বাতৰি কাকতৰ শক্তি

7

 

লেখক পৰিচিতি:

অ’ হেনৰীৰ প্ৰকৃত নাম উইলিয়াম ছিডনী প’ৰ্টাৰ ৷ ১৮৬২ চনত তেওঁৰ জন্ম হৈছিল ৷ The First National Bank of Austin, Texas-ৰ ধন আত্মসাৎ কৰাৰ অভিযোগত তেওঁ ওহায়ো কাৰাগাৰত তিনিবছৰ কাৰাবাস খাটিব লগা হৈছিল ৷ এই সময়তে তেওঁ অ’ হেনৰী ছদ্মনামত গল্প লেখিবলৈ আৰম্ভ কৰে ৷ অপ্ৰত্যাশিত আশ্চৰ্যজনক পৰিসমাপ্তিৰ বাবে অ’ হেনৰীৰ গল্প অতি জনপ্ৰিয় ৷ ১৯১০ চনত মাত্ৰ ৪৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয় ৷

======0=======

 

পু্ৱা ৮ বজাত সেইখন গিউজেপ্পিৰ বাতৰি কাকত থোৱা ৰেকখনতে আছিল ৷

এই বিশেষ সংখ্যাৰ বাতৰি কাকতখন এনেদৰে সজাই-পৰাই উলিওৱা হৈছিল যে এই কাকতখন হৈ পৰিছিল একেধাৰে শিক্ষক, পথ-নিৰ্দেশক, সমাজৰ প্ৰহৰি, যোদ্ধা আৰু বহু কিবা-কিবি ৷

কাকতখনৰ সৰ্বোত্তম সম্পদ আছিল তিনিটা সম্পাদকীয় ৷ ইয়াৰে প্ৰথমটো সম্পাদকীয় অভিভাৱক আৰু শিক্ষকসকলক উদ্দেশ্য কৰি লিখা হৈছিল য’ত ল’ৰা-ছোৱালীক শাৰীৰিক শাস্তি দিয়াৰ তীব্ৰ প্ৰতিবাদ কৰা হৈছে ৷

দ্বিতীয়টোত এজন কুখ্যাত শ্ৰমিক নেতাক দোষী সাব্যস্ত কৰি সাৱধান বাণী শুনোৱা হৈছিল ৷ এই নেতাজনে তেওঁৰ সমৰ্থকসকলক ধৰ্মঘটৰ কাৰণে উচটাইছিল৷

তৃতীয়টো সম্পাদকীয়ত আৰক্ষী বাহিনীক সৰ্বতোপ্ৰকাৰে সাহাৰ্য আগবঢ়াবলৈ দাবী জনোৱা হৈছিল ৷

ইয়াৰ উপৰি ‘অন্তৰে-অন্তৰে’ নামৰ শিতানটোত সম্পাদকে প্ৰেমত বিফল হোৱা ডেকা এজনক তেওঁৰ প্ৰেমিকাৰ অন্তৰ জয় কৰাৰ উপায় দিছিল ৷

‘সৌন্দৰ্য’ শিতানত ছোৱালী এজনীয়ে উজ্বল চকু আৰু গোলাপী গাল কেনেদৰে লাভ কৰিব পাৰে সেই প্ৰশ্নৰ উত্তৰ দিয়া হৈছিল ৷

আনহাতে ‘একান্ত ব্যক্তিগত’ শিতানত তলত উল্লেখ কৰা চিঠিখন প্ৰকাশিত হৈছিল-

মৰমৰ জেক,

মোক ক্ষমা কৰিবা ৷ তুমি শুদ্ধ আছিলা, মোৰ ভুল হৈছিল ৷ প্লিজ, মোক মেডিচন কৰ্ণাৰত পু্ৱা ৮-৩০ বজাত লগ কৰিবা ৷

ইতি

তোমাৰ ‘অনুতপ্তা’

৮-বজাত খীন-মীন, শেঁতা পৰা, বিষণ্ণ চেহেৰাৰ ডেকা এজনে পেনি এটা দি গিউজেপ্পিৰ বাতৰি কাকতৰ ষ্টেণ্ডৰ পৰা কাকতখন ল’লে ৷ তেওঁৰ ৰঙাপৰা চকুযুৰি দেখিয়েই গম পোৱা গৈছিল যে ওৰেৰাতি তেওঁ উজাগৰে আছিল ৷ দুপৰীয়াৰ আহাৰ বিৰতিত পঢ়িবৰ বাবে তেওঁ কাকতখন জেপত ভৰাই ল’লে ৷ পিছে ৯-বজাত অফিচ পাবৰ বাবে খৰধৰকৈ যাওঁতে কাকতখন কেঁকুৰি এটাত জেপৰ পৰা ওলাই পৰি গ’ল ৷ কাকতখনৰ লগতে তেওঁৰ নতুন হাতমোজাযোৰো পৰিল ৷ তিনিটা চাৰিআলি পাৰ হোৱাৰ পিছত হাতমোজাযোৰ নাপাই তেওঁ খং আৰু বিৰক্তিত ভোৰভোৰাই উভতি আহিল ৷

ঠিক আধাঘন্টাৰ পিছত হাতমোজা আৰু কাকতখন হেৰুওৱা ‘মেডিচন কৰ্ণাৰ’ নামৰ কেঁকুৰিটো তেওঁ পালেগৈ ৷ কিন্তু; আচৰিতভাৱে দুটা ‘অনুতপ্ত চকু’ লৈ চাই তেওঁ বাতৰিকাকত আৰু হাতমোজাযোৰৰ কথা সম্পূৰ্ণৰূপে পাহৰিয়েই পেলালে ৷ ‘অনুতপ্ত চকু’ দুটা আছিল বাতৰিকাকতত জেকলৈ চিঠি লিখা অনুতপ্তাগৰাকীৰ চকু ৷ সেইগৰাকীয়ে কৈছিল, “জেক; মোৰ সোণটো; মই জানিছিলো যে তুমি মোৰ অনুৰোধ ৰক্ষা কৰিবাই ৷”

“মই বুজা নাই তেওঁনো কিহৰ বিষয়ে উনুকিয়াইছে ৷” জেকে মনতে ভাবিছিল; “কিন্তু; যি হ’ল ভালৰ কাৰণেই হ’ল ৷”

এইদৰেই ‘একান্ত ব্যক্তিগত’ শিতানটোৱে নিজৰ ‘কাম কৰিলে’ ৷

জেকৰ পকেটৰ পৰা ওলাই কেঁকুৰিত পৰি যোৱা কাকতখন পশ্চিমৰ পৰা অহা ধুমুহা এজাকে খুলি ফান-ফান কৰিলে আৰু আলিটোৰে উৰুৱাই লৈ গ’ল ৷ সেই আলিটোৱেদিয়েই আকৌ হেৰুৱা প্ৰেমিকাক ঘূৰাই পোৱাৰ উপায় বিচাৰি বাতৰি কাকতৰ ‘অন্তৰে-অন্তৰে’ শিতানত চিঠি লিখা ‘ববী’ নামৰ ডেকাজনে ঘোঁৰাবাগী এখন চলাই আহিছিল ৷ ধুমুহা বতাহজাকে কাকতখন নি পেলাই দিলে ঘোঁৰাটোৰ মুখত ৷ ফলস্বৰূপে সূত্ৰপাত ঘটিল এটা দুৰ্ঘটনাৰ ৷ গাড়ীসহিত ঘোঁৰাটো লুটিখাই পৰিল ৷ গাড়ী চালকজন কৰ্ফাল খাই পৰিলগৈ ইটা বৰণীয়া ঘৰ এটাৰ সন্মুখত ৷ কোৱা হয় ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে ৷ এই দুৰ্ঘটনাটোও হৈ পৰিল ববীৰ বাবে ‘ব্লেছিং ইন ডিছগাইজ’ ৷ ঘোঁৰাটোৰ হিঁহিয়নি আৰু গাড়ীৰ চকা চোঁচোৰাৰ ঘৰ্ঘৰণি শুনি বাহিৰলৈ ওলাই অহা ইটাবৰণীয়া ঘৰটোৰ মানুহবোৰে তৎক্ষণাৎ ডেকাজনক ঘৰৰ ভিতৰলৈ লৈ গ’ল ৷ সেই ইটাবৰণীয়া ঘৰটোৱেই আছিল ববীৰ ইপ্সিত প্ৰেয়সীগৰাকীৰ ঘৰ যাৰ অন্তৰ জয় কৰাৰ উপায় বিচাৰি ববীয়ে বাতৰিকাকতলৈ চিঠি লিখিছিল ৷ ববীৰ অৱস্হা দেখি ববীৰ সেই ইপ্সিত প্ৰেয়সী গৰাকী একেবাৰে ব্যাকুল হৈ পৰিল; তাই ঘৰৰ বাকী মানুহবোৰৰ উপস্হিতিকো উলাই কৰি নিজৰ কোলাটোকে ববীৰ মূৰ থবলৈ গাৰু কৰি দিলে আৰু ববীৰ মুখৰ ওচৰলৈ মুখখন নি ক’বলৈ ধৰিলে, “ববী; মোৰ ববী ৷ কিমান যে ভালপাওঁ মই তোমাক ! তোমাৰ যদি কিবা হয় জানিবা মোৰো. . . ৷”

. . . এইদৰেই ‘অন্তৰে-অন্তৰে’ শিতানটোৱে দুখন অন্তৰৰ মিলন ঘটালে ৷

পিছে; পাঠকসকল এই ধুমুহাৰ মাজতো আমি আমাৰ বাতৰি-কাকতখনৰ খবৰ ৰাখিব লাগিব ৷ ববীৰ ঘোঁৰাবাগীখনৰ দুৰ্ঘটনা ঘটোৱাৰ অলপ পিছতেই উৰি যোৱা কাকতখন চিপাহী অ’ব্ৰাইনে গ্ৰেপ্তাৰ কৰিলে মানে ধৰি ৰাখিলে ৷ খেলি-মেলি হৈ যোৱা বাতৰি কাকতখন তেওঁ ঠিকমতে জাপিলে আৰু শ্বেন্ডন ৱেলচ্ কেফেৰ সন্মুখত থিয় হৈ ‘আৰক্ষীৰ সাহাযাৰ্থে সংবাদজগতৰ প্ৰচেষ্টা’ নামৰ সম্পাদকীয়টো পঢ়িবলৈ চেষ্টা কৰিলে ৷ পিছে তেনেতে শ্বেন্ডন ৱেলচ্ কেফেৰ প্ৰধান পৰিচাৰকজনে দুৱাৰৰ ফাঁকেদি এটা গিলাচ আগবঢ়াই মাত লগালে, “ছাৰ; এই টোপা আপোনাৰ কাৰণে”৷ বাতৰি কাকতখন বহলাই মেলি তাৰ আঁৰতেই অ’ব্ৰাইনে ফৰাচী পানীয়ৰ সোৱাদ ল’লে আৰু সবল, সতেজ তথা সপ্ৰতিভ হৈ পৰিল ৷ সম্পাদকজনে নিশ্চয় গৌৰৱ কৰিবৰ থল আছে যে আৰক্ষী বাহিনীক সৰ্বতোপ্ৰকাৰে সাহাৰ্য দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টা সাৰ্থক হ’ল ৷

চিপাহী অ’ব্ৰাইনে কাকতখন জাপি-কুছি ধেমালিতে ৰাস্তাৰে গৈ থকা সৰু ল’ৰা এটাৰ কাষলতিৰ তলত ভৰাই দিলে ৷ জ’নী নামৰ সেই ল’ৰাটোৱে কাকতখন ঘৰলৈ লৈ গ’ল ৷ জনীৰ বায়েকৰ নাম গ্লেডীছ ৷ তায়েই সেই বাতৰিকাকতখনৰ সম্পাদকজনলৈ উজ্বল চকু আৰু গোলাপী গাল লাভ কৰাৰ উপায় বিচাৰি চিঠি দিছিল ৷ গ্লেডীছ আছিল বিষণ্ণ চকু আৰু শেতাঁপৰা গালেৰে এজনী অমন্তোষীয়া ছোৱালী ৷ চিঠিপ্ৰেৰণৰ কেইবাসপ্তাহো পাৰ হোৱাৰ পাছতো উত্তৰ প্ৰকাশ নোপোৱাৰ বাবে তাই কাকতখন চাবলৈকে এৰি দিছিল ৷

সেইদিনা জ’নীয়ে অনা বাতৰিকাকতখনতে যে তাই বিচৰা উত্তৰটো প্ৰকাশ পাইছিল তাই গমেই নাপালে ৷ কাকতখনত তাই এবাৰো চকুৱেই নুফুৰালে ৷ তাই চুলিত মৰা ৰাবাৰবেন্ড কিনিবৰ বাবে বজাৰলৈ যোৱাৰ সময়ত জ’নীয়ে অনা বাতৰিকাকতখনৰ কেইটামান পৃষ্ঠা স্কাৰ্টৰ তলত এক বিশেষ ষ্টাইলত পিন মাৰি লগাই ল’লে ৷ লগে লগে তাই খোজ কাঢ়োতে একদম নতুন দামী কাপোৰৰ দৰেই খম্ খমীয়া শব্দ হ’বলৈ আৰম্ভ কৰিলে ৷

ৰাস্তাত গ্লেডীছে যেতিয়া ‘মিছ ব্ৰাউন’ক লগ পালে তেতিয়া ব্ৰাইনে গ্লেডীছে লৰচৰ কৰিলে হোৱা খম্ খমীয়া শব্দটো শুনি ইৰ্ষাত জ্বলি-পুৰি গ্লেডীছৰ চৰিত্ৰ সম্পৰ্কে বেয়াকৈ কিবা এষাৰ মুখৰ ভিতৰতে ভোৰভোৰাই, মুখ বেকেটাই আঁতৰি গ’ল ৷

প্ৰতিৱেশী ‘মিছ ব্ৰাউন’ৰ ঈৰ্ষা দেখি গ্লেডীছৰ বুকুখন বিজয় গৰ্বত উথলি উঠিল; তাইৰ চকু দুটা উজ্বল হৈ গ’ল, গাল দুখন হৈ পৰিল গোলাপী ৷ মনৰ আনন্দতে তাইৰ মুখত পৰিদষ্ট হোৱা সূৰ্যমুখী ফুলা হাঁহিটোৱে তাইক কৰি তুলিলে অত্যন্ত আকৰ্ষণীয় ৷ বাতৰি কাকতৰ ‘সৌন্দৰ্য’ শিতানৰ সহকাৰী সম্পাদকজনে সেই মুহূৰ্তত গ্লেডীছক দেখা হ’লে ভাবিলেহেঁতেন বহু মগজ খটুৱাই; অনেক চিন্তা-চৰ্চা কৰি তেওঁ লিখা উত্তৰটোৱেই এনে চমৎকাৰ সাধন কৰিলে ৷ এইদৰেই বাতৰি কাকতখনৰ ‘সৌন্দৰ্য’ শিতানটো সফল হ’ল ৷ সেই শিতানটোত থকা উত্তৰটো নপঢ়াকৈয়ে মাত্ৰ ‘সৌন্দৰ্য’ শিতানটো ছপা হোৱা কাকতডুখৰি ব্যৱহাৰ কৰিয়েই বিষণ্ণ চকু, শেতাঁ গাল আৰু অসন্তোষীয়া মুখৰ গ্লেডীছ উজ্বল চকু, গোলাপী গাল আৰু মনোমোহা হাঁহিৰে উজ্জীৱিত সুন্দৰী গাভৰু এগৰাকীত পৰিণত হ’ল ৷

যিজন শ্ৰমিক নেতাৰ বিৰুদ্ধে বাতৰি কাকতখনে বিষেদগাৰ কৰিছিল; সেইজন আছিল গ্লেডীছ আৰু জনীৰ পিতৃ ৷ গ্লেডীছে এৰি থৈ যোৱা বাতৰি কাকতখনৰ অৱশিষ্টখিনি তেওঁ বুটলি ল’লে ৷ তেওঁৰ বিৰুদ্ধে লিখা সম্পাদকীয়টো শ্ৰমিক নেতাৰ চকুত নপৰিল ৷ তাৰ পৰিৱৰ্তে তেওঁ দেখা পালে ‘ক্ৰছৱ’ৰ্ড পাজ’ল’ ৷ ‘ক্ৰছৱ’ৰ্ড পাজ’ল’ৰ সমাধান বিচাৰি কাগজ-পেন্সিল লৈ তেওঁ বহি গ’ল ৷

শ্ৰমিক আন্দোলনৰ অন্য পালিনেতাসকলে তেওঁৰ কাৰণে প্ৰায় তিনিঘন্টামান সময় অপেক্ষা কৰিলে আৰু অৱশেষত আমনি লাগি তেওঁলোকে ধৰ্মঘটৰ পথ পৰিহাৰ কৰি; শান্তিপূৰ্ণ মীমাংসা কৰাৰ পক্ষে মতদান কৰি নিজৰ কৰ্মস্হলীলৈ ঘূৰি গ’ল ৷ এইদৰেই ধৰ্মঘট আৰু আনুষঙ্গিক বিপদবোৰৰ অন্ত পৰিল ৷ বাতৰি কাকতখনৰ পৰৱৰ্তী সংখ্যাবোৰে সম্পাদকৰ শক্তিশালী সম্পাদকীয় লিখনিটোৱে শ্ৰমিক নেতাজনৰ অসৎ অভিপ্ৰায় উদঙাই দি ধৰ্মঘট বন্ধ কৰাৰ কথা বাৰে-বাৰে দোহাৰিলে ৷

কাকতখনৰ বাকীকেইটা পৃষ্ঠায়ো নিজৰ শক্তি প্ৰতিপন্ন কৰিলে ৷ স্কুলৰ পৰা আবেলি ঘৰলৈ ঘূৰি অহাৰ পিছত জ’নীয়ে কোঠা এটাৰ দুৱাৰ বন্ধ কৰি কাপোৰৰ তলৰ পৰা বাতৰি কাকতখনৰ অৱশিষ্ট পৃষ্ঠা কেইটা উলিয়ালে ৷ বায়েকক দিয়াৰ আগতে সি বাতৰি কাকতখনৰ কেইটামান পৃষ্ঠা ছাৰ্ট আৰু পেন্টৰ তলত এনেদৰে সুমুৱাই লৈছিল যাতে শিক্ষকে শিক্ষাদানৰ সময়ত বেত্ৰাঘাত কৰিলে সি দুখ নেপায় ৷ জ’নীয়ে বেচৰকাৰী স্কুল এখনত পঢ়িছিল আৰু প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে তাত কঠোৰ শাৰীৰিক শাস্তি বিহা হৈছিল ৷ আগতে উল্লেখ কৰি অহা হৈছেই যে সেই বাতৰি কাকতখনত ল’ৰা-ছোৱালীক শাৰীৰিক শাস্তি দিয়াৰ তীব্ৰ প্ৰতিবাদ কৰি ৰচনা কৰা এটা সম্পাদকীয় সেইদিনা প্ৰকাশ পাইছিল ৷

ইয়াৰ পিছত আৰু বাতৰি-কাকতৰ অপৰিসীম শক্তি সম্পৰ্কে কাৰোবাৰ কিবা সন্দেহ থাকিব পাৰে নে?

 

অনুবাদকৰ ঠিকনা

স্বাতী কিৰণ

সহকাৰী অধ্যাপিকা,

অসমীয়া বিভাগ,

ডিব্ৰুগড় হনুমানবক্স সূৰযমল কানৈ মহাবিদ্যালয়,

ডিব্ৰুগড়,

মোবাইল: ৯৪৩৫৫-৩৩০৭২

অন্যান্য লেখা :

Share.

7 Comments

Leave A Reply