ডামিনী, আমাৰ অশ্ৰু, ক্ষোভ আৰু বিক্ষিপ্ত চিন্তা (১)

0

ডামিনী! ডামিনী!! ডামিনী!!!

ডামিনীৰ সৈতে হোৱা সেই অবৰ্ণনীয় অত্যাচাৰ, তাৰ পিছত তাই সাৱটি লোৱা কৰুণ মৃত্যুৰ ঘটনাই আমাক এনেকৈ দু:খিত, ক্ষোভিত, লজ্জানত, দোচিন্তিত কৰিছে যে উক্ত বিষয়ক লৈ লিখিব খুজিও বাৰে বাৰে কলম থমকি ৰ’ব খোজে ৷ চিন্তাত বাৰে বাৰে আউল লাগে ৷ নানা ঘটনা-দুৰ্ঘটনাই একেলগে আহি জুমুৰি দি ধৰিছে ৷ মগজ-হৃদয় গধুৰ হৈ পৰিছে ৷

বগা পাতখিলাত নীলা চিয়াহীৰ প্ৰথমটো আকঁ দিবলৈ খোজাৰ লগে লগে কিয়জানো ক’ব নোৱাৰাকৈয়ে আকস্মিকভাৱে দুবছৰ আগৰ ৰাতিপুৱাৰ কথা এটি চেৰেংকৈ মনত পৰিল ৷ তেতিয়া মই গুৱাহাটীত ভাড়া কৰি আছো ৷ পুৱা সাতমান বজাত বাৰান্দাত পাৰি থোৱা চকীখনত বহি গৰমে গৰমে বাতৰি কাকতখন হাতত তুলি লৈছো ৷ এনেতে ‘সত্তৰ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি তিনি বছৰীয়া শিশু’ শীৰ্ষক বাতৰিটো চকুত পৰাৰ লগে লগে এনে এটা ‘উক’ উঠিল যে কিবা এক ক্ষন্তেকীয়া নামহীন বিষে গোটেই গাটো বিন্ধিলে ৷ মনটো টেঙাই গ’ল ৷ বাতৰি কাকতখন দলিয়াই থৈ চকু মুদি দিলো ৷ মানুহ সামাজিক প্ৰাণী হোৱা হেতুকে কোনো সংবেদনশীল ব্যক্তিয়ে এনেকুৱা বাস্তৱ সামাজিক দুৰ্ঘটনাৰ পৰা বাতৰি কাকতখন দূৰলৈ ঠেলি পঠিওৱাৰ দৰে ঠেলি পঠিওৱাব নোৱাৰে সেই দুৰ্ঘটনাই সৃষ্টি কৰা চিন্তা-দু:চিন্তাৰ বৃত্তটোক ৷ চকু মুদিলেও মন-চক্ষু মুদিব নোৱাৰি ৷ এনেতে এই কেইদিন পঢ়ি থকা উক্ত বাতৰিটোৰ লেখীয়া বাতৰিবোৰৰ নানা টুকুৰা-টুকুৰ কথা মোৰ মনলৈ আহিল ৷ এগৰাকী ষোড়শী গাভৰু ৷ আনৰ ঘৰত দেহা মাৰি মোকলাই পেটৰ ভাত ৷ আজি ত্ৰিশ দিনে তাই ঘৰৰ বাহিৰ ওলাব পৰা নাই ৷ জ্বৰ ৷ জ্বৰে গৰকা তাইৰ দেহ তেনেই দুৰ্বল ৷ দুৰ্বল বা অসুখ বুলিয়েই ‘জিৰণি’ লোৱাৰ অতি বিলাসিতা কৰিব পাৰে জানো! আজি ত্ৰিশ দিন পাছত তাই দুৰ্বল দেহেৰেই আনৰ ঘৰত কাম কৰিব গৈছিল ৷ কাম কৰি গধূলি উভতি আহোতেই নিৰ্জন পদপথত মানুহৰ নামত কলংক দুজন যুৱকে তাইৰ কুমাৰী জীৱনৰ ৰক্ত পান কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ’ল ৷ সেই একেদিনাই একেখন বাতৰি কাকতত পঢ়া দ্বিতীয়টো বাতৰি আৰু বেচি ভয়ংকৰ ৷ প্ৰৱক্তাৰ অনৈতিক কাৰ্যৰ বলি হৈ ১৩বছৰীয়া ছোৱালী এজনী আঠ মহীয়া অন্ত:সত্ত্বা!!! আনকি সত্তৰ বছৰীয়া বৃদ্ধও… !!! মানৱতাৰ কি পৰিহাস ৷ এনেবোৰ কথা ভাবি থাকোতেই আমাৰ ভাড়াঘৰৰ প্ৰকাণ্ড গেটখন ঠেলি এগৰাকী বৃদ্ধাৰ সৈতে চৈধ্য-পোন্ধৰ ছোৱালী এজনী ভিক্ষা মাগিবলৈ সোমাই আহিল ৷ ছোৱালীজনী মই মাথো একেথৰে চাই থাকিলো ৷ কি ধুনীয়া ৷ দেহৰ বৰণে-গঢ়ে সাইলাখ বলিউডৰ মোহময়ী অভিনেত্ৰী লাৰা দত্তৰ নিচিনা ৷ অৱশ্যে লাৰা দত্ত লাখটকীয়া প্ৰসাধন-পৰিচৰ্য্যাৰে অপৰূপা ৷ কিন্তু দৰিদ্ৰতাৰ মলিনতাই ম্লান কৰিব নোৱাৰাকৈ বা তাই পিন্ধি থকা ফটা-চিটা ফ্ৰকটোৱেও নিস্তেজ কৰিব নোৱাৰাকৈ এই ছোৱালীজনী স্বভাৱ সুন্দৰী ৷ ঘৰৰ মালিকনীয়ে ভিক্ষা দি সিহঁতক বিদায় দিলে ৷ বৃদ্ধা গৰাকীৰ সৈতে গেটখন মাৰি তাই গ’ল গৈ ৷ এনেতে মোৰ হাতখন চকুলৈ নি দেখো মোৰ চকুত চকু পানী ৷ য’ত সৰু,বৰ, মান্যবৰ সকলোৰে দ্বাৰা তিনি বছৰীয়া দেৱশিশুৰ পৰা সত্তৰ বছৰীয়া বৃদ্ধালৈকে নিৰ্যাতিত হৈছে, য’ত ঘৰৰ বাহিৰতেই নহয় ঘৰৰ চাৰি বেৰৰ ভিতৰত কোনোবা আপোন বিশ্বাসীজনৰ দ্বাৰা নাৰী ধৰ্ষিতা হৈছে, তেনেস্থলত আৰ-বেৰহীন ভিক্ষাৰীৰ জীৱন কটোৱা এই নাৰী এনেবোৰ নৰাধমৰ ওচৰত কিমান সুৰক্ষিত? কিমান??

সেই দুবছৰ আগৰ ঘটনাটোৰ দৰে মোৰ হৃদয় আজি কান্দি উঠিছে ৷

golpo-xondhan-4নিশা চাৰে ন বাজিছে ৷ দেশৰ ৰাজধানী দিল্লী মহানগৰত বাছত উঠি ল’ৰাবন্ধু সহিতে ২৩বছৰীয়া ‘পেৰা মেডিকেল’ৰ ছাত্ৰী ঘৰ অভিমুখে যাত্ৰা কৰিছে ৷ এনেতে বাছত ধৰ্ষিতা হ’ল মানৱতা ৷ ধৰ্ষিতা হ’ল ভাৰতীয় আৰক্ষী বাহিনী ৷ ধৰ্ষিতা হ’ল ভাৰতীয় গণতন্ত্ৰ ৷ এই চলন্ত বাছতেই ল’ৰাবন্ধুজনক অকথ্য নিৰ্যাতনেৰে নি:স্তব্ধ কৰি ছয় জনকৈ দানৱ ৰাক্ষসে (এই অপৰাধী কেইজনক উপযুক্ত বিশেষণেৰে বৰ্ণনা কৰিবলৈ মই অক্ষম) ডেৰ ঘন্টা ছাত্ৰীগৰাকীক ধৰ্ষণ কৰিলে ৷ তেৰ দিন মৃত্যুৰ সৈতে সাহসিকতাৰে যুঁজ দি যোৱা ২৮ ডিচেম্বৰত ‘ডামিনী’য়ে মৃত্যুক আকোৱালি ল’লে ৷

বোমা বিস্ফোৰণৰেই হওঁক অথবা মানৱতালৈ চৰম ভাবুকি কঢ়িয়াই অনা উপৰিউক্ত তেনে দুৰ্যোগৰ বলি হোৱাৰ খবৰ আহিলেই সেই দুৰ্ভগীয়াসকলৰ স্থানত মই মোক বহুৱাই চাও ৷ মই প্ৰণৱ ঠাকুৰীয়া, অনিল ঠাকুৰীয়া আৰু ৰেৱতী ঠাকুৰীয়াৰ পুত্ৰ – নয়নৰ মণি, মুকুল আৰু ৰুবীৰ মৰমৰ ভায়েক, আৰু মোতেই সপি দিয়া ‘অনামিকা’জনীৰ প্ৰেমিক…! চিৰিঙকৈ কপি যায় বুকু! এওঁলোকৰো এখন ঘৰ আছে- এই পীড়িতসকলো কাৰোবাৰ পুত্ৰ অথবা পুত্ৰী, কাৰোবাৰ স্বামী অথবা স্ত্ৰী, কাৰোবাৰ ভাতৃ অথবা ভনী… ৷ এই পীড়িতসকলৰ দুৰ্যোগত স্তব্ধ হৈ যায় এটি পৰিয়াল, একো একোটি বহুমূলীয়া জীয়া জীৱন ৷

“আস্! কি কুৎসিৎ ডেদব’ডী!” ছোৱালীজনীক চিকিৎসকে প্ৰথম দেখাৰ লগে লগে হেনো এনেদৰে চিঞৰি উঠিছিল ৷ ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি কেনেকুৱা নাৰকীয় নিৰ্যাতনৰ বলি হৈছিল এই ছোৱালীজনী ৷ ভাৱ হৈছে- যেনেদৰে চিকিৎসালয়ৰ আই চি ইউত ছোৱালীজনী জীৱন-মৰণেৰে যুঁজি আছিল ঠিক তেনেকৈ আজি কিছুমান মানুহৰ ব্যক্তিগত সম্পত্তিত পৰিণত হোৱা ভাৰতবৰ্ষৰ গণতন্ত্ৰইও যেন আই চি ইউত জীৱন মৰণেৰে যুঁজি আছে ৷ কিয় গণতান্ত্ৰিক দেশ আমাৰ ভাৰতবৰ্ষত মণিপুৰৰ মহিলাসকলে নাৰীৰ সুৰক্ষা বিচাৰি নগ্ন হৈ প্ৰতিবাদ কৰিব লগা হৈছিল? কিয়? চলন্ত বাছত হোৱা উক্ত ঘৃণণীয় ঘটনাই তুলি ধৰিছে কেনেদৰে অচল হৈ পৰিছে আমাৰ ভাৰতীয় মানুহৰ মানৱতা, আমাৰ গণতন্ত্ৰ, আৰক্ষী প্ৰশাসন আৰু চৰকাৰ ৷

আমাৰ কাৰণে আটাইতকৈ ভয়ংকৰ কথাটো হ’ল যে যি সময়ত উক্ত ঘটনাক লৈ সমগ্ৰ ভাৰত প্ৰতিবাদৰ ঢৌৰে উত্তাল হৈ আছিল, তেনে এক মুহুৰ্তত উক্ত ঘটনা ঘটাৰ ৪৮ ঘন্টাৰ ভিতৰত দেশৰ ৰাজধানী চহৰ দিল্লীত চাৰিটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৷ ‘হিউমেন ৰাইটছ এডুকেচন এণ্ড মণিটৰিং’ৰ ছাউথ ইণ্ডিয়া কোষৰ অধ্যয়ন মতে ভাৰতত প্ৰতি ৩৪মিনিটত ধৰ্ষণৰ একোটা ঘটনা ঘটে ৷ আনহাতে, ইন্টাৰনেচনেল মেন এণ্ড জেণ্ডাৰ ইকুৱেলিটী ছাৰ্ভেৰ তথ্যানুসাৰে ভাৰতত প্ৰতি চাৰিজন ব্যক্তিৰ এজনে জীৱনৰ কোনো সময়ত যৌন নিৰ্যাতন চলায় ৷ মুঠতে, সকলো প্ৰকাৰৰ অপৰাধৰ ভিতৰত ভাৰতত বিগত চাৰিটা দশকত সৰ্বাধিক সংঘটিত অপৰাধ হৈছে ধৰ্ষণ ৷ ‘নেচনেল ক্ৰাইম ৰেকৰ্ডছ বুৰো’ৰ তথ্য অনুসৰি ১৯৭১চনৰ তুলনাত ২০১১ বৰ্ষত ধৰ্ষণৰ ঘটনা ৮৭৩.৩ শতাংশ বৃদ্ধি পাইছে ৷ ১৯৭১ চনত দেশত পঞ্জীয়ন হোৱা ধৰ্ষণজনিত অপৰাধৰ সংখ্যা আছিল ২৪৮৭টা ৷ কিন্তু ২০১১ চনত ই ২৪,২০৬টালৈ বৃদ্ধি পাইছে ৷ ইয়াৰ বিপৰীতে বিগত ছটা দশকত হত্যাকাণ্ডৰ ঘটনা বৃদ্ধি পাইছে ২৫০ শতাংশ ৷ এনেদৰেই ‘দুৰ্গা-লক্ষ্মী’ক পূজা কৰা ভাৰতবৰ্ষত ধৰ্ষণৰ দৰে অপৰাধ ৰ’কেট গতিত বাঢ়ি গৈ আছে ৷ অসমীয়াত এষাৰ কথা আছে ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’৷ কিন্তু ভাৰতীয় সকলৰ বাবে চৰম দুৰ্ভাগ্যৰ বিষয় যে মানৱতা, গণতন্ত্ৰক পংগু কৰি পেলোৱা এনেকুৱা দুৰ্ঘটনা নিৰন্তৰ ঘটি থকাৰ পাচতো তাক প্ৰতিহত কৰাৰ নিমিত্তে কঠোৰ, দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

থমছন ৰয়টাৰ ফাউণ্ডেচনৰ মতে, ভাৰত মহিলাৰ বাবে বিশ্বৰ চতুৰ্থখন বিপদজনক দেশ ৷ আনকি মহিলাৰ সুৰক্ষাৰ দিশৰ পৰা ভাৰতৰ স্থান ছোমালিয়াৰো তলত ৷ কোনোবা এখন বাতৰি কাকতত ব্যস্ত কৰি লিখিছে যে এতিয়া ভাৰতত দুগৰাকী মহিলাই সুৰক্ষিত- এগৰাকী ছোনীয়া গান্ধী, আন এগৰাকী শীলা দীক্ষিত ৷ এতিয়া  ভাৰতবৰ্ষত কেৱল নাৰীয়েই যে অসুৰক্ষিত এনে নহয় ৷ বলীউডৰ এখন উল্লেখযোগ্য বোলছবি ‘Wednesday’ত নাশ্বিৰুদ্দিন শ্বাহে কোৱাৰ দৰে আজি ভাৰতৰ প্ৰতিজন ‘stupid common man’এ প্ৰতিপল, প্ৰতিনিয়ত প্ৰাণশংকাত তথা নিৰাপত্তাহীনতাত জীৱন কটাব লগা হৈছে ৷ এই চিনেমাখনত এগৰাকী পত্নীয়ে পতিক বাৰে বাৰে ফোন কৰে- খবৰ ল’বলৈ যে এনে নহয়, আচলতে পেটৰ বাবে ঘৰৰ বাহিৰত কৰ্মৰত তেওঁৰ পতি জীয়াই আছে নে নাই তাক জানিবলৈ ৷ আমাৰ নিজৰ ক্ষেত্ৰতো তেনে ঘটিছে ৷ ২০০৮ বৰ্ষৰ অভিশপ্ত ৩০ অক্টোবৰৰ ঘটনাটো ঘটি যোৱাৰ পাচত মোৰ মন বোকাত এটি চিৰস্থায়ী শংকা এনেকৈ বহি গৈছে যে ঘৰৰ  পৰা এহাতমান ওলাই গ’লেও ঘৰৰ আটাইকে মাত দি যাও, ‘কিজানি এয়াই আমাৰ শেষ দেখা, কোনে জানে!’ এনে এক ভাৱত ৷ দেউতা বা দাদাই ঘৰলৈ অহাত অলপ মান পলম কৰিলেও অথবা মা-বাইদেউ ঘৰৰ পৰা অলপ ওলাই গ’লেও ফোন কৰি কৰি খবৰ লৈ থাকো ৷ এনেদৰে চৰকাৰে উন্নয়নৰ সপোন দেখুওৱা ভাৰতবৰ্ষত প্ৰতিপল অনিশ্চয়তা, সংশয় আৰু এক বন্ধ্যা ক্ষোভত দিন কটাইছো ৷

(ক্ৰমশ:)

– প্ৰণৱ ঠাকুৰীয়া

 

অন্যান্য লেখা :

Share.

Leave A Reply