ভালপোৱা ডট্ কম

1

পদূলিমুখৰ পৰাই বৰুৱাই মন কৰিলে বোৱাৰীয়েক বাৰাণ্ডাত থিয় হৈয়ে আছে ৷ ক’ৰবাত তেওঁৰ কিবা এটা অঘটন ঘটে বুলি বোৱাৰীয়েকৰ সদায় চিন্তা ৷ অকণমান দেৰি হ’লেই ভয় কৰে ৷ ততাতৈয়াকৈ তেওঁ গৈ বাৰাণ্ডাত উঠিল ৷ বোৱাৰীয়েকে একো নোসোধাকৈয়ে তেওঁ কৈ গ’ল – ‘আজি অকণমান দূৰলৈকে গ’লো ৷ বতৰো ভাল ৷ গাড়ী-মটৰৰ বৰ বেছি ভিৰ নাই ৷ চিনাকী দুই-এজনক লগ পাই ইটো-সিটো কথা পাতোতে …’- হঠাৎ বৰুৱা ৰৈ গ’ল ৷ কথাখিনি কওঁতে বোৱাৰীয়েকৰ চকুৱে চকুৱে নপৰিবৰ কাৰণেই তেওঁ চেণ্ডেলযোৰ খোলা, ছাৰ্টৰ বুটাম খোলা জাতীয় কামবোৰ কৰি আছিল ৷ কিন্তু কোনোবা এটা মূহুৰ্তত তেওঁ ঘূৰি দিয়াত বোৱাৰীয়েকৰ চকুৱে চকুৱে পৰিল ৷ ঠিক সেই মূহুৰ্ততে তেওঁ মুখৰ কথাখিনি বন্ধ কৰি দিবলগীয়া হ’ল ৷ নকৰি তেওঁৰ উপায় নাছিল ৷ কাৰণ, নিমিষ নমৰাকৈ তেওঁলৈকে চাই থকা বোৱাৰীয়েকৰ চকু দুটাই যেন কৈ উঠিল – ‘জানো ৷ যিমান যি ক’লেও পাণবজাৰৰ পৰা পাক এটা নমৰাকৈ আপুনি অহা নাই ৷’ হঠাৎ বৰুৱাৰ মাকলৈ মনত পৰি গ’ল ৷

ফাকি দি ধৰা পৰা সৰু ল’ৰা এটাই মাকক ভুলাবলৈ মৰা হাঁহি এটা ওঁঠযুৰিলৈ আনি তেওঁ যেন হাঁহিব খুজিলে ৷ ‘মই চাহ আনো ৷ হাত-মুখ ধুই আহক ৷’ – কথাখিনিৰ লগে লগে বাৰাণ্ডাৰ লাইটো জ্বলাই বোৱাৰীয়েক ভিতৰলৈ সোমাই গ’ল ৷

বৰুৱা হাত-মুখ ধুবলৈ নগ’ল ৷

>আৰ্মচেয়াৰখন টানি বাৰাণ্ডাতে বহিল ৷ প্ৰায়ে আবেলি বৰুৱা খোজ কাঢ়িবলৈ যায় ৷ যোৱাৰ পৰত লাখুঁটিডাল হাতত দি উভতি নহালৈকে বোৱাৰীয়েক বাৰাণ্ডাত ৰৈ থাকে ৷ বৰ বেছি দূৰলৈ তেওঁ নাযায় ৷ বজাৰ কৰিবলগীয়া থাকিলে দুখোজ দিয়েই পোৱা বজাৰখনত দুই-চাৰি পাক মাৰে ৷ নাথাকিলে, নজাৰ নৌপাওঁতেই সোঁহাতে ঘূৰি অকণমান মুকলি মুকলি লগা ৰাস্তাটোৰ চাৰিআলিলৈকে যায় ৷ চাৰিআলিত থিয় হোৱাৰ লগে লগে চিটি বাছ, কেণ্টাৰকেইখন দেখিলে তেওঁৰ লোভ লাগি যায় – এপাক পাণবজাৰত ফুৰি আহিবলৈ ৷ পকেটত খুচুৰা পইচা চাই তেওঁ লাহেকৈ বাছ এখনত নিজকে সুমুৱাই দিয়ে ৷

পাণবজাৰৰ প্ৰীতি তেওঁৰ বহুদিনীয়া ৷ কটনৰ সমুখৰ ৰাস্তাটোৰে বুলি তেওঁ যৌৱন খেপিয়ায় ৷ ছুডমাৰ্চন হলৰ সমুখত তেওঁ এজাক গাভৰুৰ খিলখিল হাঁহি শুনি ৰৈ যায় ৷ উভতি চায় ৷ – নাই, তাত কোনো নাথাকে ৷ দীঘলীপুখুৰী পাৰত তেওঁৰ খোজবোৰ থৰক-বৰক হয় ৷ টেনিছ কৰ্টখন আজিকালি লুকাই থাকে ৷ পুথিভঁৰালৰ কাষত তেওঁলৈ কোনোবা ৰৈ থাকে নেকি? খৰখেদাকৈ আগবাঢ়ি গৈ বৰুৱা হতাশ হয় ৷ তাত তেওঁলৈ ৰৈ থকা কোনো মানুহ তেওঁ দেখা নাপায় ৷ কোনা তেনেহ’লে তেওঁৰ কাণৰ কাষত গুণগুণাই আওৰাই যায় কীটছৰ কবিতাৰ পংক্তি …কোনে? ইফালে-সিফালে চাই বৰুৱা মুখামুখি হয় ব্যস্ত অচিনাকী ফুটপাথৰ, পকী দেৱালবোৰৰ ৷ পুথিভঁৰালৰ পুৰণা দেৱালবোৰে তেওঁৰ পিনে চাই যেন ওঁঠ টিপি হাঁহি উঠে… ৷

লাহে লাহে বৰুৱা তাৰ পৰা আঁতৰি আহে ৷ আৰ্টছ ব্লক, নাগকটা পুখুৰীৰ পাৰ লাহে লাহে তেওঁ এৰি আহে ৷ বৰ খেলিমেলি, দোকান-পোহাৰ? হঠাৎ বৰুৱাৰ বোৱাৰীয়েকলৈ মনত পৰে ৷ ইতিমধ্যে সাজ লগি ভগাৰ উপক্ৰম হয় ৷

আজিও এক অবুজ আকৰ্ষণে বৰুৱাক পাণবজাৰলৈ লৈ গৈছিল ৷ তেওঁ পাহৰি গৈছিল বোৱাৰীয়েকৰ কঠোৰ নিৰ্দেশ- ‘মন গ’লেই বাছত উঠি ক’লৈকো নাযাব ৷ চাই-চিতি খোজ দিব ৷ লাখুটিডাল ক’ৰবাত বহি এৰি থৈ নাহিব ৷’…খপজপকৈ বৰুৱাই লাখুটিডাল বিচাৰিলে ৷ আছে ৷ পাঁণবজাৰত বহিবলৈ এডোখৰ ঠাই নাই ৷ লাঠি এৰা দূৰৈৰ কথা ৷ চাৰ্চফিল্ডত বহিব লাগিলে বয়সীয়াল মানুহে চকু মুদিহে বহিব লাগিব ৷

চাহ আহি পোৱা নাছিল ৷

ডিঙিটো মেলি তেওঁ ৰুণৰ কোঠাৰ ফালে চালে ৷ কম্পিউটাৰতেই লাগি আছে ৷ বৰুৱাৰ হাঁহি উঠিল ৷ কি যে উৎপতীয়া ল’ৰাটো ৷ কলেজত ভৰি দিয়াৰ পিচতেই হুলস্থুল – কম্পিউটাৰ, কম্পিউটাৰ ৷ কেৱল কম্পিউটাৰ লাগে ৷ ইণ্টাৰনেট লগাব, কিবা কৰিব …৷ বৰুৱাৰ চিন্তা হৈছিল ৷ পেঞ্চনৰ টকাকেইটাৰে পৰিয়ালটো কোনোমতে চলি থকা গৈছে ৷ তাৰ কলেজৰ নাম ভৰ্তিতেই গ’ল এসোপামান ৷ আকৌ কম্পিউটাৰত তেওঁ একেবাৰে মন কৰা নাছিল ৷ তাক তেওঁ ক’লে, ‘একো দৰকাৰ নাই ৷ কম্পিউটাৰ কিনিবলৈ মোৰ টকা নাই ৷’ আচলতে সাধাৰণভাৱে চলা জীৱনটোত তেওঁ কম্পিউটাৰ এটাৰ প্ৰয়োজনবোধ কৰা নাছিল ৷

তাৰ কিন্তু জেদ বাঢ়ি গ’ল ৷ কোনোদিনেই কোনো কথাত খং নকৰা ল’ৰাটোৱে তেওঁক খং কৰি গোমোঠা মাৰি থকা হ’ল ৷ অনবৰত লাগি থকা মুখৰ সুহুৰিটো নুশুনি বৰুৱা সচকিত হ’ল ৷ হঠাতে মাটি হেন ল’ৰাটোৰ গাত বাপেকৰ লক্ষণবোৰে দেখা দিলে ৷ সিও এনেকুৱা আছিল ৷ কিবা লাগিলে প্ৰথমতে হুলস্থুল লগাব ৷ তাৰ পিচতো কাম নিসিজিলে মুখেৰে নমতা হ’ব মুখ ফুলাই অনবৰত কোঠাৰ ভিতৰত সোমাই থাকিব ৷

নাই নাই ৷ ৰুণৰ এই ৰূপ বৰুৱাই সহ্য কৰিব নোৱাৰে ৷ স্ফূৰ্তিবাজ ল’ৰাটোৰ হাঁহি নেদেখিলে তেওঁ থাকিব নোৱাৰে ৷ সাঁচতীয়া ধন ভাঙি বৰুৱাই ৰুণক ভাল কোম্পানীৰ কম্পিউটাৰ এটা কিনি দিলে ৷ সি ইণ্টাৰনেটো লগাই ল’লে ৷ এতিয়া তাৰ সময় নাই ৷ নিউজ পঢ়াৰ পৰা গেম খেলালৈ কেৱল কম্পিউটাৰ ৷ কলেজলৈ যোৱাৰ আগতো কম্পিউটাৰ, কলেজৰ পৰা আহিও কম্পিউটাৰ ৷ তাৰ স্ফূৰ্তি দাখি বৰুৱাই এক অনিৰ্বাচনীয় আনন্দ অনুভৱ কৰে ৷ তথাপি বৰুৱাই ভাৱে সি পঢ়া-শুনাত বেয়া নহলেই হয় ৷

বোৱাৰীয়েকে চাহ লৈ আহিছিল ৷ পিয়লাটো লৈ শোহা মৰাৰ আগেয়ে বৰুৱাই সদায় সোধাৰ দৰে একটা প্ৰশ্নকেই সুধিলে, ‘তাক দিলানে?’ বোৱাৰীয়েকৰ মুখৰ পৰাও সদায় দিয়া উত্তৰটোৱাই ওলাল ‘দি থৈ আহিছো ৷’ বৰুৱা আৰু বোৱাৰীয়েক এতিয়া কিছু সময় পিচত ৰুণৰ চিঞৰ শুনিবৰ বাবে ৰৈ থাকিল – ‘মা, চাহ কাপ ঠাণ্ডা হৈ গ’ল ৷ গৰম কৰি দেচোন ৷’

এয়াই বৰুৱাৰ পৰিয়াল ৷ এয়াই বৰুৱাৰ সংসাৰ ৷ বিধৱা বোৱাৰীয়েক আৰু নাতি ল’ৰা ৰুণ ৷ বোৱাৰীয়েকৰ বিষন্নতাই বৰুৱাক কেতিয়াবা হেঁচুকিব খোজে ৷ কিন্তু বহাগৰ দৰে দূৰন্ত, উত্তাল ৰুণে ঘৰখন ঘৰ কৰি ৰাখে ৷ তাৰ আদৰ, আবদাৰত বৰুৱাই বেদনাবোৰ পাহৰি থাকে ৷ তথাপি বোৱাৰীয়েকৰ বগা সাজযোৰ তেওঁ বুকুখনত নুখুন্দিয়াকৈ নাথাকে ৷

অৰ্ণৱ তেওঁৰ ভতিজা ল’ৰা ৷ ডাঙৰ ককায়েকৰ একমাত্ৰ সন্তান ৷ ককায়েক-বৌৱেক ঢুকুৱাৰ পিচত বৰুৱাই আছিল অৰ্ণৱৰ মাক-দেউতাক ৷ পঢ়া-শুনা কৰাৰ পিচত ভাল ঘৰৰ ভাল ছোৱালী চাই বৰুৱাই অৰ্ণৱক বিয়া কৰাই দিলে ৷ কিন্তু হঠাৎ এদিন অৰ্ণৱেও বৰুৱাক ঠগাই গুচি গ’ল বহু দূৰলৈ ৷…বহুত কিবাকিবি হেৰুৱায়ো বৰুৱাই ৰুণৰ মাজতেই জীৱনক বিচাৰি পালে ৷

নিজৰতো সংসাৰ কৰা নহ’লেই ৷
‘মা, ককা আহিছে নেকি?’

বৰুৱা আচৰিত হ’ল ৷ সমানে সমানে বোৱাৰীয়েকো ৷ উত্তৰটো তেওঁৰ মুখলৈ যেন সতকাই আহিব খোজা নাই ৷ কাৰণ ৰুণে আজি চাহ গৰম কৰাৰ কথা কোৱা নাই ৷

‘কি হ’ল অ? আজি দেখোন ককাৰ খবৰ কৰিছ? আকৌ কিবা লাগে নেকি?’ – বৰুৱাই চিঞৰিয়েই সুধিলে ৷ যেন এছাটি বতাহহে বৈ আহিল, প্ৰায় দৌৰি আহি ৰুণ ৰৈ গ’ল ৷ আৰ্মচেয়াৰত বহি চাহ খাই থকা ককাকক ৰহস্যময়ভাৱে চাবলৈ ধৰিলে ৷ ককাকৰ চকীখনৰ চাৰিওফালে নাটকীয় কায়দাত সি ঘূৰিব ধৰিলে ৷ একেই ৰহস্যময়ভাৱে মাকৰ মুখলৈকো দুই-এবাৰ চালে ৷ তাৰ আচৰিত ধৰণ দেখি বৰুৱা আৰু বোৱাৰীয়েকৰ চাৰি চকুৱে মনে মনে কোৱা-কুই কৰিলে, ‘ৰুণৰ আজি হ’ল কি?’
‘ককা, তুমি কিয় বিয়া নকৰালা?’

কথমপিহে বৰুৱাৰ হাতৰ পৰা চাহৰ পিৰিচ পিয়লাযোৰ সুলকি নপৰিল ৷ প্ৰশ্নটো সুধিবৰ বাবে ৰুণে কিয় ইমান নাটকীয়তাৰ সৃষ্টি কৰিলে তেওঁ অকণো বুজি নাপালে ৷ উত্তৰ হিচাপে তেওঁ যে কিবা এটা ক’ব বা কি ক’ব তাকে ভবাৰ নিচিনা একো লক্ষণ তেওঁ নেদেখুৱালে ৷ জঠৰ হৈ তেওঁ বহি থাকিল ৷ হঠাতে মনত পৰাৰ লেখীয়াকৈ ৰুণৰ মাকে আথে-বেথে পিৰিচ পিয়লাযোৰ লৈ ভিতৰলৈ সোমাই গ’ল ৷ বৰুৱাই যে সেইখিনিলৈহে ৰৈ আছিল ৷ তেওঁ ৰুণৰ মুখলৈ চালে ৷ এটা দুষ্ট হাঁহিয়ে তাৰ মুখত ঢৌ খেলি আছে ৷

‘কিনো একেটা কথাকে সদায় পেঘেনীয়াই থাক?’ – তাৰ হাঁহিটো দেখাৰ পিচত কোমলকৈয়ে কথাখিনি বৰুৱাৰ মুখৰ পৰা ওলাল ৷
‘তোৰ বাপেৰক ডাঙৰ-দীঘল কৰোতে মোৰ ছোৱালী চাবলৈ সময় নহ’ল ৷’- একান্ত বন্ধুৰ দৰে আৰম্ভ কৰিলে বৰুৱাই ৷
বৰুৱাৰ ঠিক পিচপিনৰ দুৱাৰৰ পৰ্দাৰ আঁৰত ৰৈ ৰুণৰ মাকেও ৰুণৰ প্ৰশ্নটোৰ উত্তৰ শুনিবৰ বাবে উদগ্ৰীৱ হৈ থাকিল ৷
‘ককা, ফাকি নিদিবা ৷ তুমি বিয়া নোহোৱাৰ আচল কাৰণটো মই জানো ৷’
বৰুৱাই ৰুণৰ মুখলৈ চালে ৷ দুষ্ট হাঁহিটোৱে তাৰ লগ এৰা নাই ৷ কি জানে ই? কিয় ই জেৰা কৰিছে তেওঁ আচৰিত হ’ল ৷

‘ককা, তুমি বিয়া নকৰোৱাৰ আচল কাৰণ হ’ল… মায়া ভট্টাচাৰ্য ৷’ ৰুণে কোৱা কথাষাৰৰ শেষৰ শব্দ দুটা বৰুৱাৰ কাণত এনেকৈ বাজি উঠিল যেন হঠাতে বজ্ৰপাত পৰিল ৷ যাৰ তীব্ৰতাই তেওঁৰ – মানুহজনৰ সমগ্ৰ সত্তাক জঠৰ কৰি পেলালে ৷

কেইমূহুৰ্ত্তমান পিচত তেওঁ ভাবিবলৈ সকাহ পালে ৷ ক’তা? তেওঁৰতো এনে কোনো ভুল হোৱা নাই? ক’ত শুনিলে ই এই নাম? বোৱাৰীয়েকেতো নাজানে ৷ তেন্তে? ফটো? চিঠি? তেওঁৰ পুৰণা ট্ৰাংকটোৰ চাবিপাত তেওঁৰ মেজৰ দ্ৰয়াৰৰ ভিতৰত থকা সৰু কাগজৰ ঠোঙাটোত ৰুমালেৰে মেৰিয়াই লুকুৱাই থোৱা আছে ৷ দ্ৰয়াৰৰ চাবিপাত তেওঁৰ কঁকালৰ ডোৰাডালত এইপাত ওলমি আছে – কঁকালত খেপিয়াই চাই বৰুৱা নিশ্চিন্ত হ’ল ৷ তেনেহ’লে ক’ত উদ্ধাৰ কৰিলে ই এই নাম? ক’ত? বৰুৱাৰ মনটোৱে কোৰ্হাল কৰি উঠিল ৷

… যতীন দুৱৰা, অম্বিকাগিৰী আৰু গণেশ গগৈৰ কবিতাৰে সৰৱ কটন কলেজৰ চৌহদ ৷ কীটছ্-শ্বেলীৰটো কথাই নাই ৷ হেঁপাহৰ সাই দিনবোৰত বৰুৱাৰ ডেকামন সজাল-উত্তাল ৷

বৰুৱা তেতিয়া কলেজলৈ ওলায় ৷ ঠিক তেতিয়াই কাষৰ ঘৰৰ ভাৰাঘৰৰ পৰা বঙালী ছোৱালী এজনী স্কুললৈ ওলায় ৷ দুইফালে দুডাল বেণী ৷ ৰঙা ফিটাৰে বন্ধা ৷ গুলপীয়া ধৰণৰ শাৰীখনেৰে ছোৱালীজনী মোহনীয়া হৈ পৰে ৷ বৰুৱাৰ কিবা এটা ভাল লাগে ৷ মৰম উপজে ৷ দুয়ো কিছুদূৰ একেলগে খোজকাঢ়ি যায় ৷ বৰুৱাক ছোৱালীজনীয়ে উৎসুকতাৰে কটন কলেজৰ কথা সোধে ৷ বৰুৱাই যিমান পাৰি সিমান ৰসালকৈ, ভাল লগাকৈ কিবাকিবি কয় ৷ এদিন নহয়, সদায় ৷ বহু দিন ৷ লাহে লাহে বৰুৱাৰ কটন কলেজৰ কথাবোৰ ছোৱালীজনীৰ কাণত নোসোমোৱা হ’ল ৷ সোধোতে সোধে ৷ বৰুৱাই কৈ থাকে ৷ বৰুৱাৰ মুখলৈ ছোৱালীজনীয়ে ঠিকেই চায় ৷ কিন্তু একো বুজি নাপায় ৷ তেতিয়া ছোৱালীজনীৰ মন-মগজুত বৰুৱাৰ কথনভঙ্গী, হাঁহি সোমাই খেলি থাকে ৷ যেতিয়া বৰুৱাৰ চকুত কথাটো ধৰা পৰে তেতিয়া দুয়ো আহি চাৰিআলিটো পায় ৷

বৰুৱাক উঠাই লৈ বাছ এখন যেন আগৰপৰাই তাত ৰৈ থাকে ৷ বাছখন দেখি বৰুৱাৰ ভাল লাগিব খুজিও খং উঠে ৷ যোৱাৰ পৰত ছোৱালীজনীৰ মোহনীয়া হাঁহিটো দেখাৰ সৌভাগ্যত বৰুৱাৰ খং উঠিব খুজিও ভাল লাগে ৷ লাহে লাহে বৰুৱাৰ এনেয়ে ভাল লাগি থকা হ’ল ৷ ছোৱালীজনীক দেখিলেও, ছোৱালীজনীৰ কথা ভাবিলেও ৷

এদিন ছোৱালীজনীয়ে মাক-দেউতাকক ক’লে ইংৰাজী কবিতা বুজি পোৱা নাই ৷ বঙালী পৰিয়ালটোৰ বাবে জীয়েক মায়াক কবিতা বুজাব পৰা উপযুক্ত শিক্ষক হ’ব ওচৰৰে কটনিয়ান বৰুৱা ৷ … বৰুৱাই কবিতা বুজালে ৷

মায়া নামৰ টলবলীয়া চকু দুটাৰে হাঁহিলে ডিম্পল পৰা ছোৱালীজনীক বৰুৱাই কবিতা বুজাবলৈ ল’লে ৷ অকল শ্বেলী, কীটছেই নহয়, যতীন দুৱৰা, গণেশ গগৈ, ৰবীন্দ্ৰনাথো বাদ নপৰিল ৷

ৰুৱা কলেজৰ শেষবৰ্ষত থাকোতে মায়াইও গৈ কটনৰ জাকত ভিৰ কৰিলে ৷ তাৰ পিচত আৰু কবিতাৰ শেষ নাই … কেৱল কবিতা … প্ৰতিটো পলেই একোটা নতুন কবিতা হ’ল …

তাৰ পিচত হঠাতে কবিতাত যেন যতি পৰিল ৷ বৰুৱা বংশ অভিজাত হ’লেও ব্ৰহ্মণ পৰিয়ালে বৰুৱালৈ ছোৱালী দিয়াৰ কথা ভাবিব নোৱাৰিলে ৷ আকোঁৰগোজ বৰুৱাৰ পিতৃয়েও কোনো কাৰণতে বঙলুৱা ছোৱালীক বোৱাৰী কৰিব নোখোজে ৷ বৰুৱা বংশৰ মান মৰ্যাদাৰ কথা আছে ৷ প্ৰয়োজন সাপেক্ষে তাজ্যপুত্ৰ কৰিবলৈও বৰুৱাৰ পিতৃ ৰাজী হ’ল ৷

বৰুৱা তাজ্যপুত্ৰ হ’বলগীয়া নহ’ল ৷
চাকৰি-বাকৰি এৰি মায়াৰ দেউতাকে মায়াক লৈ কলিকতালৈ গুচি গ’ল ৷ কোনেও গমেই নাপালে ৷
… কবিতাবোৰ হিয়াই হিয়াই শিপাই থাকিল ৷ গুণগুণাই গান হৈ, নদীৰ দৰে নিৰবধি বৈ ৷
‘ককা, মই তাৰমানে ভুল কোৱা নাই ৷’
হঠাৎ ৰুণৰ মাতত বৰুৱাৰ সন্বিৎ ঘূৰি আহিল ৷ ‘কি বলকিছ এইবোৰ?’ – বৰুৱাই লুকুৱাব বিচাৰিলে ৷
‘ৰ’বা ককা, ফাঁকি নিদিবা ৷’

১৯৪৫ চনৰ কটনৰ ‘বেষ্ট লিটেৰেৰী মেন’ অভয় বৰুৱা তুমি হয়নে নহয়? নহয় বুলি ক’ব নোৱাৰা ককা ৷ তোমাৰ কোঠাত বন্ধোৱা প্ৰমাণ পত্ৰখন সুন্দৰকৈ আঁৰি থোৱা আছে ৷

আৰু কোনো কথাই বৰুৱাই বিচাৰি নাপালে ক’বলৈ ৷ মনে মনে থকাটোকে তেওঁ উচিত বুলি ভাবিলে ৷ কেৱল জানিবলৈ তেওঁ ব্যগ্ৰ হৈ থাকিল ৰুণে ইমানবোৰ তথ্য পোৱাৰ উৎস কি?
পৰ্দাৰ পিচপিনে ৰৈ থাকি ৰুণৰ মাকে অসহায় অৱস্থাটোৰ কথা উপলব্ধি কৰি সচকিত হ’ল ৷ ৰুণৰ কবলৰ পৰা মানুহজনক বচোৱাৰ উদ্দেশ্য ওলাই আহি ৰুণক তেওঁ ধমক মাৰি উঠিল , ‘ৰুণ, পঢ়া-শুনা নাই?’
‘ৰ’বা মা, শুনা ৷’ ৰুণে মাককো জব্দ কৰি পেলালে ৷ সি কৈ গ’ল –

‘সন্ধিয়া নেট খুলিয়েই মেছেজ এটা পালো ৷ পঢ়িলো ৷ এগৰাকী আমেৰিকা প্ৰবাসী ভাৰতীয়ই কাৰোবাৰ ঠিকনা বিচাৰিছে ৷ নামটো পঢ়ি চালো – অভয় বৰুৱা, ’৪৫ চনৰ বেষ্ট লিটেৰেৰী কটনিয়ান ৷ মই জাঁপ মাৰি উঠিলো ৷ দৌৰি ককাৰ কোঠাত প্ৰমাণ পত্ৰখন চাই মই কনফাৰ্ম হ’লো যে ককাকেই বিচাৰিছে ৷ ককাক বিচাৰিলো ৷ তেওঁ ফুৰিবলৈ ওলাই গৈছে ৷ মায়া ভট্টাচাৰ্য – আমেৰিকাৰ বহুজাতিক কোম্পানী এটাৰ মুৰব্বী ৷ ককা, বলা মেছেজটো পঢ়াগৈ ৷ ছেভ কৰি থৈছো ৷’

… বৰুৱাই অবাক হৈ ৰুণৰ কথাবোৰ শুনি আছিল ৷ মায়া … টলবল চকু দুটাৰে কবিতা পঢ়া মায়া ৷ লেথেৰি নিছিগাকৈ ৰবীন্দ্ৰ নাথৰ কবিতা আবৃত্তি কৰিব পৰা মায়া ৷ মন্ত্ৰমুগ্ধ হৰিণীৰ দৰে তেওঁৰ কবিতা শুনি থকা মায়া … ৷ যাক লৈ তেওঁ জীৱনৰ কবিতা লিখিব খুজিছিল … ৷ যাৰ বাবে তেওঁ গোটেই জীৱন অকলশৰে ৰৈ থাকিল … সেই মায়া ৷ মায়াই তেওঁক বিচাৰিছে …

কীটছৰ কবিতাৰ দৰে মোহনীয়া মায়া …
ৱৰ্ডছ্ৱৰ্থৰ প্ৰকৃতিৰ দৰে ৰূপহী মায়া …
থৰ হৈ থকা ককাকক একপ্ৰকাৰ টানিয়েই কম্পিউটাৰৰ ওচৰলৈ লৈ গ’ল ৰুণে ৷ পিচে পিচে ৰুণৰ মাক ৷ কী-বোৰ্ডৰ বুটাম এটা টিপি দিয়াৰ লগে লগে মণিটৰত ভাঁহি উঠিল –
‘Our Sweetest songs are those
That tell of Saddest thought – Shelly’
তুমি ক’ত আছা?
মোক পাহৰিলা?
মই যে আজিও তোমাৰেই ৷
তোমাৰেই অপেক্ষাত …
… কোনোবাই জানিলে মোক এই মানুহজনৰ ঠিকনাটো অনুগ্ৰহ কৰি জনালে কৃতাৰ্থ হ’ম – ১৯৪৫ চনৰ কটন কলেজৰ বেষ্ট লিটেৰেৰী মেন অভয় বৰুৱা ৷
মায়া ভট্টাচাৰ্য
‘মোক পাহৰিলা?’

মই যে আজিও তোমাৰেই ৷ তোমাৰেই অপেক্ষাত … মণিটৰৰ পৰা শব্দকেইটা ওলাই আহি যেন বৰুৱাৰ চৌপাশে ওপচি পৰিল ৷ তেওঁৰ গায়ে-মূৰে আঙুলি বুলাই শব্দকেইটাই যেন তেওঁক মৰম কৰিব ধৰিলে ৷ এক চিনাকী সুবাসত বৰুৱা মোহাচ্ছন্ন হৈ পৰিল ৷ মায়াই খোপাত গুজি লোৱা ফুলৰ সুবাস ৷

থৰ লাগি বৰুৱাই আখৰকেইটালৈ চাই ৰ’ল ৷ এক মূহুৰ্ত্তত আলফুলে বৰুৱাই আখৰকেইটা চুব বিচাৰিলে ৷ – বোৱাৰী থকা কথাটোও যেন পাহৰি গ’ল ৷ …
… ৰুণৰ মাকৰ ধাৰণা হ’ল কম্পিউটাৰৰ মণিটৰখনেও যেন এতিয়াই উচুপি উঠিব ৷

 

অন্যান্য লেখা :

Share.

1 Comment

Leave A Reply