ছাত্ৰ, শিক্ষক, অভিভাৱক সকলোৱে ভাবক

0

যি উপায়েৰে বাস্তৱ সমাজখনত প্ৰতিষ্ঠা লাভ কৰিব পাৰি, স্বাভাৱিকতেই অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে সেই উপায় কৰায়ত্ব কৰাৰ ওপৰতে জোৰ দিব৷ অতি পৰিতাপৰ কথা যে আজিৰ সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ উপায় শিক্ষা, জ্ঞান, সততা, চৰিত্ৰ এইবোৰৰ একোৱেই নহয় – প্ৰকৃত আৰু একমাত্ৰ উপায় হ’ল টকা৷ টকা ঘটাৰ সহজ উপায় হ’ল দুৰ্নীতি৷ গতিকে আমাক আজি শিক্ষা দিব লাগে, দুৰ্নীতি কৰিবৰ জোখাৰে প্ৰয়োজনীয় জ্ঞানখিনিৰ বাবেই লাগে! ধন অৰ্জনৰ কৌশল আৱিষ্কাৰৰ সামৰ্থ্য থকা মগজুৱেই আজিৰ সমাজত সৰ্বশ্ৰেষ্ঠ আৰু সন্মানিত মগজু৷ মেধাবী হ’লেও ধন ঘটাৰ কামত ব্যৱহাৰ কৰিব নোৱাৰা মগজু অৱহেলিত৷

কিন্তু আমাৰ বাস্তৱৰ এই ছবিখন এখন সু্স্থ আদৰ্শ সমাজৰ ছবি নহয় বাবেই আমি এই অৱস্থাৰ পৰিৱৰ্তন বিচাৰিছোঁ৷ জ্ঞান আৰু শিক্ষাই স্বমৰ্যদাৰে নিজে আসনত প্ৰতিষ্ঠা লাভ কৰিব বিচাৰিছোঁ৷ আনক শোষণ কৰি দুৰ্নীতিৰে টকা-পইচা ঘটি গাড়ী-ঘৰ ল’ব পৰাকেই যে জীৱন নোবোলে সেই কথাটো প্ৰতিজন ‘ছাত্ৰ’ই বুজি পোৱাটো বিচাৰিছোঁ৷ কিন্তু আমাৰ এই কল্পনাৰ সমাজখনৰ গঠনৰ কাম ঠিক ক’ৰ পৰা আৰম্ভ কৰিম?

কোনোবা এজনক অনুকৰণ কৰি সমাজৰ সকলো মানুহ যিমান সোনকালে আৰু সহজে বেয়া হয়, সেই একে ধৰণৰ অনুকৰণেৰে সিমান সহজে কোনো ভাল নহয়৷ কক দেখি খ, খক দেখি গ, এজন এজনকৈ সকলো বেয়া হয় – আনকি যিজনে প্ৰথমে বেয়া কামটো কৰিছিল, যাক দেখি আনেও কৰিবলৈ ল’লে, সেইজনেও নিজে বেয়া কাম কৰাৰ যুক্তি হিচাপে এতিয়া আনলৈ আঙুলি টোৱাঁব পৰা হ’ল৷ কিন্তু আচৰিত কথা এয়ে যে এজনে সিজনক দেখি এজন এজনকৈ বেয়া হোৱা মানুহখিনিয়ে ভাল হ’বৰ পৰত আটায়ে একেলগে একে সময়তে ভাল হোৱাটো বিচাৰে! কোনেও আগতে অকলে ভাল নহয়৷ কিন্তু এনেকৈ হঠাতে এদিন একে সময়ৰ পৰা সমাজৰ সকলো মানুহ ভাল হৈ যাব বুলি আমি আশা পালি বহি থাকিব পাৰোঁনে? বেয়া যেনেকৈ এজনৰ পৰাই আৰম্ভ হৈছিল, ভাল হোৱাৰ প্ৰক্ৰিয়াটোও আৰম্ভ হ’ব লাগিব কোনোবা এজনৰ পৰাই৷ আৰু আজি আমাৰ আলোচিত সমস্যাটো, আমাৰ বিবেচনাত, ভাল হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ’ব লাগিব ছাত্ৰজনৰ পৰাই৷

এই ছাত্ৰ কেৱল স্কুল-কলেজলৈ হাতত কিতাপ লৈ যোৱা ছাত্ৰজনেই নহয়, জীৱন-জগতৰ প্ৰতি সকলো মুহূৰ্ততে এটা প্ৰশ্নবোধক চিন বুকুত বান্ধি, জীৱনপথৰ সহযাত্ৰীৰ প্ৰতি গভীৰ প্ৰেম আৰু সহমৰ্মিতা উপলব্ধি কৰি, জ্ঞান-উৎসুক হৈ জীয়াই থকা সকলো মানুহেই ছাত্ৰ৷

প্ৰথমতেতো কোনো শিক্ষক নাছিল৷ প্ৰকৃতিৰ বৈচিত্ৰ্যই আশ্চৰ্য চকিত হৈ সৃষ্টিৰ ৰহস্য ভেদ কৰিবলৈ উদগ্ৰীৱ হৈ পৰা কিছুমান মানুহৰ চিন্তা আৰু কামৰ পৰাই সভ্যতা আৰম্ভ হৈছিল৷  তেওঁলোকেই প্ৰকৃতিৰ প্ৰথম পাঠ শিকা প্ৰথম দল ছাত্ৰ আছিল৷ তেওঁলোকে নিজেই শিকিছিল, শিকাবলৈ কোনো শিক্ষক নাছিল৷ কিন্তু তেওঁলোক আৰু তেওঁলোকৰ উত্তৰসুৰী সকলেই পিছত মানৱতাৰ শিক্ষক হৈছিল৷ এতেকে আজি আমাৰ সম্পূৰ্ণ বিধ্বস্ত সমাজখন পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিব লাগিব ছাত্ৰৰ পৰাই৷

এজন অভিভাৱকে যদি আজি নিজৰ পুত্ৰ-কন্যাক পৃথিৱীৰ ভাল-বেয়াৰ পাৰ্থক্য বুজাই দিব নোৱাৰে তেন্তে সেই অভিভাৱক নিশ্চয় ছাত্ৰ হিচাপেও বেয়া আছিল!

যদি আজি ছাত্ৰই পঢ়িবৰ বাবে পাঠ্যপুথি নাই, স্কুল-কলেজবোৰত শিক্ষাৰ প্ৰয়োজনীয় সা-সুবিধা নাই, তেন্তে সেইবোৰ নিয়াৰিকৈ যোগানৰ দায়িত্বত থকা সকল নিশ্চয় ভাল ছাত্ৰ নাছিল! তেওঁলোকে ছাত্ৰজীৱনত কোনোদিন নিজৰ দায়িত্বজ্ঞানৰ শিক্ষা নল’লে৷ তেওঁলোকে ছাত্ৰ জীৱনত কেৱল আলিবাটত শোভাযাত্ৰা কৰি মন্ত্ৰী হোৱা পাঠ ল’লে৷

যদি আজি শিক্ষাৰ বজাৰ বেয়া অপাঠ্য পাঠ্যপুথিৰে ভৰি পৰিছে, তেন্তে নিশ্চয় সেই পাঠ্যপুথিৰ লেখকসকল ছাত্ৰ হিচাপে ভাল নাছিল! ভাল ছাত্ৰই কেতিয়াও বেয়া কথাৰে পাঠ্যপুথি লিখিব নোৱাৰে৷

পাঠ্যক্ৰম কঠিন হোৱা, পাঠ্যপুথিৰ বোজা বেছি হোৱা আদি অভিযোগবোৰো উত্থাপিত হয় নিজে ছাত্ৰ হিচাপে সুনাম অৰ্জন কৰিব নোৱাৰা কিছুমান অভিভাৱকৰ পৰা৷ কাৰণ, কঠিন আৰু বেছি হোৱা বুলি ভবা পাঠ্যক্ৰমৰ পৰাই শতকৰা ৯০ নম্বৰ লাভ কৰি কৃতকাৰ্য হোৱা ছাত্ৰ-ছাত্ৰীও ওলায়! পৃথিৱীত প্ৰতিমুহূৰ্তে যিদৰে জ্ঞান-বিজ্ঞানৰ বিভিন্ন নতুন তথ্য, নতুন আৱিস্কাৰ পুঞ্জীভূত হ’ব ধৰিছে তালৈ চাই পাঠ্যক্ৰমো নিত্যান্তই সৰল হৈ থাকিব নোৱাৰে৷ ছাত্ৰ এজনে হয়তো কোনো এটা কথা সহজেহে নুবুজে,  কিন্তু বুজোৱাৰ নানা ধৰণৰ মনোবৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰিলে নিশ্চয় বুজি উঠিব৷ ভাল বুদ্ধি-বৃত্তিৰ ছাত্ৰ-ছাত্ৰীতকৈ যথেষ্ট পলমকৈ হ’লেও বুজি উঠিব৷

শেষত যিবিলাক কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে শিক্ষাৰ মান নিশ্চিতভাৱে উৰ্দ্ধমুখী হ’ব বুলি আমাৰ ধাৰণা হৈছে সেইবিলাক থূপাই উল্লেখ কৰি আমাৰ এই আলোচনাৰ মোখনি মাৰিব খুজিছোঁ৷

(১) অন্তত: শিক্ষক নিয়োগৰ ক্ষেত্ৰত নিৱনুৱা সমস্যা সমাধানৰ প্ৰশ্নটোত অধিক গুৰুত্ব নিদি কেৱল উপযুক্ত লোককহে শিক্ষক হিচাপে নিয়োগ কৰা উচিত৷

(২) উৎসৱ-আনন্দৰ প্ৰয়োজনীয়তা আছে যদিও ই শিক্ষা আহৰণৰ প্ৰয়োজনীয়তাতকৈ অধিক গুৰুত্ব পাব নালাগে৷ শিক্ষানুষ্ঠান একেৰাহে দহ-পোন্ধৰ দিন বন্ধ ৰাখি, বিভিন্ন জনগোষ্ঠীৰ ধৰ্মগুৰুসকলৰ নামত বন্ধ ৰাখী, বাৰটা মাহত তেৰটা উৎসৱৰ আনন্দ উপভোগ কৰা জাতিয়ে কোনো দিন শিক্ষিত হোৱাৰ আশা নাই৷ উৎসৱ পাতক, কিন্তু শিক্ষানুষ্ঠান বন্ধ কৰি নহয়৷

(৩) দেওবাৰৰ বাহিৰে বছৰেকত এক নিৰ্দিষ্ট সংখ্যক দিনতকৈ (ধৰক কুৰি দিন) অধিক বন্ধ নথকা অতি কঠোৰ শৈক্ষিক দিনপঞ্জী তৈয়াৰ কৰি উলিয়াব লাগে৷

(৪) ছাত্ৰই ৰাজনীতি কৰিব লাগে, ঠিক কথা; কিন্তু বৰ্তমান ছাত্ৰই ৰাজনীতিৰ বাহিৰে একোকে কৰিব নোখোজা হ’ল দেখোন৷ তেওঁলোকে পঢ়া-শুনাৰ বাহিৰে পৃথিৱীৰ বাকী সমস্ত সমস্যা সমাধানৰ দায়িত্ব মূৰ পাতি লোৱা হ’ল৷ এই অৱস্থাৰ অৱসান ঘটাব লাগে৷

(৫) অবাস্তৱ সকলো ধ্যান-ধাৰণা, আচৰণ শিক্ষালয় তথা ছাত্ৰৰ মনৰ পৰা বহিষ্কাৰ কৰিব লাগে৷ স্কুলত প্ৰাৰ্থনা কৰা, স্বৰস্বতী পূজাৰ দৰে ধৰ্মীয় অনুষ্ঠান পতা ইত্যাদি অবাস্তৱ, অদৃষ্টবাদৰ শিক্ষা বৰ্জন কৰিব লাগে৷ এইবিলাক কু-সংস্কাৰজনিত শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাসতকৈ অদৃষ্ট বিশ্বাস বঢ়াই তোলে৷ এনে শিক্ষাৰ ফলতে দিনে ১০/১৫ ঘন্টাকৈ কষ্ট কৰি পঢ়ি প্ৰথম দ্বিতীয় স্থান পোৱা ছাত্ৰ-ছাত্ৰীয়েও বাতৰি কাগজৰ সাক্ষাতকাৰত বা দূৰদৰ্শনৰ সাক্ষাতকাৰত ক’ব লগা হয় যে “ঈশ্বৰৰ কৃপাত”হে হেনো তেনে ফল হ’ল৷

মুঠৰ ওপৰত ছাত্ৰই পঢ়িবই লাগিব৷ পঢ়া-শুনাৰ কোনো বিকল্প নাই৷

[বি:দ্ৰ:- ‘চিন্তাশিল্প’ৰ পৰা লেখকৰ অনুমতি সাপেক্ষে চপোৱা হৈছে]

অন্যান্য লেখা :

Share.

Leave A Reply