জয়পুৰ

2

হাজাৰ যুগৰ সাধু বুকুত সামৰি
তুমি ৰৈ থাকা
দিনৰ পাছত দিন..
ৰাতিৰ পাছত ৰাতি !
ৰজাৰ প্ৰাসাদত যেন
এতিয়াও ঘুমৰৰ আখৰা কৰে
কোনোবা প্ৰাচীন ছবিৰ ‘বাইচা’ই…
হাতত তৰোৱাল লৈ ছবিত জিলিকি ৰয়
অনেক সাহসী ‘বান্না’ ৷
তুমি ৰৈ থাকা
আমেৰৰ সুউচ্চ দুৰ্গক
নতুন জীৱন দি;
আৰাৱলী পৰ্বতক
জলমহলৰ পৰা ৰিঙিয়াই মাতি !
তুমি ৰাজপুত সাম্ৰাজ্যৰ দুৱাৰ খুলি দিয়া
হাৱামহলত সমগ্ৰ পৃথিৱীৰ প্ৰতি;
নাহৰগড়ৰ পৰা
জোনাকীৰ জাকবোৰ দেখুৱাই দিয়া সকলোকে ৷
ৰৈ ৰৈ বাজি থাকে ক’ৰবাত
ধ্ৰুপদী সংগীত …
তোমাৰ দেশৰ গহণাৰ পোহৰত
জিলিকি উঠে হাজাৰজনৰ মুখ !
জোনাক নিশা ৰাজপথত
কোনোবা ৰাজপুত ৰাজকুমাৰৰ স’তে
জোনবাই চাই আপোনপাহৰা হয়
কোনোবা দূৰ দেশৰ গাভৰু !
তুমু ৰৈ থাকা
নতুন সাধুকথা এটা বুকুত সামৰি –
ভাললগা অথবা ভালপোৱাৰ ৷
কোনে জানো নাম থ’লে তোমাৰ গুলপীয়া নগৰ !
সেয়ে চাগে
প্ৰতিটো সন্ধিয়া গুলপীয়া তোমাৰ বুকুৰ..
গুলপীয়া প্ৰতিটো প্ৰহৰ ৷
হাজাৰ যুগৰ গুলপীয়া সাধু বুকুত সামৰি
সেয়ে চাগে তুমি ৰৈ থাকা …
সময়েও ধূসৰ কৰিব নোৱাৰে
তোমাৰ ইতিহাস;
হয়তো তোমাৰ পৃথিৱীত
গুলপীয়া ৰং প্ৰতিখন হৃদয়ৰ ..
গুলপীয়া ৰং প্ৰেমৰ !!

– লিপি ফুকন, শিৱসাগৰ

(টোকা:
ঘুমৰ: ৰাজপুতসকলৰ (তথা ৰাজস্থানৰ) পৰম্পৰাগত নৃত্য
বাইচা: ৰাজপুত মহিলাক কৰা সম্বোধন
বান্না: ৰাজপুত পুৰুষৰ বাবে ব্যৱহাৰ কৰা সম্বোধন)

Share.

About Author

2 Comments

  1. বহুত ভাল লাগিল | জয়পুৰৰ সজীৱ স্মৃতিবোৰ আকৌ এবাৰ উজ্বলি উঠিছে তোমাৰ শব্দৰ মাজেৰে |

  2. ৰক্তিম চৌধুৰী on

    বহু দিনৰ মূৰত এটি ব্যতিক্ৰম কবিতা পঢ়িলো। কবিতাটো ভাল হৈছে। কবিৰ উত্তৰোত্তৰ কামনা কৰিলো। ধন্যবাদ।

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.