নপামৰ বাছ

0
গাড়ীখন আহি ৰোৱাৰ লগে লগে, বিবেকে দৌৰি গৈ ভিৰ ফালি খিড়িকিৰে যেনে তেনে হাতখন বাহিৰৰ পৰা সুমুৱাই পিঠিৰ বেগ দুটা ভিতৰৰ চিট দুটাত পেলাই দিলে। “হৈ গ’ল! হৈ গ’ল! পেলালোঁ, ব’ল এতিয়া চাহ একাপ খায় লওঁগৈ, যাবলৈ আধা ঘন্টাতকৈ বেছি সময় আছে”, এ.এচ.টি.চি.ৰ বাচ আস্থানৰ বেঞ্চ এখনত বহি থকা তাক বিবেকে একেটা উত্‍সাহতে আহি ক’লেহি।
তেজপুৰ চহৰৰ পৰা নপামত থকা বিশ্ববিদ্যালয়লৈ যোৱা সন্ধিয়াৰ ৭.৪৫ৰ শেষ বাছখনৰ বাবে সিহঁত ৰৈ আছিল, আৰু বহুতো সিহঁতৰ দৰে, আজি শুক্ৰবাৰ সপ্তাহৰ পাছৰ দুটা দিন বিশ্ববিদ্যালয় বন্ধ, সেয়ে ভিৰ বেছি, সপ্তাহটোৰ শেষত প্ৰায়বোৰ ল’ৰা ছোৱালিয়েই বজাৰ কৰিবলৈয়েই হওক বা অলপ ফুৰিবলৈয়েই হওক তেজপুৰলৈ ওলাই আহে।
অৱশ্যে শেষৰ বাছখনত এনেয়েও সদায়েই ভিৰ বেচিয়েই হয়। বিশ্ববিদ্যালয়ৰ বাছবোৰ সাধাৰণতে নিৰ্দিষ্ট সময়ৰ প্ৰায় আধা ঘন্টা মান আগত আহি আস্থান পায়হি। আস্থানত তাৰ আগতে আহি ৰৈ থকা ল’ৰা ছোৱালীবোৰ নিজৰ নিজৰ কিবা এটা বস্তু চিটত থৈ দি নিজলৈ বাছৰ চিট এটা আগতীয়াকৈ সংৰক্ষণ কৰি ৰাখে। তাৰ পাছত বাছৰ পৰা নামি আহি যাবৰ সময়লৈকে বাছ আস্থানটোৰ ওচৰে পাজৰে পং-পঙাই ঘূৰি ফুৰে বা লগৰ ল’ৰা ছোৱালীৰ লগত কথাৰ মহলা মাৰে। বাছ যোৱাৰ আগে আগে বজাৰ কৰি ওভতাবোৰে বাছত ঠিয় হৈয়েই বিশ্ববিদ্যালয়লৈকে যায়। আজি আগৰে পৰা বহুত ল’ৰা ছোৱালী গোট খাই থকাৰ বাবে বিবেকে বাছখন ৰোৱাৰ লগে লগে বাছৰ খিড়িকীৰে সিহঁতৰ বেগকেইটা সুমুৱাই দি চিটকেইটা ৰাখিলে।
দুয়োটাই বাছ আস্থানৰ ভিতৰতে থকা চাহ মিঠাই পোৱা হোটেলখনত চাহ দুকাপ লৈ বহিল, বিবেকে তাক কিবা কিবি সুধিছিল, সি হয় নহয় কিবা চুটিকৈ উত্তৰ দিলে, সি কিবা কথাত আজি অন্যমনস্ক হৈ থকাটো বিবেকেও লক্ষ্য কৰিছিল চাগে সেয়ে সিও আৰু বেছি একো নুসুধিলে। তাৰ মনটো দুপৰীয়াৰ পৰা ভাল লাগি থকা নাই, বিশ্ববিদ্যালয়ৰ আহি থকা প্ৰযুক্তিবিদ্যা উত্‍সৱত সিহঁতৰ বিভাগৰ পৰা আয়োজন কৰিব লগা জ্যোতিৰ্পদাৰ্থবিদ্যাৰ প্ৰদৰ্শনীখনৰ বাবে তাকে ধৰি মুঠ তিনিজনক আৰ্হি নিৰ্মাণ কৰিবলৈ দিয়া হৈছিল, সি প্ৰায় নিশ্চিত আছিল তাৰ টোৱেই নিৰ্বাচিত হ’ব বুলি, কিন্তু তাক নিৰাশ কৰি বাকী ছাত্ৰ সকল আৰু শিক্ষক সকলে আন এটাহে আৰ্হিহে চূড়ান্ত কৰিলে। যোৱা কেইবাদিনো দিনে ৰাতিয়ে কৰা কষ্টখিনি অথলে যোৱাত সি বৰ হতাশ হ’ল, তাৰ মতে যিটো আৰ্হি নিৰ্বাচিত হ’ল সেইয়া একেবাৰেই অপৈণত মনৰ আৰ্হি, ৰংচঙীয়া কিবা এটা হ’লেই সকলো সেইটোৰ ফালে কিয় ঢাল খাই সি বুজিব নোৱাৰে, সি আশা কৰিছিল শিক্ষক সকলে অন্ততঃ তাৰ আৰ্হিটো পচণ্ড কৰিব নাই তেওঁলোকেও সেই আনটোৱেই ভাল পালে। লগৰ এটাই তাক ক’লে, “ত‍ই কষ্ট কৰিছিলি কিন্তু এইটো দিলে মানুহে বৰ ব’ৰ খাই যাব অ’।” তাৰ খং উঠিছিল, কেতিয়াবা তাৰ আচৰিত লাগে, লগৰ আটাইসোপাকে এল পি স্কুলত পঢ়ি থকা ল’ৰা ছোৱালী যেন লাগে। কিন্তু নিজৰ যুক্তিতে সি হাৰি যায়, সকলোৰে গাত দোষ আৰু সি অকলে কেৱল নিৰ্দোষী এনেকুৱা হ’ব পাৰে নেকি, সিয়েই হয়তু অপৈণত, নতুবা তাৰেই চিন্তাবোৰ চাগে কিবা উদ্ভত ধৰনৰ। সি আচৰিত হয় নতুন চিনেমা এখন ওলালে চিনেমা খনৰ আনে সকলোতকৈ কমকৈ শুনা গানটো তাৰ ভাল লাগে সদায়, বিশ্ববিদ্যালয়ৰ আটাইতকৈ কমকৈ মানুহ জমা অনুষ্ঠানবোৰত সি সদায় বহি থাকে, আৰু এনেকুৱা দুটা এটা কাম কৰি সি ভাল পায় যিটো সি থকা হোষ্টেলটোত আৰু কোনোৱেই নকৰে। লগৰ দুই এটাই সি কৰা কামবোৰৰ বাবে তাক ধেমেলীয়া কাট মাৰে, সি এইবোৰ নিজেই ভাল বুলি জনাৰ পাছতো, তাৰ গাৰ কোনোবাখিনিত সেই ধেমেলীয়া কথাবোৰে কাটি থৈ যায়। লগৰবোৰে একো চিন্তা নকৰাকৈ কৰা বহু কাম কৰাৰ আগত সি হাজাৰ বাৰ ভাবিব লগা হয়, এইটো কৰাটো থিক হ’বনে? কেতিয়াবা তাৰ এনেবোৰ কথাত নিজকে বৰ অকলশৰীয়া যেন লাগে, তাক ভালপোৱা তাৰ বহুত বন্ধু আছে, কিন্তু চেষ্টা কৰিও সিহঁতৰ লগত কেতিয়াও সি এক হৈ যাব‍ই নোৱাৰে, কোনোবাখিনিত সদায়েই এটা সুৰুঙা ৰৈ যায়।
৭:৪৫ হোৱাৰ লগে লগে গাড়ীখন চলিল, ভিতৰৰ থিয় হ’বলৈও ঠাই নোহোৱাৰ দৰে, সিহঁতে আগতে ৰাখি থোৱা চিট দুটাত বহিছে, প্ৰায়বোৰ ল’ৰা ছোৱালিয়েই চাৰি পাচঁটাকৈ দল বান্ধি বান্ধি আহে তেজপুৰলৈ, বাছত উঠিয়েই সকলোৱেই সেই নিজৰ নিজৰ দলবোৰৰ মাজত আকৌ মেল আৰম্ভ কৰিছে। দুটা ল’ৰাই জোৰ জোৰকৈ হাঁহিছে লগত থকা ছোৱালীজনীৰ মুখখন অলপ ৰঙা পৰিছে, তাইক কিবা এটা কথাত সিহঁত দুটাই কামুৰিছে* ছাগে, লগৰ আনজনী ছোৱালীয়েও মুখ টিপি হাঁহি আছে। দুই এটাই কাণত হেডফ’ন লগাই গান শুনাত ব্যস্ত হৈছে, ৰক পাৰ্ক নহলে গনেশ ঘাটত ফুৰি অহা কেইটাই কেমেৰাত অলপ আগতে তোলা ফ’টোবোৰ চোৱাত ব্যস্ত, গণেশ ঘাটৰ পৰা সন্ধিয়াৰ কলিয়াভোমোৰা দলংখন বৰ ধুনীয়া দেখি। পিছৰ চিটবোৰৰ কোনোবাটোত কোনোবাই কাষৰ চিটত বহা আপোনজনৰ সৈতে মনৰ কথাবোৰ পাতিছে, আনৰ কথা শুনিবলৈ তেওঁলোকৰ এতিয়া সময় নাই আৰু ৪৫ মিনিটহে আছে হাতত একেলগে থাকিবলৈ। সি ভাল পায় বিশ্ববিদ্যালয়ৰ বাছত এই তেজপুৰলৈ অহা যোৱা কৰাৰ কাৰবাৰটো, সকলোৰে কাণ্ড কাৰখানাবোৰ লক্ষ্য কৰাত এক অন্য মজা আছে। বাছখন মিছন চাৰিআলিয়েদি নগৈ মাজগাৱেঁদি সোমাল, এইফালে গ’লে সোনকালে পাইগৈ, ৰাস্তা অলপ বেয়া পিছে। সিও গান শুনো বুলি পকেটত হেডফ’ন ডাল বিচাৰিলে, চেহ্‌ সেইডাল আজি হোষ্টেলতে এৰি আহিলে হ’বলা। বিবেকৰ ডাল খুজিব বুলি তাৰ ফালে চালে, সি থিয়হৈ থকা কোনোবা এটাৰ লগত কথা পতাত ব্যস্ত। এইবাৰ সি হেডফোনডাল নোহোৱাকৈয়েই ম’বাইলটোত গান এটা লগাই দিলে, তাৰ ম’বাইলটোৰ স্পিকাৰটোৰ মাত সৰু গাড়ীৰ ঘটং মটং মাতৰ মাজত যেনে তেনে শুনি যাব পাৰি আৰু, চছমা কোঁৱলৰ তাৰ এটা প্ৰিয় গীত বাজিছে মোবাইলটোত সি বাহিৰলৈ চাই কিবা এটা ভাবিব ধৰিলে, দুপৰিয়াৰ কথাটো সি এতিয়াও মনৰ পৰা আতৰাব পৰা নাই। তাৰ পাছত আন দুটা গান বাজিছে, তেনেতে সি শুনিলে থিক পিছৰ ছিটটোত কোনোবা এজনী ছোৱালীয়ে, লগৰ জনীক খুবসম্ভৱ হেঁচুকি কৈ উঠিছে, “শুন না! আগৰ চিটত কোন ল’ৰা বহিছে জানো, ইমান ধুনীয়া গান কেইটামান বজাই আহিছে, কেতিয়াবাৰ পৰা মই এইকেইটা বিচাৰি ফুৰিছিলোঁ।” নাই হুলস্থুল মাজতো সি ভুল শুনা নাই সি, তেনেকৈয়েই কৈছে তাই, সি একো নুশুনাৰ দৰে বহি থাকিল। অলপ পাছত পিছৰটো গান, “ঐ শুন্ না!”, নাই লগৰ জনী বেলেগ কিবাত ব্যস্ত তাই এইবোৰত মন দিয়াৰ প্ৰয়োজনবোধ কৰা নাই। সি কাণ দুখন থিয় কৰি এইবাৰ শুনিবলৈ চেষ্টা কৰিছে তাই আৰু কি কৈছে লগৰ জনীক। নাই তাই এইবাৰ লগৰ জনীক খাতিৰ কৰি থকা নাই, তাৰ ম’বাইলত বাজি থকা গানটো তাই লগে লগে গুণগুণাইছে এইবাৰ, ৱাহ তাইৰ মাতটো ধুনীয়া! নে সি ভালপোৱা গানবোৰ গোৱাৰ বাবে সি ধুনীয়া শুনিছে। এইবাৰ সি সঁচাই কিবা এক অচিন উত্তেজনাৰ মাজত সোমাই পৰিছে, বিবেকলৈ চালে, সি এতিয়াও ল’ৰাটোৰ লগত কথা পতাত ব্যস্ত। সি বহি থকা চিটটোত মূৰটো অলপ উজাই দিলে, অঁ এতিয়া পৰিষ্কাৰকৈ শুনিছে সি, আনমনা হৈ সৰুকৈ গাইছে তাই, গাড়ীৰ শব্দৰ মাজত টুকুৰা টুকুৰিকৈ তাৰ কাণত পৰিছেহি কোমল মাতটি। বাজি থকা গানটো শেষ হ’ল, সি লৰা লৰিকৈ গানৰ লিষ্টখন চালে ম’বাইলত আৰু আন এটা তাৰ পচন্দৰ গান ম’বাইলটোত বাজি উঠিল, এইবাৰ তাৰ অলপ ভয় লাগিল, এইটো গান বা তাই গাবনে? গাইছে, আকৌ তাই, সি লাহে লাহে হেৰাই গ’ল মাতটোত, তাৰ পাছত আৰু এটা গান। তাই হয়তু গম পোৱা নাই সি ম’বাইলত বাজি থকাবোৰ শুনা বাদ দি তাইৰ মাতত বিভোৰ হৈ আহিছে। বাছখন দোলাবাৰী চাৰিআলিয়েদি, পাচঁমাইল খলা বমা ৰাস্তাটো পাৰ হৈ কেতিয়া বিশ্ববিদ্যালয়ৰ মুখ পালেহি সি গমেই নাপালে, গেটৰ মুখৰ ফ্লাদ লাইটটোৰ উজ্জল পোহৰত সি আৱেশটোৰ পৰা ওলাই আহিল। গেটৰ কাষতে থকা শ্বপিং কম্প্লেক্সত বাছখনৰ প্ৰায় আধাখিনি ল’ৰা ছোৱালী নামিল, তইয়ো নামি গ’ল নেকি বাৰু? কিবা এটা কাৰণত সি পিছলৈ চাব পৰা নাই। বাছখন আকৌ চলিল, লগৰ জনীয়ে এইবাৰ তাইক কিবা কৈছে, তাই কিবা এটা সৰুকৈ উত্তৰ দিছে। টেনিচৰ ক’ৰ্টখন পাৰ হৈ বাছখন পাটকাই আৰু ব্ৰহ্মপুত্ৰ ছাত্ৰাবাসৰ সন্মুখত ৰৈছে, তাৰ পাছৰ খেলপথাৰৰ কাষৰ ষ্টপেজটোত সিও নামিব, তাৰ মনটো এইবাৰ অলপ বেয়া লাগিল।
খন্তেক পাছতে সিহঁতৰ ষ্টপেজটোত বাছখন আকৌ ৰ’লহি কাঞ্চনজংঘা, নীলাচল আৰু সিহঁতৰ চৰাইদেউ হোষ্টেলৰ ল’ৰাবোৰ লাহে লাহে বাছখনৰ পৰা নামিছে। বিবেকে কলে, “অই গীত ব’ল আকৌ, কি হ’ল!”, সি পিঠিত বেগটো লগাই লৈ তাৰ পাছে পাছে উঠি আহিল, বাছৰ দুৱাৰখনৰ ওচৰৰ পৰা সি এবাৰ তাইক উভতি চাবলৈ মূৰ ঘূৰালে হঠাৎ কিবা এটা ভাবি সি তাইক নোচোৱাকৈ নামি গ’ল। নাই সি তাইক চাব নিবিচাৰে সি ভাল পোৱাবোৰ ভাল পোৱা মানুহ আৰু কোনোবা আছে সেয়াই তাৰ বাবে বহুত, আন কোনোবা মানুহ হয়তু আছে যি তাৰ দৰে কথাবোৰ ভাবে, তাইক দেখাৰ পাছত হয়তু তাৰ কিবা এটা ভাল নালাগিবও পাৰে, এনে হোৱাতো সি নিবিচাৰিব। চৰাইদেউ ছাত্ৰাবাসৰ দীঘল পদুলিটোৱেদি সি সোমাই গ’ল, দুপৰীয়াৰ কথাবোৰ তাৰ মনৰ পৰা কেতিয়াবাই ওলাই গ’ল, অলপ আগতে অনুভৱ কৰা ভাল লগা উত্তেজনাটোৱে তাক আকৌ এবাৰ চানি ধৰিলে। তাইয়ো চাগে এতিয়া সোৱণশিৰি, ধনশিৰি, প্ৰাগজ্যোতিকা বা আন কোনোবা এটা ছাত্ৰীনিৱাসত নামিছে, কি থিক তাইয়ো তাৰ দৰেই বিচাৰি ফুৰা কিবা এটা বিচাৰি পাইছে।

(দীপাংকৰ চেতিয়াৰ ব্লগত পঢ়িবলৈ ক্লিক কৰক)

–   দীপাংকৰ চেতিয়া,

গুৱাহাটী বিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

Leave A Reply