পৰোপকাৰ

0

ঠাণ্ডা বেছি হৈ আহিছে । মোৰফটা, টাপলি মৰা কম্বল খনে বাধা দি ৰাখিব পৰা নাই নিশা আগবঢ়াৰ লগে লগে বঢ়ি অহা নিয়ৰকণাবিলাকৰ খুন্দা । সিহঁতে মোৰ নিঃকিন কম্বল আৰু ফটা চোলাটোক ইতিকিং কৰিছে । জাৰকালিটোলৈ মোৰ খং উঠিছে । জুই একুৰা জ্বলাব পৰা হ’লে ভাল হ’ল হেঁতেন । পিছে যি কাগজ, টায়াৰ আৰু শুকান পাত আছিল সেয়া গধূলিৰ জুইকুৰাতে শেষ হ’ল । আজিকালি কাগজ আৰু গছৰ পাতৰ পৰিমাণ কমি আহিছে । সৌ ফপৰা কুকুৰটোৱে ও শুব পৰা নাই ঠাণ্ডাত । মই লাহে লাহে ঠিয় হ’লোঁ । এখোজ দুখোজকৈ আগবাঢ়ি কুকুৰটোকো মোৰ কম্বলৰ তলত সুমুৱাই দুয়োটা শুই পৰিলোঁ । ঠাণ্ডা এতিয়া আগতকৈ কম ।

– মৃণাল কুমাৰ বৰা (২৪ বছৰ)
কালিকট, কেৰালা

১৬/১২/২০১২

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.