ডামিনী, আমাৰ অশ্ৰু, ক্ষোভ আৰু বিক্ষিপ্ত চিন্তা (২)

0

(আগৰ সংখ্যা)

golpo-xondhan-4

এতিয়া কথা হ’ল- সততে ‘নিশ্চিদ্ৰ নিৰাপত্তা’ৰ ব্যৱস্থা কৰা এক বিশাল আৰক্ষী বাহিনী থকাৰ পাচত তথা ‘আম আদমী’ৰ কাৰণে জান দিব পৰা এখন শক্তিশালী চৰকাৰ থকাৰ পাচতো কেনেকৈ ছয়জন মানৱৰূপী দানৱে দেৰ ঘণ্টা ধৰি এখন চলন্ত বাছৰ ভিতৰত ধৰ্ষণ কৰাৰ সাহস গোটাব পাৰে? তাকে আকৌ খোদ ৰাজধানী দিল্লী মহানগৰীত ৷ সিদিনা মোৰ বন্ধু এজনে বক্ৰোক্তি কৰি কৈছিল- “প্ৰণৱ, আমাৰ আৰক্ষী সকল কেৱল মন্ত্ৰী-বিধায়কৰ কাৰণেহে নেকি??জনসাধাৰণৰ হকে কাম কৰা চকুতেই নপৰে ৷ এটা কাম কৰিব লাগে, আৰক্ষীক নিয়মিত ভাৱে তেওঁলোকে পাবলগীয়া বেতনখিনি দি তেওঁলোকৰ পৰা বন্দুকবোৰ আনি প্ৰতিজন ভাৰতীয় নাগৰিকক একোটাকৈ বন্দুক দিব লাগে ৷ তেতিয়াহে বোধহয় আমাৰ নিৰাপত্তা সুদৃঢ় হ’ব ৷”

এতিয়া কথা হ’ল আইন-আদালত, আৰক্ষী, চৰকাৰ সকলো থকাৰ পাচতো কিয় এনেবোৰ দুৰ্ঘটনাৰ পুনৰাবৃত্তি হৈ আছে? এনেকুৱা দুৰ্ঘটনা সঁচাই ৰোধ কৰিব নোৱাৰিনে? ২০০১ চনৰ ছেপ্তেম্বৰ মাহৰ ১১ তাৰিখে কঁপি উঠিছিল আমেৰিকা ৷ কিন্তু আৰক্ষী প্ৰশাষণ-চৰকাৰৰ সন্মিলিত প্ৰচেষ্টাৰ বাবে এতিয়ালৈকে তালিবানে দুনাই আমেৰিকাৰ পিনে চকু ঘূৰাইও চাব পৰা নাই ৷ গতিকে এক সুপৰিকল্পিত, বিজ্ঞানসন্মত নীতি গ্ৰহণ কৰি তাক বাস্তৱায়িত কৰিলে সকলো সম্ভৱ ৷

ভাৰতত ২০১১ চন পৰ্যন্ত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা ২৫ শতাংশ বৃদ্ধি পাইছে আৰু দুশ্চিন্তাজনক এই অপৰাধ বৃদ্ধিৰ কাৰকবোৰৰ ভিতৰত এটা হৈছে ধৰ্ষণৰ দৰে গোচৰবোৰত শাস্তি প্ৰদানৰ কম হাৰ ৷ দেশৰ বহু আইন বিশেষজ্ঞইও এনেদৰেই ভাবে ৷ বিগত ২০১১ বৰ্ষটোত সমগ্ৰ দেশত আৰক্ষীয়ে ৯৪ শতাংশৰ ক্ষেত্ৰতে অভিযোগনামা দাখিল কৰিছিল ৷ কিন্তু ২৫ শতাংশৰ ক্ষেত্ৰতহে অভিযুক্তক দোষী সাবস্ত কৰিব পৰা গৈছে ৷ অভিযোগনামা দাখিলৰ অৰ্থ হৈছে আৰক্ষীয়ে গোচৰটো আঁতিগুৰি মাৰি তদন্ত কৰিছে ৷ ই এইটোও বুজায় যে আইন বলৱৎকাৰীৰ ওচৰত শক্তিশালী সাক্ষ্যসহ সুস্পষ্ট প্ৰমাণ আছে, যিবোৰ অপৰাধীক দোষী সাৱস্তকৰণৰ কাৰণে যথেষ্ট ৷ তাৰ পাচতো আৰক্ষী বাহিনী ব্যৰ্থ হোৱাৰ ঘটনাই ইয়াকে প্ৰমাণ কৰে যে ক’ৰবাত এটি ভয়ানক কেৰোণ আছে ৷ গতিকে আইন বিশেষজ্ঞৰদ্বাৰা এই আইনখণৰ সংশোধন কৰা নিতান্তই প্ৰয়োজন ৷

তেতিয়া ধৰ্ষণ কি মই ভালদৰে বুজি পোৱা নাছিলোঁ ৷ কিন্তু ২০০২ চনত দুজন নৰ পিশাচে সাত বছৰীয়া শিশু বৰ্ণালী দেৱক ধৰ্ষণ কৰি জীৱন্তে ছেপটিক টেংকত পেলাই হত্যা কৰা কাৰ্য্যই শিশুমনক ভীষণভাৱে জোকাৰি গৈছিল ৷ “ৰেয়াৰেষ্ট অৱ দ্য ৰেয়াৰ কেছেছ (Rarest of the rare cases) ৰূপে অভিহিত কৰি ২০০৫ চনতে ছুপ্ৰিম কোৰ্টে মৃত্যুদণ্ড বিহাৰ পাচতো আজিলৈকে এই নৰ পিশাচ দুটাৰ মৃত্যুদণ্ড কাৰ্য্যকৰী হোৱা নাই ৷ বৰ্ণালী নামৰ নিস্পাপ, নিৰপৰাধ শিশুটিক হত্যা কৰিবলৈ সিহঁতে হয়তো দহ মিনিটো ভবা নাছিল ৷ কিন্তু এই অপৰাধীক মৃত্যুদণ্ড দিবলৈ দহ বছৰতকৈও অধিক ভাবিব লগা হৈছে ৷ আজিলৈকে সিহঁতক ফাঁচী কাঠত ওলোমোৱা হোৱা নাই ৷ এনেদৰেই যেন আমাৰ নিৰাপত্তা ব্যৱস্থাই নিজে নজনাকৈ পৰোক্ষভাৱে এনে অপৰাধ সংঘটিত কৰিবলৈ উৎসাহিত কৰিছে ৷

মুঠতে ন্যায়ব্যৱস্থা-আৰক্ষী সকলো ধনাত্মকভাৱে সলনি হোৱা উচিত ৷ নিৰাপত্তা ব্যৱস্থা কেৱল মন্ত্ৰীৰে বাবে নহয়, প্ৰতিজন ভাৰতবাসীৰে বাবে হোৱা উচিত ৷  দুটামান টকাৰ লোভত, কাৰোবাৰ ক্ষমতাৰ ভয়ত দুৰ্নীতি, গাফিলতী কৰিব নালাগিব ৷ চৌদিশে চি. চি. কেমেৰা সংলগ্ন হওঁক ৷ সক্ৰিয় ‘হেল্পলাইন’ৰ ব্যৱস্থা হওঁক ৷ নিষ্ঠা, নিপুণতাৰে এনেবোৰ অপৰাধৰ অনুসন্ধান কৰা হওঁক ৷ তাতোকৈও ডাঙৰ কথা হ’ল এই জঘন্য অপৰাধীসকলক এনে শাস্তি দিয়া হওঁক যাতে দুনাই তেনে এটি কাম কৰাৰ দু:সাহস দ্বিতীয়জনে নকৰে ৷ সিদিনা আচৰিত হ’লো যেতিয়া বাতৰি কাকতত পঢ়িলো- ২০০৮ চনত ১০ বছৰীয়া শিশু এটিক ধৰ্ষণ কৰাৰ অপৰাধত অভিযুক্ত ডি টি ওৰফে আয়ুব শাকাফীক মাত্ৰ বাইছ বছৰৰ কাৰাদণ্ড বিহা হ’ল ৷ এটি নিস্পাপ শিশুৰ শৰীৰ-মন চিৰকাললৈ কলুষিত কৰা এই (অ)মানুহজনক কিয় ৰাজহুৱাভাৱে ফাঁচী কাঠত ওলোমোৱা নহ’ল? মই ভাৱো ইয়াতকৈও ভয়ানক শাস্তিৰ ব্যৱস্থা কৰি তাৰ দৃশ্যবোৰ চিডি আদিৰ জৰিয়তেও ৰাজহুৱা কৰিব লাগে যাতে আন এজনে তেনে অপৰাধ কৰাৰ আগতে সেই শাস্তিৰ কথা ভাৱি পিছুৱাই আহিব লগা হয় ৷ মানৱ অধিকাৰ কৰ্মীসকলে এই কথা শুনি হয়তো জাঙুৰ খাই উঠিব ৷ কিন্তু এইসকল মানুহ নহয়, ইহঁত মানৱৰূপী দানৱ ৷ গতিকে দানৱক দানৱীয় শাস্তিৰেই হত্যা কৰা উচিত ৷ “হুলেৰেহে হুল কাঢ়িব পাৰি ৷”

তদুপৰি, প্ৰায়ে আমি এনে দুৰ্ভাগ্যজনক খবৰ পঢ়িবলৈ পাও- ধৰ্ষিতা মহিলাই পুলিচ থানাত এজাহাৰ দাখিল কৰিবলৈ গৈ পুলিচৰ দ্বাৰা ধৰ্ষিতা হোৱাৰ হোৱাৰ খবৰ ৷ ৰক্ষকেই ভক্ষক! আনকি পিতৃৰ দ্বাৰাও… ৷ উফ্! নোৱাৰি ৷ মুঠতে গোটেই ব্যৱস্থা সলনি কৰিব লাগিব ৷ সলনি কৰিব লাগিব আমাৰ মানসিকতা ৷ ব্যক্তিগত প্ৰতিষ্ঠান সমূহে যেনেদৰে নানা তৰপীয়া অগ্নিপৰীক্ষাৰ জৰিয়তে দক্ষ ব্যক্তিজনক নিয়োগ কৰে, ঠিক তেনেদৰে আৰক্ষী বিষয়াজনকো আমি নিয়োগ কৰিব লাগিব ৷ তদুপৰি, নাৰীক লৈ অশালীন মন্তব্য কৰা জনপ্ৰতিনিধিজনকো আমিয়েই নিৰ্বাচিত কৰিছোঁ- এই কথাও মন কৰিবলগীয়া ৷ গতিকে জনতা-জনাৰ্দন হুচিয়াৰ ৷ মানৱীয় গুণেৰে সিক্ত, গুণী তথা জনতাৰ সেৱা কৰিবলৈ সদা উন্মুখ ব্যক্তিজনহে যাতে বিধানসভা-লোকসভালৈ নিৰ্বাচিত হ’ব পাৰে তাৰ কাৰণেও আইন প্ৰস্তুত কৰাটো নিতান্তই প্ৰয়োজন ৷ আনকি, দাগী অপৰাধী, ধৰ্ষণকাৰী কিছুমান জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আছে ৷ ই বাৰু আমাৰ বাবে চৰম লজ্জাৰ কথা নহয়নে! এবস্তা ভাল আলু নষ্ট কৰিবলৈ এটা আলুৱেই যথেষ্ট ৷

আমাৰ মানসিকতাৰ পৰিৱৰ্তন কৰাটো আজি অপৰিহাৰ্য্য হৈ পৰিছে ৷ ভগৱানক বিশ্বাস মই নকৰো ৷ তথাপিও মনৰ অজানিতে কেতিয়াবা ভগৱান শব্দটো ওলায় ৷ এয়া ভগৱানৰ মাহাত্ম্য, বা মোৰ ভগৱানৰ প্ৰতি সুপ্ত হৈ থকা ভক্তি নহয় ৷ জন্মৰ দিন ধৰি মা-দেউতাৰ লগতে আন বহুতে ভগৱান সম্পৰ্কে ইমানবোৰ কথা কৈছে যে ই মোৰ মন বোকাত দকৈ পোত খাই গৈছে ৷ সেয়েহে নাস্তিক হ’বলৈ চেষ্টা কৰিও ‘ভগৱান’ শব্দটোৰ পৰা মুক্ত হ’ব পৰা নাই ৷ তদ্ৰুপ সৰু কালতেই যদি শিশুটিক মা দুৰ্গা, সৰস্বতীক ভক্তি কৰিবলৈ শিকোৱাৰ লগে লগে সমগ্ৰ নাৰী জাতিক সন্মান-শ্ৰদ্ধা কৰিবলৈ শিকাব লাগে ৷ শিকাব লাগে ‘গধুৰ’ মাৰ্কশ্বীট, দামী গাড়ী, ওখ অট্টালিকাতকৈ মানৱীয় প্ৰমূল্যবোধৰ মূল্য বহু বেচি ৷ ছোৱালীবোৰেও আত্মৰক্ষাৰ নানা কৌশল যেনে কম্ফু, কাৰাটে আদি শিকাৰ লগতে জলকীয়াৰ গুৰী আদি লগত ৰাখিব লাগে ৷ এইখিনিতে এটা কথা কও যে আমাৰ সমাজত ধৰ্ষণকাৰীতকৈ ধৰ্ষিতা বেছি লাঞ্ছিত হয় ৷ আমি এই পংগু মানসিকতাৰো পৰিৱৰ্তন কৰিব লাগিব ৷ তদুপৰি যৌতুকৰ নিচিনা পৰম্পৰাৰ বিলোপ নোহোৱাকৈ মই ভাৱো নাৰী নিৰ্যাতন কেতিয়াও বন্ধ হ’ব নোৱাৰে ৷ যৌতুকৰ ভয়ত বহুতো নাৰী গৰ্ভতেই নিৰ্যাতিত হয় ৷

দিল্লীৰ ‘দলবদ্ধ ধৰ্ষণ’ক কেন্দ্ৰ কৰি হোৱা জন জোৱাৰ দেখি আমি আশাবাদী ৷ কিন্তু এই জনজোৱাৰ যেন খেৰৰ জুই নহৈ হওক এনে একুৰা জুই যি জুইয়ে পুৰি ভাৰতবৰ্ষক সোণ কৰিব ৷ সদৌশেষত আশা কৰিছোঁ প্ৰতিজন ধৰ্ষণকাৰী চৰম শাস্তিৰে দণ্ডিত হওক আৰু নতুন বৰ্ষত নাৰী নিৰ্যাতনৰ দৰে দুৰ্ঘটনা সংঘটিত নহওক ৷

 

–      প্ৰণৱ ঠাকুৰীয়া, নলবাৰী

 

Share.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.