পিঞ্জৰা

1

Beggar - xondhan - সন্ধানসময় নাই, কাৰো সময় নাই ৷ সকলোৰেই ব্যস্ততা ৷ এই ষ্টেচনৰ শেষ ৰেলগাড়ী খন থিয় হৈয়েই আছে ৷ অলপপৰ পিচতে ৰেলখনে ষ্টেচন এৰি যাব ৷ টিকটঘৰত কিনা-বেচাৰ হুলস্থুল ৷ কপালত ওলমি পৰা চুলিখিনি সুবিন্যস্ত কৰাৰে সুযোগ পোৱা নাই টিকটমাষ্টৰে ৷ বাহিৰত শাৰী পাতি থকা মানুহবোৰৰো সময় নাই – কোনোবাজন টিকট পাবৰ বাবে উদ্বাউল আৰু কোনোবাজন আকৌ টিকট পোৱাৰ লগে লগে অদৃশ্য ৷ ৰেলৰ ডবা কেইটা নতুন জুইশলাৰ বাকচৰ দৰে পুৰা ভৰ্ত্তি ৷ প্লেটফৰ্মখন দেখাত এইফালৰ পৰা দুখীয়া হোৱা নাই ৷ যিসকল যাত্ৰীয়ে ঠাই পোৱা নাই তেওঁলোক ইটো ডবাৰ পৰা সিটো ডবালৈ চিঞৰ-বাখৰ কৰি অহা যোৱা কৰিছে ৷ তেওঁলোকৰ চিঞৰত গোটেই ষ্টেছনটো যেন ভৰি পৰিছে ৷ সৰু সৰু চাহৰ দোকান, কিতাপৰ দোকান আৰু মনোহাৰী দোকানৰ সন্মূখত জুমে জুমে মানুহ থিয় হৈ আছে ৷ এটা পকা কোঠালীৰ ভিতৰৰ পৰা বগা সাজ পিন্ধা এগৰাকী মহিলাই ধুনীয়া চাফা পানী পৰিবেশন কৰি আছে সন্মুখতে নিজৰ নিজৰ পাত্ৰ লৈ শাৰী পাতি থিয় হোৱা মানুহৰ মাজত ৷ কোঠালীটোৰ খিৰিকীৰ ওপৰত লিখা আছে ‘ড্ৰিংকিং ৱাটাৰ’, ‘পিনেকা পানী’ অৰ্থাৎ খোৱা পানী ৷ মুঠতে গোটেই ষ্টেচনটোতে এটা ব্যস্ত জীৱন অনুভূত হৈছে ৷ ইয়াৰ বাহিৰেও ইঞ্জিনৰ হিচ্ হিচ্ শব্দ, আৰ-এম-এছ ট্ৰলিবোৰৰ ঘ্যাচ ঘ্যাচ কৰ্কশ শব্দ, কুলি-হ’কাৰৰ চিঞৰ-বাখৰ, ডবাত বহাৰ কাৰণে হোৱা হাই কাজিয়া – এই সকলোবোৰে মিলি যেন কাণ বন্ধ হোৱাৰ উপক্ৰম ঘটাইছে ৷ এইবোৰ বিবিধ কৰ্কশ শব্দৰ মাজত যাত্ৰীসকলৰ কাণত মাজে সময়ে বিন্ধি আছে – মৰণ যন্ত্ৰনাত অস্থিৰ এগৰাকী তিৰোতাৰ হিয়াভগা অন্তিম আৰ্তনাদে – “বাবু – বা-ববু পা-নী আ:হ !”

‘ঘ্যাচ ঘ্যাচ’ ‘চাই গৰম’ ‘গৰম চাই’ ….

‘বা-বু পা নী পা …’

‘হা: হা: হা:, বেগম শাহাজাদী, এই সংসাৰ মৰুভূমিৰ মৰীচিকা, হা: হা: হা: …’, ফটাছিটা চোলা-পেন্টৰ ‘ৰাজপোচাক’ৰে সজ্জিত আৰু ভঙা কাঠৰ বাকচৰ ‘ৰাজ সিংহাসন’ত আৰোহিত বলিয়া নবাব এজনৰ খিল খিল হাঁহিত যেন সকলোবোৰ শব্দ ডুব যায় ৷ তাৰ পিচত আকৌ শুনা যায় তিৰোতাজনীৰ সেই কৰুণ আৰ্তনাদ – “বা-বু পা …নী”৷

এই কৰুণ আৰ্তনাদ আহিছে প্লেটফৰ্মৰ একাষৰ চুক এটাৰ পৰা ৷ এজনী ভিক্ষাৰিণীয়ে মৰণ যন্ত্ৰণাত চটফটাই চিঞৰিছে: বা বু পা…নী ৷ তাইৰ শৰীৰৰ পিনে লক্ষ্য কৰিলে ধৰা টান – পুৰুষ নে মহিলা ৷ কংকালটোক যেন কোনো মতে ছালখনে ধৰিহে ৰাখিছে ৷ ক’তো মঙহৰ চিন-মোকাম নাই ৷ হাত, ভৰি, মুখমণ্ডল আৰু গাৰ ঘা-বোৰৰ পৰা পানী ওলাইছে আৰু সেইবোৰত মাখিয়ে ভেনভেনাই ফুৰিছে ৷ কুষ্ঠ? কি কয়? কেতিয়াও ডাক্তৰৰ হাতৰ পৰশ নোপোৱা – কুমাৰীত্ব ৰক্ষা কৰা এই ঘা বিলাক বহুদিন মাখিৰ পহৰাত থকা হেতুকে সাধাৰণ ঘা নে কুষ্ঠ তাক কোৱা টান ৷ তাই অফিচৰ বাৰান্দাত ইফাল সিফাল কৰি থাকোঁতে হঠাৎ চিত হৈ পৰি গ’ল ৷ বুকুৰ হাড়ৰ গোটেই ফ্ৰেমটো শাৰী শাৰীকৈ ওলাই পৰিল ৷ পেটৰ ছাল পিঠিত লাগি থকিল আৰু প্লেটফৰ্মৰ পৰা ডেৰফুটমান ওপৰত থকা কাৰ্য্যালয় ঘৰৰ বাৰাণ্ডাত কান্ধৰ পৰা ভৰিলৈকে দেহৰ এই অংশ নি:সাৰ হৈ পৰি থাকিল ৷ মূৰ আৰু ডিঙি বাৰাণ্ডাৰ পৰা ওলমি থাকিল ৷ মূৰৰ চুলিখিনি প্লেটফৰ্মত আউলি বাউলি হৈ সিচঁৰতি হ’ল ৷ চিত হৈ পৰাৰ লগে লগে মুখৰ পৰা ফেন উজাই দুই চকুৰ কাষেৰে চকুলো লগ হৈ ববলৈ ধৰিলে টোপাল টোপালকৈ ৷ শুকান ওঠ দুটাই ভিতৰৰ দুই পাৰি দাঁত ঢাকি ৰখাৰ শক্তি ইতিমধ্যে হেৰুৱাই পেলাইছে ৷ সেয়ে দাঁত দুপাৰি বাহিৰৰ বতাহত আৰু বেছি শুকান হৈ পৰিছে ৷ যাতনা আৰু তৃষ্ণাত মৃত্যু মুহুৰ্ত্ততো তাই কোটৰত সোমাই যোৱা চকু দুটা ডাঙৰকৈ মেলি কাষতে থিয় দি থকা ভদ্ৰলোকসকলৰ ওচৰত অৱশিষ্ট শক্তিৰে বিনম্ৰ প্ৰাৰ্থনা জনাইছে “বা …  বু … পা … নী … আ …হ ৷”

ভিক্ষাৰীজনীৰ যথাসাধ্য এই অন্তিম প্ৰাৰ্থনাৰ শব্দই ঘন অৰণ্যত প্ৰতিধ্বনি তুলিব নোৱাৰি শেষত ইঞ্জিনৰ বিকট চিঞৰৰ মাজত জাহ যায় ৷ ভিক্ষাৰিণীজনী এতিয়া এই পৃথিৱীত অকলশৰীয়া ৷ ইফালে তাই আৰু আনফালে অসীম আকাশ ৷ চাৰিওপিনে পানী – চাহৰ দোকান, পানীৰ ষ্টল বা হ’কাৰৰ হাতত ৷ কিন্তু এই মৃত্যু মুহূৰ্ত্তত তাইৰ ওঁঠ দুটা তিয়াবৰ বাবে এটোপো পানী নাই ৷ দিব কোনে? চাহৰ দোকানী, হোটেলৰ মালিক, পানী বিলনীয়া মহিলাগৰাকী, গ্ৰাহক, যাত্ৰী-অতিথি, হকাৰ কোনেও আগবঢ়া নাই, কাৰণ এই গেলাপচা ভিক্ষাৰিণীজনীয়ে খোৱা গিলাচত আৰু কোনেনো খাবলৈ খুজিব? তদুপৰি এইবিলাক দৈনন্দিন ঘটনা ৷ কিমান দিন কিমান জনক চাব? বিবেক থাকিব লাগিলে বেপাৰত বাৰ বাজিব ৷ আৰু ভদ্ৰ যাত্ৰী সকল? মৰণৰ ক্ষণ গণি গণি থকা তিৰোতাগৰাকী যদি পানী দিয়াৰ লগে লগে মৃত্যু মুখত পৰে, তেন্তে কিমান যে হাৰাশাস্তি হ’ব ৷ এফালে পুলিচৰ জেৰা, পানীত বিষ দিয়া হৈছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ আশংকা, সাক্ষী – কি দৰকাৰ এইবিলাকৰ? অলপপৰ পিচতেইতো ৰেল এৰিলে সকলো শেষ ৷  এইয়া আইন! চকুৰ আগতেই আকস্মিক দুৰ্ঘটনাত, চুৰিকাঘাতত বা পানীৰ পিয়াহত মৰণোন্মুখ এজন মানুহক সেৱা কৰাৰ সুবিধাও আইনে আঁতৰহে কৰে ৷ আইন কেৱল মানুহৰ ৰক্ষাকৱচ নহয়, মানবীয়তাৰ কটিবন্ধ স্বৰূপো হৈ উঠিছেগৈ ৷ আইন অনুসৰিয়ে কেইজনমান নেতাধৰণৰ যাত্ৰীয়ে ষ্টেচন মাষ্টাৰৰ ওচৰলৈ গৈ ষ্টেচনৰ পৰিবেশ দূষিত কৰাৰ অভিযোগত মেজত থপৰিয়াই তৰ্কাতৰ্কিও কৰিলে ৷ পিচত বিপন্ন ষ্টেচন মাষ্টৰে নেতাৰ উপদেশ সহ্য কৰিব নোৱাৰি চিকিৎসালয় আৰু ৰেলৱে পুলিচৰ আগত ফোনযোগে যোগাযোগ কৰিলে ৷ তাৰ পিচত এটা চিগাৰেট জ্বলালে ৷

ইপিনে হতভাগী ভিক্ষাৰিণীজনীয়ে পানীৰ বাবে কৰা আৰ্তনাদ লাহে লাহে ম্লান হ’বলৈ ধৰিলে ৷ তাইৰ ডিঙি শুকাই গৈছে ৷ এতিয়া অন্তিম সময়ত তাই আৰু পুলিচৰ লাঠী, ধমকি, ডাক্তৰৰ কোচখোৱা কঁপাল আৰু দৰৱ নিবিচাৰে ৷ তাই মাত্ৰ বিচাৰিছে এটোপাল শীতল পানী ৷ ইতিমধ্যে বহু কেইজন হ’কাৰে নিচেই কাষেদি চিঞৰি চিঞৰি পাৰ হৈ গ’ল – ‘থাম্পচ আপ, কোল্ড ড্ৰিংকচ ৷’  এৰা, এইবোৰ তাইকো লাগে ৷ অৱশ্যে এবটল নহয়, এটোপ মাত্ৰ ৷ কিন্তু ক’তা, বটলকেইটা বহুদূৰলৈকে গুছি গ’ল ৷ বটলকেইটাই টুংটাং শব্দৰ মাজেৰে অট্টহাস্য কৰি যেন কৈ গ’ল – ‘আকৰী, এইবিলাক তোৰ বাবে নহয়, গাড়ীৰ ভিতৰত বহি বহি ভাগৰি যোৱা ডাঙৰীয়াসকলৰ বাবেহে ৷’ হয়, চাই থাকিলেই নহয়, দিওঁতা ক’ত? হেজাৰ হেজাৰ মানুহ তেওঁৰ চাৰিওফালে, কিন্তু সেইসকল থাকিও যেন নাই ৷ সকলোবিলাক চাকৰি, স্বাৰ্থ, আইন আৰু আভিজাত্যৰ পিঞ্জৰাত বন্দী ৷

উপায়হীনা ভিক্ষাৰিণী ৷ মুৰটো ওলমি যোৱাত ওলোটা খোৱা চকু দুটাৰে কিছুসময় শেষ শক্তিৰে ইফাল সিফাল কৰি এটোপা পানীৰ কাৰণে জন-অৰণ্যত নিষ্ফল চিঞৰ মাৰি শেষত তাই চকু দুটা মুদি দিলে ৷ মুদাই দিলে পৃথিৱী নামৰ এই উন্নত গ্ৰহৰ সম্পূৰ্ণ ওলোটা ছবি এখনে ৷ যি গ্ৰহৰ শ্ৰেষ্ঠ জীৱ দয়া-ধৰ্মৰ অৱতাৰ – যাৰ ওচৰত এই নিসহায় ভিক্ষাৰিণিজনীয়ে তেইৰ জীৱনৰ অন্তিম কথা এষাৰ ক’বলৈ বিচাৰিছিল, কিন্তু নোৱাৰিলে ৷ ওঁঠ দুটা মাত্ৰ এবাৰ কঁপাইছিল, কিন্তু কোনো মাত নোলাল ৷

ইয়াৰ পিচতেই সকলো খালী ৷ গৰ্ভৱতী ৰেলখনে লাহে লাহে দৌৰ মাৰি ষ্টেচনটো খালী কৰি গুছি গ’ল ৷ গুছি গ’ল এই অসহায়া ভিক্ষাৰিণী তিৰোতাজনীৰ বুকুৰ হাড়ৰ পিঞ্জৰাত, জন্মৰ সময়ত কোনো দৈবদুৰ্বিপাকত সোমাই পৰি ধৰফৰাই থকা আত্মাটো – যি জীৱনৰ অন্তিম মুহুৰ্ত্ততো মৰ্ত্যলোকৰ পানীৰ সোৱাদ পাব নোৱাৰিলে ৷

এতিয়া তেওঁৰ ওচৰত মাত্ৰ দুগৰাকী মহিলাৰ বাহিৰে আন কোনো নাই ৷ এই মহিলা দুগৰাকী কিন্তু আৰম্ভনিৰ পৰাই নিৰুপায় ভাৱে এই ভিক্ষাৰিণীজনীৰ হাড়ৰ পিঞ্জৰালৈ ৰ লাগি চাই ৰখীয়া হৈ আছে ৷ মূৰৰ ফালে আছে শান্তি আৰু সেৱাৰ বাবে নোবেল বঁটা বিজয়ী বিশ্ববিখ্যাত মাদাৰ টেৰেছা – চকুলোৰে মুখমণ্ডল ভৰপূৰ কৰি ৷ ভৰিৰ ফালে আছে আশীৰ্বাদৰ ভংগীত মিচিকিয়া হাঁহি মাৰি আৰু হাত এখন দাঙি ‘গৰিবী হাটাও’ ৰাণীৰ জন্মদাত্ৰী ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী ৷ তেওঁলোকেও এই ভিক্ষাৰিণীজনীক এটোপাল পানী দিব পৰা নাই ৷ কাৰণ তেওঁলোকো নিৰুপায় ৷ হয় নিৰুপায় ৷ কিন্তু তেওঁলোকো বন্দী ৷ মাদাৰ টেৰেছা বন্দী বুকষ্টলৰ আলমাৰীৰ আইনাৰ ভিতৰত কিতাপৰ বাকলিত আৰু ইন্দিৰা গান্ধী বন্দী ষ্টেচনৰ কাৰ্য্যালয়ৰ বেৰত লগাই থোৱা নিৰ্বাচনী পোষ্টাৰৰ ‘প্ৰগতি আৰু সমৃদ্ধিকে লিয়ে কংগ্ৰেছ (আই)কো ভোট দিজিয়ে’ বুলি লিখি থোৱা শাৰীৰ চেপাত ৷

 

অন্যান্য লেখা :

Share.

1 Comment

  1. ‘গৰিবী হাটাও’ ৰাণীৰ জন্মদাত্ৰী ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী……তেওঁলোকো বন্দী !!!

    Nice interpretation with an interesting. end.

Leave A Reply