল ৷ সমনীয়াৰ সৈতে কঁকালত গাগৰী লৈ তায়ো সমূহীয়া কুঁৱাটোলৈ পানী আনিবলৈ আকৌ যোৱা হ’ল ৷ বাষ্প হৈ উৰি যোৱা শোকাৰ্ত চকুলোবোৰ আশাৰ বৰষা হৈ সম্ভাৱনাৰ সেউজীয়া জগাবলৈ পুনৰ নামি আহিল তৰালিৰ জগতখনলৈ ৷

এই গোটেই ঘটনাপ্ৰৱাহৰ নায়ক হৈ ৰ’ল আদিত্য ৷ জীৱনৰ ৰণাঙ্গনত ক্ষত-বিক্ষত হৈয়ো যুঁজিবলৈ এৰি নিদিয়া আদিত্যই তৰালীক নতুন-জীৱন এটি উপহাৰ দিলে ৷ বয়সত সৰু হৈয়ো আদিত্যই ভাল মানুহৰ কাম কৰিলে ৷ আদিত্য- তোলৈ যাচিছোঁ এই বন্ধুৰ ‘লাল চালাম’ ৷ Hats off to you…

…আদিত্যৰ ঠিকনাত কালি এটা খাম আহিছে ৷ সি গৰ্ভত আলফুলে কঢ়িয়াই আনিছে নৱমৰ পৰা দশম শ্ৰেণীলৈ তৰালিয়ে শ্ৰেণীত প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, এবাকচ শুকান মিঠাই আৰু ময়ূৰৰ পাখিৰে সজা, শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চেনেহজৰীৰে গঁথা এটি বিনন্দীয়া ৰাখী ৷

(গোপনীয়তা ৰক্ষাৰ খাতিৰত চৰিত্ৰদ্বয়ৰ নাম সলাই দিয়া হৈছে ৷)

–      সমুজ্জ্বল ভৰদ্বাজ,

চলভাষ: ৯৯৭১৯-২০৬৭৮

প্ৰযত্নে: ৱাৰ্ডেন, একলব্য হল,

        আই. টি. এছ. ডেণ্টেল কলেজ, হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰ,

        গ্ৰেটাৰ নইদা, নলেজ পাৰ্ক-৩,  প্লট: ৪৯

         জিলা: গৌতম বুদ্ধ নগৰ,

         ডাকসূচাংক: ২০১৩০৮

        (উত্তৰ প্ৰদেশ)

 

অন্যান্য লেখা :

Share.

Leave A Reply