নৰসিংহ পাতৰ লগত কাৱৈ মাছ

0

যোগাৰ: কাৱৈ মাছ, নৰসিংহ পাত, হালধি, সোৱাদ অনুযায়ী নিমখ,  এচামুচ জিৰা গুড়ি, আধা চামুচ জালুক, আদা-নহৰু, পিয়াঁজ ৷
কাৱৈ মাছখিনি ভালদৰে ধুই তাৰ ওপৰত এচামুচ হালধি আৰু নিমখ চটিয়াই ২০ মিনিট মান তেনেকৈ থাকিব দিব লাগে ৷ এই সময়খিনিৰ ভিতৰত নৰসিংহ পাত চাফা কৰি, ধুই অলপ পানী দি পেষ্ট এটা তৈয়াৰ কৰি লওক ৷ এই পেষ্টটো অলপ পনীয়া হৈ থাকিব দিয়ক ৷
এতিয়া অলপ তেল গৰম কৰি তাত মাছ কেইটুকুৰা পাতলকৈ ভাজি লওক৷ আন এটা চৰিয়াত মিঠাতেল অলপ গৰম হ’বলৈ দিয়ক ৷ এতিয়া ইয়াত আদা-নহৰু আৰু কেঁচা জলকীয়া দিয়ক ৷ ৰঙচুৱা হোৱালৈ লৰাই থাকক, তাৰ পাছত তাত নৰসিংহৰ পেষ্ট,  এচামুচ জিৰা, আধা চামুচ জালুক আৰু অলপ হালধি দিয়ক ৷ পাতল জুইত গোটেইখিনি লৰাই থাকক যেতিয়ালৈকে তেল পৃথক নহয় ৷
অলপমান কুহুমীয়া পানী দি সোৱাদ অনুযায়ী নিমখ দিয়ক, আৰু পাতল জুই দি উতল আহিব দিয়ক ৷
ভজা কাৱৈ মাছখিনি তাতে দি দিয়ক ৷ দৰকাৰ অনুযায়ী নতুনকৈ পানী লগত দিব পাৰে ৷
আঞ্জাখিনি অলপ ডাঠ নোহোৱালৈকে জুইত উতলি থাকিব দিয়ক ৷ পাছত জুইৰ পৰা নমাই গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক ৷

 

© শ্বৰমীন, ডুবাই

লিংক: https://web.facebook.com/assameserecipes

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.