ডাইনী হত্যা – এক সামাজিক ব্যাধি

1

তথাকথিত দিনৰ পৰাই ‘মহিলা সাৱলীকৰণ’ এটি জ্বলন্ত দৃষ্টান্ত যাৰ আজিও কোনো বৈশাদৃশ্য নাই৷ নিষ্পত্তিৰ বহুতো প্ৰক্ৰিয়া আৰু আচনি যদিও লোৱা হয় তথাপি কিছু সুপ্ত সামাজিক দূষ্ট (চক্ৰান্ত?) আৰু চলনাৰ দ্বাৰা হাজাৰ হাজাৰ নিৰপৰাধী লোক এতিয়াও ভুক্তভুগি হোৱাৰ উপৰিও মৃত্যু পৰ্য্যন্ত আকোৱালি লোৱা দেখা যায়, যি অতি পৰিতাপৰ কথা আৰু আমাৰ সকলোৰে কৰণীয় থকা বুলি কাহানিও নুই কৰিব নোৱাৰো৷

ভাৰতীয় পৌৰাণিক আখ্যান মতে নাৰীক ‘শক্তি’ৰ ‘অৱতাৰ’ বা ‘ৰূপ’ বুলি গণ্য কৰা হয়৷ তেতিয়াৰ ধাৰণা মতে ‘শক্তি’ অবিহনে ‘শিৱ’ক ‘শৱ’ (a dead body) বুলি ভবা হয় য’ত শক্তি আৰু শৈৱৰ যুটীয়া শক্তিৰ ফলত নৱ নৱ সৃষ্টি সম্ভৱ হয়৷ সৃষ্টি আৰু নতুনত্বৰ আঁৰত সদায় ‘নাৰী’ৰ আবিৰ্ভাৱ দেখা যায় সেয়ে সমাজত নাৰীৰ গুৰুত্ব অধিক৷ ভাৰতীয় চৰকাৰে ‘নাৰীৰ সাৱলীকৰণ’ৰ বিভিন্ন দিশত বিভিন্ন পন্থা তথা সূচনা জাৰি কৰা দেখা যায় য’ত দূৰ্বল শ্ৰেণীৰ নাৰীৰ ওপৰত হোৱা সমস্ত অত্যাচাৰ, অপৰাধ আৰু অনিয়ম মষিমূৰ কৰিব পাৰি আৰু এনে কুপ্ৰভাৱৰ পৰা নাৰীক মুক্ত কৰিব পাৰি৷ সমাজৰ সৃজনি শক্তিৰ উৎস নাৰীক সদায় পাষৱিক অত্যাচাৰ আৰু অমানুসিক যন্ত্ৰণা দিয়া হয় বুলি বুৰঞ্জীয়েও ৰিঙিয়ায়৷ আনকি ভাৰতৰ মহান ধৰ্মগ্ৰন্থ ‘ৰামায়ণ আৰু মহাভাৰত’ত সতী সীতা আৰু দ্ৰৌপদীক ভিন্ন ভিন্ন অমানৱীয় তাৰণাৰে শাস্তি দিয়া দেখুওৱা হৈছে৷ সেই একেই প্ৰক্ৰিয়াৰে পুনৰাবৃত্তি হোৱা দেখা যায় এক নতুন আৰু ভয়ানক ৰূপত, ডাইনী হত্যা৷

India Today, June 2012: শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত ৪টা শৰীৰ গাতত পোৱা গৈছে৷ প্ৰত্যেকটো শৰীৰত বিভিন্ন ঠাইত আঘাত আৰু মুখত এচিদ ঢলাৰ চিন পোৱা গৈছে৷ শৱ কেইটা ক্ৰমে বিনন্দ গৌৰ (৪৬), তেওঁৰ পত্নী কৰিশ্মা গৌৰ (৩৬), জীয়েক নাইনা (২৫) আৰু সম্পৰ্কীয় মংঘে মৌৰ (২৪) বুলি চিনাক্ত কৰা হৈছে৷ ‘টিকু ওৰাৱ’ নামৰ অপৰাধী এজন ধৰা পৰাত তেওঁ স্বীকাৰ কৰা যে ‘চুৰাত মোডী’ নামৰ এজন ব্যক্তিয়ে পাত তোলা আৰু ৰোৱা কৰ্মীবোৰক উচতায় যে বিনন্দ গৌৰৰ পৰিয়ালে সকলো কৰ্মৰত কৰ্মীৰ শৰীৰত বেমাৰ বিয়পাই দিব৷ আচলতে বিনন্দৰ পত্নী আৰু জীয়েকক প্ৰধান ডাইনী বুলি আখ্যা দিছিল৷ দুয়োকে মাৰি পেলোৱাৰ আগতে ধৰ্ষণ কৰা বুলি পুলিচ সূত্ৰত প্ৰকাশ৷

Shillong times: ৰাজ্যিক বন আৰু পৰিবেশ মন্ত্ৰী ম: ৰকিবুল হুছেইনে পৰিধান সভাত জানিবলৈ দিয়ে যে ২০০১ চনৰ পৰা ২০১১ চনলৈ মুঠ ১১৬ জন ব্যক্তি য’ত ৬৬ গৰাকী নাৰী ডাইনী হত্যাৰ বলি হ’ব লগা হৈছে৷

এইটো পতিয়মান হ’ব পাৰি যে যিবোৰ সমষ্টিত যথেষ্ট সংখ্যক অশিক্ষিত, দৰিদ্ৰ আৰু অনুন্নত মানুহ বাস কৰে, তেনেবোৰ সমাজতে এনে ভ্ৰান্ত ধাৰণা গা কৰি উঠে৷ ফলস্বৰূপে যদি কোনো ঘটনা বা পৰিঘটনা সংঘটিত হয় তেন্তে সন্দেহবসঃত কোনো ব্যক্তি বা পৰিয়াল একোটাক দোষী সজাই ডাইনী আখ্যা দি তেনে ব্যক্তি বা পৰিয়ালক ৰাইজৰ কল্যাণৰ(?) বাবে হত্যা কৰা হয়৷

Viewspaper ( July 3, 2008, Witch Hunting in India): প্ৰতি ১০ গৰাকীৰ ভিতৰত ৯ গৰাকী মহিলা ডাইনী বুলি চিনাক্ত কৰা হয় আৰু ইয়াৰ মূল কাৰণ হ’ল আৰ্থ সামাজিক অৱস্থা৷ বেচিভাগ অকলশৰীয়া মহিলা বা বৃদ্ধ স্বামী-স্ত্ৰীক লক্ষ্য কৰি লোৱা হয়, যিসকল মাটি অথবা সা-সম্পত্তিৰ গৰাকী হোৱা দেখা যায়৷ সাধাৰণতে সুপ্তশিক্ষাৰ অভাৱ আৰু দৰিদ্ৰতাই ইয়াৰ কাৰণ হয় যাৰ ফলত তেনে অকলশৰীয়া ব্যক্তি বা বৃদ্ধ পতি-পত্নী গৃহ এৰিব লগা হয় অন্যথা পাষৱিক অত্যাচাৰ, অমানুষিক শাস্তি আনকি হত্যাৰো বলি হ’ব লগা হয়৷ একমাত্ৰ শিক্ষাই ইয়াৰ মূল ছাবি কাঠি যাৰ দ্বাৰা সমাজৰ ব্যক্তি সমূহক এনে ঘৃণণীয় বিশ্বাসৰ পৰা বিৰত থাকিবলৈ সজাগ কৰিব পাৰি আৰু নাৰীৰ বিকাশৰ বাবে লোৱা আইন সমূহ ফলপ্ৰষু কৰিবলৈ সহায় কৰিব পাৰি৷ কোনো আইন ফলপ্ৰষু নহয় যদি সমাজ তথা সমূহ ব্যক্তি সজাগ নহয়৷

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত আমাৰ সমাজৰ এনে পিচপৰা ৰূপ ভয়ংকৰ ভাৱে লাজ লগা তথা গৰিহনাৰ যোগ্য য’ত অকল অন্ধ বিশ্বাসৰ বলি হৈ নাৰী, শিশু আৰু দুৰ্বলৰ ওপৰত নানা ঘৃণনীয় কাৰ্য সংঘটিত হৈ আছে৷ যদিও ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন আচনি হাতত লৈছে, তথাপিও যেতিয়ালৈকে ৰাইজে সক্ৰিয় অংশ গ্ৰহণ নকৰে, ই কেতিয়াও সম্ভৱ হৈ নুঠে৷ যদি মাত্ৰ এজন নাগৰিক এই ক্ষেত্ৰত সাহসেৰে ধনাত্মক পদক্ষেপ লয়, হাজাৰ জন আগবাঢ়ি আহিবই, কু-সংস্কাৰ আতৰিবই, সমাজত শান্তি-স্বাধীনতা বিৰাজ কৰিবই৷ লাগিব মাত্ৰ ঐক্য প্ৰচেষ্টা৷

 -তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.