প্ৰতিবিম্ব

0

বিনীতা মানুহজনী উচপ খাই উঠিল। এক মুহুৰ্তৰ বাবে তাই থৰ লাগি টিভিৰ পৰ্দালৈ চালে আৰু তাৰপাছত তাইৰ মনৰ ভিতৰত থকা চেহেৰাটোৰ সৈতে ছোৱালীজনী ৰিজাই চাবলৈ চেষ্টা কৰিলে। অৰুণ ওচৰতে পেপাৰখন লৈ বহি আছিল। ৰাতিপুৱা অফিচলৈ যোৱাৰ লৰালৰিত তাৰ অইন কামৰ বাবে সময় নাথাকে। গধূলিৰ এইখিনি সময়ত সি টিভিৰ নিউজ শুনাৰ লগতে পেপাৰখনত চকু ফুৰোৱা দুয়োটা কাম সমানে চলাই থাকে। বিনীতালৈ চাই সি খন্তেক ৰ’ল আৰু মাতটো যিমান পাৰি সৰুকৈ উলিয়াই সুধিলে,

-“কি হ’ল?”
-“নাই একো নাই।”
-“কোনোবা চিনাকী মানুহ দেখা পালা নে কি!” অৰুণে হাঁহি মাৰি কথাটো সহজ কৰিবৰ চেষ্টা কৰিলে।
-“নাই কোননো চিনাকী মানুহ ওলাব!” টিভিৰ চেনেলটো সলাই থৈ তাই পাকঘৰলৈ আহিল।

পুৰণি দিনবোৰে বিনীতাৰ মনত ঢৌ খেলাই থৈ গ’ল। তাই তেতিয়া মেট্ৰিক পাছ কৰিছে মাত্ৰ। ঘৰৰপৰা বাহিৰত প্ৰথমবাৰৰ বাবে পঢ়িবলৈ ওলাই আহিছে। তাহাত থকা হোষ্টেলটোৰ সেইটো নতুন ব্লক। নতুন ব্লকটোত সেইবাৰ তাহাত আটাইকেইজনী সমবয়সীয়া, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ। গতিকে হোষ্টেলত চিনিয়ৰৰ ৰেগিঙ হোৱাৰ সুযোগ-সুবিধা অলপো নাই। প্ৰথম সপ্তাহৰ ভিতৰত এজনী-দুজনীকৈ আটাইবোৰ ছোৱালী আহি পোৱাৰ পিছত তাহাতৰ মাজত সৰুকৈ এটা চিনাকী পৰ্ব অনুষ্ঠান হৈছিল, হোষ্টেলৰ কমন ৰূমত।

-“নমস্কাৰ! মোৰ নাম বিনীতা বৈশ্য।” তাইৰ কথাবোৰৰ সুৰ যেন আনবোৰ ছোৱালীৰ সৈতে কৰবাত অলপ অমিল- সেয়া তাইয়ো অনুভৱ কৰিছিল। কিন্ত্ত তাইৰ উপায় নাছিল। ঘৰ নলবাৰীত বুলি ক’বলৈ পোৱাৰ আগতেই পাছফালৰ পৰা এটা সৰু চিঞঁৰ ভাঁহি আহিছিল- “অ’অ ঢেকেৰী!”

হলঘৰটোত ভাঁহি উঠা হাঁহিৰ ভৰত তাই গোটেই মানুহজনী কোঁচ-মোঁচ খাই পৰিছিল। তাচ্ছ্ল্যৰ সেই এটা মাঁথো শব্দই তাইক গোটেই মানুহজনীক এফালৰ পৰা চেপি-খুন্দি আনিছিল। তাইৰ বুজিবলৈ বাকী নাছিল-সেয়া হোষ্টেলৰ আটাইতকৈ স্মাৰ্ট ছোৱালী অদিতিৰ মাত। প্ৰথম অহাৰ দিনাৰ পৰাই তাই গোটেই হোষ্টেলখনতে ৰাজত্ব কৰিবলৈ অহাৰ দৰে আও-ভাৱত আছিল। অইনৰ ভাল পোৱা বেয়া পোৱা ভাবি চাবলৈ যেন তাইৰ সময় নাই। মনৰ ভিতৰতে ক্ষোভবোৰ সামৰি বিনীতাই নিজৰ পৰিচয় দিছিল। পিছৰফাললৈ তাইৰ মাতটো থুকা-থুকি হৈছিল।

তাৰ পিছৰ কলেজৰ দিনবোৰত তাই কেইবাবাৰো সেই একেটা শব্দৰ মুখামুখি হৈছিল। কেতিয়াবা তাই অস্বস্তিত পৰিছিল। কেতিয়াবা বিৰক্তি লাগিছিল। কোনোবাদিনা বিৰক্তিবোৰ থূপ খাই খাই খঙৰ ৰূপ লৈছিল। তাইৰ চিঞঁৰি চিঞঁৰি ক’বৰ মন গৈছিল, “অ’ হয় দে মই নলবাইৰা। কি হলনো তাতে! নলবাৰীখন কি অসমৰ নহে না কি!” সেই পাঁচটা বছৰত তাই কোনোদিনে অদিতিৰ সৈতে সহজ হ’ব নোৱাৰিলে। তথাকথিত উজনি-নামনিৰ পাৰ্থক্যৰ ৰেখাডালে তাহাত দুইজনীক সদায়েই আঁতৰ কৰি ৰাখিলে।

তাৰ পিছত বিনীতা ইউনিভাৰ্চিটিলৈ আহিল। এম এৰ প্ৰথম বছৰটোত পঢ়ি থাকোতেই তাহাতৰ ঘৰলৈ অৰুণহঁতৰ পৰিয়াল আহিছিল। ভাল চাকৰি কৰা দৰা ওলাইছে, মাক-দেউতাকে স্বভাৱ-পাতি ভাল দেখিছে গতিকে তায়ো বিয়াৰ বাবে সাজু হ’ব লাগে। সহজ-সৰল মধ্যবিত্ত পৰিয়ালৰ ছোৱালী হিচাপে তাই এইখিনিকে বুজি পাইছিল। পুৰণি লগৰ সকলোকে বিয়ালৈ মাতিবলৈ তাই চেষ্টা কৰিছিল। বিয়াৰ হোমগোমতে লগৰ কোনোবা এজনীৰ মুখত তাই শুনিছিল-“অদিতি আজিকালি দিল্লীত থাকে। পি এইচ ডিত জইন কৰিছে।”

শাক-পাচলি কেইটা কটা-বচা কৰি থাকোতেও তাইৰ মনত পুৰণি কথাবোৰে দোলা দি থাকিল। টিভিৰ বাতৰিটোৰ কথাকেইটাৰে মিলাই মিলাই তাই মনৰ মাজতে ছবি এখন তৈয়াৰ কৰি ল’লে। এইখিনি মুহুৰ্তত তাইৰ মনৰ অৱস্থাটো কেনে হোৱা উচিত তাই একো ভাবি নাপালে।

পাকঘৰৰ কাম-কাজ সকলো সামৰি উঠি বিচনাত পৰাৰ আগেয়ে তাই এনেয়ে এবাৰ টিভিটো অন কৰি চালে। নিউজ চেনেলকেইটাত তেতিয়াও সেই গধূলিৰ একে কেইটা ফুটেজকে দেখুৱাই একে কেইটা বাতৰিকে দোহাৰি আছিল।

“…দিল্লীত পুনৰ অসমৰ যুৱতী বৈষম্যৰ বলি…” অদিতিয়ে ৰিপ’ৰ্টাৰ কেইজনৰ আগত ঘটনাটোৰ বিৱৰণ দি আছে। “মই এক্সুৱেলি শ্বপিং কৰিবলৈ ওলাই আহিছিলোঁ। সিহঁত কেইটা ম’লটোৰ ফ্ৰণ্টতে থিয় হৈ আড্ডা দি আছে। তাৰ পিছত মন কৰিলোঁ সিহঁতে মোলৈ অলপ বেলেগ চাৱনিৰে চাইছে.. সুহুৰিয়াইছে… তাৰ পিছত ‘এই চিংকী’ বুলি….।

মনৰ ভিতৰত হেজাৰবাৰ চেষ্টা কৰিও তাই অদিতিৰ প্ৰতি সহানুভূতিৰ ভাব অলপ বিচাৰি নাপালে। তাই চেনেলটো সলনি কৰি দিলে।

-প্ৰাঞ্জল দাস, জি আই এম টি, তেজপুৰ

অন্যান্য লেখা :

Share.

Leave A Reply