প্ৰাসঙ্গিকতাৰ প্ৰসঙ্গৰে

0

ঊনবিংশ শতিকাত এচাম ভাষিক সম্প্ৰসাৰণবাদীৰ ষড়যন্ত্ৰত অসমীয়া ভাষা সাহিত্যৰ পুলিটো লেৰেলি শুকাই মুজুৰা পৰিবলৈ আৰম্ভ কৰিছিল ৷ এনে সময়ত পুলিটোক সাৰ-পানী যোগাই জীয়াই ৰাখিবলৈ আহোপুৰুষাৰ্থ কৰা সকলৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল অন্যতম ৷ সেই সময়ৰ ভাষা জননীৰ সেৱক সকলে সাৰ-পানী যোগাই লেৰেলা পৰা পুলিটোক পুনৰ ঠন ধৰি তোলাৰ কামতে গভীৰ ভাৱে আত্ম নিয়োগ কৰিছিল ৷ কিন্তু বেজবৰুৱাই পুলিটোক জীয়াই ৰাখিবলৈ সাৰ-পানী দিয়েই ক্ষান্ত থকা নাছিল ৷ তেওঁ ইয়াৰ গুৰিটো নিৰাই চিকুনাই ভাষিক সম্প্ৰসাৰণবাদী ৰূপী অনিষ্টকাৰী কীটপতঙ্গবোৰে যাতে কোনো ধৰণৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ বেজবৰুৱাৰ মধ্যাহ্ন সূৰ্যসম ব্যক্তিত্বৰ সন্মুখত থাঁৱৰিব নোৱাৰি এইচাম ষড়যন্ত্ৰকাৰীয়ে আন্ধাৰত মুখ লুকুৱাবলৈ বাধ্য হৈছিল ৷
সম্প্ৰসাৰণবাদী ৰাহুৰ গ্ৰাসৰ পৰা মুক্তি লাভ কৰা দিনটো পাৰহৈ যোৱা আজি প্ৰায় পাঁচ কুৰি দহ বছৰ হ’ল ৷ বেজবৰুৱায়ো বয়সৰ লেখেৰে সাতকুৰি দহ বছৰ কাল অতিক্ৰম কৰাৰ উপক্ৰম হৈছে ৷ ডেৰশ বছৰীয়া জয়ন্তীৰ এই শুভ মূহূৰ্তত মোৰ মনত এটি প্ৰশ্নৰ উদয় হৈছে, উনবিংশ শতিকাৰ সাহিত্যৰথীজন বাৰু একবিংশ শতিকাৰ অসমীয়া সমাজখনৰ বাবে প্ৰাসঙ্গিক হৈ আছে নে? অপ্ৰিয় হ’লেও সত্য- প্ৰাসঙ্গিক হৈ থকা নাই ৷ যুক্তিৰ খাতিৰত যুক্তি দি হয়তু আঙি ক’ম- বেজবৰুৱা চিৰদিনেই প্ৰাসঙ্গিক হৈ থাকিব ৷ কিন্তু বাস্তৱতাৰ তুলাচনীত তুলি যুক্তিৰ চালনিৰে চালি চালে বৰ্ত্তমান সময়ত অসমীয়া সকলৰ মাজত সাহিত্যৰথীজন যে অপ্ৰাসঙ্গিক হৈ পৰিছে সেইটোয়েই প্ৰতীয়মান হৈ পৰে ৷
উনবিংশ শতিকাৰ শেষ দশকত হাতত কলম তুলি লোৱাৰে পৰা বেজবৰুৱাই ষড়যন্ত্ৰকাৰীসকলক পৰাজিত কৰি ভাষা জননীক সুৰক্ষিত কৰি ৰাখিবলৈ “সাহিত্যৰথী” ৰূপে অবিৰতভাৱে কেৱল যুদ্ধই কৰি যাবলগীয়া হৈছিল ৷ ফলত ভাষা বৃক্ষৰ পুলিটো পত্ৰে-পুষ্পে বিকশিত হৈ এক বিশাল বৃক্ষত পৰিণত হৈছিল ৷
বিংশ শতিকাৰ শেষৰ চতুৰ্থ দশকৰ পৰা পুনৰ ভাষাৰ আকাশত ঘন কলীয়া ডাৱৰ গোট খাবলৈ আৰম্ভ কৰিলে ৷ জাতীয় সংগঠন সমূহৰ সময়োপযোগী আৰু দূৰদৰ্শীতাহীন সিদ্ধান্তৰ বাবেই হওঁক বা ৰাজনৈতিক নেতা সকলৰ অদূৰদৰ্শীতাৰ বাবেই হওঁক অসমীয়া জাতিটো নৈৰ গৰাখহাদি খহিবলৈ আৰম্ভ কৰিলে ৷ এই খহনীয়া অবিৰতভাৱে আজিলৈকে চলিয়ে আছে ৷ প্ৰতিটো জনগোষ্টীয়েই নিজৰ নিজৰ ভাষা বিচাৰিবলৈ আৰম্ভ কৰিলে ৷ ফলত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা লাহে লাহে কমি যাবলৈ ধৰিলে ৷ ৰাজ্যভাষা আইন হ’ল ৷ কিন্তু কাৰ্যালয়ত অসমীয়া ভাষা এলাগী হৈ পৰিল ৷ ইয়াৰ লগে লগে আৰম্ভ হ’ল ইংৰাজী মাধ্যমৰ প্ৰাদুৰ্ভাৱ ৷ এই বিদ্যালয় সমূহে ছাত্ৰ-ছাত্ৰীসকলক জাতীয় জীৱনৰ লগত পৰিচয়হীন কৰি তুলিলে ৷ ঘৰখন বা অভিভাৱক সকলেও জাতিটো বা জাতিটোৰ সভ্যতা সংস্কৃতিৰ বিষয়ে কোনো ধৰণৰ জ্ঞান নিদিয়া হ’ল ৷ যাৰ বাবে আজিৰ ল’ৰা-ছোৱালীক শঙ্কৰদেৱ বা মাধৱদেৱ কোন বুলি সুধিলে উত্তৰ পোৱা যায় “নেজানো” বা “পথৰ সঙ্গীতজ্ঞ” (I thought Street Singer of Assam) বুলি ৷ যিকোনো এটা অসমীয়া বাৰ বা মাহৰ কথা সুধিলে ক’ব নোৱাৰে ৷ বোধহয় অসমীয়া ভাষাটো পুনৰ অন্ধকাৰ অভিমুখে গতি কৰিবলৈ ধৰিছে ৷ এইবাৰ ভাষাটোলৈ কাল আন্ধাৰ কোনো ভাষিক সম্প্ৰসাৰণবাদীয়ে নমাই অনা নাই, আমি নিজে মাতি আনিছো ৷ নিজৰ ভেটি নিজেই খান্দিবলৈ ধৰিছো ৷ এনে পৰিস্থিতিত ভাষাটোৰ বা জাতিটোৰ হৈ যুদ্ধ কৰিবলৈ “সাহিত্যৰথী বেজবৰুৱা” জানো কিবা প্ৰয়োজন আছে? সেয়েহে আপোনাসৱক সুধিছোঁ নিজৰ গাত এবাৰ চিকুটি চাওঁক আৰু কওঁক বৰ্ত্তমান সময়ত অসমীয়াসকলৰ বাবে বেজবৰুৱা প্ৰাসঙ্গিক নে?

– প্ৰদীপ বৰা, ডিব্ৰুগড়

Share.

Leave A Reply