জীৱন এক ৰঙীন চলচিত্ৰ..

0

জীৱন এক ৰঙীন চলচিত্ৰ..

দুখ-সুখ হাঁহি আৰু কান্দোন..

অন্যান্য চৰিত্ৰৰে ভৰা..

এটি বিশেষ মায়াবিনীৰ মায়া জাল

অভিনয় হয় বিভিন্ন জনৰ..

আপোন, পৰ, চিনাকী, অচিনাকী, ইত্যাদি..

বিভিন্নজনৰ আবেক অনুভুতিৰে ভৰা এই ৰঙীন চলচিত্ৰখন

তাৰেই মাজত মূল অভিনেতা মই নিজেই

হেৰাই গৈছোঁ এই মায়াজালত..

নিজে বিচৰা, নিজৰ সপোন..

সকলো চিন্ন বিচিন্ন এই মায়াৰ ধৰাত..

কি বিচাৰোঁ, ক’ত আছোঁ, একো নাজানোঁ

একো বুজি নাপাও..

হেৰাই যাও বিভিন্ন চৰিত্ৰৰ আকস্মিক বান্ধোনত

যি চাই আমেজ লই সকলোৱে..

হয়তো এই চলচিত্ৰ গোপন নিৰ্দেশক স্বয়ং ঈশ্বৰ ..

লওক সকলোৱে আমেজ লওক..

সকলোৱে আমেজ লওক..

আৰু সদায় লওক..

কাৰণ জীৱন এক ৰঙীন চলচিত্ৰ.. জীৱন এক ৰঙীন চলচিত্ৰ

– কুঞ্জানয়ন দাস,

অসামৰিক অভিযান্ত্ৰিক বিভাগ

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.