বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ২০১৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা

0

মাত্ৰ ন বছৰ বয়সতে “পিয়লিফুকন” ছবিৰ জৰিয়তে অসমীয়া ছবিজগতত ভূমুকি মৰা বিশিষ্ট অভিনেতা নিপন গোস্বামী আজি অসমীয়া ছবি জগতখনৰ এটা সোণালী আখৰেৰে লিপিবদ্ধ এটা চিনাকি নাম। ১০০ খনৰো অধিক বোলছবিত অভিনয় কৰি অসমীয়াৰ চকুৰমণি স্বৰূপহৈ পৰা এই বিশিষ্ট অভিনেতা গৰাকীক প্ৰদান কৰা হয় ২০১৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা। এই বঁটাত আছে এখন প্ৰশস্তিপত্ৰ, এৰীচাদৰ, শৰাই, ফুলাম গামোচা আৰু একলাখ টকাৰ এখন চেক। যোৱা ৩১ জুলাই তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা গৰাকীক এই বঁটা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী তৰুন গগৈদেৱে আৰু লগতে বঁটা প্ৰদান অনুষ্ঠানত উপষ্ঠিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব আৰু বিভাগীয় মন্ত্ৰী ক্ৰমে স্বপ্ননীল বৰুৱা আৰু প্ৰণতি ফুকন।

সংগ্ৰাহক: ৰূপজ্যোতি কলিতা, তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.