নীলা খামৰ চিঠি (মে’ ২০১৬)

0

মৰমৰ সোৱণশিৰি পাৰৰ সোণপাঁহি জনী,

চিঠিৰ মাজেৰে কলমৰ দাগবোৰতে তোমালৈ বুলি সাঁচি ৰখা মৰমবোৰ ল’বা। আশা কৰো তুমি কুশলে আছা। মাঁ হতৰ ভালনে? মুনৰ কি খবৰ? তোমাৰ সৈতে কথা নাপাতা বহুত দিন হল অ’ সেয়ে আলমাৰিটোত পৰি থকা উকা কাগজ কেইখনৰ মাজৰে এখন আৰু তুমিয়ে দিয়া সেই চন্দন কাঠৰ কলমটোৰে তোমালৈ বুলি একলম।

আজি পৰা প্ৰায় এক সপ্তাহ মানৰ আগতে দৰং কলেজৰ মুখত জোনালীক লগ পাইছিলো। তাইয়ে ক’লে তুমি হেনো বি.বি.চি.ত চিত পালা। কেনেকুৱা পাইছা নতুন কলেজখন, নতুন বন্ধু বান্ধবীবোৰ? জানা সোণ তুমি নাই বাবেই আজি মই হৈ পৰিছোঁ মাজ সাগৰত দিশভ্ৰান্ত নাৱৰীয়া। তুমি আতৰি গলা ঠিকেই, কিয়নো বাৰু মোক শিকাই নগলা স্মৃতিবোৰ পাহৰা কৃতিপটো। কি কৰো কোৱা, নিয়ৰ শেতা দুৱৰিত আজিও তোমাৰেই অনুভূতি। তুমি জোনবাই ন’হলেও জোনাক পিন্ধি থাকা। তুমি থাকিলে এনে লাগে যেন ৰাতিবোৰ এখন বাগিছা আৰু তুমি তাৰে জোনবাই নামৰ তঁৰা ফুলপাহ। তুমি নদী ন’হলেও মৰমৰ সুঁতি বোৱা। ভাল লাগে তোমাৰ লাস্যময়ী দেহাত নীলা ফুঁটুকীয়া সাজও, এনে লাগে যেন তুমি আকাশখনকে লৈ ফুৰা। তোমাৰ লগতে কবিতা ভাষাবোৰো হঠাতেই হেৰাই গল।
কালি কালি মই ঘৰলৈ আহিছিলো। পুৱাতেই সোৱণশিৰি পাৰলৈ গৈছিলো। স্মৃতি সৰাপাতবোৰ  এখন এখনকৈ মেল খাইছিল। সেইযে তুমি পুৱাতে বহি ৰ’দ কাছলি লোৱা শিলটো আজি মোৰ দৰেই নিঃসঙ্গ। তুমি মই একেলগে সূৰ্য্যাস্ত চোৱা ঠাইটুকুৰা আজি নিৰৱ। আৰু লিখি তোমাক আমনি নিদিও। মোনলৈ মনত পৰে অ’, মন যায় তাই মুখেৰে সেই শব্দটো শুনিবলৈ। কিয় জানো মনটোৱে বাৰে বাৰে কয়, তুমি আহিবা। মই একেদৰেই ৰৈ আছো সোণ, মাথো তোমাৰ বাবে।

তোমাৰ একালৰ মৰম,
সোৱণশিৰি দুষ্ট ল’ৰাটো

সঞ্জীৱ গোঁহাই
অসামৰিক অভিযান্তিক বিভাগ
জি.আই.এম.টি, তেজপুৰ
+918133006234

অন্যান্য লেখা :

Share.

Leave A Reply