নষ্টালজিয়া

0

xondhan-golpo-sourav

১৪ আগষ্ট ২০১১ চন ৷ এটা ফৰকাল আৰু খুব গৰম দুপৰীয়া ৷ ফটফটীয়া নীলা আকাশখনৰ অ’ত ত’ত সিচঁৰিত হৈ ফুটফুটীয়া বগা ডাৱৰখিনিয়ে হয়তো দুপৰীয়া ভাত সাঁজ খাই কোনোবা আদহীয়া মানুহে চোবাই থকা তামোল খনৰ পৰা তেওঁৰ মনতো আতঁৰাই নিছে, নতুবা কোনোবা কবিৰ মনত দুটামান টোকৰ মাৰিছে ৷

দেওবাৰ আৰু তাৰোপৰি স্বাধীনতা দিৱসৰ প্ৰাকক্ষণৰ বাবে আজি কংক্ৰিটৰ মহানগৰীখনত নাই কোনো ট্ৰেফিক জাম ৷ নাই কোনো যান্ত্ৰিকতাৰ চাপ ৷ ব্যস্ততাৰে কটোৱা কেইবাদিনৰ পাছত যেন গুৱাহাটীখনেও ভাতঘূৰ্মটী দি আছে ৷ অন্য গতানুগতিক দিনবোৰৰ বিপৰীতে প্ৰায় অচল অৱস্থাত শুই থকা মহানগৰীখনৰ হৃদয় হেন পল্টনবজাৰ খনত কিন্তু দুটি মানৱদেহ ‘মানস’ আৰু ‘বেদান্ত’ৰ অবাধ গতি ৷ বেলিৰ খঙাল ৰূপটোৱেও যেন তাহাতক আমনি দিয়া নাই ৷ দুয়োটাই ব্যস্ত অশান্ত মহানগৰীখনৰ শান্ত মায়া উপভোগ কৰাত ৷

‘উডলেণ্ড’ৰ জোতা, ‘লিভাইছ’ৰ জিন্স পিন্ধি ঘূৰি ফুৰা বেদান্তৰ প্ৰত্যেকটো খোজ ব্ৰেণ্ডেড; আৰু সাধাৰণ সাজ-সজ্জাৰে সজ্জিত মানসতকৈ সম্পূৰ্ণ বেলেগ যদিও দুয়োটা নলে গলে লগা বন্ধুৰ মনটো কিন্তু একেই ৷ সম্পূৰ্ণ প্ৰাকৃতিক ৷ তিনিবছৰ আগেয়ে দুয়োৰে জীবনটো উপভোগ কৰাৰ ‘ফ্ৰেম’টো বেলেগ আছিল যদিও বিগত বছৰকেইটাত সিহঁতৰ মাজত গঢ় লৈ উঠা স্বাভাৱিক বন্ধুত্বৰ বাবেই আৰু জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাত এটাই আনটোৰ বাবে সমানে ঠিয় দিয়াৰ বাবে সিহঁতে জীৱনটো একেটা ফ্ৰেমেৰেই বৰ্তমান উপভোগ কৰিছে ৷

খুব গৰম পৰি থকাৰ বাবেই বেদান্তৰ মনত এটা কথাই খেলা কৰি গ’ল ৷ সি মানসলৈ চাই, তাক পল্টনবজাৰত অৱস্থিত ‘বিশাল মেগামাৰ্ট’লৈ যাবলৈ প্ৰস্তাব দিলে আৰু A.C. ৰ আমেজ নোলোৱাৰ মানসৰ ওচৰত যুক্তি থকাটো অসম্ভৱ ৷ দুয়োটাই এইবাৰ বিজুলী ভৱনৰ কাষত থকা উৰণীয়া সেঁতুৰে বিশাল মেগামাৰ্টলৈ অগ্ৰসৰ হ’ল ৷

বিভিন্ন কোণত সিচঁৰিত হৈ থকা বিভিন্ন সামগ্ৰীৰ জাক্-জমকতাৰে জকজকাই থকা বৃহৎ কোঠাটোত সোমোৱাৰ লগে লগে, দুয়োটাৰ শৰীৰৰ পৰা যেন তাপখিনি ক্ৰমান্বয়ে কাষৰ বায়ুমণ্ডললৈ সিচঁৰিত হৈ পৰিল ৷ ভিতৰৰ পৰিবেশত লাহেকৈ স্বাভাৱিক অনুভৱ কৰাৰ পাছত সিহঁতৰ ভৰিহালৰ লগত চকুযুৰিয়েও ক্ৰমান্বয়ে খোজ মিলাবলৈ আৰম্ভ কৰিলে ৷ বিভিন্ন সামগ্ৰীত লাগি থকা ‘Price-Tag’ বোৰত চকু দিয়াৰ লগতে সিহতে লাহেকৈ কাষেদি পাৰ হৈ যোৱা ৰঙীন ‘পখিলা’ জনীলৈও চকু দিয়ে ৷ আৰু সেই ‘ৰঙীন পখিলা’ জনী চকুত লগা হ’লে বেদান্তৰ চকুযুৰিয়েও লাভ কৰা তৃপ্তিখিনি মানসৰ চকুত বিচাৰি চাই, আৰু তৃপ্তিখিনিৰ বহি:প্ৰকাশ এটা মিঠা হাঁহিৰে কৰে ৷ আৰু ‘পখিলা’জনী তাতোতকৈয়ো যদি চকুত লগা হয়, তেতিয়া মানসৰ কবিসুলভ মনটোৱে এটা বাক্যবাণ নিক্ষেপ কৰে পখিলীজনীলৈ আৰু বেদান্তলৈ ৷ যিজনে বাক্যটোৰ সাৰমৰ্ম বুজি পাই সি এটা মিচিকিয়া হাঁহি ওঠত নলৈ নোৱাৰে, আনকি ছোৱালীজনীয়েও ৷

এই পখিলা বিচাৰি ৰাস্তাই ঘাটে পিটপিটাই ফুৰা বেদান্ত আৰু মানসৰ মনটো কিন্তু সম্পূৰ্ণ বিপৰীত আৰু সুনিয়ন্ত্ৰিত ৷ তাহাঁতৰ মগজকেইটাই উচ্চতৰ মাধ্যমিকৰ দেওনা অতিক্ৰম কৰা আজি তিনিবছৰেই হ’ল ৷ আৰু বিগত তিনিবছৰে সেই মগজকেইটাই অভিযান্ত্ৰিকতাৰ শিক্ষা গ্ৰহণ কৰি আছে গুৱাহাটীত অৱস্থিত এখন ব্যক্তিগত অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৷ অভিযান্ত্ৰিকতাৰ বহল পথাৰখনত তাহাঁতৰ এই অবাধ বিচৰণ জীৱণৰ পৰৱৰ্তী এটা বছৰলৈ চলি থাকিব ৷ তাহাঁতৰ শিক্ষানুষ্ঠান খনৰ ওচৰৰে এটা আৱাসিক এলেকাত বেদান্ত আৰু মানসে এখন সংসাৰ তৰি লৈছে, নিজাববীয়াকৈ ৷ আৰু তাহাঁতি ভাৰাতীয়া হিছাপে থকা ঘৰখনৰ আটাইতকৈ সৰু প্ৰাণীটোৱেই হৈছে ‘ইমন’ যাৰ কাইলৈ দ্বিতীয় জন্মদিন ৷ সেইবাবেই বেদান্ত আৰু মানসে ‘বিশাল মেগামাৰ্ট’ৰ চেল্ফবিলাকত বিচাৰি ফুৰিছে সৰু সৰু খেলাবস্তুবোৰ আৰু লৈছে অনু্ভৱী দুপৰীয়াটোৰ শীত-তাপ নিয়ন্ত্ৰিত আমেজ ৷

হঠাতে মানসৰ চকুহাল এজনী ৰঙীন পখিলীত নিবদ্ধ হৈ পৰিল ৷ বেদান্তই কথাটো তৎক্ষণাৎ ধৰিব পাৰিলে আৰু সি কিবা কোৱাৰ আগতেই মানসে তাক ক’লে যে সি ছোৱালীজনীক চিনি পাই ৷

: মাতো নে নামাতো?

অতি আগ্ৰহৰে মানসে বেদান্তক প্ৰশ্ন কৰিলে ৷ আৰু হ’বলগীয়া দুৰ্লভ পৰিস্থিতিৰ উমান পাইয়েই বেদান্তই সমান আগ্ৰহেৰে উত্তৰ দিলে –

: মাতা আকৌ, কিয় নামাতিবা?

কিছু সময় স্তব্ধতা ৷ বেদান্ত আৰু মানসৰ ছোৱালীজনীলৈ সুক্ষ্ম পৰ্য্যবেক্ষণ ৷ ছোৱালীজনী কাৰ লগত আহিছে, কেনেকুৱা ব্যৱহাৰ তাইৰ ইত্যাদি ইত্যাদি ৷

জকমকীয়া বিশাল মেগামাৰ্টখন যেন হঠাতে শেতা পৰি গ’ল ৷ সকলোখিনি জাক জমকতা যেন এই পখিলাজনীৰ গাত নিমজ্জিত ৷ পিন্ধনত এযোৰ ৰঙা আৰু ক্ৰীম ৰঙৰ চুৰিদাৰ জাক জমকতাহীন আৰু খুওব মাৰ্জিত ৷ কিন্তু জকমকীয়া চকুহাল খুওব গভীৰ ৷

: Excuse me, পাহি বৰুৱা?

কিছুক্ষণ স্থবিৰ হৈ খুওব নিখুত ভাৱে ছোৱালীজনীয়ে মানসলৈ চাই ৰ’ল ৷

: মানস, কি খবৰ? বহু দিনৰ মূৰতচোন ৷

আৰু তাৰ পিছত কিছু স্বাভাৱিক কথা বতৰা ৷ বেদান্তক মানসৰ পাহি বৰুৱাৰ লগত চিনাকী ৷ কিছু সময় কথা বতৰাৰ পিছত মানস আৰু বেদান্ত তাইৰ ওচৰৰ পৰা আতঁৰি আহিল ৷ কিন্তু লগত লৈ আহিল তাইৰ ম’বাইল নম্বৰটো পৰম আগ্ৰহেৰে ৷ আৰু কিছুসময় তাত কটোৱাৰ পিছত তাহাঁতি ইমনলৈ ল’লে এযোৰ বেট ব’ল ৷ দুয়োটাৰে পৰিকল্পনা, তাহাঁতৰ দৰেই ক্ৰিকেট খেল চাই ফ’ৰ, চিক্স বুলি চিঞৰ পৰা ইমনটোৱে সোনকালে যেন বেটখনেৰে কোবাব পাৰে ৷ পঢ়া-শুনাৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ বয়স তাৰ এতিয়া হোৱা নাই ৷ আৰু এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ইমনৰ মাক-দেউতাক তথা বেদান্তহঁতৰ পৰম শ্ৰদ্ধাৰ ‘আংকল-আন্টিতো’ আছেই ৷

অসম চৰকাৰে নতুনকৈ দিয়া দীঘলীয়া বাছখনত উঠি মানস আৰু বেদান্ত নিজ মেচলৈ বুলি ঘূৰি আহিল ৷ কিন্তু মানসে সেই বেট-ব’লবোৰৰ লগত লৈ আহিল নানা চিন্তা চৰ্চা, পুৰণা বান্ধবী পাহিক লৈ ইতিমধ্যে আৰম্ভ কৰা জল্পনা-কল্পনাৰ এক আধা সজা স্বপ্ন ৷

–      সৌৰভ চাহু, গুৱাহাটী

অন্যান্য লেখা :

Share.

Leave A Reply