প্ৰেম

0

এসোপা অঁহীয়া বাকলি, আৰু তাৰ তলৰ টান খোলাটো গুচাই ভিতৰৰ বগা সুস্বাদু শাহখিনি খাবলৈ আমি ইমান কষ্টেৰে নাৰিকল গছত উঠি গোটেই নাৰিকলটোকে পাৰি আনিব লাগে ৷ মাজে মাজে বিজুলীৰ চমকৰ দৰে হঠাৎ আৱিৰ্ভূত হোৱা কেইটামান সুখৰ মুহুৰ্ত্ত উপভোগ কৰিবলৈ বিভিন্ন সমস্যাৰ ঘাত-প্ৰতিঘাতেৰে ভৰা পৃথিৱীত আমি গোটেই জীৱনটো জীয়াই থাকিব লাগে ৷ সুখৰ মুহুৰ্ত্তবোৰ এজনৰ জীৱনৰ গোটেই সময়খিনিৰ য’তে-ত’তে সিচঁৰতি হৈ নাথাকি এটা বিশেষ সময়তে থূপ খাই থকা হ’লে কোনেও এই পৃথিৱীত গোটেই জীৱনটো জীয়াই নাথাকিলেহেঁতেন ৷ সুখ থূপ খাই থকা সময়খিনি যাপন কৰি উঠি সকলোৱে মৃত্যুক আঁকোৱালী লবলৈ ব্যগ্ৰ হৈ পৰিলেহেঁতেন ৷

যি নহওক, জাগতিক ক্লেশ-যন্ত্ৰণাৰ মাজে মাজে শীতৰ পুৱাৰ ৰ’দৰ দৰে হঠাতে পোৱা যেনেকুৱা কেইটামান সুখ-মূহুৰ্ত্তৰ বাবে মই এই পৃথিৱীত এহাজাৰ কোটি বছৰ জীয়াই থাকিব খোজোঁ, বা যেনেকুৱা কেইটা মান সুখ-মুহুৰ্ত্ত উপভোগৰ বাবে সম্ভৱ হ’লে পৃথিৱীত অমৰ হব খোজো, সেই কেইটা সুখ-মুহুৰ্ত্তৰ নাম হল – প্ৰেম ৷ জীৱনৰ প্ৰতি প্ৰেম, জগতৰ প্ৰতি প্ৰেম, ‘তোমাৰ’ প্ৰতি প্ৰেম ৷

প্ৰেমেই হ’ল জীৱনৰ মূল উদ্যোগ ( Industry! ) ৷ মূল উদ্যোগৰ চাৰিওফালে সেই উদ্যোগজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি আৰু হাজাৰটা অন্যান্য সৰু-সৰু উদ্যোগ গঢ়ি উঠে ৷ বজাৰ গঢ়ি উঠে, লোকালয় গঢ়ি উঠে ৷ প্ৰেম নামৰ মূল উদ্যোগটোক কেন্দ্ৰ কৰি আমাৰ সংসাৰ গঢ়ি উঠে ৷ সমাজ গঢ়ি উঠে ৷ সভ্যতা গঢ়ি উঠে ৷ বিভিন্ন বিচিত্ৰ শাখা-প্ৰশাখাৰে ছাটি ধৰা জটিল মানৱীয় কৰ্মকাণ্ডৰ মাজতো এজনৰ হৃদয়ত প্ৰতি মুহুৰ্ত্তে যেন সেই মূল প্ৰেমৰ বাণী ধ্বনি-প্ৰতিধ্বনি হৈ বাজি থাকে – ‘মই তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ ৷’

বাৰ্ট্ৰাণ্ড ৰাছেলে কৈছিল, ‘আধুনিক পৃথিৱীত কিছুমান ব্যক্তিয়ে প্ৰেমক প্ৰশ্ৰয় দিলে তেওঁলোকৰ ব্যক্তিত্তৰ ওজন কমি যাব বুলি ভয় কৰে ৷ সেই কাৰণে তেওঁলোকে নিজক নিজৰে ব্যক্তিত্বৰ আইনাৰ সজাত বন্দী কৰি ৰাখে ৷ ফলত ব্যক্তিত্ব আইনাৰ সজাত মৰাহি যাবলৈ বাধ্য হয় ৷ তেওঁলোকে জীৱনৰ ইও এক মূৰ্খালি ৷’

মই সেই মূৰ্খালি প্ৰদৰ্শন কৰিব নোখোজোঁ ৷ মই বাৰে বাৰে প্ৰেমত পৰিব খোজোঁ ৷ জীৱনৰ প্ৰেমত, পৃথিৱীৰ প্ৰেমত, ‘তোমাৰ প্ৰেমত’ ৷ যদি আধুনিকতা মানে প্ৰেমহীনতা, তেন্তে মই প্ৰেমহীন আধুনিকতাতকৈ প্ৰেম-উন্মত্ত আদিমতাকে বাছি লবলৈ সাজু আছোঁ ৷
প্ৰেম এক দেহ-মন উন্মনা কৰা সুগন্ধ ৷ ‘তোমাৰ’ ঢৌ খেলা চুলিৰ পৰা ভাহি আহে ৷ সুগন্ধৰ উৎস ফুল ৷ প্ৰেম-সুগন্ধৰ উৎস ‘তোমাৰ’ ৰূপ-যৌৱন, তোমাৰ দেহ ৷ বতাহত ভাহি অহা সুগন্ধই ফুলপাহ নহয়, সুতীব্ৰ প্ৰেম-অনুভূতিখিনিও কামনা নহয় ৷ প্ৰেম আৰু কামনাৰ মাজৰ পাৰ্থক্য ইয়াতেই যে প্ৰেম কামনাৰে সুগন্ধ! গন্ধহীন ফুলৰ মূল্য নাই, প্ৰেমহীন কামনাৰ পুলক নাই, শিহৰণ নাই ৷ সেয়েহে মই ‘তোমাক’ প্ৰেমেৰে ‘কামনা’ কৰোঁ ৷ ‘তোমাৰ’ শৰীৰৰ এটা মিঠা ‘কামনা’ৰ গোন্ধ উৰি-উৰি মোৰ নাকত লাগেহি ৷ দুহাত প্ৰসাৰি মই তোমাৰ শৰীৰ আলিংগন কৰোঁ; তোমাৰ হৃদয়ৰ স’তে মই প্ৰেম কৰোঁ ৷

মোৰ সমগ্ৰ চেতনা জুৰি তোমাৰ প্ৰেম ৷ নদীৰ দৰে বয় ৷ মই আপোন-বিভোৰ হৈ নিৰৱে বহি তোমাকেই ভাবি থাকোঁ ৷ গভীৰ ৰাতি ক’ৰবাৰ পৰা এক ৰহস্যময় গীতৰ সুৰ ভাহি আহে ৷ মই গম পাওঁ, দুচকুত মোৰ নিদ্ৰা নাই, মই সাৰে থাকি চাই থাকো তোমালৈ; আন্ধাৰ ফালি তুমি আহিছা, এক উজ্জ্বল অপৰূপা পৰী হৈ!

মনৰ এক চিৰস্থায়ী অতৃপ্তিৰ নাম প্ৰেম ৷ হৃদয়ৰো যে কি আকাংক্ষা! তোমাৰ শৰীৰ চুই অহা বতাহখিনিত ই হেনো চুমা খায়! তুমিতো জানাই, প্ৰেমৰ অনুভৱ মানেই বুকুত নিষ, অথচ কি যে বাঞ্চিত মধুৰ ৷

তুমি অপলক চাই থাকা মোৰ চকুলৈ ৷ তোমাৰ চাৱনিত বগাই বগাই আছে প্ৰেম ৷ তুমি নিৰৱে চাই থাকা, তোমাৰ চাৱনিৰ নিৰৱতা মোৰ হৃদয়ৰ প্ৰচণ্ড কোলাহল – কোৱাচোন, জীৱনৰ এটামান মুহুৰ্ত্ততো যি প্ৰেয়সীৰ আকুল চাৱনিত শিহৰি পোৱা নাই তেওঁতকৈ দুৰ্ভগীয়া এই পৃথিৱীতে বাৰু আছে কোন?

‘যুগ্মই হ’ল জীৱনৰ ক্ষুদ্ৰতম একক’ ( The smallest Unit of life is a pair ) ‘তুমি’ আৰু ‘মই’ মিলি জীৱনৰ ক্ষুদ্ৰতম একক ৷ আমাৰ যুগ্মতাই জীৱনৰ সম্পূৰ্ণতা ৷ এই সম্পূৰ্ণতাই জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু সৌন্দৰ্য্য ৷ মই তোমাৰ প্ৰেমেৰে সুন্দৰ হৈ উদ্দেশ্যময় হ’ব খোজো ৷

মই সততে তোমাৰ স্মৃতি আৰু কল্পনাৰ সতে খুন্দা খাওঁ – বাটে-পথে, শয়নে-সপোনে ৷ লক্ষ্যজনৰ মাজত থাকিও মই মাথো তোমাৰ কথাই ভাবোঁ ৷ তোমাৰ স্মৃতিয়ে মোৰ কাণৰ কাষত গুণগুণাই কথা পাতে ৷ মই তোমাক স্পৰ্শ কৰোঁ ৷ তোমাৰ হাতৰ কোমল মিহি আঙুলিবোৰ মই আলফুলে চুই দিওঁ ৷ গভীৰ আবেগেৰে মই তোমাক আলিংগন কৰোঁ ৷ তোমাৰ নিৰাভৰণ বুকুৰ উপত্যকাত মুক গুজি মই জীৱনৰ অৰ্থ বিচাৰো, তোমাৰ হৃৎপিণ্ডৰ দুৰু-দুৰু স্পন্দন মই কাণ পাতি শুনো ৷

মই জানো, প্ৰেম জ্ঞানৰো উৰ্ধ্বত ৷ প্ৰেম আৰু জ্ঞানৰ যি কোনো এটাকহে বাছি লব লগা হ’লে মই প্ৰেমকেই বাছি লম ৷ আকাশৰ জোনটো কিহেৰে তৈয়াৰী নাজানো, কিন্তু মই জানো তোমাৰ সুকোমল বুকুখনি ফুলৰ পাহি ৷ মঙল গ্ৰহত পানী আছে নে নাই মই নাজানো, মোৰ জনাৰো প্ৰয়োজন নাই,- কিন্তু মই জানো তোমাৰ ওঁঠযুৰি অক্ষয় মধুৰ ভাণ্ডাৰ, – তোমাৰ ওঁঠত ওঁঠ থৈ মই এসাগৰ মৌ চোহোঁ ৷ মোৰ দেহৰ শিৰাই উপশিৰাই সুখৰ শিহৰণ বৈ থাকে ৷ অনন্ত কাল জুৰি; অথবা সময়ৰ অজস্ৰ মুহুৰ্ত্ত গোট মাৰি ৰৈ থাকে তোমাৰ ওঁঠত; মই প্ৰেমৰ উত্তাপ দি গলাওঁ ৷

জীৱন প্ৰেম আৰু কামনাৰ ককটেইল ৷ য’তেই প্ৰেম ত’তেই মোক পাবা ৷ বোমা বাৰুদৰ গোন্ধৰ মাজত কেৱল ময়েই প্ৰেমৰ সাধনা কৰিব খোজোঁ ৷ মই মুহুৰ্ত্ত প্ৰেমৰ অনুভুতিত ডুব গৈ থাকিব খোজোঁ ৷ মই বাৰে বাৰে প্ৰেমত পৰিব খোজোঁ, জীৱনৰ প্ৰেমত, পৃথিৱীৰ প্ৰেমত, ‘তোমাৰ’ প্ৰেমত ৷

বি:দ্ৰ: লেখকৰ অনুমতি সাপেক্ষে তেওঁৰ গ্ৰন্থ ‘ৰমণীয় অনুভৱ’ৰ পৰা তুলি অনা হৈছে ৷

 

অন্যান্য লেখা :

Share.

Comments are closed.