নালাগে তেজৰ ৰচা বীৰত্ব

0

সুৰবিহীন এটা গান…
যত ভাঁহি উঠে
সেনাৰ মৃতদেহৰ কৰুণ কাহিনী ।।
কফিনৰ ওপৰত পৰি উচুপি কান্দে
মৃতকৰ পৰিয়াল ।।

মৌন হৈ পৰে দেশৰ জয়গান ……
দূৰনিত মৰ্টাৰ-বাৰুদৰ শব্দ
উকা হৈ ৰব আকৌ
মাতৃৰ বুকু ।।
যত সাক্ষী হৈ ৰব
জোৱানৰ আত্মা ।।

চাৰিওফালে দেখিছো আজি
তেজৰ চেকুৰা
কৰবাত শৰীৰৰ ছিন্ন-বিছিন্ন টুকুৰা ।।

আকৌ শত্ৰু পক্ষৰ জয়গান……
সিঁহতক ভেটিবলৈ যাব লাগিব
আজি এই ৰাতিপুৱাই……
হয়তো আজি তেজেৰে ৰাঙলি হব
বহুতৰে সপোন ।।
উকা হৈ ৰব
বহুতৰে হৃদয়……

কি বিচাৰি আজি এই যুদ্ধ ??
শান্তিবিহীন দেশত শান্তি বিচাৰি নে
ইতিহাসৰ বুকুত বীৰত্বৰ চিন আঁকিবলৈ ??

নালাগে মোক
তেজৰে চিলোৱা
বীৰত্বৰ পোছাক
নেখেলো তেজৰ ফাকু………
নালাগে মোক আকৌ
এখন যুদ্ধ ।।।

 

তপন সন্দিকৈ,

ফোন নং — ৮৪৭২৮৫৯৪১৯

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.