তোমাৰ অপেক্ষাত

0

এজাক আলসুৱা কোমল বতাহে

দেহ-মন চুই গ’ল

আনন্দত মতলীয়া চৰাই এজাক

ডাৱৰ ফালি উৰি গ’ল

দুহাত মেলি দিলো আকাশ চুবলৈ

বনৰীয়া ফুলৰ সুগন্ধত

মন পুলকিত হৈ পৰিল

চাৰিও দিশে আনন্দৰ কল্লোল

মনৰ নিভৃত্ত কোণত বাজি উঠিল

এক আহ্বান

নিশ্চয় তুমি আহিবা মোৰ কাষলৈ

তোমাৰেই অপেক্ষাত

–      চামচেদা বেগম

অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়ত্ৰী

মৰিগাওঁ টাউন হাইস্কুল

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.