পাৰমিতাৰ কোৱাভাতুৰীয়া পোছাক

0

এতিয়া নিশা আঢ়ৈ বাজিছে৷ অথচ মোৰ দুচকুত এতিয়ালৈকে টোপনীৰ কোনো উম-ঘাম নাই৷ ‘পাৰমিতাৰ ঘৰলৈ মই আৰু যোৱাটো উচিত হ’বনে? আৰু গ’লে যদি মানুহে …৷’ এই প্ৰশ্নবোৰৰ পকনীয়াত পৰি মোৰ দুচকুৰ পৰা হেৰাই গৈছে টোপনি৷ অৱশ্যে ইয়াৰ আগতেও বিখ্যাত প্ৰেম-কাহিনীসমূহৰ মাজত ডুব গৈ পূজাৰ নামত পাৰ কৰি দিছো কেবাটাও ৰোমান্টিক উজাগৰী নিশা৷ কিন্তু ভয়ানক মানসিক মানসিক অন্তৰ্দ্ধন্দ্ব, এক বুজাব নোৱাৰা পাপবোধ আৰু এক অহেতুক সংশয়ে তেনেই ভয়ংকৰ কৰি তুলিছে আজিৰ এই নিদ্ৰাহীন ৰাতি৷ তেনেতে হঠাৎ মোৰ মনলৈ আহিল বাৰিষা কালৰ আমাৰ ঘৰৰ কাষৰ সেই কুড়টোৰ ছবি৷ তাত বাৰিষা কালত প্ৰায়েই চাকনৈয়াৰ সৃষ্টি হয়৷ আৰু  চাকনৈয়াক কেন্দ্ৰ কৰি ঘূৰি থাকে মেটেকা ‘কাছুপোতা’ আৰু নানান ধৰণৰ উদ্ভিদ৷ তদ্ৰুপ পাৰমিতাই তাইৰ ঘৰলৈ বুলি কাইলৈ কৰা নিমন্ত্ৰণক কেন্দ্ৰ কৰি ঘূৰি থাকিবলৈ ধৰিল মৃগাংশু, বৰ্ণিল আৰু জিলমিলহঁতৰ কথাবোৰ৷

‘প্ৰিয়াংশু, তই আচলতে এটা বৈধ্য পাগল৷ তোৰ মূৰৰ গণ্ডগোল আছে নে নাই ক’ব নোৱাৰো৷ কিন্তু তোৰ যে হৃদয়ৰ বিকৃতি আছে সেই সম্পৰ্কে মই এশ শতাংশই নিশ্চিত৷’

‘কিন্তু সেই হৃদয়খনৰ বাবেইতো তই’

‘অ’ সেই হৃদয় খনৰ বাবে তোক মই বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াই কৈছিলো যে তোৰ হৃদয়খন বৰফৰ নিচিনা বগা আৰু কেতিয়াবা অতিপাত চেঁচাৰ হেঁচাত গোট মাৰি বৰফ হ’লেও সামান্য উত্তাপ পালেই গলি যায়৷ কিন্তু কেতিয়াবা কেতিয়াবা হৃদয়ক বৰফ হৈয়ে থাকিবলৈ দিব লাগে৷ নহ’লে বিপদ৷’

‘মই ঠিক বুজা নাই মৃগাংশু৷’

‘আৰে নুবুজিবিতো৷ সৌ সিদিনালৈকে পাৰমিতাৰ কথা ওলালেই তই মুখ হাত ধোৱা যেন কৰিছিলি৷ আনকি মই তাইৰ প্ৰেমত বলীয়া হোৱাত তই মাতিবলৈ এৰিয়েই দিছিলি৷ কিন্তু কি চমৎকাৰ! আজি সেই ‘পাৰমিতা’ই এই ‘প্ৰিয়াংশু’ৰ মনত এজনী প্ৰগতিবাদী নাৰী-আদৰ্শ ছোৱালী৷ কিয়নো অসমৰ বিখ্যাত বাতৰি কাকতখনত তাইৰ ধাৰাবাহিকভাৱে ওলোৱা প্ৰৱন্ধ লানিয়ে আলোড়নৰ সৃষ্টি কৰিছে৷ আনকি গোহাঁই ছাৰৰ নিচিনা বিখ্যাত সাহিত্যিকেও মন্তব্য কৰিছে যে পাৰমিতা হ’ল চন্দ্ৰপ্ৰভা শইকীয়াৰ নতুন সংস্কৰণ৷ আৰু তাইৰ কবিতাবোৰ – আস্! কি সেউজীয়া৷’ কিন্তু প্ৰিয়াংশু- হিৰণ্যকশিপুৰ বীৰ্যতেই জন্ম হৈছিল ভক্ত প্ৰহ্লাদৰ৷ সেইবুলি ভক্ত প্ৰহ্লাদ ভাল আছিল কাৰণেই হিৰণ্যকশিপুৰ নিচিনা অসুৰ এটাক সুৰ বুলি ভাবিলে ভুল কৰা হ’ব৷ তই হজম কৰিব নোৱাৰিবি বুলিয়েই প্ৰিয়াংশু, তোৰ পৰা এটা কথা অতদিনে লুকুৱাই ৰাখিছিলো৷ কিন্তু আজি শুন-  এদিনাখন পাৰমিতাই তাইৰ ঘৰলৈ মোক মাতি পঠিয়াইছিল৷ সিদিনাখন সিহঁতৰ ঘৰত কোনো নাছিল৷ তই বিশ্বাস কৰ তাই নিজেই মোক বিছনালৈ লৈ গৈছিল৷ সঁচাকৈয়ে সিদিনাৰ পৰা তাইৰ প্ৰেমত বলীয়া হৈ পৰিছিলো – কিমান ভাল পালে এজনী মানসিকভাৱে সুস্থ ছোৱালীয়ে এজন ল’ৰাক সকলো দিব পাৰে৷ কিন্তু সেই পাৰমিতাই মুখত কোনো বলীৰেখাৰ সৃষ্টি নকৰাকৈয়ে মোক ক’লে – তাইক যাতে মই পাহৰি যাওঁ৷ তাই এতিয়া ৰহিতকহে ভাল পায়৷ আনকি তাইৰ ৰহিতক দিবলৈ এতিয়া আৰু একো বাকী নাই৷’

সেইকাৰণে তোক কৈছো – অনুগ্ৰহ কৰি তাইৰ ঘৰলৈ নাযাবি৷ কিছুমান আম দেখিবলৈহে সেন্দুৰীয়া – বাকলী চেলালে গম পোৱা যায় ভিতৰত কিমান পোক!

বৰ্ণিল আৰু পাৰমিতাক সকলোৱে বুন্দিয়া-ভুজিয়া বুলিয়েই জানে৷ সেই বৰ্ণিলেই মোক কৈছে – ‘প্ৰিয়াংশু, এই কবিতা দুটাৰ উৎস কোন জান? পাৰমিতা আৰু তাইৰ ভুৱা সাহিত্য৷’

উস্! আজি আৰু মোৰ টোপনি নাহিব৷ এইবাৰ দেখোন জিলমিল মোৰ চিন্তা (নে দু:চিন্তা)ৰ চাকনৈয়াত ঘূৰিবলৈ ধৰিল৷

‘প্ৰিয়াংশু, মই মেট্ৰিকত ষ্টাৰ পোৱা ছোৱালীজনীয়ে হায়াৰ ছেকেণ্ডাৰীত তৃতীয় বিভাগত উৰ্ত্তীৰ্ণ হোৱাৰ মূ্ল কাৰণ কি জানা? পাৰমিতা৷ পৰীক্ষাৰ এমাহ আগতে তাই মোক সিহঁতৰ বায়েকৰ বিয়াৰ কেছেটখন দি কৈছিল – অভিৰাজে তোমাৰ হাতত ধৰি থকা দৃশ্য এটা ইয়াত দৃশ্যায়িত হৈছে৷ অভিৰাজৰ প্ৰতি যে মোৰ দুৰ্বলতা আছে সেই কথা মাই অলপ-চলপ জানে৷ গতিকে ছি ডি খন মই ৰাতি সকলো শোৱাৰ পিছত চাবলৈ লৈছিলো৷ কিন্তু মই জথৰ হৈ চাই ৰৈছিলো – এইয়া দেখোন দুই নগ্ন নৰ-নাৰীৰ দৈহিক খেলৰহে দৃশ্য৷ তেতিয়া মোৰ পিছপিনে আছিল মোৰ মা আৰু দেউতা৷ সিদিনাৰ পৰা মই কোনো দিনেই পাঠত মন বহুৱাব নোৱাৰিলো৷ পাৰমিতাই মই কলেজত প্ৰথম দিনাখন ভৰি দিওঁতেই হাঁহি-হাঁহি কৈছিল – তাই হেনো মোক বৰবাদ কৰিহে এৰিব৷’

পাৰমিতাই এই নিমন্ত্ৰণৰ মাজত মোলৈ বুলিও লুকুৱাই ৰাখিছে নেকি মোৰ জীৱন আৰু কেৰিয়াৰ দংশন কৰিব পৰা তেনে কোনো বিয়াগোম ফেটী সাপ? তাই বাৰু নিজৰ এই সৃষ্টিৰাজিৰ জৰিয়তে নিজকে ধোৱা-তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে নে কি? কিন্তু মোৰ পৰম আৰাধ্য পুৰুষ অসমীয়া ছাৰে কোৱা কথাষাৰটো মিছা হ’ব নোৱাৰে৷

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গাণৰো গাণ ‘মোৰ দেশ’ কবিতাটি শ্ৰেণীত পঢ়ুৱাই থাকোতে বিস্ময় বিমুগ্ধ হৈ ছাৰক সুধিছিলো – ছাৰ, দেশদ্ৰোহী এজনে কেৱল মাথোঁ বৌদ্ধিক কছৰতৰ জৰিয়তে তেনে কবিতা লিখিব পাৰিবনে?

‘নোৱাৰে – লেখকৰ নিজস্ব সত্তাই সাহিত্যৰ মূল আধাৰ৷’ অসমীয়া ছাৰৰ পোনপটীয়া উত্তৰ আছিল এইয়া৷

হাতত এঘন্টা লৈহে মই আহিছিলো পাৰমিতাৰ ঘৰলৈ৷ কিন্তু কেনেকৈ যে চাৰি ঘন্টা পাৰ হৈ গ’ল মই তৎ ধৰিবই নোৱাৰিলো৷ সঁচাকৈয়ে একক আৰু অনন্যা এই নাৰী৷ অসমীয়া ছাৰৰ গভীৰ অন্তৰ্দৃষ্টি দেখি শ্ৰদ্ধাত তেখেতৰ প্ৰতি মোৰ মূৰ দোঁ খাই গল৷

‘প্ৰিয়াংশু, সাহিত্যৰ মাজেৰে সমাজ পৰিৱৰ্তন কৰিব পাৰিম বুলি নাভাবিবা৷ তেনেকৈ ভাবিলে তুমি এই সমসাময়িক পৰিস্থিতিত হয়তো মানসিক ভাৰসাম্য হেৰুৱাই পেলাব লাগিব; অথবা জীৱন৷ গতিকে মানসিক সন্তুষ্টিৰ কাৰণেহে লিখি যোৱা৷’ অসমৰ এজনা বিশিষ্ট সাহিত্যিকৰ এই কথাষাৰ শুনি মোৰ কলম অচল হৈ পৰিছিল৷ কিন্তু পাৰমিতাৰ সংশ্ৰৱলৈ আহি মই ইমানেই উৎসাহিত হৈ পৰিছো যে মোৰ ব’ৰাক ওবামাৰ নিচিনা চিঞৰি চিঞৰি ক’বলৈ ইচ্ছা গৈছে – ‘We can’৷

অনিচ্ছাকৃতভাবেই এটা সময়ত পাৰমিতাৰ পৰা মোৰ বিদায় ল’ব লগা হ’ল৷ বিদায়  মুহূৰ্তত এখন ৰঙীন কাগজেৰে ‘পেক’ কৰা কিতাপ এখন উপহাৰ দি পাৰমিতাই মোক ক’লে – ‘পাৰিলে, বাংগালুৰুলৈ যোৱাৰ প্ৰাক্ কালত মোৰ তালৈ আহিবা৷ নহয়৷ নহয়৷ আহি-বা-য়েই৷’

ঘৰলৈ আহি কিতাপখন কি হ’ব পাৰে তাক জানিবলৈ পৰম কৌতুহলেৰে মই ৰঙীন কাগজখন খুলি পেলালো৷ এনেতে এখন কাগজ ওলাই পৰিল৷ তীব্ৰ ৰঙা ৰঙা ‘লিপষ্টিক’ ওঁঠত সানি লৈ কাগজখনত আঁকি দিয়া আছে এক কামাৰ্ত চুম্বন৷ কাগজখনত পাৰমিতাৰ গোট গোট আখৰকেইটাৰে লিখা আছে – ‘I want to (?)  you. I am ready to give you everything. Next Sunday, I will remain alone in my house. Please come.’

হঠাৎ মোৰ মুৰৰ ভিতৰত ছুনামীৰ তাণ্ডৱলীলা চলিল৷ মোৰ চিঞৰি চিঞৰি অসমীয়া ছাৰক ক’বলৈ ইচ্ছা হ’ল – ‘ছাৰ, আপুনি ভুল৷ ছাৰ শুদ্ধ মাথোঁ কি জানে – অসুৰৰ বীৰ্যতো সুৰৰ সৃষ্টি হয় আৰু আমি পোছাক কিয় পিন্ধো জানে ছাৰ – নগ্নতাক ঢাকিবলৈ৷ অ’ ছাৰ; কেৱল মাথোঁ নগ্নতা ঢাকিবলৈ৷’

 

Share.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.