কোনো খবৰ নিদিয়াকৈয়ে আহিল তাই
কুৱলীৰ ওৰণি লৈ
ভৰিত হিম সানি
হুৰমুৰকৈ সোমাই আহিল তাই
এতিয়া দোকানে দোকানে ওলমিব
ৰং বিৰং উমাল চোলা
আপেল আপেল গালৰ
ভূটীয়া গাভৰু জনীৰ
হাঁহিটোৰ দৰেই
উম সনা তাইৰ বেহা
দিয়া আৰু লোৱা
লোৱা আৰু দিয়া
ভৰুণ পথাৰৰ সোণালী খিনি
গলে মুখে সানি দাৱনী জনী আকুল হব
ৰবাবৰ চপচপীয়া ৰহঘৰা
গোপন কথাৰ মেল
ভোমোৰাৰ দৰে ভুণভুণাই ফুৰিব
গোটেই পথাৰ জুৰি
কৰোবাত বনভোজৰ উখল মাখল
তাই আহিল যে ,
মায়াৰ আবিৰ সানি
হৈমন্তীৰ শেয ৰাত্ৰি………
– মঞ্জুৰানী
গুৱাহাটী