ঢকুৱাখানা

2

ঢকুৱাখানা নামৰ গাভৰুজনীৰ চকুলৈ

চাবকে নোৱাৰি জালুক জলকীয়াই

বসন্তক পোৰে

বোলো কাষ চাপি চাপি নাহিবা গাভৰু

লুইতৰ চাপৰিত গড়া খহে

বৰষুণে নুমাই পেলোৱা জোনটোৰ

এন্ধাৰ ছায়াই ঢকুৱাখানাৰ লাৱনি মুখনিত

বিষাদ সানে

ম’হ গুৱালৰ চাপৰিত পেপাঁ শিঙাৰ মাতত

ৰাতিটো কঁপে

পানী বাঢ়ে

পানী বাঢ়ে

আই অ’ ঢকুৱাখানা, পানী তোৰ একাঠু

পানী তোৰ এবুকু

উটি যায় কোন লখিন্দৰৰ ভেল

ঢকুৱাখানা, তিতি তিতি এনেদৰে বাটলৈ নোলাবি

সেইফালে ৰজাৰ ঘাট, ৰজাৰ ডিঙা জিৰায়

ৰজাই দেখিলে জগৰ লাগিব

উঠাই নিব

তোৰ আঘোণ পকা আলতীয়া দেহাত

বনৰীয়া বিৰিখৰ গুটি সিঁচিব

সেই ভাৰ ববি কেনেকৈ ঢকুৱাখানা

এনেয়ে তোৰ চকুৰ লুনীয়া সোঁত নুশুকায়

এনেয়ে তোৰ পেটত ভোকৰ কুমটিয়ে মাটি তোলে

এনেয়ে শেতেলীত মুদ নাখায় তোৰ দুচকু

বাখৰুৱা বৰষুণৰ কিৰিলিত

যেন ঢোলৰ হে মাত

গুছি যাওঁ গুছি যাওঁ লাগে তোৰ মাইনা

গুছি যাওঁ গুছি যাওঁ লাগে

ভোকে নচুৱায় তোক, চকুপানীয়ে নোৱায়

উৰুখা জীৱন ঢকুৱাখানা তোৰ

ৰজাৰ ঘোঁৰাই মহতিয়ায়

ধেৎ, কিনোবোৰ ক’ম বুলি পীৰিতি লেখীয়া

কিনো ক’লো দুখৰে কথা

বোলো ঢকুৱাখানা ঢেকীৰ গুমগুমনি

ঢোলৰ গুমগুমনি

তোৰ জপনামুখত অঘৈয়া হুলে বিন্ধে

আহ- একো নাই আহ

আহ- একো নাই আহ

এন্ধাৰেদি বাট পোনাই আহ

দুচকুতে ফুলিব বেলি খন্তেক ক্ষণ

বেকাঁকৈ নাচাবি…

বেকাঁকৈ নাচাবি… ৰ’বকে নোৱাৰি

তোৰ চাৱনি জালুক জলকীয়া

মোৰ বুকুৰ বসন্ত পোৰে…মবাইল

ফোন: +919707247832

Share.

About Author

2 Comments

  1. আকাশ প্ৰিয়ম on

    প্রণৱদাৰ ‘ঢকুৱাখনা’ শীর্ষক কবিতাটো মোৰ সম্পাদিত আৰু প্রকাশিত “ম’হঘূলি একাজঁলি প্রেমৰ কবিতা…”ত প্রথম প্রকাশ পাইছিল। এইখন আছিল একেলগে ঢকুৱাখনাৰ ফাটবিহু, প্রেম আৰু ম’হঘূলি চাপৰিক কেন্দ্র কৰি প্রকাশিত প্রথম আৰু বর্তমানলৈকে একমাত্র অসমীয়া কাব্য সংকলন। এই সংকলনটিয়ে জাতি-বর্ণ-ধর্ম নির্বিশেষে অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে খ্যাত অখ্যাত কবিৰ অনুভূতি ধৰি ৰাখিবলৈ সক্ষম হৈছে।

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.