প্ৰচলিত শিক্ষা ব্যৱস্থা : শিক্ষক-অভিভাৱক, চৰকাৰ আৰু অসমৰ ভৱিষ্যত(২)

3

(আগৰ সংখ্যাৰ পৰা)

(ক) ব্যক্তিগত নৈতিকতা (Professional Ethics): জীৱন-জীৱিকাৰ লগতে সমাজত বসবাস কৰা লোকখিনিয়ে ব্যক্তিগত নৈতিকতা – যাক ইংৰাজীত Professional Ethics বুলি কোৱা হয়, তাক অনুসৰণ কৰি চলাৰ বিষয়েও ভৱিষ্যত প্ৰজন্মক শিক্ষাৰ জৰিয়তে প্ৰস্তুত কৰি তুলিব লাগিব৷ এইক্ষেত্ৰত নৈতিক শিক্ষা (Moral Education) আৰু মূল্যবোধৰ শিক্ষা (Value-oriented Education)ৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দি ভৱিষ্যত জীৱনত ইবোৰ প্ৰয়োগেৰে পূৰ্ণ মানৱ হ’ব পৰাৰ ক্ষেত্ৰ প্ৰস্তুত কৰি দিব পৰা যায়৷ ভাল-বেয়া, সৎ-অসতৰ উপলব্ধি কিদৰে সম্ভৱ সেইকথাও শিক্ষাদাতাই ছাত্ৰ-ছাত্ৰীক শিকাব লাগিব৷ মানুহৰ জীৱন আৰু লক্ষ্য সৎ আৰু মহৎ হ’ব লাগিব; সেইদৰে  বাছি লোৱা বৃত্তিও সৎ আৰু উদ্দেশ্যপূৰ্ণ হ’ব লাগিব৷ ব্যক্তিস্বাৰ্থ পূৰণত সমূহীয়া স্বাৰ্থ বিঘিন্ন হ’লেই সি বেয়া বুলি গণ্য হ’ব; আৰু কাৰোবাৰ কিবা কথা আৰু কামে অন্য ব্যক্তিৰ অপকাৰ হোৱাটোক বেয়া বা অসৎ ৰূপত গণ্য হ’ব৷ শিক্ষকসকল যিহেতু ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ স্বৰূপ সেয়েহে তেওঁলোকেই প্ৰথমে ৰুচিবান আৰু নিষ্ঠাবান হোৱা উচিত৷ আধুনিক শিক্ষাতত্ত্বত প্ৰফেশ্যনেল্ এথিকচ্ কেবল শিক্ষকৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি কৈছে যদিও ই সকলোধৰণৰ বৃত্তিধাৰী লোকৰ ক্ষেত্ৰতে প্ৰযোজ্য৷ খেতিয়ক, বেপাৰী, চৰকাৰী চাকৰিয়াল, বনুৱা, জনপ্ৰতিনিধি কোনো এই নিয়মৰ বৰ্হিভূত নহয়৷ প্ৰকৃতি জগতখনত এই প্ৰফেশ্যনেল এথিকচ্ বৰ্ত্তি থকাৰ বাবে গ্ৰহে গ্ৰহে সংঘৰ্ষ হোৱা নাই; চন্দ্ৰ-সূৰ্য-বায়ুৱে প্ৰকৃতিৰ নিয়ম উলঙ্ঘা কৰি খুচিমতে চলা নাই৷ মানুহ জীৱশ্ৰেষ্ঠ হোৱা বাবেই জ্ঞানৰ মাপকাঠিৰে যুক্তিৰ আধাৰত নিজ নিজ কৰ্তব্য সম্পাদন কৰি দেশৰ আৰু দহৰ কল্যাণত নিজক নিয়োজিত কৰিলেহে তেওঁ নিজৰ প্ৰফেশ্যনেল এথিকচ্ মানি চলা হ’ব৷ তেতিয়াই তেনে এখন সমাজ সংযত, কল্যাণকামী, সৰ্বাঙ্গসুন্দৰ আৰু আদৰ্শবাদী সমাজ ৰূপে গণ্য হ’ব৷ প্ৰফেশ্যনেল এথিকচ্ মানি চলা সমাজ এখনত তোষামোদৰ স্থান নেথাকিব, ঘোচ-ঘাচলিৰ প্ৰশ্ন নুঠিব, পৰৰ মুখৰ গৰাহটো কাঢ়ি খোৱাৰ মানসিকতাৰ কাহানিও উদ্ভৱ নহ’ব৷ একেখন নাৱৰ যাত্ৰীৰূপে সকলোৰে দুখত দু:খী, সুখত সুখী মনোভাৱৰ সৃষ্টি হৈ সংসাৰ সুখৰ হ’ব৷ ইংৰাজীত কোৱা Man is the maker of his own fortune বুলি কওঁতে; মানুহে নিজৰ ভাগ্যখনক নিজেই গঢ় দিয়াৰ কথা কওঁতে; পৰক মাৰি নিজে ভাগ্য গঢ়াৰ কথা নিশ্চয় কোৱা নাই৷ মানুহৰ দহোটা আঙুলি সমান নহ’ব পাৰে – সিও সঁচা পিছে সৃষ্টিকৰ্তাই অতি বিৰূপভাৱেও ইবোৰক দীঘল-চুটি কৰা নাই বৰং সৌন্দৰ্য ৰক্ষাৰ বাবে হ্ৰস্ৰ-দীৰ্ঘৰ সীমা ৰাখিহে সৃষ্টি কৰিছে৷ মানুহৰ জীৱন-দৰ্শনতো এই সত্য প্ৰযোজ্য৷ এনেবোৰ জ্ঞান সমাজত প্ৰচাৰ কৰোঁতা, জ্ঞানৰ গৰাকী শিক্ষক সমাজেই হ’ব লাগিব৷ বিদ্যালয়ত বৰ্ণজ্ঞান দিওঁতা শিক্ষকৰ বাদেও পিতৃ-মাতৃ, বয়োজ্যেষ্ঠসকল, আধ্যাত্মিক দিশৰ জ্ঞান দিওঁতাসকল শিক্ষকৰ সমতুল্য৷ এনে কৰিবলৈ যাওঁতে, প্ৰাচীন ঋষি-মুনিয়ে শিষ্যসকলক দিয়া জ্ঞানৰ কথা মনত ৰাখি পাঠদানৰ সময়ত উচ্চাৰণ কৰিব লাগিব উপনিষদৰ বাণী; যথা- “ওঁ সহনাববুত৷ সহ নৌ ভুনক্ত৷ সহবীৰ্য্যং কৰবাবহৈ৷ তেজস্বীনামবধীমস্ত৷ মা বিদ্বিষাবহৈ৷ ওঁম্ শান্তি:, ওঁম্ শান্তি:, ওঁম্ শান্তি:৷৷”

(খ) শিক্ষক-ছাত্ৰ আৰু সমাজ: শিক্ষাবিদসকলে কৈ আহিছে ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই৷  সৰুৰে পৰা শিশুৱে ঘৰৰ মানুহখিনিৰ বাদেও, সমাজৰ সমনীয়া, বয়োজ্যেষ্ঠ লোকসকলৰ আচাৰ-আচৰণ, কথা-বতৰা, ব্যৱহাৰ আদি অনুকৰণ কৰি শিক্ষা আহৰণ কৰে৷ ৰুচিবান আৰু সংহত সমাজ এখন শিশুৰ আদৰ্শৰ প্ৰতিভূ হ’ব পাৰে৷ পিছে শিক্ষাদান কৰা অৰ্থতে যি শিক্ষাদান কৰে – বিদ্যালয় অথবা ব্যক্তিৰ গৃহত তেওঁকে শিক্ষক বুলি কোৱা হয়৷ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা বাবেই এই বিশেষ শ্ৰেণীৰ লোকসকলক শিক্ষক বোলা কথাষাৰৰ ব্যাপ্তি একেবাৰে সংকুচিত ৰূপতে আছে৷ প্ৰাচীন কালত ঋষি-মুনিসকলে শিক্ষাদাতা গুৰুৰ বাহিৰেও প্ৰকৃতি জগতৰ বিভিন্ন জীৱ-জন্তু আদিকো গুৰুস্থানত ৰাখিছিল আৰু সিবিলাকৰ পৰা শিক্ষা আহৰণ কৰাৰ উপদেশ দিছিল৷ ধৈৰ্য গুণ ধৰিত্ৰীৰ পৰা, গভীৰ মন:সংযোগ কণামুচৰি পখীৰ পৰা, গছ-গছনিৰ পৰা সহনশীলতা, বুদ্ধিমত্তাকে ধৰি কাউৰিৰ পৰা পাঁচোটা গুণ, সাগৰৰ পৰা গাম্ভীৰ্য, পদুমৰ পৰা নিষ্কলুষ গুণ আহৰণৰ উপদেশ দিছে৷ ইবোৰ একপ্ৰকাৰ গুৰুসদৃশ জ্ঞানদাতা৷ আধুনিক শিক্ষাতত্ত্বত শিক্ষকৰ থাকিবলগীয়া ১৬টা গুণৰ নিৰ্দেশনা দিলেও, আমি ইয়াৰে দহোটা গুণকহে গুৰুত্ব আৰোপ কৰিছোঁ; যেনে – (১) Attitude towards the Profession (২) Attitude towards the taught (৩) Study habit (৪) Liberal views (৫) Sense of justice (৬) Strength of Personality and character (৭) Cordial relationship with colleagues (৮) Punctuality (৯) Capacity to maintain discipline (১০) Desirable social traits. আজি পিছে শিক্ষকৰ গাত এনেবোৰ গুণ একেলগে বিচাৰি হতাশ হ’ব লাগিব৷ তেনেহ’লেও এনে কিছুমান গুণ শিক্ষকৰ থকা উচিত, যাৰ দ্বাৰা তেওঁ সমাজৰ আকৰ্ষণৰ পাত্ৰ আৰু সন্মানৰ আসনত প্ৰতিষ্ঠিত হ’ব পাৰে৷ আজিৰে পৰা দুকুৰি বছৰ আগলৈকে শিক্ষকসকলৰ সমাজত যি মান আৰু মৰ্যাদা আছিল; আজিকালি তেওঁলোক সেইস্থানত নাই৷ সেইখিনি সময়লৈকে শিক্ষকক যথেষ্ট সন্মান আৰু আদৰ কৰা হৈছিল৷ শিক্ষকসকল, সমাজৰ তুচ্চ-তাচ্ছিল্যৰ পাত্ৰ হোৱা নাছিল৷ আজিকালি শিক্ষক মানেই শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক পঢ়াই-শুনাই, নোটচ্ লিখি দি, পৰীক্ষাত আহিব পৰা সাম্ভাৱ্য প্ৰশ্নৰ বাছনি কৰি পাচ কৰাই দিয়া একোজন ব্যক্তি বুলিহে ভাবে৷ বিদ্যালয়ত পঢ়ি থকালৈকে ছাত্ৰ-ছাত্ৰীয়ে যেনেতেনে সন্মানকণ যাচে – পিচে Friend, Philosopher, Guide বুলি শিক্ষকক মুঠেও নেভাবে৷ তেওঁলোক ছাত্ৰ-ছাত্ৰীসকলৰ আদৰ্শ স্থানীয়ও নহয়৷ আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক হ’ব৷  প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে সমাজৰ এজন হৈ সমাজ পৰিচালনাও কৰিব লাগিব৷ একোখন সমাজত ভিন্ন চিন্তাৰ, ভিন্ন ধ্যান-ধাৰণাৰ লোক থাকিবই৷ এই লোকসকলক একত্ৰে ৰাখিবলৈ, সমাজখনিক সংহত ৰূপ দিবলৈ প্ৰায়োগিক জ্ঞানৰ প্ৰয়োজন হ’ব৷ যিসকলে আদৰ্শস্থানীয় ব্যক্তিৰ পৰা, শিক্ষকৰ পৰা এনে শিক্ষা সৰুকালতে আয়ত্ব কৰে; তেওঁলোক সমাজ পৰিচালনাত সমৰ্থ হয় আৰু অগ্ৰগণ্য ব্যক্তিৰূপে স্বীকৃতি লাভ কৰে৷ কিন্তু অভিজ্ঞতাই প্ৰমাণ কৰিছে আজিৰ শিক্ষকসকলৰ সিংহভাগেই ধনৰ পিছত দৌৰা আদাম স্মিথৰ Economic Man ৰূপে পৰিগণিত হৈছেগৈ৷ দৰমহাৰ বাবেহে তেওঁলোকে বিদ্যালয়লৈ গৈ আছে – এনে ধাৰণাৰ বশবৰ্ত্তী হৈছে সমাজখন৷ শিক্ষকৰ বিৰুদ্ধে কাকতে-পত্ৰে কটু সমালোচনা কৰাও দেখা গৈছে৷ সমাজত প্ৰচলিত হ’ব ধৰা এই ধ্যান-ধাৰণা সলনি কৰাৰ দায়িত্বও শিক্ষক সমাজৰে৷ শিক্ষকৰ চাল-চলন, আচাৰ-ব্যৱহাৰ, আদৰ্শই সমাজ গঢ়াৰ পথত দিশ নিৰ্দেশনা দিয়াত সফল হ’ব পৰা নাই, সমাজৰ এনে ধাৰণাৰো সলনি কৰিব লাগিব শিক্ষক সমাজে নিজেই৷

(গ) শিক্ষা বিভাগ আৰু চৰকাৰ: মানুহে যাযাবৰী জীৱন ব্যৱস্থাৰ পৰা ক্ৰমবৰ্দ্ধমান গতিত সংহত জীৱন-যাপনৰ দিশে আগবাঢ়ি আহোঁতেই পৰিস্ফুট হৈ পৰিল এখন সু-সংঘবদ্ধ সমাজৰ, য’ত ফুটি উঠিছিল জীৱন-ধাৰণৰ বিভিন্ন কলা-কৌশল, মানুহৰ প্ৰতি মানুহৰ ব্যৱহাৰ আৰু পৰিশীলিত চিন্তা-চৰ্চাৰ৷  মানুহৰ এই যাত্ৰাপথত ভিন ভিন সমাজৰ গঠন হৈ ভিন ভিন সংস্কৃতি আৰু সামাজিক পৰম্পৰাই গঢ় হৈ উঠিছিল৷ ভিন্ন ভিন্ন সমাজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, কলা-কৃষ্টি, সৃষ্টিশীল কাৰ্যকলাপ আৰু পৰম্পৰাই চিত্ৰ-বিচিত্ৰ ৰূপ ধাৰণ কৰিছে৷ এই চিত্ৰ-বিচিত্ৰ পৰম্পৰাবিলাক ভালদৰে চিনিব নোৱাৰিলে আৰু অনুধাৱন কৰিব নেজানিলে, মানুহৰ শিক্ষাৰ বিকাশে পূৰ্ণতা লাভ কৰিছে বুলি ক’ব পৰা নেযাব৷ সেইবাবে মানুহৰ প্ৰকৃত শিক্ষা আৰু চৰিত্ৰ গঠন পাৰম্পৰিক শিক্ষা (Traditional Education)ৰ জৰিয়তেহে সম্ভৱ হয়৷ এই পৰম্পৰাগত শিক্ষা, শিশুসকলে বসবাস কৰা মিশ্ৰিত সমাজখনৰ বিভিন্ন পৰম্পৰা বা সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰা লগৰীয়া অথবা সমাজৰ বয়োজেষ্ঠসকলৰ পৰাই আহৰণ কৰে৷ এনেবোৰ শিক্ষা; বিদ্যালয়ত পাঠ্যপুথি ৰূপে পঢ়িবলৈ দিয়া কিতাপৰ দ্বাৰা সম্ভৱ নহয়৷ চীনৰ ৰাষ্ট্ৰপতি মাও জে ডঙে সেয়েহে কৈছিল – শিক্ষক হ’ব খুজিছা যদি সমাজৰ মাজলৈ যোৱা, মানুহৰ সমাজৰ পৰা শিক্ষা আহৰণ কৰি সেই শিক্ষা উঠি অহা প্ৰজন্মক প্ৰদান কৰি পূৰ্ণমানৰ সৃষ্টিত অৰিহণা যোগোৱা (মাও পেপাৰচ্)৷

আনুষ্ঠানিক শিক্ষা প্ৰৱৰ্ত্তনৰ লগে লগে, বিদ্যাৰ্থীক শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা হোৱাৰ পৰাই, ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাক গতিশীলতা প্ৰদানৰ লক্ষ্যেৰে একোটাহঁত প্ৰশাসনিক গোট গঠন কৰি দিছে৷ এইক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত প্ৰাথমিক শিক্ষা সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু উচ্চ শিক্ষা সঞ্চালক ৰূপে তিনিজন প্ৰধানৰ অধীনত তিনিটা সঞ্চালকালয়ে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ প্ৰশাসনিক দিশৰ তদাৰক কৰি আহিছে৷ লগতে শিক্ষা আয়ুক্ত আৰু শিক্ষামন্ত্ৰী আছেই৷ তৎস্বত্তেও শিক্ষাদপ্তৰে বিদ্যালয় শিক্ষকৰ অভাৱ, ছাত্ৰ-ছাত্ৰীৰ বাবে সময়মতে পাঠ্যপুথি যোগান ধৰাত নিৰন্তৰ বিফল হৈ আহিছে৷ অসমত শিক্ষা ব্যৱস্থা ৰাজনৈতিক মেৰুকৰণৰ বলি হৈ পঙ্কিলতাত ডুব গৈছে৷ মাতৃভাষাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক আৰু পাঠ্যপুথি অবিহনেই চুড়ান্ত পৰীক্ষাত বহিব লগা হৈছে – ফলত পৰীক্ষাৰ ৰিজাল্ট নিম্নগামী হৈছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱাত শিক্ষকসকল কটু সমালোচনাৰ পাত্ৰ হৈছে৷ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক প্ৰধান শিক্ষক, অধ্যক্ষ-উপাধ্যক্ষ পূৰ্ণাঙ্গ ৰূপৰ নিযুক্ত নিদি, তত্ত্বাৱধায়ক প্ৰধান শিক্ষক, অধ্যক্ষৰে গুৰিবঠা নোহোৱা নৌকাৰ দৰে বিদ্যালয় পৰিচালনা কৰাত বিদ্যালয়ৰ প্ৰশাসন ব্যৱস্থা শিথিল হৈ পৰিছে৷ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকল মাথোন দৰমহাৰ বিলত চহী কৰি শিক্ষক-কৰ্মচাৰীক মাহৰ দৰমহা মাহে ল’বলৈ সুবিধা কৰি দিয়া ব্যক্তিলৈহে পৰ্যবসিত কৰি থৈছে চৰকাৰে৷ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত খালি হৈ থকা বিষয় শিক্ষকসকলৰ পদসমূহ, মাধ্যমিক বিদ্যালয় সমূহতো খালি হৈ থকা স্নাতক আৰু প্ৰাক্-স্নাতকৰ পদসমূহত শিক্ষক নিযক্তি নিদি চৰকাৰে অঘোষিত শিক্ষা-সংকোচন ব্যৱস্থাক আদৰণি জনোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ এই লেজুত ধৰি বল নিদিয়া ব্যৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে – পাব্লিক স্কুল আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহে৷ মাতৃভাষাৰ বিদ্যালয়সমূহত নাম লগাই দি ল’ৰা-ছোৱালীৰ মূৰ খোৱাতকৈ, ইংৰাজী মাধ্যমেই শ্ৰেয়: বুলি পাব্লিক স্কুলসমূহত ল’ৰা-ছোৱালীক অধিক ধন খৰচ কৰি পঢ়োৱাৰ মানসিকতা প্ৰায়সকল অভিভাৱকৰ মনত দ’কৈ শিপাবলৈ লৈছে৷ এনেবোৰ কথা-কাণ্ডলৈ শিক্ষা বিভাগৰ দিগগজসকলৰ মনোযোগ দিবৰ আহৰি নাই: চৰকাৰৰো সময় নাই৷ প্ৰায় দুটা দশক কাল পূৰ্ণ পৰ্যায়ৰ অধ্যক্ষ-উপাধ্যক্ষ, প্ৰধান শিক্ষক-সহকাৰী প্ৰধান শিক্ষক, বিষয় শিক্ষক, স্নাতক শিক্ষকক নিযুক্তি দিব নোৱাৰাটো শিক্ষাবিভাগৰ লগতে ৰাজ্য চৰকাৰো বিফলতা বুলিয়ে ক’ব লাগিব৷

শিক্ষাক সাৰ্বজনীন কৰি তুলিবলৈ, নিৰক্ষৰতা দূৰ কৰিবলৈ, প্ৰযুক্তি বিদ্যাৰ জ্ঞান দিবলৈ – চমুকৈ শিক্ষাৰ মানদণ্ড ৰক্ষা কৰা আৰু শিক্ষা সম্প্ৰসাৰণৰ বিভিন্ন শ্লোগান দি; চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ ডি পি ই পি, সৰ্বশিক্ষা মিশ্যন আদি প্ৰৱৰ্ত্তন কৰি কোটি কোটি টকা শ্ৰাদ্ধ কৰাৰ বাতৰি কাকতে-পত্ৰে পঢ়িবলৈ পোৱা গৈছে৷ পিছে এডিঙি পানীত ডুবি থাকিও পানী খাব নোপোৱা লোকৰ দৰে – আঁচনিৰ হেঁচাত কঁকাল দাঙিব নোৱাৰা অৱস্থা এটাই শিক্ষা ব্যৱস্থাত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ শিক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰৱণতা ৰাজ্যখনৰ বাবে মঙ্গলকাৰকতো নহয়েই; এনে ব্যৱস্থা চলি থাকিলে অসমৰ শিক্ষা ব্যৱস্থাই কি কদৰ্য ৰূপ লয় তাক নেদেখাজনেহে জানিব৷ চকিদাৰ-পিয়নৰ পৰা শীৰ্ষ পৰ্যায়ৰ শিক্ষকলৈকে নিযুক্তি-বদলিৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ, দলীয় স্বাৰ্থ আৰু উৎকোচৰ হাতোৰাই শিক্ষাৰ মানদণ্ড দিনে দিনে নিম্নগামী কৰাত লাগিছে৷ একেদৰে পৰিদৰ্শকৰ কাৰ্যালয়, শিক্ষা সঞ্চালকালয় আদিতো পুঠি-খলিহনাৰ পৰা ৰৌ-বৰালিয়েও জাল পাতি শিক্ষক-কৰ্মচাৰীক নগুৰ-নাগতি কৰাৰ অলেখ খবৰ আছে৷ উচ্চপদস্থ শিক্ষা বিষয়া, বিদ্যালয় প্ৰধান আদিৰ ধন আত্মসাতৰ কাহিনী, নিলম্বনৰ বাতৰি, চৰকাৰী আদেশ উলঙ্ঘাৰ খবৰে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে৷ শিক্ষামন্ত্ৰীৰ চাফাই অভিযানৰ বাঢ়নিডাল বুটী হোৱাৰ খবৰে – যিটো শিক্ষামন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে – এনে খবৰে চিন্তাশীল মহলক হতাশ কৰিছে৷ শিক্ষা ব্যৱস্থাত চলি থকা দূৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব নোৱাৰিলে সংহত আৰু ৰুচিবান সমাজ এখন পোৱাটো কঠিন হ’ব; লগতে আহি থকা পিৰিচসমূহক ফ্ৰেঙ্কেষ্টাইন হোৱাত বোধকৰোঁ বাধা দিব পৰা নেযাব৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ, জনমত সৃষ্টি কৰাৰ কাম শিক্ষকসকলে কৰিব পাৰে৷ কিয়নো শিক্ষকসকল এতিয়াও সমাজত এৰাপৰলীয়া ব্যক্তি হৈ পৰাগৈ নাই লগতে চৰকাৰৰ সদিচ্ছাও থাকিব লাগিব৷

– অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক (সংস্কৃত),

সাহিত্যিক পেঞ্চনাৰ

ম’বাইল নং: ৯৭০৬৬৬৫৯৯১

 

অন্যান্য লেখা :

Share.

3 Comments

Leave A Reply