বিদায় দিয়া মোক বিষাদ গহ্বৰৰ পৰা

1

মনত পৰেনে তোমাৰ

ধূৱলী-কূৱলী হোৱা মোৰ ভালপোৱাৰ মাজত

হেৰাই যাৱ খোজা

অক্লান্ত অসীম সন্ধিয়াবোৰ?

জীৱনৰ অস্পষ্ট ছবিত মোক আঁকিছিলা তুমি

আৰু সেয়ে,

তোমাৰ বাবে

মই এক ধ্বংসাৱশেষ ৷

বিদায় দিয়া মোক

বিষাদ গহ্বৰৰ পৰা

প্ৰেমৰ নামত শুনিব নোখোজো

মৌনতাৰ অজস্ৰ কৌতূহল ৷

মনত পৰেনে তোমাৰ

ধূৱলী-কু্ৱলী হোৱা মোৰ ভালপোৱাৰ মাজত

হেৰাই যাব খোজা

অক্লান্ত অসীম সন্ধিয়াবোৰ?

 

– অসমী কুমাৰ শৰ্মা,

ম’বাইল: ৮৭৫২০১৭২০৮

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.